নিৰ্বাচন ৫ সমষ্টিত, চৰ্চাত কেৱল চামগুৰি আৰু বিহালী...

নিৰ্বাচন ৫ সমষ্টিত, চৰ্চাত কেৱল চামগুৰি আৰু বিহালী...

author-image
Asomiya Pratidin
New Update
নিৰ্বাচন ৫ সমষ্টিত, চৰ্চাত কেৱল চামগুৰি আৰু বিহালী...

নিৰ্বাচন ৫ সমষ্টিত, চৰ্চাত কেৱল চামগুৰি আৰু বিহালী...

আজি অন্ত পৰিল অসমৰ ৫ টা বিধানসভা সমষ্টিৰ প্ৰচাৰ অভিযান। ৫ টা সমষ্টিৰ ভিতৰত সৰ্বাধিক চৰ্চাত থাকিল চামগুৰি আৰু বিহালী। এটাত নিৰ্বাচনী হিংসা আৰু আনটোত হেভিৱেইট নেতাৰ ভিৰে মানুহৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে। আক্ৰমণ, প্ৰত্যাক্ৰমণ, পৰিয়ালতান্ত্ৰিক ব্যৱস্থাৰ পৰা আৰম্ভ কৰি দলীয় বিসম্বাদলৈ এই উপ নিৰ্বাচনে অসমত সৃষ্টি কৰিলে তিক্ত পৰিস্থিতিৰ। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিনৰ এক বিশেষ প্ৰতিবেদন।

পৰিয়াল তান্ত্ৰিক ৰাজনীতিৰ অভিযোগৰ পৰা হত্যা, হিংসাৰ ৰাজনীতিলৈ বহু অভিযোগ, প্ৰতি অভিযোগেৰে অন্ত পৰিল ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। ধলাই, বঙাইগাওঁ, চিদলী বিধানসভা সমষ্টি তিনিটাৰ বিপৰীতে এই গোটেই সময়ত চৰ্চাৰ শীৰ্ষত থাকিল চামগুৰি আৰু বিহালী।

ধলাইত বিজেপিৰ ভিতৰত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতৰ বাবেই প্ৰথম অৱস্থাত কিছু চৰ্চালৈ আহিছিল যদিও সমষ্টিটোৰ দায়িত্বত থকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মধ্যস্থতা আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত অতি কৌশলেৰে সেই সংঘাতক দমন কৰিলে। অৱশ্যে সাংসদ পৰিমল শুক্লবৈদ্যৰে অমিয় কান্তি দাসৰ সেই সংঘাত এতিয়াও চলি থাকিল। তাৰ মাজতেই নিচিন্ত মনে নিৰ্বাচনী প্ৰচাৰ সামৰিলে নিহাৰ ৰঞ্জন দাসে।

বঙাইগাওঁ সমষ্টিত অসম গণ পৰিষদৰ পূৰ্বৰ বিধায়ক তথা সাংসদ ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে দলৰ ভিতৰতে ক্ষোভৰ উদগীৰণ হৈছিল যদিও, প্ৰতিষ্ঠান বিৰোধী ঢৌ বলিছিল যদিও, সেই ঢৌয়ে তেওঁক উটুৱাই নিব নোৱাৰিলে। অগপৰ প্ৰাৰ্থী দিপ্তীময়ী চৌধুৰীৰ বিৰুদ্ধে যিদৰে প্ৰতিষ্ঠান বিৰোধী ঢৌ উঠিছিল সেই ঢৌ লাহে লাহে শান্ত হ'ল। অৱশ্যে অসন্তুষ্টি এতিয়াও আছে।

বঙাইগাওঁ উপ নিৰ্বাচনত মূল যুঁজখন কংগ্ৰেছৰ ব্ৰজেনজিৎ সিংহ আৰু অগপৰ দিপ্তীময়ী চৌধুৰীৰ মাজতেই আৱদ্ধ থাকিব। অগপৰ নেতৃত্বই দিপ্তীময়ী চৌধুৰীৰ হৈ যিদৰে প্ৰচাৰ চলাইছে সেইদৰে মিত্ৰদল বিজেপিৰো কেইবাজনো নেতা বিশেষকৈ অশোক সিংহালে নিৰ্বাচনী প্ৰচাৰত জপিয়াই পৰিছে।

ফণীভূষণ চৌধুৰীৰ দুৰ্গ বঙাইগাঁৱত এইবাৰ অসন্তুষ্ট অগপ ত্যাগী নেতা বিজয় সিংহ, শৈলেন্দ্ৰ সৰকাৰ আদিয়ে কিদৰে প্ৰভাৱ পেলাই সেয়া হ'ব লক্ষ্যণীয়। অগপৰ ভিতৰৰ এই যুঁজখনত কংগ্ৰেছে যিদৰে সুযোগ ল'ব লাগিছিল সেই সুযোগ কিন্তু ল'ব পৰা নাই বুলিয়েই বহুতে ক'ব বিচাৰিছে।

