বাংলাদেশত এয়া কেনেকুৱা স্বাধীনতা? চৌদিশে কেৱল হিংসা আৰু উত্তেজনা !

বাংলাদেশত এয়া কেনেকুৱা স্বাধীনতা? চৌদিশে কেৱল হিংসা আৰু উত্তেজনা !
বাংলাদেশত এয়া কেনেকুৱা স্বাধীনতা? চৌদিশে কেৱল হিংসা আৰু উত্তেজনা !
Published on
Updated on
চৰকাৰী চাকৰিত থকা সংস্কাৰ বিৰোধী আন্দোলনে বাংলাদেশত ল'লে নতুন ৰূপ। ভংগ হ'ল শ্বেইখ হাছিনাৰ চৰকাৰ। দেশখনৰ ৰাজপথত এতিয়া স্বাধীনতাৰ শ্লোগান। এই আন্দোলন কেৱল ছাত্ৰ আন্দোলনেই আছিলনে? ইয়াৰ আঁৰত আছিল নেকি ভাৰত বিৰোধী ষড়যন্ত্ৰ? চৰকাৰ পতনৰ পিছতো কিয় দেশখনত সৃষ্টি হৈছে সংঘৰ্ষৰ পৰিস্থিতি? এই সন্দৰ্ভত তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

স্বাধনী হ’ল বাংলাদেশ! দেশখনৰ চৰকাৰী চাকৰিত নিয়োগৰ ক্ষেত্ৰত থকা সংৰক্ষণ ব্যৱস্থাৰ বিৰোধিতাৰে আৰম্ভ হোৱা শিক্ষাৰ্থীৰ আন্দোলনে পৰৱৰ্তী সময়ত চৰকাৰৰ পদত্যাগ দাবীৰে উত্তাল হৈ পৰে। সমগ্ৰ দেশজুৰি হোৱা এই আন্দোলনৰ মাজতেই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি শ্বেইখ হাছিনাই সোমবাৰে দেশ এৰি পলায়ন কৰিছে।

তাৰ পিছতেই এতিয়া বাংলাদেশৰ ৰাজপথত 'স্বাধীনতা'ৰ উৎসৱ উদযাপন কৰিছে দেশখনৰ অগণন জনতাই। এই স্বাধীনতাৰ আনন্দত দেশখনৰ একাংশ ইমানেই আনন্দিত হৈ পৰিছে যে দেশখনৰ পিতৃ পুৰুষ হিচাপে পৰিচিত তথা তথা 'বংগ বন্ধু' শ্বেইখ মজিবুৰ ৰহমানৰো বিশাল প্ৰতিমূৰ্তিত হাতুৰীৰ কোব দিয়েই সন্তুষ্ট নাথাকি বগৰাই দিয়া হ'ল। অথচ এইগৰাকী মজিবুৰ ৰহমানৰ বাবেই বাংলাদেশ অৰ্জন কৰিছিল স্বাধীনতা।

এই মজিবুৰ ৰহমানৰে কন্যা শ্বেইখ হাছিনা। হাছিনাই দেশ এৰি পলায়ন কৰাৰ পিছতে দেশখনত এতিয়া আইন শৃংখলা বুলি কোনো পৰিস্থিতি নাই। সেনা বাহিনীয়ে শিক্ষাৰ্থীসকলক সমৰ্থন দিছে। সেনা প্ৰধানে শীঘ্ৰেই অন্তঃৱৰ্তীকালীন চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰিছে যদিও এতিয়ালৈকে অৱশ্যে সেই চৰকাৰ গঠনৰ প্ৰস্তুতি চলা নাই।

বাংলাদেশৰ হাছিনাৰ চৰকাৰ পতনৰ পাছতে এতিয়া ইয়াক স্বাধীনতা বুলি উল্লেখ কৰা হৈছে। এই স্বাধীনতা উদযাপনৰ নামত একাংশই এতিয়া দেশখনৰ সংখ্যালঘুৰ ওপৰত আক্ৰমণ কৰাৰ খবৰো আহিছে। কেইবা স্থানতো হিন্দু ধৰ্মীয় লোকৰ উপাসনাস্থলীত অগ্নি সংযোগৰ খবৰ আহিছে।

স্বাধীনতা উদযাপনৰ নামত একাংশই প্ৰধানমন্ত্ৰীৰ আৱাসত সোমাই লুটা-পাত চলালে। সাৰি নগ'ল শ্বেইখ হাছিনাই পৰিধান কৰা অন্তৰ্বাসো। দেশখনৰ সংসদত প্ৰবেশ কৰিও সংসদ ভৱনত লণ্ডভণ্ড কৰিলে একাংশই।

এই গোটেই পৰিস্থিতি পৰ্যবেক্ষণ কৰি এতিয়া বহুতেই সন্দেহ কৰিছে বাংলাদেশৰ ছাত্ৰৰ আন্দোলনৰ আঁৰত আছিল নেকি কোনো তৃতীয় শক্তি? এই আন্দোলনৰ সুযোগত কোনো তৃতীয় শক্তিয়ে দেশখনক ইছলামিক ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে নেকি? কোন আছে ইয়াৰ আঁৰত?   

