তেওঁৰ বাঁহীৰ সুৰত সাৰ পাইছিল প্ৰকৃতি, বিদ্ৰোহত কঁপিছিল ব্ৰিটিছ বাহিনী

ব্ৰিটিছ শাসনৰ বিৰুদ্ধে জনজাতীয় সমাজখনক সংগ্ৰামী কৰি তোলাৰ ক্ষেত্ৰত যিগৰাকী নেতাৰ মুখ্য ভূমিকা আছিল সেইগৰাকী নেতাই আছিল বীৰছা মুণ্ডা । তেওঁ আছিল মুণ্ডা বিদ্ৰোহৰ মূল হোতা। এইগৰাকী নেতাক আদবাসীসকলে ভগৱান বুলি জ্ঞান কৰে।

author-image
Asomiya Pratidin
New Update
ভগৱান বীৰছা মুণ্ডা

আজি দেশজুৰি পালন হৈছে জনজাতীয় গৌৰৱ দিৱস। জনজাতীয় স্বাধীনতা সংগ্রামীসকলৰ স্মৰণত পালন কৰা হৈছে এই দিৱস। দেশৰ হকে তেওঁলোকৰ আত্মবলিদানৰ কথা নতুন প্রজন্মক জনোৱাৰ উদ্দেশ্যৰেই এই পদক্ষেপ। আজিৰ এই বিশেষ দিনটোত ভগৱান বীৰছা মুণ্ডাৰ জীৱন, সংগ্ৰাম আৰু আত্মবলিদানৰ সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন। 

 

ব্ৰিটিছ শাসনৰ বিৰুদ্ধে জনজাতীয় সমাজখনক সংগ্ৰামী কৰি তোলাৰ ক্ষেত্ৰত যিগৰাকী নেতাৰ মুখ্য ভূমিকা আছিল সেইগৰাকী নেতাই আছিল বীৰছা মুণ্ডা  তেওঁ আছিল মুণ্ডা বিদ্ৰোহৰ মূল হোতা। এইগৰাকী নেতাক আদবাসীসকলে ভগৱান বুলি জ্ঞান কৰে।

 

১৮৭৫ চনৰ ১৫ নৱেম্বৰত তেতিয়াৰ বিহাৰ আৰু বৰ্তমানৰ ঝাৰখণ্ডৰ ৰাঁচীৰ উলিহাটু গাঁৱত জন্মগ্ৰহণ কৰিছিল এইগৰাকী স্বাধীনতা সংগ্ৰামীয়ে। তেওঁৰ দেউতাকৰ নাম সুগনা মুণ্ডা আৰু তেওঁৰ মাতৃৰ নাম কাৰামি বাহাতু।

বাহিৰৰ পৃথিৱীখন সদায়েই জানিবলৈ নতুন কিবা এটা শিকিবলৈ আগ্ৰহী বীৰছা মুণ্ডাই প্ৰাথমিক শিক্ষাগ্ৰহণ কৰিছিল ৰাঁচীৰ চালগা গাঁৱত। সৰুৰে পৰা বিৰছাৰ পঢ়াশুনাত আছিল যথেষ্ট আগ্ৰহ।

কুন্তী খণ্ডৰ চামলং স্কুলত তৃতীয় শ্ৰেণীলৈকে পঢ়ি বীৰছা মুৰ্জু খণ্ডৰ বুৰুজ্জু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পৰা পঞ্চম শ্ৰেণী উত্তীৰ্ণ হৈছিল। বীৰছাই তেতিয়া চাইবাছাৰ থেৰান জাৰ্মান মিছনেৰী স্কুলত যোগদান কৰিছিল আৰু সপ্তম শ্ৰেণীলৈকে ইয়াত অধ্যয়ন কৰিছিল।এই সময়ছোৱাতে তেওঁ গ্ৰহণ কৰিছিল খ্ৰীষ্টান ধৰ্ম, নাম সলনি কৰিছিল ডেভিড দাউদ হিচাপে। 

