৭৮ টা সমষ্টিত ৪০ হাজাৰো নহ'ল সদস্যঃ শীৰ্ষত মুখ্যমন্ত্ৰীৰ লগতে থাকিল পীযুষ, জয়ন্ত...

কেইবাজনো মন্ত্ৰী, বহুবল্কি বিধায়ক লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ
৭৮ টা সমষ্টিত ৪০ হাজাৰো নহ'ল সদস্যঃ শীৰ্ষত মুখ্যমন্ত্ৰীৰ লগতে থাকিল পীযুষ, জয়ন্ত...
৭৮ টা সমষ্টিত ৪০ হাজাৰো নহ'ল সদস্যঃ শীৰ্ষত মুখ্যমন্ত্ৰীৰ লগতে থাকিল পীযুষ, জয়ন্ত...
Published on
Updated on

অন্ত পৰিলে বিজেপিৰ সদস্য ভৰ্তি অভিযান। নানান বিতৰ্ক, নানান প্ৰলোভনৰ অভিযোগ উত্থাপন হোৱা এই সদস্য ভৰ্তি অভিযানত বিজেপিৰ লক্ষ্য আছিল ৫০ লাখ সদস্য। কিন্তু সৰ্ব শক্তি প্ৰয়োগ কৰিও এই লক্ষ্যত উপনীত হ'ব নোৱাৰিলে দলটো। বহু সমষ্টিত ১০ হাজাৰো নহ'ল সদস্য। বহু মন্ত্ৰী, ক্ষমতাশালী বিধায়কো হ'ল চূড়ান্ত ব্যৰ্থ। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ এক বিশেষ প্ৰতিবেদন।

সৰ্ব শক্তি প্ৰয়োগ কৰিও লক্ষ্যত উপনীত হ'ব নোৱাৰিলে শাসকীয় বিজেপি। সমগ্ৰ দেশৰ লগতে অসমতো বিজেপিয়ে চলোৱা সদস্য ভৰ্তি অভিযানত শাসকীয় বিজেপিয়ে ১২৬ টা বিধানসভা সমষ্টিত মুঠ ৫০ লাখ সদস্য ভৰ্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও সেই লক্ষ্যত উপনীত হ'ব নোৱাৰিলে।

প্ৰতিটো সমষ্টিতে নতুনকৈ ৪০ হাজাৰ সদস্য ভৰ্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও ৭৮ টা সমষ্টিতে এই লক্ষ্যত উপনীত হ'ব নোৱাৰিলে দলটো। বহু কেইটা সমষ্টিতে দলটোত নতুনকৈ ভৰ্তি হোৱা সদস্যই ১০ হাজাৰৰো ঘৰ স্পৰ্শ কৰিব নোৱাৰিলে।

২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা বিজেপিৰ এই সদস্য ভৰ্তি অভিযানক লৈ নানান বিতৰ্কৰ সূচনা হৈছিল। বিশেষকৈ উজনি অসমৰ সমষ্টি কেইটাত আশানুৰূপ ফলাফল লাভ নকৰাত স্বয়ং মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত বিজেপিৰ একাধিক নেতাই অঞ্চলটোত বাহৰ পাতি সদস্য ভৰ্তি অভিযান তদাৰক কৰিছিল। কিন্তু তাৰ পাছতো আশা কৰা ধৰণে ফলাফল লাভ নকৰিলে।

সদস্য ভৰ্তিৰ এই অভিযানৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় ৩.০ আঁচনি অতি ধুমধামেৰে ভাৰ্ছুৱেলী সমষ্টি ভিত্তিত মুকলি কৰিলে যদিও এই পদক্ষেপেও মানুহৰ মন জয় কৰিব নোৱাৰিলে। স্বয়ং বিজেপি সভাপতিকে ধৰি একাধিক নেতাই বিজেপিৰ সদস্য ভৰ্তি নহ'লে অৰুণোদয়ৰ দৰে আঁচনিৰ পৰা নাম কৰ্তন কৰা হ'ব বুলি ভাবুকি দিয়াৰ পাছতো কাংক্ষিত লক্ষ্যত উপনীত হ'ব নোৱাৰিলে দলটো।