সংৰক্ষণ সংস্কাৰ বিৰোধী আন্দোলন কিয় হৈ পৰিল চৰকাৰ ভংগৰ আন্দোলন?

বাংলাদেশৰ চৰকাৰী চাকৰিত থকা সংৰক্ষণ ব্যৱস্থাৰ বিৰোধিতাৰে আৰম্ভ হৈছিল সংৰক্ষণ সংস্কাৰ আন্দোলন। এই আন্দোলনৰ নেতৃত্ব লৈছিল ঢাকা বিশ্ববিদ্যালয়কে ধৰি ঢাকা আৰু দেশখনৰ একাধিক বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে। এই শিক্ষাৰ্থীসকলৰ আন্দোলনলৈ সমৰ্থন আগবঢ়াইছিল দেশখনৰ বিৰোধী ৰাজনৈতিক দলসমূহেও।

এই আন্দোলনৰ প্ৰথম অৱস্থাত তেওঁলোকৰ মূল দাবী সংৰক্ষণ ব্যৱস্থালৈ সংস্কাৰ অনাটোৱেই আছিল যদিও পৰৱৰ্তী সময়ত আন্দোলনৰ মূল উদ্দেশ্য হৈ পৰে শাসকীয় আৱামী লীগৰ চৰকাৰৰ পতন। এই উদ্দেশ্যৰে আন্দোলন অধিক তীব্ৰতৰ হৈ সেই উদ্দেশ্যক সফল কৰিবলৈয়ো সক্ষম হ'ল।

এনে পৰিস্থিতিত কূটনৈটিক বিশেষজ্ঞই এই আন্দোলনক কেৱল ছাত্ৰৰ আন্দোলন বুলিব বিচৰা নাই। একাধিক কূটনৈতিক বিশেষজ্ঞৰ মতে বাংলাদেশত তৃতীয় পক্ষই নিখুঁত ষড়যন্ত্ৰৰ জাল পাতিছে।

এই ষড়যন্ত্ৰৰ কাৰণ ভাৰত। ভাৰতক কূটনৈতিকভাৱে চাপত ৰাখিবলৈ বাংলাদেশৰ আৱামী লীগৰ চৰকাৰ পতন বিচাৰিছিল এই ষড়যন্ত্ৰাকাৰীসকলে। শ্বেইখ হাছিনাৰ ভাৰতৰ সৈতে থকা সু-সম্পৰ্ক আছিল এই ষড়যন্ত্ৰাকাৰীৰ মূৰৰ কামোৰণি।

কোন আছিল আন্দোলনৰ আঁৰত

বাংলাদেশত সংৰক্ষণ সংস্কাৰ আন্দোলনৰ নামত হোৱা আন্দোলনত ব্যাপক হিংসাত্মক কাৰ্যকলাপ সংঘটিত হৈছে। এই হিংসাত্মক কাৰ্যকলাপৰ আঁৰত আছিল জামাত-ই-ইছলামি। এই সংগঠনটোৰ প্ৰত্যক্ষ সম্পৰ্ক আছে পাকিস্তানৰে।

শ্বেইখ হাছিনাৰ আৱামী লীগ চৰকাৰ পূৰ্বৰে পৰা ভাৰতৰ বন্ধু হিচাপে পৰিগণিত হৈ আহিছে। এইগৰাকী হাছিনা ক্ষমতালৈ অহাৰ পিছতে আনকি বাংলাদেশত আশ্ৰয় লৈ থকা অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ একাধিক বিদ্ৰোহী সংগঠনক উৎখাত কৰিছিল। আলফা নেতাক কৰায়ত্ত কৰি গতাই দিছিল ভাৰত চৰকাৰৰ হাতত।

শ্বেইখ হাছিনাৰ পিতৃ বংগ বন্ধু মজিবুৰ ৰহমানো আছিল ভাৰতৰ পৰম মিত্ৰ। ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে ১৯৭১ চনত বাংলাদেশ স্বাধীন হৈছিল। তেতিয়াৰে পৰা বাংলাদেশৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পৰ্ক যথেষ্ট ভাল।