স্কুলত পঢ়ি থকাৰ সময়ৰ পৰাই বীৰছাই জনজাতীয় সম্প্ৰদায়ক ব্ৰিটিছৰ পৰা মুক্ত কৰাৰ সপোন দেখিছিল। জাৰ্মান আৰু ৰোমান কেথলিক খ্ৰীষ্টানসকলৰ মাজৰ সংঘাটৰ সময়ত ইয়াৰ প্ৰভাৱ জনজাতীয় লোকসকলৰ মাজত পৰে।

এনে প্ৰভাৱতে সুগনা মুণ্ডাই বীৰছাক স্কুলৰ পৰা উলিয়াই আনে। ১৮৯০ চনত বীৰছাৰ মাতৃয়ে চাইবাছাৰ পৰা চৰ্দাৰসকলৰ হেঁচাত বীৰছাক উলিয়াই অনাৰ লগতে খ্ৰীষ্টান ধৰ্ম ত্যাগ কৰি গাঁৱলৈ উভতে আহে।

ইয়াৰ পিছত ১৮৯১ চনত বীৰছা বান্দাগাঁৱৰ জমিদাৰ জগমোহন সিঙৰ মুন্সি আনন্দ পাওৰৰ সৈতে পৰিচিত হোৱাত তেওঁৰ প্ৰভাৱতে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে। লাহে লাহে বীৰছাই নিজৰ জাতিক দক্ষতাৰে জাগ্ৰত কৰাৰ দায়িত্ব পালন কৰিবলৈ আৰম্ভ কৰে।

বীৰছাই জনজাতীয় লোকসকলক তেওঁলোকৰ মুখ্য পৰম্পৰাগত জনজাতীয় ধৰ্ম 'ছানা' পথ অনুসৰণ কৰিবলৈ পৰামৰ্শ দিয়ে। ১৮৯৫ চনত বীৰছাই ২০ বছৰ বয়সতে এক নতুন ধৰ্ম ঘোষণা কৰে। যি ধৰ্মৰ ভেঁটি আছিল একেশ্বৰবাদী মুণ্ডা ধৰ্ম।

বীৰছা মুণ্ডাক মুণ্ডা বিদ্ৰোহৰ নেতা হিচাপেও জনা যায়। অৱশ্যে, তেওঁ প্ৰথমে হাতত অস্ত্ৰ তুলি লোৱা নাছিল। কিশোৰ অৱস্থাত তেওঁৰ হাতত তৰা আৰু কঁকালত বাঁহী আছিল বুলি মুণ্ডা সমাজত প্ৰচলিত আছে।

প্ৰকৃতিয়েও হেনো তেওঁৰ বাঁহীৰ শব্দৰ প্ৰতি সঁহাৰি জনাইছিল। কিন্তু অধিকাৰৰ যুঁজত বীৰছাই হাতত ধনু তুলি লৈছিল। মিছনেৰী স্কুলত থাকোতেই বীৰছা চৰ্দাৰী আন্দোলনত জড়িত হৈছিল।

সেই আন্দোলনৰ অভিজ্ঞতাত তেওঁ বুজি পাইছিল কেৱল ব্ৰিটিছৰ লগত থকা ডিকু অৰ্থাৎ বাহিৰৰ লোকসকলেই জনজাতীয় লোকসকলক শত্ৰু নাছিল, ইংৰাজ সকলো তেওঁলোকৰ শত্ৰু। জনজাতীয় লোকসকলৰ দুৰ্দশাৰ বাবে ইংৰাজ সকলো জগৰীয়া।

ব্ৰিটিছে ঔপনিৱেশিক ব্যৱস্থাত এখন সামন্ত ৰাজ্য গঢ়িব বিচাৰিছিল। তেওঁলোকে জনজাতীয় লোকসকলে বাস কৰা বনভূমি দখল কৰিছিল। জনজাতীয় লোকসকলৰ ভূমিবোৰ তেওঁলোকৰ পৰা অন্যায়ভাৱে কাঢ়ি লোৱা হৈছিল।

১৮৯৪ চনত ব্ৰিটিছ চৰকাৰে বন আইন প্ৰৱৰ্তন কৰে। জনজাতীয় লোকসকলক ভাৰতৰ বিশাল অৰণ্য অঞ্চলত এই আইনৰ জৰিয়তে প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰে।

