বিহাৰে পালে ১১ হাজাৰ ৫০০ কোটি, অসমে পালে আকৌ আশ্বাস...

বিহাৰে পালে ১১ হাজাৰ ৫০০ কোটি, অসমে পালে আকৌ আশ্বাস...
বিহাৰে পালে ১১ হাজাৰ ৫০০ কোটি, অসমে পালে আকৌ আশ্বাস...
Published on
Updated on

আজি সংসদত বিত্তমন্ত্ৰীয়ে দাখিল কৰিলে কেন্দ্ৰীয় বাজেট। এই বাজেটত বিহাৰৰ বানপানীক দেশৰ সমস্যা হিচাপে গণ্য কৰি ১১,৫০০ কোটি টকা ঘোষণা কৰিলে। অথচ বানপীড়িত অসমে পালে কেৱল আশ্বাস। অসমক বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ বিত্তমন্ত্ৰীয়ে সাহায্য দিয়াৰ কথা ভাষণত উল্লেখ কৰিছে। কিন্তু অসমে সেই সাহায্য সঁচাকৈয়ে পাবনে? এই সন্দৰ্ভত তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত দাখিল কৰা কেন্দ্ৰীয় বাজেটৰ পাছতে ইয়াৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। শাসকীয় দলে এই বাজেটক সপোনৰ বাজেট আখ্যা দিয়াৰ বিপৰীতে বিৰোধীয়ে সমালোচনা কৰিছে। বিশেষকৈ বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশক দিয়া গুৰুত্ব স্বাভাৱিকতে সমালোচিত হৈছে।

এইবাৰৰ কেন্দ্ৰীয় বাজেটত বিহাৰক সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। বিহাৰৰ পথ নিৰ্মাণৰ বাবে দিয়া হৈছে ২৬ হাজাৰ কোটি টকাৰ পেকেজ। ৰাজ্যখনত চলি থকা কেন্দ্ৰীয় প্ৰকল্প পাটনা-পূৰ্ণিয়া এক্সপ্ৰেছ ৱে’, বক্সাৰ-ভাগলপুৰ এক্সপ্ৰেছ ৱে’ৰ লগতে বুদ্ধগয়া, ৰাজগীৰ,বৈশালী আৰু দৰভঙ্গাত নিৰ্মিয়মাণ পথৰ কাম ক্ষীপ্ৰতৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।

ইয়াৰোপৰি বাজেটত আছে বক্সাৰত গংগা নদীৰ ওপৰত নতুন দুই লেনৰ দলং, নালন্দা পৰ্যটন কেন্দ্ৰ, কেইবাটাও প্ৰসিদ্ধ মন্দিৰক কাশী বিশ্বনাথৰ আৰ্হিত নিৰ্মাণ, পিৰপেইণ্টিত ২৪০০ মেগাৱটৰ নতুন বিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে ২১,৪০০ কোটি টকা ঘোষণাৰ কথা। ৰাজ্যখনত নতুন বিমান বন্দৰ, চিকিৎসা মহাবিদ্যালয়, ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণৰো প্ৰতিশ্ৰুতি দিয়া হৈছে।

স্বাভাৱিকতে বিহাৰৰ বাবে এই বাজেটে বহু নতুন আশাৰ সঞ্চাৰ কৰিছে। এই সকলোবোৰৰ উপৰিও বিহাৰক বানমুক্ত কৰিবলৈ কেন্দ্ৰীয় বাজেটত নিৰ্ধাৰণ কৰা হৈছে ১১ হাজাৰ ৫০০ কোটি টকা। বিহাৰৰ বান সমস্যাক দেশৰে সমস্যা হিচাপে গণ্য কৰি এই ধন বাজেটত নিৰ্ধাৰণ কৰা হৈছে।

সেয়ে এই ১১ হাজাৰ ৫০০ কোটি টকাই বিহাৰক বান মুক্ত কৰাত ব্যয় কৰা হ’ব। ইয়াৰ পৰিবৰ্তে বাজেটত অসম, হিমাচল, উত্তৰাখণ্ড, ছিকিমৰ বান পানী আৰু ডাৱৰ বিস্ফোৰণে সৃষ্টি কৰা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈও সাহায্য প্ৰদানৰ কথা ঘোষণা কৰা হৈছে।

বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট ভাষণত কয়, অসমে সৰ্বত্ৰে বানপানীৰ সৈতে যুঁজি আছে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ উৎপত্তিস্থল ভাৰতৰ বাহিৰত। অসমৰ বান ব্যৱস্থাপনা আৰু ইয়াৰ সৈতে সম্পৰ্কিত প্ৰকল্পসমূহৰ বাবে সাহায্য আগবঢ়াম।