আৱামী লীগৰ কঠোৰ স্থিতিৰ বাবেই দেশখন এই পৰ্যন্ত ইছলামিক ৰাষ্ট্ৰলৈ পৰিণত হোৱা নাই। আনকি ভাৰতৰ সৈতে থকা সুসম্পৰ্কৰ বাবেই শ্বেইখ হাছিনাই চীনতকৈ বেছি প্ৰধান্য দিছে ভাৰতক।

তিস্তা প্ৰকল্পত চীনে বিনিয়োগ কৰাৰ আগ্ৰহেৰে বাৰম্বাৰ শ্বেইখ হাছিনাক বেইজিং ভ্ৰমণলৈ আমন্ত্ৰণ কৰাৰ পিছতো হাছিনাই প্ৰথমে দিল্লী ভ্ৰমণ কৰি তাৰ পিছতহে চীন ভ্ৰমণৰ সূচী তৈয়াৰ কৰিছিল।

সেয়ে এই চৰকাৰখনৰ বিৰুদ্ধে চীন আৰু পাকিস্তান ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উঠিছে। পাকিস্তানে আৱামী লীগৰ চৰকাৰ ভংগ হোৱোটা বিচাৰিছিল। ভাৰতক কূটনৈতিকভাৱে চাপত ৰাখিবলৈ পাকিস্তানে বেইজিঙৰ সহায়ত এই ষড়যন্ত্ৰত লিপ্ত হৈছে।

জানিব পৰা মতে সংৰক্ষণ সংস্কাৰ আন্দোলনৰ মাজতেই বাংলাদেশত হাছিনা চৰকাৰে নিষিদ্ধ কৰা জামাত-ই-ইছলামী নামৰ আই এছ আই সমৰ্থিত ছাত্ৰ সংগঠনটোৱে চলিত বছৰৰ আৰম্ভণিতে বহু পৰিমাণৰ আৰ্থিক সাহায্য লাভ কৰিছিল।

ইয়াৰে অধিকাংশ ধন আহিছিল পাকিস্তানত থাকি কাম-কাজ কৰি থকা একাংশ চীনা সংস্থাৰ পৰা। অৰ্থাৎ চীনৰ সাহায্যতে জামাত-ই-ইছলামী নামৰ সংগঠনটোৱে তেওঁলোকৰ কাম-কাজ কৰি আহিছিল।

শ্বেইখ হাছিনাক ক্ষমতাচ্যুত কৰিবলৈ কিয় কৌশল ৰচনা কৰিছিল চীনে?

ভাৰতৰ দৰেই শ্বেইখ হাছিনাই চীনৰ সৈতেও সুসম্পৰ্ক ৰক্ষা কৰি আহিছিল। আনকি বাংলাদেশৰ অৰ্থনীতিলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়োৱা পদ্মা সেতু নিৰ্মাণতো চীনে সাহায্য দিছে বাংলাদেশক। বাংলাদেশৰ আন্তঃগাঁথনি নিৰ্মাণত ভাৰতৰ দৰেই চীনে যথেষ্ট বিনিয়োগ কৰিছে।

কিন্তু তাৰ পিছতো হাছিনাই ভাৰতক অগ্ৰাধিকাৰ দি আহিছে। বেইজিঙৰ হেঁচাৰ পাছতো ভাৰতকেই সকলো ক্ষেত্ৰতে অগ্ৰাধিকাৰ দিছিল হাছিনাই। দক্ষিণ পূব এছিয়াত চীনৰ একমাত্ৰ প্ৰতিদ্বন্দি ভাৰতক এইদৰে হাছিনাই অগ্ৰাধিকাৰ দিয়া বিষয়টোত সহজভাৱে লোৱা নাছিল বেইজিঙে।

সেয়ে চীনে বাংলাদেশত তেওঁলোকৰ আশীৰ্বাদপুষ্ট এখন পুতলা চৰকাৰ গঠনৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। এই চৰকাৰৰ জৰিয়তে চীনে ভাৰত বিৰোধী স্থিতিক অধিক মজুবট কৰি তোলাৰ পৰিলকল্পনাত লিপ্ত হৈছে।

এই পৰিকল্পনাক বাস্তৱায়িত কৰিবলৈ চীনৰ মাধ্যম হৈ পৰে জামাত-ই-ইছলামী নামৰ সংগঠনটো। এই সংগঠনটো আই এছ আইৰ সমৰ্থিত হোৱাত চীনৰ বাবে ষড়যন্ত্ৰক বাস্তৱায়িত কৰাত অধিক সহজ হৈ পৰে।

তাৰোপৰি বাংলাদেশত থাকিয়েই ভাৰতৰ বিৰোধী কাৰ্যকলাপত লিপ্ত হৈ আছে আন কেতবোৰ ইছলামিক সংগঠন। হৰকাত-উল-জিহাদ-আল-ইছলামি চমুকৈ হুজি পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত। হুজিয়েও চীনৰ পৰা সাহায্য লাভ কৰিছে।