এই আইনৰ জৰিয়তেই হাজাৰ হাজাৰ বছৰ ধৰি জনজাতীয় লোকসকলে বাস কৰা এই অৰণ্যৰ অধিকাৰ তেওঁলোকৰ পৰা কাঢ়ি লোৱা হ। তাৰ মাজতেই ব্ৰিটিছ চৰকাৰে চোটোনাগপুৰৰ অৰণ্য দখল কৰিবলৈ উদ্যোগ ললে।

সমগ্ৰ পাহাৰীয়া বনাঞ্চল আৰু বীৰছাইট বাহিনী জাগ্ৰত হৈ পৰিছিল। ধনু আৰু কাড়ৰ সৈতে বীৰছাইট বাহিনী বন্দুকেৰে সজ্জিত ব্ৰিটিছ সেনাৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰে। এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ১৮৯৫ চনত জিলা আৰক্ষীয়ে বীৰছাক বন্দী কৰি দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিলে।

১৮৯৭ চনৰ ৩০ নৱেম্বৰত বীৰছাৰ মুক্তিৰ পিছত পুনৰ আৰম্ভ হয় বিদ্ৰোহৰ প্ৰস্তুতি। ১৮৯৯ চনৰ পৰা ১৯০০ চনৰ ভিতৰত ৰাঁছীৰ দক্ষিণ অংশত বীৰছা মুণ্ডাৰ নেতৃত্বত মুণ্ডা বিদ্ৰোহৰ আৰম্ভ হৈছিল।

বিদ্ৰোহৰ মূল লক্ষ্য আছিল মুণ্ডা ৰাজৰ প্ৰতিষ্ঠা আৰু স্বাধীনতাঅৰ্থাৎ, মুণ্ডা সমাজত অৰণ্যৰ অধিকাৰ প্ৰতিষ্ঠা কৰা। মুণ্ডা বাহিনীৰ মুখ্য কেন্দ্ৰ আছিল বৰ্তমানৰ ৰাঁছী-জামছেদপুৰ ঘাইপথৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত থকা চেইল ৰাকাব গাঁৱৰ ডম্বৰি পাহাৰ।

বীৰছাই যুদ্ধৰ ৰণনীতি হিচাপে গেৰিলা পদ্ধতি বাছনি কৰিছিল। ১৮৯৯ চনৰ ২৪ ডিচেম্বৰত ৰাঁছী আৰু কুকটি চহৰত বীৰছা বাহিনীৰ আক্ৰমণৰ ফলত কেইবাজনো আৰক্ষীসহ বহু লোক নিহত হয় আৰু ব্ৰিটিছৰ বহু ঘৰত অগ্নি সংযোগ কৰা হয়।

এই আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ব্ৰিটিছ চৰকাৰে ১৫০ জন সৈন্যৰে ডম্বৰি পাহাৰ আক্ৰমণ কৰে। আয়ুক্ত ফৰ্বছ আৰু উপায়ুক্ত ষ্ট্ৰীটফিল্ডে খিলঞ্জীয়া 'আবুয়া দিচান' অৰ্থাৎ জনজাতীয় লোকসকলৰ স্বতন্ত্ৰ শাসন ধ্বংস কৰিবলৈ ৪০০ জন খিলঞ্জীয়া লোকক নিৰ্বিচাৰভাৱে গুলীয়াই হত্যা কৰে।

ডম্বৰি পাহাৰত সংঘটিত নিৰ্বিচাৰ গণহত্যাই মৃতদেহৰ এক পাহাৰ সৃষ্টি কৰিলে।স্থানীয় খিলঞ্জীয়াসকলৰ মৃতদেহ বুকুত লৈ ডম্বৰি পাহাৰ হৈ পৰিছিল 'শীৰ্ষবুৰু' অৰ্থাৎ মৃতকৰ স্তূপ।

এই গণহত্যাৰ মাজতো কিন্তু বীৰছাক ব্ৰিটিছ আৰক্ষীয়ে ধৰিব নোৱাৰিলে। চৰকাৰে বীৰছাক ব্ৰিটিছৰ হাতত গতাই দিব পৰা জনলৈ ৫০০ টকাৰ পুৰস্কাৰো ঘোষণা কৰিলে। ব্ৰিটিছৰ এই ঘোষণাই বীৰছাক কৰায়ত্ত কৰিবলৈ সহজ কৰি তুলিলে।

