চীনৰ সামগ্ৰী বৰ্জনৰ হুংকাৰতেই শেষ দায়িত্ব! সঁচাকৈয়ে ধ্বংসৰ দিশে নেকি অসমৰ মৃৎ শিল্প?

চীনৰ সামগ্ৰী বৰ্জনৰ হুংকাৰতেই শেষ দায়িত্ব! সঁচাকৈয়ে ধ্বংসৰ দিশে নেকি অসমৰ মৃৎ শিল্প?
চীনৰ সামগ্ৰী বৰ্জনৰ হুংকাৰতেই শেষ দায়িত্ব! সঁচাকৈয়ে ধ্বংসৰ দিশে নেকি অসমৰ মৃৎ শিল্প?
Published on
Updated on
দীপাৱলী আহিলে চৰ্চা হয় মৃৎ শিল্পৰ বিষয়ে। নেতাই আহ্বান দিয়ে চীনা সামগ্ৰী বৰ্জনৰ। কিন্তু মৃৎ শিল্পৰ প্ৰয়োজনীয়তা কেৱল দেৱালীতেই সীমাবদ্ধনে? অসমীয়া সমাজ জীৱনত দৈনন্দিন জীৱনত মৃৎ শিল্পৰ প্ৰয়োজনীয়তাৰ কথা কিয় পাহৰে? চৰকাৰে কিয় এই শিল্পক উদ্যোগলৈ ৰূপান্তৰৰ প্ৰচেষ্টা লোৱা নাই? এই সন্দৰ্ভত তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

উপদেশতকৈ আৰ্হি ভাল। কথাষাৰৰ তাৎপৰ্য সকলোৱে বুজি পাই যদিও বুজি নাপায় ৰাজনীতি কৰিব লাগে বাবেই অথবা চৰ্চাত থাকিব লাগে বাবেই কিবা এটা কৈ দিয়া একাংশ ৰাজনৈতিক নেতাই।

দীপাৱলীৰ আগমণৰ লগে লগে চীনা সামগ্ৰী বৰ্জনৰ আহ্বান জনোৱাৰ কোব যোৱা কিছু বছৰ ধৰি অলপ বেছিয়েই হৈছে। শেহতীয়াকৈ অসমত এই আহ্বান জনাইছে এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে।

পিছে মন্ত্ৰী মহোদয়ে নিজেই পুৱা বিচনাৰ পৰা উঠি নিশা পুনৰ বিচনাত উঠালৈ প্ৰতি মুহূৰ্ততে ব্যৱহাৰ কৰি আহিছে চীনা সামগ্ৰী। চীনা সামগ্ৰী বৰ্জনৰ আহ্বান দি নিজকে তথাকথিত ৰাষ্ট্ৰপ্ৰেমী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা এই মন্ত্ৰীগৰাকীয়ে কিন্তু ৰাজ্যৰ মৃৎ শিল্পৰ বৰ্তমানৰ অৱস্থা, মৃৎ শিল্পৰ সৈতে জড়িত লোকসকলৰ জীৱন, জীৱিকা আৰু তেওঁলোকৰ লগতে এই শিল্পৰ ভৱিষ্যতক লৈ কোনো কাৰণতে সংকিত নহয়।

দীপাৱলী অহাৰ লগে লগে প্ৰতিবাৰেই অসমৰ মৃৎ শিল্পক লৈ ভিন্নজনে ভিন্ন কথা উল্লেখ কৰে। সংবাদ মাধ্যমত বাতৰি হয়, কেতিয়াবা আধা ঘণ্টা, এঘণ্টাৰ টক শ্ব'ত এই বিষয়ে আলোচনা হয়।

কিন্তু এই উৎসৱৰ বতৰৰ পাছতে আকৌ হেৰাই যায় মৃৎ শিল্পৰ বিষয়টো। অথচ দৈনন্দিন জীৱনত মৃৎ শিল্পৰ প্ৰয়োজনীয়তা কল্পনাতিত। কেৱল দীপাৱলীয়েই নহয়, বছৰৰ প্ৰায় প্ৰতিটো দিনতে চাহিদা আছে এই শিল্পৰ।