আজি দাখিল কৰা কেন্দ্ৰীয় বাজেটত বান পীড়িত অসমৰ বাবে ঘোষণা আছিল ইমানেই। এই ঘোষণাক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি তেওঁৰ চৰকাৰৰ সকলো মন্ত্ৰীয়ে এক্সৰ জৰিয়তে আদৰণি জনোৱাও পৰিলক্ষিত হৈছে। বানত ক্ষতিগ্ৰস্ত অসমক কেন্দ্ৰই সাহায্য দিয়াৰ এই আশ্বাস নিশ্চয়কৈ আদৰণিয়।

কিন্তু প্ৰশ্ন হ’ল এয়া কেৱল ঘোষণা নে ইয়াক কাৰ্যকৰী কৰাও হ’ব? অসমক সঁচাকৈয়ে কেন্দ্ৰই বানৰ সৈতে মোকাবিলা কৰিবলৈ সাহায্য প্ৰদান কৰিবনে? বিহাৰৰ বানপানীক যিদৰে দেশৰ সমস্যা হিচাপে গণ্য কৰা হৈছে সেইদৰেই অসমৰ বানপানীকো দেশৰ সমস্যা হিচাপে গণ্য কৰা হৈছেনে?

এনেবোৰ প্ৰশ্ন উত্থাপন হোৱাৰ কাৰণ আছে। অসমৰ ঠায়ে ঠায়ে এতিয়াও বান পানীৰ ভয়ৱহতা অব্যাহত আছে। আজিৰ পৰা দুদিনমান আগলৈকে অসমৰ প্ৰায় ৩০ খন জিলাই আছিল বানপানীৰ কৱলত। অসমৰ এই বানপৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ কোনো এজন কেন্দ্ৰীয় মন্ত্ৰীয়েই নাহিল।

পানীত নানামিলেও হেলিকপ্টাৰ ছফৰ কৰিয়েই বান বিধ্বস্ত অসমৰ সৌন্দৰ্য উপভোগ কৰাৰো সময় নহ’ল এইসকল মন্ত্ৰীৰ। হয়তো সময়ৰ অভাৱ হৈছিল তেওঁলোকৰ। অৱশ্যে আন আন ৰাজ্যত হোৱা বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ তেওঁলোকৰ সময় ঠিকেই ওলাইছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাৰণে অসমৰ বানপানী কোনো সমস্যাই নহয়। কেইটামান পুখুৰী খান্দিয়েই অসমৰ বানপানীৰ সমস্যা সমাধান কৰিব পাৰে। অথচ আজি ১০ বছৰে ক্ষমতাত থকাৰ পাছতো তেওঁলোকে এই সমস্যা সমাধান কৰা নাই।

এইবাৰ বানপানীৰ সময়ত শ্বাহে হেনো মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনত কথা পাতি বানপানীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ বুজ ল’লে। মুখ্যমন্ত্ৰীয়ে এক্সত পোষ্ট কৰি এই বিষয়ে জনালে। কিন্তু অসমৰ বান পীড়িতৰ প্ৰকৃত দুৰৱস্থাৰ বিষয়ে কিমান বুজিলে সেয়া সন্দেহৰ বিষয় হিচাপে থাকি গ’ল।

অসমৰ বান পৰিস্থিতি সমধান কৰিবলৈ অথবা এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ কিমান আন্তৰিকতা সেয়া কেইটামান তথ্যই উন্মোচিত কৰে। যোৱা পাঁচটা বছৰত বানপানীত হোৱা ক্ষতিৰ বিনিময়ত ক্ষতিপূৰণ হিচাপে অসমৰ বিজেপি চৰকাৰে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ পৰা বিচাৰিছিল মুঠ ১০,৭৮৫.৩৮ কোটি টকা। ইয়াৰ বিনিময়ত কেন্দ্ৰই অসমক দিলে মাত্ৰ ২০৫ কোটি টকা। অৰ্থাৎ অসমে বিচৰা ধনৰ মাত্ৰ ১.৯ শতাংশ ধনহে মোকলাই দিলে কেন্দ্ৰই।

একেদৰে কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় সমিতিয়ে অসমক বানপানীয়ে সৃষ্টি কৰা ক্ষয়-ক্ষতি আৰু অন্যান্য দুৰ্যোগৰ ক্ষতিপূৰ্ণৰ নামত ১২৪৩.৬৯ কোটি টকা মোকলাই দিবলৈ অনুমোদন জনাইছিল। তাৰ পৰও বঞ্চিত হ’ল অসম।