অৱশ্যে স্বাভাৱিকতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিজা সমষ্টি জালুকবাৰী সদস্য ভৰ্তিৰ এই অভিযানত শীৰ্ষত আছে। সমষ্টিটোত ৯৩,৩২৯ জন সদস্য ভৰ্তি হৈছে। দ্বিতীয় স্থানত আছে মন্ত্ৰী পীযুষ হাজৰীকাৰ সমষ্টি জাগীৰোড। সমষ্টিটোত সদস্য ভৰ্তি হৈছে ৮৯,২৭৮ গৰাকী।

পীযুষ হাজৰীকাৰ পাছতে আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সমষ্টি নলবাৰী। এই সমষ্টিটোত মুঠ সদস্য ভৰ্তি হৈছে ৮৪,৭৯০ গৰাকী। বিজেপিৰ মন্ত্ৰী, বিধায়কসকলৰ মাজত যোৱা দিন কেইটাত সদস্য ভৰ্তি অভিযানত চলা অঘোষিত প্ৰতিযোগিতাত মুখ্যমন্ত্ৰীৰ পাছতেই পীযুষ হাজৰীকা আৰু জয়ন্ত মল্ল বৰুৱাই ৮০ হাজাৰৰো অধিক সদস্য নিজা সমষ্টিত ভৰ্তি কৰিব পাৰিলে যদিও আন কোনো মন্ত্ৰী, বিধায়কে ৭০ হাজাৰৰো ঘৰ স্পৰ্শ কৰিব নোৱাৰিলে।

বিজেপিয়ে সদস্য ভৰ্তিৰ যি তালিকা প্ৰকাশ কৰিছে সেই অনুসৰি ৰাজ্যৰ মুঠ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত ৯ টা বিধানসভা সমষ্টিতে নতুন সদস্য ভৰ্তি অভিযানে ১০ হাজাৰৰো ঘৰ স্পৰ্শ কৰিব নোৱাৰিলে। ৩০ টা সমষ্টিত সদস্য ভৰ্তি হ'ল ৩০ ৰ পৰা ৪০ হাজাৰৰ ভিতৰত। ২২ টা সমষ্টিত সদস্য ভৰ্তি হ'ল ২০ ৰ পৰা ৩০ হাজাৰৰ ভিতৰত। ১৭ টা সমষ্টিত সদস্য ভৰ্তিৰ সংখ্যা ১০ হাজাৰৰ পৰা ২০ হাজাৰৰ ভিতৰতে থাকিল।

মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মানৱ ডেকাৰ সমষ্টি লখিমপুৰত সদস্য ভৰ্তি হ'ল ৬৫,৩৮০ গৰাকী। বিজেপি সভাপতি ভৱেশ কলিতাৰ নিজা সমষ্টি ৰঙিয়াত সদস্য ভৰ্তি হ'ল ৬২,০১৯ গৰাকী। কৃষ্ণেন্দু পালৰ সমষ্টি পথাৰকান্দি সমষ্টিত নতুন সদস্য ভৰ্তি হয় ৬০,৪৬৬ গৰাকী।

মন্ত্ৰী বিমাল বৰাৰ টিংখং সমষ্টিত সদস্য ভৰ্তি হয় ৫৯,২২৭ গৰাকী। নৱ গঠিত ৰামকৃষ্ণ নগৰ সমষ্টিত বিজেপিৰ সদস্যপদ গ্ৰহণ কৰিলে ৫৮,৫৫৪ গৰাকী লোকে। শদিয়াত সদস্য পদ ল'লে ৫৬,৫২৩ গৰাকীয়ে।