মাটি আৰু মানুহৰ সম্পৰ্ক যুগ যুগৰ। প্ৰাচীন কালত মাটিৰ পাত্ৰকে ধৰি, অস্ত্ৰ ,সা-সৰঞ্জাম মাটিৰে তৈয়াৰ কৰি আহিছে। প্ৰাচীন মিচৰ ,বেবিলন,পামিৰ মালভূমি, ভাৰতবৰ্ষৰ হৰপ্পা আৰু মহেঞ্জোদাৰোৰ সভ্যতাতো মাটিৰ ব্যৱহাৰ আৰু মাটি পাত্ৰ, মাটিৰ শিল্পৰ বিষয়ে তথ্য পোৱা গৈছে। মাটিৰ পৰা বিভিন্ন ৰং প্ৰস্তুত কৰি এসময়ত মানুহে প্ৰশাধন হিচাপেও ব্যৱহাৰ কৰাৰ বিষয়ে উল্লেখ আছে।

অতীজৰে পৰা অসমত মাটিৰে নিৰ্মিত বিভিন্ন ধৰণৰ সামগ্ৰী যেনে চাকি, কলহ, কাঁহি-বাতি, খোল, গছা চাকি, গাগৰী, গিলাচ, ঘট, চৰু, চিলিম, জকা, টাৰি, টিপা, টেকেলি, টেজেৰি, ঢোল, দবা, দুণৰি, ধূপদানি, নদীয়াঢৌ, পুতলা, ফুলদানি, বান, ভুৰুকা, ভেতুৱা, মঠীয়া, মাদী, মৃদংগৰ খোলা, মুটকী, শৰাই, সানেকী আদি সামগ্ৰী উপলব্ধ।

এইসমূহৰ উপৰিও দুৰ্গা পূজা, বিশ্বকৰ্মা পূজা, গণেশ পূজা, সৰস্বতী পূজা, লক্ষ্মী পূজা, মনসা পূজা, কালী পূজা, বাসন্তি পূজাকে ধৰি হিন্দু ধৰ্মাৱলম্বীলোকসকলে পালন কৰা প্ৰায়বোৰ পূজাতে প্ৰতিমা নিৰ্মাণ কৰি অহা হৈছে। আনকি ৰাসৰ সময়ছোৱাত নামনি আৰু মধ্য অসমত শ্ৰীকৃষ্ণৰ দশ অৱতাৰৰ লগতে বৃন্দাবনৰ গোৱাল-গোপিনী আদি সকলো মাটিৰে নিৰ্মিত মূৰ্তিৰ জৰিয়তে প্ৰদৰ্শন কৰা হয়।

এইদৰেই গা কৰি উঠিছে মৃৎ শিল্পই। এই শিল্পৰ চাহিদা আছে যদিও এই শিল্পৰ প্ৰতি নাই চৰকাৰৰ তথা সংশ্লিষ্ট বিভাগৰে দায়িত্ব। অসমত এই শিল্পক যদিও এক শক্তিশালী উদ্যোগলৈ ৰূপান্তৰ কৰাৰ থল আছিল তথাপিও চৰকাৰী পক্ষৰ আন্তৰিকতা তথা চৰকাৰী পৃষ্ঠপোষকতাৰ অভাৱতে আজিলৈকে সেয়া হৈ নুঠিল।

বৰঞ্চ মৃত্যুৰ ক্ষণ গণিছে এই শিল্পই। শেহতীয়াকৈ অসমৰ এই শিল্প উদ্যোগটোলৈ ভাবুকি কঢ়িয়াই আনিছে চুবুৰীয়া বংগৰ শিলিগুড়িৰ পৰা আমদানিকৃত মৃৎ শিল্পৰ বিভিন্ন সামগ্ৰীয়েও। দেৱালীৰ বজাৰতো এতিয়া শিলিগুৰিৰ পৰা আমদানিকৃত মাটিৰ চাকিৰ পয়োভৰ দেখা গৈছে।

দীপাৱলীৰ সময়ত মাটিৰ চাকিৰ চাহিদা বৃদ্ধি হয়। কিন্তু যোৱা কিছু বছৰত চীনৰ পৰা আমদানিকৃত ৰং বিৰঙী লাইটকে ধৰি বিভিন্ন সস্তীয়া সামগ্ৰীৰে বজাৰ ভৰি পৰাত মানুহৰ মাটিৰ চাকিৰ প্ৰতি মোহ ভংগ হৈছে।