প্ৰতিখন ৰাজ্যকে দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ শিতানত কেন্দ্ৰই এক নিৰ্দিষ্ট পৰিমাণৰ ধন দিয়াৰ এক নিয়ম আছে। লক্ষ্যণীয় কথাটো হ’ল প্ৰতিবছৰে দুই, তিনিটা বানপানীৰ উপৰিও ভূমিস্খলনকে ধৰি অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱা অসমক কেন্দ্ৰই এছ ডি আৰ এফৰ শিতানত নগণ্য সংখ্যকহে ধন নিৰ্ধাৰণ কৰা আছে।

যাৰ বাবে প্ৰতিটো দুৰ্যোগৰ পিছতে অসমে কেন্দ্ৰৰ হাতলৈ, মুখলৈ চাবলগীয়া এক পৰিস্থিতিৰ সূচনা হয়। তথ্য অনুসৰি ২০১৮-১৯ বৰ্ষত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱাল দায়িত্বত থকাৰ সময়ত এন ডি আৰ এফ পুঁজিৰ পৰা ২৫০৯.০৭ কোটি টকা সাহায্য হিচাপে বিচাৰিছিল। ইয়াৰ পিছতেই কেন্দ্ৰৰ এক উচ্চস্তৰীয় সমিতিয়ে অসমৰ দুৰ্যোগৰ ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন কৰি এই সন্দৰ্ভত কেন্দ্ৰৰ ওচৰত প্ৰতিবেদনো দাখিল কৰে। ইয়ৰোপৰি এই সমিতিয়ে অসমৰ বাবে ১৩৮.৩৮ কোটি টকা অনুমোদন জনায়।কিন্তু দুৰ্ভাগ্যজনক ভাৱে তাৰ পাছতো অসমে সেই ধনৰ এটকাও লাভ নকৰিলে।

২০১৯-২০ বৰ্ষতো একেই অৱস্থা। সেইবাৰ অসমে কেন্দ্ৰৰ এন ডি আৰ এফ শিতানৰ পৰা সাহায্য হিচাপে বিচাৰিছিল ৩,২৬৭.৭৬ কোটি টকা। উচ্চস্তৰীয় সমিতিয়ে পৰ্যবেক্ষণ কৰি ৬১৬.৬৩ কোটি টকাত অনুমোদন দিছিল। কিন্তু সেইবাৰো অসমে এটকাও লাভ নকৰিলে।

২০২০-২১ বৰ্ষত অৱশ্যে অসমে কেন্দ্ৰীয় চৰকাৰে পৰা এন ডি আৰ এফ শিতানৰ পৰা ৪৪.৩৭ কোটি টকাৰ সাহায্য লাভ কৰে। কিন্তু সেয়াও আছিল কণা হাঁহক পতান দিয়াৰ লেখিয়া কথা। কিয়নো অসমে বিচাৰিছিল ২৬৪০.৮৭ কোটি টকা। উচ্চস্তৰীয় সমিতিয়ে অনুমোদন জনাইছিল ৪৩৭.১৫ কোটি টকাৰ। অথচ অসমে পালে মাত্ৰ ৪৪ কোটি।

অসমৰ প্ৰতি কেন্দ্ৰৰ এই দৃষ্টিভংগী সলনি হোৱা নাই। ২০২১-২২ বৰ্ষতো অসমে বিচাৰিছিল ১০৮৮.১৮ কোটি টকা। অসমক মোকলাই দিবলৈ অনুমোদন আছিল ৫১.৫৩ কোটি টকাৰ। অসমে পালে শূন্য।

২০২২-২৩ বৰ্ষত হয়তো অসমৰ ভাগ্য প্ৰসন্ন আছিল। সেইবাৰ অসমে ক্ষতিপূৰণ হিচাপে সাহায্য বিচাৰিছিল ১৩০৯.৫০ কোটি। উচ্চস্তৰীয় সমিতিয়ে ৫২০.৪৭ কোটি টকা মোকলাই দিবলৈ অনুমোদন জনাইছিল। কেন্দ্ৰই মোকলাই দিলে ১৬০.৯৪ কোটি টকা।

