উৎসৱৰ বতৰত বৃদ্ধি পাইছে ইকমাৰ্ছ প্ৰতিষ্ঠানবোৰৰ ব্যস্ততা। মূৰে কপালে হাত দিছে ক্ষুদ্ৰ ব্যৱসায়ীয়ে। জকাই চুকলৈয়ো শিপাইছে বহুজাতিক প্ৰতিষ্ঠানৰ শ্বপিং মল। উৎসৱৰ বতৰৰ এনে কিছু বিষয় লৈ তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
শুকুলা আকাশ, সেউজীয়া পথাৰ, নৈৰ পাৰৰ কহুঁৱাৰ শুভ্ৰ আচ্ছাদন আৰু নিয়ৰ সনা পুৱাৰ আমোল মোল শেৱালীৰ গোন্ধ- এনেকৈয়ে নাহে জানো শৰৎ! কবি, গীতিকাৰৰ দৃষ্টিত আজিৰ পৰা কিছু বছৰৰ আগলৈকে এনেকৈয়ে আহিছিল শৰৎ। কিন্তু এতিয়া সময় সলনি হ’ল।
প্ৰকৃতিৰ পৰিবৰ্তনৰ মাজেৰে ঋতু আহে, ঋতু যায়। গ্ৰীষ্মৰ প্ৰখৰ ৰ’দ এৰি, বৰ্ষাৰ পথাৰৰ ব্যস্ততাৰ পাছত ভাগৰুৱা মানুহখিনিৰ শাৰীৰিক, মানসিক অৱসাদ দূৰ কৰাৰ বাবেই যেন প্ৰকৃতিয়ে কঢ়িয়াই আনে শৰৎ। শৰৎ অহাৰ বাটত প্ৰকৃতিয়ে যি নান্দনিক পৰিবেশৰ সূচনা কৰে সেই পৰিবেশেই ক্লান্ত মানুহখিনিক মানসিক পৰিতৃপ্তি দিয়ে।
শৰতে কঢ়িয়াই আনে উৎসৱৰ বতৰ। শৰৎ মানেই উৎসৱ। শাৰদীয় দুৰ্গোৎসৱৰ জৰিয়তে যি এক উন্মনা পৰিবেশৰ সূচনা হয় সেয়া উপলব্ধিহে কৰিব পাৰি বৰ্ণনা কৰিব নোৱাৰি। এই দুৰ্গোৎসৱে যিদৰে এফালে আধ্যাত্মিক পৰিবেশৰ সূচনা কৰে ঠিক সেইদৰেই, উৎসৱত বলিয়া হোৱাৰ বাবে এক সুযোগো দিয়ে।
এই উৎসৱক লৈ কিমানৰ যে কিমান যে ব্যস্ততা! আজিৰ পৰা কিছু বছৰৰ আগলৈকে দুৰ্গা পূজাত বিভিন্ন সামগ্ৰী ক্ৰয় কৰিবলৈকে বছৰটোত শিশুসকলে এটকা, দুটকাকৈ পইচাবোৰ বাঁহৰৰ খুঁটা অথবা মাটিৰ টেকেলিত ভৰাই থোৱা কথাবোৰ এতিয়া মাথো এক সোঁৱৰণি।
পূজানো কেতিয়া হ’ব সেয়া চাবলৈ কেলেণ্ডাৰৰো এতিয়া প্ৰয়োজন নাই। ছমাহৰ পূৰ্বৰ পৰাই বহুজাতিক কোম্পানীৰ বিজ্ঞাপনে প্ৰতি নিয়ত সোঁৱৰাই থাকে পূজা অহাৰ কথা। অনলাইন, অফলাইন সকলোতে বিজ্ঞাপন দিয়ে, পূজা অহাৰ বতৰা দিয়ে।
পূজা বুলি বজাৰলৈ গৈ এজোৰ নতুন পোচাক লোৱাৰ যি দুৰ্বাৰ হাবিয়াস সেয়া এতিয়া অনলাইন শ্বপিঙৰ সহজ লভ্য সময়ত পাবলৈ নাই। শাৰদীয় দুৰ্গা পূজাৰ পূৰ্বে স্থানীয় ব্যৱসায়ীসকলৰ নিজা প্ৰতিষ্ঠানত যি ব্যস্ততা সেয়াও দেখিবলৈ নাই।
পূজাৰ বজাৰতো এই ব্যৱসায়ীসকলৰ দোকানত নাই ব্যস্ততা। কোনোবাই যদি হাতত মোবাইল ফোনটো লৈয়ে ব্যস্ত আছে, আন কোনোবাই আকৌ গ্ৰাহকৰ অপেক্ষাত দোকানৰ ভিতৰৰ পৰাই বাৰে বাৰে বাহিৰলৈ ভূমুকিয়াই চাইছে।
গ্ৰাহকে তেওঁলোকৰ দৃষ্টিত ধৰা নিদিলেও অৱশ্যে প্ৰকাণ্ড এটা বেগ পিঠত লৈ অনলাইন সামগ্ৰীৰ ডেলিভাৰী কৰা ল’ৰাবোৰৰ ব্যস্ততা ভালকৈয়ে দেখিছে। তেওঁলোকলৈ মনতে হিংসাও জন্মিছে। অথচ একো ক'বও নোৱাৰে, কৰিবও নোৱাৰে।
পূজাৰ বতৰত যোৱা কেইটামান বছৰত কাপোৰকে ধৰি প্ৰসাধন, সাজ-সজ্জাৰ অন্যান্য সামগ্ৰীৰ স্থানীয় দোকানসমূহত গ্ৰাহকৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। কেৱল কাপোৰৰ সামগ্ৰীয়েই নহয়, গৃহ সজ্জা, বৈদ্যুতিক সামগ্ৰীৰ দোকানতো একেই অৱস্থা।