হুজিৰ সদস্যক আফগানিস্তান আৰু পাকিস্তানত প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছে।এই সংগঠন কেইটাৰ মূল উদ্দেশ্য হৈ বাংলাদেশক ইছলামিক ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা।সেয়ে সংৰক্ষণ সংস্কাৰ আন্দোলনৰ আৰম্ভণিৰ পৰাই জামাত-ই-ইছলামীৰ দৰে সংগঠনে মানৱতাৰ দোহাই দি আন্তঃৰাষ্ট্ৰীয় সংস্থা সমূহৰ দৃষ্টি আকৰ্ষণ কৰি আহিবলৈ চেষ্টা কৰিছিল। সেই অনুসৰিয়েই বেইজিঙৰ পৰামৰ্শ অনুসৰিয়েই আগবাঢ়িছিল সকলো।

বাংলাদেশৰ স্বাধীনতাৰ ছবিয়ে স্পষ্ট কৰিছে সকলো

শ্বেইখ হাছিনাই পদত্যাগ কৰি ভাৰতলৈ পলাই অহাৰ পিছতে বাংলাদেশৰ পৰা যিসমূহ দৃশ্য পোহৰলৈ আহিছে সেই দৃশ্যই বহু কথাই স্পষ্ট কৰিছে। বংগ বন্ধু মজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তিত পৰা হাতুৰিৰ কোব, সেই মূৰ্তি বগৰাই দিয়া কাৰ্যক সহজভাৱে ল’ব পৰা নাই এই আন্দোলনত জড়িত হৈ থকা বহু লোকেও। তেওঁলোকে এই আন্দোলনৰ ৰং সলনি হোৱাত হতভম্ব হৈ পৰিছে।

বহু স্থানত সংখ্যালঘুৰ ওপৰত আক্ৰমণ হৈছে। মন্দিৰ, বৌদ্ধ বিহাৰ আক্ৰমণকাৰীৰ লক্ষ্য হৈ পৰিছে।বাংলাদেশৰ পতাকাৰ মাজত জিলিকিছে মৌলবাদীৰো পতাকা। কোনো কাৰণতে এই আন্দোলন এতিয়া ছাত্ৰৰ আন্দোলন হৈ থকা নাই। সকলো নিয়ন্ত্ৰণৰ বাহিৰত। দেশখনত এফালৰ পৰা চলিছে হিংসাত্মক কাৰ্যকলাপ।

বিভিন্ন স্থানত সংঘটিত হৈছে অগ্নি সংযোগৰ ঘটনা। এখন হোটেলত অগ্নি সংযোগ কৰি দিয়াৰ ফলত  ২৪ জন লোকৰ মৃত্যু হৈছে। এই হোটেলখন আছিল আৱামী লীগৰ এগৰাকী সদস্যৰ। হোটেলখনৰ জুই নিৰ্বাপিত কৰিবলৈ অগ্নি নিৰ্বাপক বাহিনী আহিছিল যদিও সেই বাহিনীক জুই নিয়ন্ত্ৰণ কৰাত বাধা দিছিল স্বাধীনতাৰ উৎসৱত মতলীয়াসকলে।

নিৰাশাৰ মাজতো আহিছে আশাৰ ছবি

বাংলাদেশত সৃষ্টি হোৱা এনে পৰিস্থিতিৰ মাজতো অৱশ্যে দেশখনৰ একাংশ শিক্ষাৰ্থীয়ে দায়িত্ববোধৰ পৰিচয় দিছে। একাংশ অঞ্চলত যদিও সংখ্যালঘুৰ ওপৰত আক্ৰমণ হৈছে, উপাসনাস্থলীত অগ্নি সংযোগ কৰিছে তথাপিও বহু স্থানত এনে লোক আৰু উপাসনা স্থলীৰ সুৰক্ষাত নিয়োজিত হৈছে ছাত্ৰ আন্দোলনৰ আন্দোলনকাৰী।

আন্দোলনকাৰী বহু ছাত্ৰই নিশা মন্দিৰৰ বাহিৰত পহৰা দিয়াৰ ব্যৱস্থা কৰিছে। মাইক যোগে কোনো হিংসাত্মক আৰু গোষ্ঠীগত সংঘৰ্ষত লিপ্ত নহ'বলৈ আহ্বান জনাইছে। তেওঁলোকে দেশখনৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰ অক্ষুন্ন ৰাখিবলৈ আহ্বান কৰিছে।

বাংলাদেশত এয়া কেনেকুৱা স্বাধীনতা? চৌদিশে কেৱল হিংসা আৰু উত্তেজনা !
গুৱাহাটীক গালি দিয়াৰ অধিকাৰ আমাৰ নাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in