মিঠা তেলৰ আকাশলংঘী মূল্যৰ বাবেও দেৱালীৰ সময়ছোৱাত পূৰ্বৰ তুলনাত মাটিৰ চাকিৰ ব্যৱহাৰ হ্ৰাস পাইছে। তাৰ মাজতে বিগত বছৰৰ লগতে এইবছৰো মাটিৰ চাকিৰ বিক্ৰী আগৰ কেইবছৰতকৈ যথেষ্ট ভাল।

কিন্তু মৃৎ শিল্পৰ বিষয়টো কেৱল দেৱালী কেন্দ্ৰিক নহয়। অসমৰ প্ৰায় প্ৰতিঘৰ ব্যক্তিৰ ঘৰত মাটিৰ, চাকি, মলা পুৱা আৰু সন্ধিয়া ব্যৱহাৰ হোৱাৰ লগতে অন্যান্য সামগ্ৰী যেনে ঘট, টেকেলী আদিৰ ব্যৱহাৰ আজিও হয়। পুৱা থাপনাত বন্তি জ্বলোৱাৰ পৰা সন্ধিয়া তুলসী তলত বন্তি জ্বলোৱা, ধূনা দিয়া আদিত মাটিৰ চাকি, মলাৰ ব্যৱহাৰ হয়।

প্ৰতিখন গাঁৱৰ নামঘৰৰ কথা বাদেই দিলো, ৰাজ্যৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহলৈকে লক্ষ্য কৰিলে দৈনিক কিমান মাটিৰ চাকিৰ ব্যৱহাৰ হয় সেয়া অনুমান কৰিব পাৰি। কামাখ্যা, উমানন্দ, উগ্ৰতাৰা, তিলিঙা মন্দিৰ, দেউপানী, শিৱ দৌল, ঢেকীয়াখোৱা নামঘৰ, আঁঠখেলীয়া নামঘৰ, বটদ্ৰৱা (বৰদুৱা), বৰপেটা সত্ৰকে ধৰি ৰাজ্যৰ মূল সত্ৰসমূহ, গৰখীয়া থান, গুপ্তেশ্বৰ মন্দিৰ, গুপ্তকাশী, মহাভৈৰৱ, ভৈৰৱী মন্দিৰকে ধৰি যিমানবোৰ উল্লেখযোগ্য মথ, মন্দিৰ, সত্ৰ, নামঘৰ আছে সেইসমূহলৈ দৈনিক কিমান যাত্ৰীৰ আগমণ হয় সেয়া সকলোৱে জানে।

এই যাত্ৰীসকলে দৈনিক কিমান চাকিৰ ব্যৱহাৰ কৰিব? এই সংখ্যা সঠিক কৈ ক'ব নোৱাৰিলেও এই সংখ্যা যে কেইবালাখৰো অধিক হ'ব সেয়া নিশ্চিত। ইয়াৰোপৰি সপ্তাহৰ নিৰ্দিষ্ট কেইটামান দিনত বহু লোক মন্দিৰলৈ যায়।

একেদৰে দুৰ্গা পূজাৰ দিন কেইটাত এখন পূজাস্থলীত কিমান চাকি জ্বলে তাৰ হিচাপ কোনোবাই ৰাখিছেনে? ঠায়ে ঠায়ে অষ্টমীৰ পূজা দিনা মাত্ৰ এটা পৰিয়ালেই ১০৮ গছি চাকি জ্বলোৱাৰ নিয়ম আছে।

বিশ্বকৰ্মা পূজা, সৰস্বতী পূজা, শিৱৰাত্ৰি, গণেশ চতুৰ্থী আদিৰ কথা নকলোৱেই বা। একেদৰে কাতি বিহু, লক্ষ্মী পূজাৰ নিৰ্দিষ্ট দিন দুটাত মাটিৰ চাকিৰ চাহিদা বৃদ্ধি পায়। কেৱল যে মাটিৰ চাকিৰ হে ব্যৱহাৰ হয়, আন মাটিৰ সামগ্ৰীৰ চাহিদা নাই তেনে নহয়।