চিদলী সমষ্টিত যদিও কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে তথাপিও মূল যুঁজখন ইউ পি পি এল আৰু বি পি এফৰ মাজতেই চলিছে বুলিলেও ভুল কোৱা নহ'ব। অভিযোগ, প্ৰতি অভিযোগেৰে দুয়োটা দলৰ প্ৰাৰ্থী, নেতাৰ মাজত বাকযুদ্ধ চলিছে। তাৰ মাজতেই প্ৰায় দুটা দশকৰ পাছত চিদলীত প্ৰাৰ্থী প্ৰক্ষেপ কৰা কংগ্ৰেছেও এই দুয়োটা দলকে বিজেপিৰ এজেণ্ট আখ্যাৰে জনতাৰ মাজত সোমাবলৈ চেষ্টা চলাইছে।

নিৰ্বাচনী প্ৰচাৰত স্থান পাইছে হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতি, অপশাসন, প্ৰমোদ বড়োৰ দুৰ্নীতি, বি টি চিত বিজেপিৰ হস্তক্ষেপ আদি বিষয়ে। এই তিনিওটা সমষ্টিত অৱশ্যে নিৰ্বাচনী প্ৰচাৰ যথেষ্ট শান্ত।

ইয়াৰ বিপৰীতে চামগুৰি সমষ্টিত সৃষ্টি হোৱা নিৰ্বাচনী হিংসাৰ পৰিস্থিতিয়ে সৰ্বকাললৈ অসমৰ সমাজ, ৰাজনীতিত এক কলংকৰ ইতিহাস যে ৰচনা কৰিলে সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। এই কলংকৰ বুজা কোনে বহন কৰিব সেয়া ৰাইজে নিৰ্ধাৰণ কৰিব। কিন্তু সমষ্টিটোৰ ভিতৰৰ ৰাজনীতি অসমৰ ভৱিষ্যতৰ ৰাজনীতিৰ বাবে কোনো কাৰণতেই যে মংগলজনক নহয় সেয়াও স্পষ্ট।

চামগুৰিত কংগ্ৰেছে প্ৰক্ষেপ কৰিছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক। ১৯৯১ চনত এই সমষ্টিত কংগ্ৰেছৰ টিকটত জয়ী হৈছিল নুৰুল হুছেইন। তাৰ পাছত ২০০১ চনৰ পৰা ২০২৪ লৈকে এই সমষ্টি আছে নুৰুল হুছেইনৰ পুত্ৰ ৰকিবুল হুছেইনৰ দখলত।

লোকসভা নিৰ্বাচনত দলে তেওঁক ধুবুৰীত টিকট প্ৰদান কৰাত আৰু তেওঁ ইতিহাস সৃষ্টিৰে সৰ্বাধিক ভোটৰ ব্যৱধানত দিল্লীলৈ নিৰ্বাচিত হোৱাত এই সমষ্টিত এইবাৰ পুত্ৰ তাঞ্জিলক বিধায়ক হিচাপে প্ৰতিষ্ঠা কৰাত জপিয়াই পৰিছে। বিজেপিয়ে আকৌ প্ৰক্ষেপ কৰিছে যুল নেতা দীপ্লুৰঞ্জন শৰ্মাক।

সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হোৱাৰ পৰা চৌদিশে বিয়পি পৰিছে হিংসা। সংঘটিত হৈছে গুলী চালনাৰ ঘটনা। নিৰ্দলীয় প্ৰাৰ্থীকো ঘৰৰ পৰা মাতি নি প্ৰহাৰ কৰি মৃতপ্ৰায় অৱস্থাত পেলাই থৈ যোৱাৰ ঘটনাও সংঘটিত হৈছে। বিজেপি, কংগ্ৰেছ কৰ্মীৰ মাজৰ সংঘাতত এজনৰ মৃত্যু হৈছে। প্ৰহৃত হৈছে সংবাদ কৰ্মী। বাটে পথে, য'তে ত'তে ভাঙিছে প্ৰাৰ্থী, নেতাৰ বাহন।

এনে হিংসাত্মক পৰিস্থিতিৰ বাবেই কেইবাজনো আৰক্ষী বিষয়াক ইতিমধ্যে বদলি কৰা হৈছে। কিন্তু প্ৰশ্ন হয় এনে সুযোগ কিয় পাইছে এইসকল দুস্কৃতিকাৰীয়ে? অসমৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ অন্যতম পৃষ্ঠভূমি এই চামগুৰিত এইবাৰ কংগ্ৰেছ আৰু বিজেপি নেতৃত্বই যিদৰে তেওঁলোকৰ কৰ্মীক মাৰপিটত লিপ্ত হ'বলৈ প্ৰৰোচিত কৰিলে, যি পৰিস্থিতিৰ সূচনা হ'ল এইসমূহে কিন্তু সিংহভাগ মানুহকে অসন্তুষ্ট কৰি তুলিছে।

