জয়ন্তক লৈ দিল্লীত লবী পকাইছে গৌৰৱেঃ পদত্যাগৰ বাবে সাজু ভূপেন বৰা...

জয়ন্তক লৈ দিল্লীত লবী পকাইছে গৌৰৱেঃ পদত্যাগৰ বাবে সাজু ভূপেন বৰা...
জয়ন্তক লৈ দিল্লীত লবী পকাইছে গৌৰৱেঃ পদত্যাগৰ বাবে সাজু ভূপেন বৰা...
Published on
Updated on

প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতত বিধ্বস্ত হৈছে বিৰোধী। উপ নিৰ্বাচনত বিহালী সমষ্টি কংগ্ৰেছে মিত্ৰদলক এৰি দিয়াৰ সিদ্ধান্ত বিপৰীত স্থিতিত গৌৰৱ গগৈ। বিবেক দাস, জয়ন্ত বৰাক লৈ বিপৰীত মেৰুত কংগ্ৰেছৰ দুই নেতা। বিপদত পৰিছে ভূপেন বৰা। অসম সন্মিলিত মঞ্চৰ ভৱিষ্যতক লৈয়ো অনিশ্চয়তা। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন

ৰাজ্যত উপ-নিৰ্বাচনৰ বতাহ বলাৰ সমান্তৰালকৈ প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতে ৰাজনৈতিক দলসমূহক জোকাৰি গৈছে। বিশেষকৈ বিহালী সমষ্টিত বিৰোধী মিত্ৰজোঁট কংগ্ৰেছ আৰু অসম সন্মিলিত মঞ্চৰ মাজত প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাত তুংগত উঠিছে।

অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত পৰা তথ্য অনুসৰি দিল্লীত পচন্দৰ প্ৰাৰ্থী জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে উঠিপৰি লাগিছে গৌৰৱ গগৈ। তেওঁ কংগ্ৰেছৰ হাইকামাণ্ডক বিহালীত জয়ন্ত বৰা জয়ী হোৱাতো নিশ্চিত হোৱাৰ পাছতো প্ৰদেশ কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ অভিযোগ দাখিল কৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি গৌৰৱ গগৈয়ে মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীক বুজাই দিছে দিছে বিজেপিৰ পৰা আহি কংগ্ৰেছত যোগদান কৰা জয়ন্ত বৰাৰ গণভিত্তি সমষ্টিটোত বিবেক দাসতকৈ বহু বেছি। কেৱল মিত্ৰদলক সমষ্টিটো এৰি দিয়াৰ স্বাৰ্থতে জয়ৰ সম্ভাৱনা থকা এই সমষ্টিটোত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা বিৰত আছে ।

গৌৰৱ গগৈৰ এই স্থিতিয়ে বিমোৰত পেলালে ভূপেন বৰাক। সাংসদগৰাকীৰ এনে ভূমিকাক সহজভাৱে লোৱা নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। ইফালে অসম সন্মিলিত মঞ্চত আন মিত্ৰজোঁটক সমষ্টিটো এৰি দিয়াৰ কথা ঘোষণা কৰাৰ পাছত বৰাই হাই কামাণ্ডৰ নিৰ্দেশ মানি সমষ্টিটোত কংগ্ৰেছে প্ৰাৰ্থী প্ৰদান কৰিবলগীয়া হ'লে কি পৰিস্থিতিৰ সন্মুখীন হ'ব সেয়া অনুমান কৰিব পাৰিছে।

গৌৰৱ গগৈয়ে দিল্লীত শীৰ্ষ নেতৃত্বক হেঁচা দিয়াৰ সমান্তৰালকৈ বিহালীতো যুৱ আৰু মহিলা কংগ্ৰেছৰ দ্বাৰাই আন এক চাপ সৃষ্টি কৰিছে। বিবেক দাসক কোনো কাৰণতে প্ৰাৰ্থী ৰূপে মানি নোলোৱাৰ হুংকাৰ ইতিমধ্যে প্ৰদান কৰিছে বিহালীৰ কংগ্ৰেছে।

এনেবোৰ প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতে এতিয়া ৰাজীৱ ভৱনতো জোকাৰণিৰ সৃষ্টি কৰিছে। অভিযোগ উঠিছে জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ নামত একাংশ কংগ্ৰেছ নেতাৰ দালালে বৃহত পৰিমাণৰ ধনৰ লেনদেনো কৰিছে।

দেওবাৰে পুৱাই জয়ন্ত বৰালৈ গৌৰৱ গগৈয়ে ফোন কৰি তেওঁক নিৰ্বাচনৰ বাবে সাজু হ'বলৈ কোৱা খবৰে কংগ্ৰেছ আৰু অসম সন্মিলিত মঞ্চৰ নেতৃত্বৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ভূপেন বৰাই এনেবোৰ পৰিবেশ, পৰিস্থিতিৰ মাজতেই অসম সন্মিলিত মঞ্চৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিবলৈ সাজু কৰিছে পদত্যাগ পত্ৰ।

যিকোনো সময়ত পদত্যাগ পত্ৰ প্ৰদান কৰিবলৈ মানসিক ভাৱে প্ৰস্তুত হৈছে ভূপেন বৰা। সেয়ে হ'লে উপ নিৰ্বাচনৰ পূৰ্বেই প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতত বিধ্বস্ত হৈ পৰিব বিৰোধী ঐক্য মঞ্চ।

জয়ন্তক লৈ দিল্লীত লবী পকাইছে গৌৰৱেঃ পদত্যাগৰ বাবে সাজু ভূপেন বৰা...
দুদিনৰ বাবে আকৌ কংগ্ৰেছী হ'ব অখিল-লুৰীণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in