অসমীয়া মানুহৰ উপৰিও হিন্দু ধৰ্মীয় সকলো লোকৰ ধৰ্মীয় অনুষ্ঠানত মাটিৰ বিভিন্ন পাত্ৰ যেনে টেকেলী, ঘট, মলা আদিৰ প্ৰয়োজন হয়। মাংগলীক অনুষ্ঠানৰ বাবে আদৰণি জনোৱা তোৰণৰ সৈতে থকা কলপুলিৰ লগত টেকেলীৰ ওপৰত নাৰিকল দিয়াৰ নিয়ম আছে।

দৈ প্ৰস্তুত কৰিবলৈ টেকেলী ব্যৱহাৰ কৰি অহা হৈছে। বিবাহ শ্ৰাদ্ধ আদি বিভিন্ন অনুষ্ঠানত আজিও ভিন্ন ক্ষেত্ৰত মাটিৰ পাত্ৰৰ প্ৰয়োজন। মাটিৰ চাকি, বিয়াত লগা ঘট,কলহ, বাটমালা, কুমাৰৰ চৰু, কুমাৰৰ টেকেলি আদি বিবাহ তথা অন্যান্য সবাহৰ এৰাব নোৱাৰা অংগ।

আজিৰ পৰা কিছুবছৰ আগলৈকে প্ৰায় প্ৰতিঘৰ অসমীয়া মানুহৰ ঘৰত ক্ষুদ্ৰ সঞ্চয়ৰ এক ব্যৱস্থা আছিল। এই ব্যৱস্থাই বিপদৰ সময়ত, উৎসৱৰ সময়ত যথেষ্ট সকাহ দিছিল। সেই ব্যৱস্থা এতিয়া নাই। এই ক্ষুদ্ৰ সঞ্চয়ৰ বাবেও ব্যৱহাৰ কৰিছিল এটা বিশেষ মাটিৰ পাত্ৰ।

মৃৎ শিল্পক কেন্দ্ৰ কৰি এক সম্প্ৰদায় গঢ়ি উঠিছে। হীৰা, কুমাৰসকল এই শিল্পৰ সৈতে জড়িত। মৃৎ শিল্পক চহকী কৰা এই হীৰা বা কুমাৰসকলৰ ব্যক্তিগত জীৱনক লৈ চিন্তিত নহয় চৰকাৰ তথা সংশ্লিষ্ট বিভাগ।

যদিও ৰাজ্য চৰাকৰে এই মৃৎ শিল্পৰ সৈতে জড়িত ব্যক্তিসকলক সাহায্য দিয়াৰ এক পদক্ষেপ গ্ৰহণ কৰিছিল শেহতীয়াকৈ ৩ বছৰ ধৰি এই সাহায্যও লাভ কৰা নাই ১১২ খন গাঁৱৰ এজনো মৃৎ শিল্পীয়ে। অসমত মৃৎ শিল্পৰ সৈতে জড়িত গাওঁ আছে ২৬৫খন।

ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি ইয়াৰে ৬০ খন হীৰা গাওঁ আৰু ২০৫ খন কুমাৰ গাওঁ। এই আটাইকেইখন কুমাৰ গাঁৱৰ ভিতৰত ২৫৭ খন গাঁৱত এতিয়াও অব্যাহত আছে মৃৎ শিল্পৰ চৰ্চা।

'মুখ্যমন্ত্রীৰ থলুৱা উদ্যোগ বিকাশ আঁচনি'ৰ অধীনত ৰাজ্য চৰকাৰে ১৩ খন জিলাৰ কেইগৰাকীমান মৃৎ শিল্পীক আর্থিক সাহায্য প্রদান কৰিছিল। কিন্তু সেয়াও তেনেই নগন্য। এই সন্দৰ্ভত সাদিনৰ ১২ নৱেম্বৰ, ২০২৩ সংখ্যাত এক প্ৰতিবেদন প্ৰকাশ পাইছে।

লাচিত বৰ্মনৰ এই প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি যোৱা তিনিটা বছৰত ৰাজ্যখনৰ মাত্ৰ ২,০৬৭ জন শিল্পীক ২৬০.৬৩ লাখ টকা 'মুখ্যমন্ত্রী থলুৱা উদ্যোগ বিকাশ আঁচনি'ৰ জৰিয়তে আর্থিক সাহায্য প্রদান কৰিছে। ২০১৯-২০ বর্ষত মাজুলীৰ ২০০ জন, ধুবুৰীৰ ৫০০ জন আৰু কামৰূপৰ ২০০ জন শিল্পীক মুঠ ১১২ লাখ টকা প্রদান কৰিছে।