ইয়াৰ প্ৰভাৱ যে, ভোটগ্ৰহণত নপৰিব তাৰ কোনো নিশ্চয়তা নাই। চামগুৰিৰ হিংসাত্মক পৰিস্থিতিত অতিষ্ঠ হৈ পৰিছে সাধাৰণ ভোটাৰ। ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিলক বিধানসভালৈ প্ৰেৰণ কৰিবলৈ কংগ্ৰেছ নেতৃত্ব যিদৰে সমষ্টিটোত জপিয়াই পৰিছে তাৰ তুলনাত কিন্তু আশ্চৰ্যজনক ভাৱে বিজেপিৰ শীৰ্ষ নেতাৰ এই সমষ্টিত সঘন আহ-যাহ পৰিলক্ষিত হোৱা নাই।

মুখ্যমন্ত্ৰীয়ে নিয়মমাফিক এখন নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰাৰ বিপৰীতে সকলো সময়তে দীপ্লুৰঞ্জনৰ কাষত দেখা গৈছে বিধায়ক জিতু গোস্বামী, সদ্য কংগ্ৰেছ ত্যাগী তথা লোকসভা নিৰ্বাচনত নগাওঁ সমষ্টিত পৰাজিত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক। তেওঁলোকৰ লগত আছে শুকুৰ আলী। সংখ্যালঘু প্ৰধান অঞ্চলত দীপ্লুৰঞ্জনৰ প্ৰচাৰত শুকুৰ আলীয়েহে পাইছে অধিক গুৰুত্ব।

চামগুৰিৰ এনে পৰিস্থিতিৰ বিপৰীতে আকৌ বিহালীত পৰিলক্ষিত হৈছে আন এক দৃশ্য। মন্ত্ৰী পীযুষ হাজৰীকাৰ নেতৃত্বত বিজেপিৰ মন্ত্ৰী, বিধায়কৰ এটা বৃহৎ দলে সমষ্টিটোত বাহৰ পাতি দিগন্ত ঘাটোৱাৰৰ হৈ প্ৰচাৰত জপিয়াই পৰিছে।

সকলো সময়তে দেখা গৈছে সমষ্টিটোৰ অলিয়ে গলিয়ে বিজেপিৰ মন্ত্ৰী, বিধায়ক পিটপিটাই ফুৰিছে। মানুঘৰৰ চোতালত, বাৰাণ্ডাত এইসকল নেতাই মানুহৰ মাজত সোমাই পৰিছে। বাদ পৰি ৰোৱা নাই কংগ্ৰেছে।

বিজেপিৰ সমানে সমানে কংগ্ৰেছেও ইয়াত প্ৰচাৰ চলাইছে। প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতে ঐক্যবদ্ধ বিৰোধীৰ মাজত বিভেদৰ সৃষ্টি কৰিলে যদিও শেষ মুহূৰ্তত গৌৰৱ গগৈৰ অংকই শুদ্ধ হ'লেও আচৰিত হ'বলগীয়া একো নাথাকিব।

কংগ্ৰেছৰ জয়ন্ত বৰাক ৰোধিবলৈ পীযুষ হাজৰীকা বাহিনীয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছে। এনে শক্তিৰ বলতেই হয়তো দিছপুৰলৈ যাত্ৰা সম্ভৱ হৈ পৰিব পাৰে দিগন্ত ঘাটোৱাৰৰ। আজিৰ তাৰিখত বিহালীৰ নিৰ্বাচনী ফলাফল পূৰ্বানুমান ধূষৰ হৈ আছে।

এবাৰতে কোনেও ক'ব নোৱাৰে ইয়াত কোনে শেষ হাঁহি মাৰিব। কিন্তু এই কথা ঠিক যে, এই সমষ্টিৰ ফলাফলে কাৰোবাক অসমৰ ৰাজনীতিৰ পৰৱৰ্তী মহানায়ক হিচাপে প্ৰতিষ্ঠা কৰাৰ এক বাট মুকলি কৰিব অথবা সম্ভাৱনা থকাৰ পাছতো তেনে নেতাৰ আত্মগৌৰৱ আৰু অহংকাৰৰ বাবেই পতন হ'ব।

Also Read: অসম্পূৰ্ণ মন্দিৰতে ভক্তক আশীৰ্বাদ দিছে ৰাম লালাই...

বিহালী চামগুৰি উপ নিৰ্বাচন