ইয়াৰ পিছতে বীৰছাক ১৯০০ চনত চক্ৰধৰপুৰৰ যমকোপাই অৰণ্যত নিৰস্ত্ৰ আৰু শুই থকা অৱস্থাত বন্দী কৰিবলৈ সক্ষম হয়। এইগৰাকী জনজাতীয় বীৰক ব্ৰিটিছে কৰায়ত্ত কৰাৰ ইতিহাস বিশ্বাসঘাতকতাৰ ইতিহাস।

ৰোগাটো নামৰ ঠাইত এখন সভা সম্পূৰ্ণ কৰাৰ পিছত বীৰছা চেনেট্ৰাৰ অৰণ্যত ভাগৰুৱা হৈ শুই আছিল। সেই অৰণ্যৰ বাসিন্দা ডঙ্কা মুণ্ডাৰ পত্নী ছালীক বীৰছাৰ বাবে ভাত ৰান্ধিবলৈ দিয়া হৈছিল।

ৰন্ধা চাউলৰ ধোঁৱা বনৰ মূৰৰ ওপৰেৰে দূৰৰ পৰাই দেখা গৈছিল। ব্ৰিটিছবাহিনীয়ে সেই ধোঁৱা দূৰৰ পৰাই লক্ষ্য কৰিছিল। ইয়াৰ পিছতে বীৰছাক কৰায়ত্ত কৰিবলৈ ব্ৰিটিছবাহিনী সাজু হৈ পৰিছিল।

ব্ৰিটিছে মনমাৰু আৰু জাৰকাইল গাঁৱৰ লোকসকলক বীৰছাক আটক কৰাৰ বাবে কিছু টকা আৰু দুবাৰৰ আহাৰ যোগান ধৰিছিল। সেই উপঢৌকনৰ বিনিময়তে বীৰছাক আটক কৰি গাঁওৱাসীয় ব্ৰিটিছৰ হাতত গতাই দিলে।

বীৰছাক আটক কৰাৰ পিছতে ব্ৰিটিছে আৰম্ভ কৰিছিল বিচাৰ প্ৰক্ৰিয়া। বীৰছাৰ লগতে আন ৫৭১ গৰাকী লোকৰো বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ব্ৰিটিছ বাহিনীয়ে।এই বিচাৰত বীৰছা অপৰাধী হিচাপে বিবেচিত হল।

আন দুজন সহযোগীৰ সৈতে বীৰছাক ব্ৰিটিছে মৃত্যুদণ্ড বিহে। আনহাতে ৭৭ জনক কাৰাগাৰত বন্দী কৰে। ৰাঁছী কাৰাগাৰত আৱদ্ধ হৈ থকা বীৰছাৰ ১৯০০ চনৰ ৯ জুন তাৰিখে মাত্ৰ ২৫ বছৰ বয়সতে বিষক্ৰিয়াৰ ফলত মৃত্যু হয়।

অৱশ্যে, কাৰাগাৰৰ প্ৰতিবেদনত কোৱা হ বীৰছাৰ তেজ বমি হোৱাৰ ফলত মৃত্যু হল। মৃত্যুৰ লগে লগে বীৰছাক ব্ৰিটিছে সমাধিস্থ কৰিলে।ইয়াৰ মূল উদ্দেশ্য আছিল বীৰছাৰ মৃত্যুৰ প্ৰকৃত কাৰণ ঢাকি ৰখা।

জনজাতীয় লোকসকলে বীৰছাক ঈশ্বৰ জ্ঞান কৰিছিল। কিন্তু বীৰছাক মৃত্যুৰ লগে লগে সমাধিস্থ কৰি ব্ৰিটিছসকলে জনজাতীয় লোকক বীৰছা ঈশ্বৰৰ পৰিৱৰ্তে এজন সাধাৰণ মানুহ বুলি প্ৰমাণ কৰিবলৈ ব্যস্ত হৈ পৰিছিল।