তেনেদৰে ২০২১-২২ বর্ষত ডিব্ৰুগড়ৰ ৯৪ জন, ওদালগুৰিৰ ৫৩ জন, ধেমাজিৰ ৫৬ জন আৰু মৰিগাঁৱৰ ৭১ জন মৃৎ শিল্পীক মুঠ ৪১.৬৭ লাখ টকা প্রদান কৰিছে। ২০২২-২৩ বর্ষত যোৰহাটৰ ২৬৪ জন, শিৱসাগৰৰ ১৩৫ জন, দৰঙৰ ৫১ জন, গোৱালপাৰাৰ ১৬২ জন, কৰিমগঞ্জৰ ১০০ জন আৰু ধুবুৰীৰ ১৮১ জন মৃৎ শিল্পীক মুঠতে ২২.১৪ লাখ টকাৰ আৰ্থিক সাহায্য প্রদান কৰিছে।

গুৰুত্বপূৰ্ণ কথাটো হ'ল ৰাজ্যৰ অধিকাংশ মৃৎ শিল্প চর্চা কৰা গাঁৱৰ শিল্পীয়ে লাভ কৰা নাই এটকাও চৰকাৰী আর্থিক সাহায্য। তথ্য অনুসৰি কোকৰাঝাৰত ১৯ খন, বঙাইগাঁৱত ২১ খন, ধুবুৰীত ২৪ খন, চিৰাঙত ২ খন, বাক্সাত এখন, দক্ষিণ শালমাৰাত ২ খন, গোৱালপাৰাত ২০ খন, বৰপেটাত ৯ খন, নলবাৰীত ২ খন, কামৰূপ (গ্রাম্য) ১৩ খন, কামৰূপ (মেট্র')ত ৪ খন, ওদালগুৰিত ২ খন, দৰঙত ২৮ খন, মৰিগাঁৱত এখন, নগাঁৱত ৬ খন, শোণিতপুৰত ২ খন, লখিমপুৰত ২ খন, ধেমাজিত ২ খন, শিৱসাগৰত ১২ খন, চৰাইদেউত ৩ খন, ডিব্রুগড়ত ১৪ খন, কাছাৰত ৬ খন, কৰিমগঞ্জত এখন, হাইলাকান্দিত ৫ খন মৃৎ শিল্পৰ লগত জড়িত গাঁও আছে।

ৰাজ্যত যি ২৫৭ খন গাঁৱত মৃৎ শিল্প চর্চা কৰি থকা হৈছে সেই গাওঁসমূহৰ ভিতৰত ১১২ খন গাঁৱৰ এজনো শিল্পীয়ে লাভ নকৰিলে 'মুখ্যমন্ত্ৰীৰ থলুৱা উদ্যোগ বিকাশ আঁচনি'ৰ অধীনত আর্থিক সাহায্য। ইয়াৰ উপৰি মৃৎ শিল্পীসকলক আর্থিক সকাহ দিবলৈ অথবা তেওঁলোকৰ শিল্পৰ উত্তৰণৰ বাবে ভাৰত চৰকাৰৰ Prime Minister Employment Generation Programme (PMEGP) ব অধীনত ক্রেডিট লিংক ছাবছিডিৰ সুবিধা আছে যদিও সংশ্লিষ্ট বিভাগ অথবা বেংকসমূহে ইয়াক লৈ সদায়ে বঞ্চনা কৰি অহাৰ অভিযোগ আছে।

ধুবুৰী জিলাত থকা আশাৰীকান্দিৰ মৃৎ শিল্প জগত বিখ্যাত। গাঁওখনৰ পাল বংশৰ লোকসকলে বংশানুক্রমে মৃৎ শিল্প চর্চা কৰি আহিছে। শিল্পীসকলৰ টেৰাকটা মৃৎ শিল্পক লৈ আছে গ্রাম্য পর্যটনৰো অলেখ সম্ভাৱনা। এই ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ মনোনিবেশ কৰা পৰিলক্ষিত হোৱা নাই।