অসম চৰকাৰৰ আন এগৰাকী ক্ষমতাশালী মন্ত্ৰী অশোক সিংহালৰ কথা আৰু কামৰ মাজৰ প্ৰাৰ্থক্য পুনৰ এবাৰ প্ৰমাণ হ'ল বিজেপিৰ সদস্য ভৰ্তি অভিযানতে। বহু চেষ্টা কৰিও তেওঁ মন্ত্ৰী পীযুষ, জয়ন্তৰ কাষ চাপিব নোৱাৰিলে। ঢেকিয়াজুলী সমষ্টিত তেওঁ নিৰ্ধাৰিত নূন্যতম ৪০ হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে যদিও সদস্য ভৰ্তি কৰিলে মাত্ৰ ৫৫,২৪৪ গৰাকী।

বৰ্তমানৰ সাংসদ তথা সৌসিদিনালৈকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা পৰিমল শুক্লবৈদ্যৰ ঢলাই সমষ্টিত সদস্য ভৰ্তি অভিযানে স্পৰ্শ কৰিব নোৱাৰিলে ৪০ হাজাৰৰ ঘৰ। সমষ্টিটোত মুঠ সদস্য ভৰ্তি হয় মাত্ৰ ৩৯,৫৪৯ গৰাকী।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ধেমাজি সমষ্টিত সদস্য ভৰ্তি অভিযানত সদস্য ভৰ্তি হ'ল ৪৮,০০৭ গৰাকী। মন্ত্ৰী সঞ্জয় কিষাণে বহু চেষ্টা কৰি যেনেতেনে ৪০ হাজাৰৰ ঘৰ স্পৰ্শ কৰিলে। তিনিচুকীয়া সমষ্টিটোত সদস্য ভৰ্তি হ'ল ৪০,০৫৫ গৰাকী।

উজনি অসমৰ আন এক গুৰুত্বপূৰ্ণ সমষ্টি হৈছে মাহমৰা। মন্ত্ৰী যোগেন মহনৰ এই সমষ্টিত সদস্য ভৰ্তি হ'ল মাত্ৰ ৪০,১১২ গৰাকী। মন্ত্ৰী অজন্তা নেওগৰ সমষ্টি গোলাঘাট। কেইবাটাও কাৰ্যকাল অজন্তা নেওগে এই সমষ্টিক প্ৰতিনিধিত্ব কৰিছে। পূৰ্বে তৰুণ গগৈৰ মন্ত্ৰীসভা আৰু হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত তেওঁ লাভ কৰি আহিছে গুৰুত্বপূৰ্ণ দায়িত্ব। এইগৰাকী অজন্তা নেওগৰ সমষ্টিত সদস্য ভৰ্তি হয় ৪৯,০০৫ গৰাকী।

মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত তৰংগ গগৈয়েও সদস্য ভৰ্তি অভিযানত সৰ্বশক্তি প্ৰয়োগ কৰি জপিয়াই পৰিছিল। তেওঁ নাহৰকটিয়া সমষ্টিত সদস্য ভৰ্তি কৰিলে ৫০,৯১৪ গৰাকী। বহুবল্কি বিধায়ক দিগন্ত কলিতায়ো কমলপুৰ সমষ্টিত সদস্য ভৰ্তি কৰিলে ৫০,৪৫৭ গৰাকী।

এইসকলৰ তুলনাত বিজেপিৰ বহুবলী বিধায়ক হিচাপে ন-পৰিচয় লাভ কৰা ৰূপজ্যোতি কুৰ্মিয়ে মৰিয়নি সমষ্টিত অকৌ সদস্য ভৰ্তিৰ অভিযানত কথাৰ দৰে কৰি দেখুৱাব নোৱাৰিলে। নিৰ্ধাৰিত ৪০ হাজাৰৰ সীমা স্পৰ্শ কৰা দূৰৰে কথা তেওঁ ৩৫ হাজাৰ সদস্যও ভৰ্তি কৰিব নোৱাৰিলে। সমষ্টিটোত সদস্য ভৰ্তি হয় মাত্ৰ ৩৩,৩১৬ গৰাকী।