এইদৰেই অসমে কেন্দ্ৰৰ পৰা ক্ষতিপূৰণ হিচাপে বিচৰা ১০,৭৮৫.৩৮ কোটিৰ মাত্ৰ ২০৫ কোটি টকাহে লাভ কৰিলে। ২০২৩-২৪ বৰ্ষতো অসমে এন ডি আৰ এফ শিতানৰ পৰা একো নাপালে। কেৱল এছ ডি আৰ এফৰ শিতানত লাভ কৰা ৩৪০ কোটি টকাৰেই বান পৰিস্থিতিকে ধৰি সকলো ধৰণৰ দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে।

লক্ষ্যণীয়ভাৱে সাংবিধানিকভাৱেই কেন্দ্ৰৰ পৰা ৰাজ্যসমূহে দুৰ্যোগৰ মোকাবিলা কৰিবলৈ সাহায্য পুঁজি লাভ কৰাৰ নিয়ম। দুৰ্যোগৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ পৰা পুঁজি লাভ কৰাতো সকলো ৰাজ্যৰে অধিকাৰ। যদিও সংবিধানৰ এই নিয়মৰ আধাৰতে এছ ডি আৰ এফৰ শিতানৰ পৰা নিয়মিতভাৱে অসমে কিছু ধন লাভ কৰি আহিছে সেয়াও পৰ্যাপ্ত নহয়।

কিয়নো প্ৰাকৃতিকভাৱেই অসম দুৰ্যোগ প্ৰৱণ এলেকাৰ অধীনস্থ ৰাজ্য। অসমত প্ৰতি বছৰে বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰে। হাজাৰ হাজাৰ হেক্টৰ কৃষি ভূমি নষ্ট হয়, ঘৰ-দুৱাৰ নৈত জাহ যায়। বাট-পথ বিধ্বস্ত হোৱাৰ উপৰিও জীৱ-জন্তু মৃত্যু মুখত পৰি আহিছে। তাৰ পাছতো কিন্তু কেন্দ্ৰই অসমক নাম মাত্ৰহে এছ ডি আৰ এফৰ শিতানত ধন দি অহাৰ অভিযোগ আছে।  

এনে পৰিস্থিতিত এতিয়া বিহাৰৰ বানপানীক পূৰ্বেও দি অহা গুৰুত্বৰ দৰেই এইবাৰো গুৰুত্ব দিয়াত অসমৰ দৰে বান পীড়িত ৰাজ্যসমূহ যে বঞ্চিত হৈছে সেয়া প্ৰায় নিশ্চিত। বিহাৰৰ বানপানী যিদৰে দেশৰ সমস্যা সেইদৰেই অসমৰ বানপানী কিয় দেশৰ সমস্যা নহয়? অথচ অসমৰ পেট্ৰ'লিয়ামজাত সামগ্ৰীৰ পৰা আদি কৰি সকলো তৈলজাত, খনিজ সম্পদ, বনজ সম্পদত কেন্দ্ৰৰ অধিকাৰ ঠিকেই আছে।

অসমৰ বানপানী সমস্যাৰ বাবেও অসমত প্ৰয়োজন নেকি এজন নীতিশ কুমাৰৰ? এই প্ৰশ্নও কিন্তু উত্থাপন হ'ব। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নাইডুক সন্তুষ্ট কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ হৈছে। বিহাৰক দিয়াৰ দৰেই অন্ধ্ৰপ্ৰদেশকো ১৫ হাজাৰ কোটি টকাৰ পেকেজ দিয়াৰ লগতে প্ৰয়োজনত অধিক ধনৰ পেকেজ দিয়াৰ কথা ঘোষণা কৰিছে।

এই দুই নেতা অসন্তুষ্ট হ'লেই কেন্দ্ৰত বিজেপি চৰকাৰৰ পতন নিশ্চিত। সেয়ে সুযোগ বুজি নীতিশ কুমাৰে সকলো সুবিধা আদায় কৰি লৈছে। অসমত আজি তেনে এজন নীতিশ কুমাৰ নথকাৰ বাবেই তেনে কোনো বিশেষ পেকেজ ঘোষণা কৰা নহ'ল। কেৱল দিয়া হ'ল আশ্বাস। সেই আশ্বাসকে আদৰণি জনাই আমি আজি সন্তুষ্ট। অথচ প্ৰতি বাৰেই আমি আমাৰ প্ৰাপ্য আদায়ৰ বাবে হাত পাতি বহি থাকিও একো এটা নাপাওঁ।

বিহাৰে পালে ১১ হাজাৰ ৫০০ কোটি, অসমে পালে আকৌ আশ্বাস...
নিৰ্মলা সীতাৰমণৰ বাজেটে বিহাৰ, অন্ধ্ৰপ্ৰদেশক কি কি দিলে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in