ৰাজ্যজুৰি যি ২৬৫ খন গাঁৱত মৃৎ শিল্পৰ চৰ্চা হয় সেই গাওঁসমূহক সামৰি এক উদ্যোগ গঢ়ি তোলাৰ থল আছিল যদিও তেনে কোনো পদক্ষেপ গঢ়া আজিলৈকে পৰিলক্ষিত নহ'ল। ফলশ্ৰুতিত এই শিল্পৰ প্ৰতি নামি আহিছে প্ৰচণ্ড ভাবুকি।

কিন্তু এইবোৰ কথা চিন্তা কৰে কোনে? বিধানসভাৰ অধ্যক্ষই চীনত নিৰ্মিত লাখ টকীয়া লেপটপ দিয়াৰ সময়ত মৌনতা অৱলম্বন কৰা মন্ত্ৰীয়ে কেৱল দেৱালীৰ সময়ত চীনা সামগ্ৰী বৰ্জনৰ হুংকাৰ দি চৰ্চালৈ আহিছে ঠিকেই, পিছে দায়িত্বশীল সেই মন্ত্ৰীয়ে ক'ব পাৰিবনে এই শিল্পক জীয়াই ৰখাৰ বাবে তেওঁ ব্যক্তিগতভাৱেই হওক বা চৰকাৰীভাৱেই হওক কি পদক্ষেপ গ্ৰহণ কৰিছে?

পুৱা উঠি প্ৰাতঃকৰ্ম কৰাৰ পৰা নিশা বিচনাত উঠালৈকে দৈনন্দিন জীৱনত ব্যৱহৃত বিভিন্ন বৈদ্যুতিক সামগ্ৰীৰ পৰা আৰম্ভ কৰি ৰান্ধনী ঘৰলৈকে, চিকিৎসা সামগ্ৰীৰ পৰা বিভিন্ন কাৰিকৰী সামগ্ৰীলৈ চীনত নিৰ্মিত সামগ্ৰীৰ ব্যৱহাৰ অবিহনে বিকল্প নাই। টিভি, মোবাইল, কম্পিউটাৰ, লেপটপ সকলো চীনৰ পৰা আমদানিকৃত।

এইসমূহ বৰ্জনৰ হুংকাৰ দিয়াৰ সাহস অসমৰ প্ৰতাপী মন্ত্ৰী অশোক সিংহালৰ আছেনে? এইসমূহৰ বিকল্প ব্যৱস্থা কি লৈছে? প্ৰদূষণৰ বিষয়ত সাংবাদিকে প্ৰশ্ন কৰিলে চূড়ান্ত সাম্প্ৰদায়িক মন্তব্য দিয়া মন্ত্ৰীৰ চিন্তাই ঢুকি নাপায় কিদৰে এই মৃৎ শিল্পক আধুনিক প্ৰযুক্তিৰ সংমিশ্ৰণেৰে চীনৰ দৰে এখন বজাৰ সৃষ্টি কৰিব পাৰি।

মৃৎ শিল্পৰ চাহিদা আছিল আছে আৰু থাকিব। প্ৰয়োজন কেৱল চৰকাৰী পৃষ্ঠপোষকতা আৰু নতুন চিন্তাৰ। চীনে আধুনিক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰি মাটিৰে উন্নত সামগ্ৰী তৈয়াৰ কৰি বিশ্বৰ বজাৰ দখল কৰিছে।

চীনৰ এনে সামগ্ৰীৰ লাভজনক বজাৰ ভাৰতো। চীনৰ দৰে আমি আধুনিক চিন্তাৰে নিজৰেই এই বজাৰখন দখল কৰিব পৰা নাই। আমাৰ চিন্তা বা এই শিল্পৰ পদ্ধতি আজিও আওপুৰণী। এই আওপুৰণী ব্যৱস্থাটোক কিছু নতুন চিন্তাৰে আগুৱাই নিয়াটো এতিয়া সময়ৰে দাবী।

চীনৰ সামগ্ৰী বৰ্জনৰ হুংকাৰতেই শেষ দায়িত্ব! সঁচাকৈয়ে ধ্বংসৰ দিশে নেকি অসমৰ মৃৎ শিল্প?
”বিধায়ক কিনিবলৈ, বিয়া-সবাহ খাবলৈ হেলিকপ্টাৰ উৰুৱাবলৈ টকা থাকে, মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকতৰ বাবে টকাৰ অভাৱ হয়”

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in