চেঙা,মান্দিয়া, পকাবেটবাৰী, সৃজনগ্ৰাম, ডোটমা, চমৰিয়া, ৰূপহীহাট, ব্ৰিসিং জাউৰা, কোকৰাঝাৰ এই কেইটা সমষ্টিত সদস্য ভৰ্তি অভিযানে ১০ হাজাৰৰো ঘৰ স্পৰ্শ কৰিব নোৱাৰিলে। ধিং, মানকাচৰ, ছিদলী-চিৰাং, জলেশ্বৰ, কৰিমগঞ্জ দক্ষিণ, গোসাইগাঁও, সোণাই, চামগুৰি, লাহৰিঘাট, দলগাওঁ, আম্ৰি, গৌৰিপুৰ, তিতাবৰ, আলগাপুৰ-কাটলিচেৰা, টিয়ক, গোৱালপাৰা পূৱ, কলিয়াবৰ সমষ্টিত সদস্য ভৰ্তি অভিযান ১০ হাজাৰৰ পৰা ২০ হাজাৰৰ মাজতে সীমাবদ্ধ হৈ থাকিল।

বোকাখাট, বাক্সা, বাওখুংগ্ৰী, পৰ্বতঝাৰা, বঙাইগাওঁ, গোৱালপাৰা পশ্চিম, দুধনৈ, ধুবুৰী, ৰংখাং, বৰপেটা, হাইলাকান্দি, মাজবাট, বিজনী, ওদালগুৰি, বিন্নাকান্দি, যোৰহাট, বকো-ছয়গাওঁ, মাকুম, শিৱসাগৰ, বৰখলা, নাওবৈচা, হাফলং সমষ্টিত সদস্য ভৰ্তি অভিযানে ২০ হাজাৰ অতিক্ৰম কৰিলে যদিও ৩০ হাজাৰৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰিলে।

কৰিমগঞ্জ উত্তৰ, তেজপুৰ, উধাৰবন্দ, তামুলপুৰ, টংলা, বিশ্বনাথ, ভেৰগাওঁ, মানস, বিলাসীপাৰা, হাজো-শুৱালকুছি, ৰঙানদী, মৰিয়নি, নিউ গুৱাহাটী, দেৰগাওঁ, বিহালী, ডিমৰীয়া, সোণাৰি, জোনাই, দিগবৈ, কাটিগড়া, গহপুৰ, চাবুৱা-লাহোৱাল, হাওৰাঘাট, নদুৱাৰ, দুলিয়াজান, দিছপুৰ, ৰঙাপৰা, বোকাজান, ঢলাই, বৰক্ষেত্ৰী সমষ্টিটো সদস্য ভৰ্তি অভিযানে ৪০ হাজাৰৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰিলে।

মন কৰিবলগীয়া যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মতে ২০১৯ চনত বিজেপিয়ে ৰাজ্যখনত সদস্য ভৰ্তি অভিযানত মুঠ ১৮ লাখ সদস্য ভৰ্তি কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে এইবাৰ তাৰ দুগুণতকৈ অধিক সদস্য ভৰ্তি কৰিবলৈ সক্ষম হৈছে।

কিন্তু ৫০ লাখ সদস্য ভৰ্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰি বিভিন্ন প্ৰলোভন, আঁচনিৰ সুযোগ, সুবিধা দিয়াৰ লগতেৃ ভয়-ভাবুকি দিবলৈয়ো কুণ্ঠাবোধ নকৰাৰ পাছতো সেই লক্ষ্যত উপনীত হ'ব নোৱাৰিলে দলটো। দলটোৱে অসমত মুঠ সদস্য ভৰ্তি কৰিলে ৪৩,৮৬,৯৩৩ গৰাকী।

৭৮ টা সমষ্টিত ৪০ হাজাৰো নহ'ল সদস্যঃ শীৰ্ষত মুখ্যমন্ত্ৰীৰ লগতে থাকিল পীযুষ, জয়ন্ত...
সন্তানৰ মংগল কামনাই হ'ল হৈ পৰিল কাল ! নৈত উটি গ'ল ৩৭ শিশুসহ ৪৬ জন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in