এইগৰাকী স্বাধীনতা সংগ্ৰামীক দেশৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। বীৰছাৰ জন্মবাৰ্ষিকী উদযাপন কৰা হৈছে দেশৰ বিভিন্ন প্ৰান্তত। বীৰছা মুণ্ডাৰ নামত আছে বহু প্ৰতিষ্ঠান।

ইয়াৰ ভিতৰত উল্লেখযোগ্য হ'ল বীৰছা মুণ্ডা বিমানবন্দৰ, বীৰছা ইনষ্টিটিউট অফ টেকনলজি, বীৰছা মুণ্ডা বনবাসী ছাত্ৰাবাস, সিধো-কানু বীৰছা বিশ্ববিদ্যালয় আৰু কৃষি বিশ্ববিদ্যালয়। আই আই এম ৰাঁছীয়েও বীৰছা মুণ্ডা চেণ্টাৰ ফৰ ট্ৰাইবেল এফায়াৰছ বিভাগ আৰম্ভ কৰিছে। ইয়াৰ দ্বাৰা আদিবাসী জীৱনৰ বিষয়ে গৱেষণা কৰা হ

২০০৪ চনত এইগৰাকী মহান স্বাধীনতা সংগ্ৰামীৰ জীৱনক আধাৰ কৰি 'উলগুলান-এক ক্ৰান্তি' নামৰ এখন হিন্দী চিনেমা নিৰ্মাণ কৰা হৈছিল। মহাশ্বেতা দেৱীয়ে এইগৰাকী স্বাধীনতা সংগ্ৰামীৰ জীৱনক লৈ লিখিছিল 'অৰণ্যৰ অধিকাৰ' নামৰ উপন্যাসখন।

এই উপন্যাসৰ বাবেই তেওঁ লাভ কৰিছিল সাহিত্য একাডেমী পুৰস্কাৰ। ভাৰতীয় সংসদৰ মিউজিয়ামে একমাত্ৰ আদিবাসী নেতা হিচাবে বীৰছাৰ ছবি সযত্নে ৰাখিছে। ব্ৰিটিছ বিৰোধী সংগ্ৰামত তেওঁৰ অসমান্য সংগ্ৰামৰ কথা স্মৰণ কৰিয়েই ২০০০ চনত ১৫ নৱেম্বৰৰ বীৰছা মুণ্ডাৰ জন্মদিনতে ঝাৰখণ্ড ৰাজ্য গঠন কৰা হৈছিল।

প্রধানমন্ত্রী নৰেন্দ্র মোডী দ্বিতীয় কাৰ্যকালৰ মাজতে ১০ নৱেম্বৰ, ২০২১ত কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠকত বীৰ জনজাতীয় স্বাধীনতা সংগ্রামীসকলৰ স্মৰণত ১৫ নৱেম্বৰ দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপনৰ প্রস্তাৱত অনুমোদন জনোৱা হৈছিল। সেই মতেই আজি দেশত জনজাতীয় গৌৰৱ দিৱস পালন কৰা হৈছে।

ভাৰতৰ স্বাধীনতা সংগ্ৰামত জনজাতীয় লোকসকলৰ অৱদান উল্লেখনীয়। ছাওঁতাল, তোমৰ, কোল, ভীল, খাছি, মিজোসহ বিভিন্ন আদিবাসী সম্প্রদায়ৰ আন্দোলনে ভাৰতৰ স্বাধীনতা আন্দোলনক শক্তিশালী কৰিছিল।

ব্ৰিটিছ ঔপনিবেশিক শাসনৰ বিৰুদ্ধে আদিবাসী সম্প্রদায়ৰ বহু সাহসী লোকে আন্দোলনৰ সময়ত প্রাণ বিসর্জন দিছিল। এইসমূহ আন্দোলনে জাতীয় স্তৰত স্বাধীনতা আন্দোলনক উদ্বুদ্ধ কৰিছিল। কিন্তু স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ এই আদিবাসী নায়কসকলৰ সন্দৰ্ভত বেছিভাগ লোকৰেই আছে অজ্ঞতা।

 

 

জনজাতি বীৰছা মুণ্ডা