ইয়াৰ মূলতেঃ অনলাইন সামগ্ৰীৰ সহজ আৰু কৌশলপূৰ্ণ বজাৰখনৰ লগতে গ্ৰামাঞ্চলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ নগৰসমূহলৈয়ো শিপাই যোৱা বহু জাতিক প্ৰতিষ্ঠানৰ চালে চকুত লগা শ্বপিং মলবোৰ। হাতত থকা মোবাইলটোৰেই ফ্লিপকাৰ্ট, আমাজন, মিণ্ট্ৰা, মেছ’ আদিৰ দৰে অনলাইন শ্বপিং ছাইট বোৰৰ পৰা প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ সুবিধা সকলোৰে বাবে উপলদ্ধ।
তাৰোপৰি উৎসৱৰ বতৰত এইসমূহ শ্বপিং চাইটে বিগ বিলিয়ন ডে'ৰ নামত দিছে চকুত লগা অফাৰ। একেদৰেই চমক লগাকৈ সাজি উলিওৱা শ্বপিং মলবোৰতো এতিয়া নানান ধৰণৰ অফাৰ চলি আছে। দোকানীৰ সৈতে ১০/২০ টকাৰ বাবে তাত গৈ কাজিয়া কৰি থকাৰ প্ৰয়োজন নাই। মূল্য পূৰ্বৰে পৰা নিৰ্ধাৰিত। পকেটৰ ধন চাই যি মন নিজেই উঠাই ল'লেই হয়।
শ্বপিং মল বোৰৰ এনে অফাৰৰ বিষয়ে ডাঙৰ ডাঙৰ হৰ্ডিং লগাই প্ৰচাৰ চলোৱা হৈছে। সেইবোৰ দেখি সাধাৰণ মানুহ ভুল গৈছে। ফলত সাধাৰণ ব্যৱসায়ীৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা।
ইণ্টাৰনেণ্টত উপলব্ধি এক তথ্য অনুসৰি মেছ’ নামৰ ই-কমাৰ্ছ প্লেট ফৰ্মত যোৱা ২৭ ছেপ্টেম্বৰৰ পৰা ৬ অক্টোবৰলৈ বাৰ্ষিক উৎসৱৰ বিক্ৰী ৪০ শতাংশ বৃদ্ধি পাইছে।তাৰোপৰি এই ই-কমাৰ্ছ প্লেট ফৰ্মত গ্ৰাহকে উৎসৱৰ সময়ত সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত ৬০ শতাংশ অধিক ব্যয় কৰিছে।
ইকনমিকছ টাইমছৰ এক প্ৰতিবেদন অনুসৰি ইকমাৰ্ছ কোম্পানীসমূহে এইবাৰ দেৱালী পৰ্যন্ত উৎসৱৰ বতৰত ১২ বিলিয়ন ডলাৰ মূল্যৰ সামগ্ৰী বিক্ৰী কৰিব। যোৱা বছৰ এই পৰিমাণ আছিল ৯.৭ বিলিয়ন ডলাৰ।
বহুল ব্যৱহৃহত ইকমাৰ্ছ প্ৰতিষ্ঠান আমাজন ইণ্ডিয়াই শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য মতে তেওঁলোকে এইবাৰ অসমত বিশেষকৈ গুৱাহাটীত ব্যৱসায় ২৫ শতাংশ বৃদ্ধি কৰিছে। তেওঁলোকে ফাৰ্নিছাৰ, গৃহ সজ্জা, ৰান্ধনীঘৰ আৰু অন্যান্য সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত যথেষ্ট লাভাম্বিত হৈছে।
আমাজনৰ অসমৰ বজাৰখনৰ প্ৰতি লক্ষ্য কৰিলে স্পষ্ট হয় কেৱল গৃহ সজ্জাৰ সামগ্ৰীৰ চাহিদাই গুৱাহাটীত বিগত বৰ্ষতকৈ এইবাৰ ৩০ শতাংশ বৃদ্ধি পাইছে। ডাঙৰ ফাৰ্নিচাৰৰ চাহিদা ৫০ শতাংশ বৃদ্ধি পাইছে। মন কৰিবলগীয়া যে আমাজনৰ অসমত ১০ হাজাৰৰো অধিক বিক্ৰেতা আছে।
এইদৰেই এতিয়া অনলাইন শ্বপিং ছাইটবোৰ সাধাৰণ মানুহৰ বিশ্বাসযোগ্য হৈ পৰিছে।ক্ষুদ্ৰ ব্যৱসায়ীক প্ৰতিষ্ঠানলৈ গৈ পূজাৰ বজাৰ কৰাৰ আগ্ৰহ নোহোৱা হৈছে। পূৰ্বে পূজাৰ বজাৰো আছিল এক আৱেগ। বছৰটোত মাত্ৰ এই দিনৰ বাবেই অপেক্ষা কৰাৰ নিয়ম আছিল। এতিয়া সেয়া নাই, কেৱল সোঁৱৰণি।
Also Read: ৰান্ধি, বাঢ়ি দিলেও খাব নাজানে কংগ্ৰেছে !