চুমিহঁতক এৰক, নিযুক্তি পৰীক্ষাৰ খবৰ লওঁক...

চুমিহঁতক এৰক, নিযুক্তি পৰীক্ষাৰ খবৰ লওঁক
চুমিহঁতক এৰক, নিযুক্তি পৰীক্ষাৰ খবৰ লওঁক
Published on
Updated on

প্ৰৱঞ্চক চুমি বৰা, তাৰ্কিক বৰা আৰক্ষীৰ জিম্মাত। ইয়াৰ লগে লগে অন্ত পৰিল এই কাহিনী। এতিয়া আইনে নিজৰ বাট ল'ব। সামাজিক মাধ্যমত এই সম্পৰ্কীয় তৰল চৰ্চাৰ বিপৰীতে এতিয়া প্ৰয়োজন নিযুক্তি সম্পৰ্কীয় আলোচনাৰো। সন্মুখত ADRE পৰীক্ষা। তাৰোপৰি আছে কেইবাটাও সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষা। এই সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

বিশাল ফুকন, চুমি বৰা, তাৰ্কিক বৰাৰ কাহিনী শেষ হোৱাৰ দিশে। এতিয়া আইনী প্ৰক্ৰিয়াৰে বিষয়টো ন্যায়ালয়ৰ মজিয়ালৈ যাব। ন্যায়ালয়ে তথ্যৰ আধাৰত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আগবঢ়ায় নিব। ইয়াত সংবাদ মাধ্যম বা সাধাৰণ নাগৰিকৰ কৰিবলগীয়া একো নাথাকিব।

চুমি বৰা (Sumi Borah) নামৰ এই নৃত্য নিৰ্দেশিকাগৰাকীক লৈ ৰাজ্যত শেহতীয়াকৈ যিবোৰ ঘটনা, পৰিঘটনা সংঘটিত হ’ল, ভিউজ পোৱাৰ আশাত, চাঞ্চল্য সৃষ্টি কৰাৰ নামত একাংশ সংবাদ মাধ্যমে, জ্যেষ্ঠ সাংবাদিকে যিধৰণৰ আচৰণ কৰিলে, বাতৰি সম্প্ৰচাৰ কৰিলে সেইবোৰে সংবাদ মাধ্যমকো এতিয়া ৰাইজৰ কাঠগড়াত তুলিছে।

ট্ৰেডিং কেলেংকাৰীৰে আৰম্ভ হোৱা এই গোটেই ঘটনাক ৰহন সানি উপস্থাপন কৰি একাংশ সংবাদ মাধ্যম এনে এটা পৰ্যায়ত উপনীত হ’লগৈ যে, কাৰোবাৰ যৌন জীৱনৰ সুখ, দুখৰ কথাও তেওঁলোকৰ প্ৰতিবেদনৰ বিষয় হৈ পৰিল। সমান্তৰালকৈ প্ৰতিদিনেই তেওঁলোকে ইচ্ছানুসৰি যি মনলৈ আহিল তাকেই বাতৰিৰ আঁকাৰে পৰিবেশন কৰি ৰাজ্যখন চুমিময় কৰি তুলিলে।

এই সময়ছোৱাত ট্ৰেডিঙৰ কেলেংকাৰী (Trading Scam) ৰ গোটেই বিষয়টোৱেই তল পৰি থাকিল। দীপাংকৰ বৰ্মন (Dipankar Barman) নামৰ ভুৱা ট্ৰেডাৰগৰাকীৰো প্ৰৱঞ্চনাৰ কাহিনী অতীত হ'ল। আৰক্ষীৰ চূড়ান্ত বিফলতাক লৈয়ো প্ৰশ্ন নুঠিল। একেদৰে তল পৰিল উদ্যোগী মহিলাৰ মাটি, বিলাসী হোটেল, বাগানৰ কাহিনী, গুৱাহাটীৰ বান সমস্যা, খিলঞ্জীয়াৰ অধিকাৰ, প্ৰভুত্ব, মৎস্য বিপ্লৱ, ধৰ্ষণৰ দৰে অপৰাধ আদিৰ সমস্যাসমূহ।

চৰ্চালৈ নাহিল অসম চুক্তি (Assam Acord) ৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে অসম চৰকাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ কথা। আলোচনা নহ’ল ডিব্ৰুগড়ৰ কেবিনেট বৈঠকৰ আগমুহূৰ্তলৈকে অসম চুক্তি আৰু ইয়াৰ ছয় নং দফাক লৈ কটাক্ষ কৰি থকা মুখ্যমন্ত্ৰীয়ে কি উদ্দেশ্য সন্মুখত লৈ বিপ্লৱ শৰ্মা আয়োগ (Justice (retired) Biplab Sarma Committee) ৰ ৬৭ টা সিদ্ধান্তৰ ৫৭ টায়ে কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কথা ক'লে।

মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তৰ আঁৰৰ প্ৰকৃত উদ্দেশ্য কি? এয়া মুখ্যমন্ত্ৰীৰ জাতীয় দায়বদ্ধতাক লৈ হঠাৎ হোৱা বোধোদয় নে ২০২৬ ৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ ৰণকৌশলৰ এক অংশ। যদি জাতীয় দায়বদ্ধতাই মূল উদ্দেশ্য তেন্তে কিয় তেওঁক এই সিদ্ধান্তৰ বাবেই ধন্যবাদসূচক আলোচনা নহ'ল? যদি নিৰ্বাচনী ৰণনীতি তেন্তে ইয়াৰ সমালোচনাও কিয় নহ'ল?

এই সময়ছোৱাত চৰ্চা নহ’ল আছাম ডাইৰেক্ট ৰিকুইটমেণ্ট এক্সামিনেচন-২০২৪ ৰ বিষয়ে। নিবনুৱা সমস্যাই কিদৰে বিস্ফোৰণ ৰূপ ধাৰণ কৰিছে তাৰ এক জ্বলন্ত উদাহৰণ যে ADRE পৰীক্ষায়েই বহন কৰিছে সেয়া চৰ্চা হোৱাৰ প্ৰয়োজন আছিল যদিও নহ’ল। এই সম্পৰ্কে যি দুই এটা বাতৰি প্ৰকাশ হ’ল তাৰ প্ৰতি পাঠক, ভিউৱাৰ্ছৰো আগ্ৰহ বৰ বেছি দেখা নগ'ল।

চুমি কেন্দ্ৰীক বাতৰিতেই সকলোৰে আগ্ৰহ। পিছে চুমিক এতিয়া এৰিবলৈ হ’ল। চুমি কেন্দ্ৰীক বাতৰিক অধিক অগ্ৰাধিকাৰ দিয়াৰ বিপৰীতে এতিয়া আগন্তুক সময়ত আহিবলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ নিয়োগ পৰীক্ষাৰ বিষয়েহে চৰ্চা হোৱা উচিত।

২০২৪ অন্ত পৰিবলৈ মাজত মাত্ৰ কেইটামান দিন আছে যদিও এই সময়তে অনুষ্ঠিত হ’ব কেইবাটাও প্ৰতিযোগিতামূলক পৰীক্ষা। চলি আছে কেইবাটাও সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাৰ আবেদন প্ৰক্ৰিয়া।

১৫ অক্টোবৰত আছে ADRE-2024 ৰ পৰীক্ষা। ১৫ ছেপ্টেম্বৰৰ পুৱা ১০-৩০ বজাৰ পৰা দিনৰ ১-৩০ বজালৈ তৃতীয় বৰ্গৰ HSSLC পৰ্যায়ৰ তৃতীয়খন কাকতৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব।

তাৰ পাছত স্নাতক ডিগ্ৰীৰ পদৰ বাবে তৃতীয় বৰ্গৰ চতুৰ্থখন কাকতৰ লিখিত পৰীক্ষা ২৯ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ অনুষ্ঠিত হ'ব। একেদিনাই HSLC পৰ্যায়ৰ চালকৰ পদৰ তৃতীয় বৰ্গৰ বাবে পঞ্চমখন কাকতৰ পৰীক্ষা দ্বিতীয়াৰ্ধত দিনৰ ১-৩০ বজাৰ পৰা বিয়লি ৪-৩০ বজালৈ অনুষ্ঠিত হ'ব।

সেইদৰে ২৭ অক্টোবৰত চতুৰ্থ বৰ্গৰ HSLC পৰ্যায়ৰ (ITI উত্তীৰ্ণৰ) প্ৰথমখন কাকতৰ পৰীক্ষা পুৱা ৯ বজাৰ পৰা ১১-৩০ বজালৈ আৰু অষ্টম শ্ৰেণী উত্তীৰ্ণৰ দ্বিতীয়খন কাকতৰ পৰীক্ষা দিনৰ ১-৩০ বজাৰ পৰা বিয়লী ৪ বজালৈ অনুষ্ঠিত হ'ব।

অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগ চতুৰ্থ বৰ্গৰ পদৰ বাবে ২০২৩ ৰ অক্টোবৰ মাহত দুটাকৈ বিজ্ঞাপন প্ৰকাশ কৰিছিল। সেই বিজ্ঞাপনৰ আধাৰতে তৃতীয় বৰ্গৰ পদৰ বাবে প্ৰায় ১৮ লাখ ১৫ হাজাৰ আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে প্ৰায় ১৩ লাখ ৭০ হাজাৰ আবেদনকাৰীয়ে অনলাইন মাধ্যমেৰে আবেদন দাখিল কৰিছিল।

অসম চৰকাৰৰ এই নিযুক্তি পৰীক্ষাৰ উপৰিও সৰ্বভাৰতীয় পৰ্যায়ৰ আন কেইবাটাও পৰীক্ষাৰ আবেদন আৰু নিযুক্তিৰ পৰীক্ষা আগন্তুক সময়ত অনুষ্ঠিত হ’ব (Upcoming Govt Jobs 2024-2025)। এছ এছ চিৰ অধীনত ৩৯৪৮১ টা কনিষ্টবল পদৰ বাবে ১৪ অক্টোবৰ আবেদনৰ অন্তিম সময়। ৯ ৰ পৰা ২৬ ছেপ্টেম্বৰলৈ আছে এছ এছ চিৰ চি জি এল পৰীক্ষা।

Naval Ship Repair Yard ৰ মুঠ ৩৮০ টা পদৰ বাবে ২৯ ছেপ্টেম্বৰ আবেদনৰ অন্তিম তাৰিখ। এন টি পি চিৰ ২৫০ টা ডেপুটি মেনেজাৰৰ পদৰ আবেদনৰ অন্তিম তাৰিখ ২৮ ছেপ্টেম্বৰ। ভাৰতীয় নৌ সেনাৰ ২৫০ টা এছ এছ চি অফিচাৰ পদৰ বাবে আবেদনৰ অন্তিম তাৰিখ নিৰ্ধাৰণ কৰা হৈছে ২৯ ছেপ্টেম্বৰ।

ৰে’লৱে নিযুক্তি ব’ৰ্ডৰ ৩৪৪৫ টা NTPC (আণ্ডাৰ গ্ৰেড্যুৱেট) পদৰ বাবে ২০ অক্টোবৰ আবেদনৰ অন্তিম সময়। ৰে’লৱে ব’ৰ্ডৰ আৰু ৮১১৩ টা পদৰ আবেদনৰ অন্তিম সময় ১৩ অক্টোবৰত অন্ত পৰিছে। নিশ্চয়কৈ এই পদতো অসমৰ চাকৰি প্ৰাৰ্থী বহুতেই আবেদন কৰিছে।

চলিত বছৰৰে নৱেম্বৰ মাহত আৰম্ভ হ’ব ইউ পি এছ চিৰ চি বি আই (ডি এছ পি) এল ডি চি ই পদৰ আবেদন প্ৰক্ৰিয়া। একেদৰেই ইউ পি এছ চিৰ অধীনতে ডিচেম্বৰৰ ৪ তাৰিখৰ পৰা আৰম্ভ হ’ব চি আই এছ এফৰ এচিৰ এল ডি চি ই পদৰ আবেদন প্ৰক্ৰিয়া।

২০২৫ ৰ ১১ জানুৱাৰীত আৰম্ভ হ’ব ইউ পি এছ চিৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে আবেদন প্ৰক্ৰিয়া। এই আবেদন প্ৰক্ৰিয়া অন্ত পৰাৰ পাছত ইয়াৰ পৰীক্ষা অনুষ্ঠিত হ’ব ২৫ মে’ত।

সৰ্বভাৰতীয় পৰ্যায়ৰ এই প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ শিক্ষাৰ্থীৰ আবেদনৰ বিপৰীতে উত্তীৰ্ণৰ হাৰ যথেষ্ট কম। আঙুলীৰ মূৰত গণিব পৰাকৈ কেইজনমানহে এই পৰীক্ষাত উত্তীৰ্ণ হয়।

এই পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি অসমৰ শিক্ষাৰ্থীয়ে কৰা পৰিলক্ষিত নহয়। দেখাক দেখি বহুতেই অৱশ্যে এতিয়া কাঠফুলাৰ দৰে গঢ়ি উঠা কোচিং চেণ্টাৰসমূহত কোচিং গ্ৰহণ কৰিছে যদিও এই পৰীক্ষাত উত্তীৰ্ণৰ বাবে প্ৰয়োজন হোৱা অধ্যাৱসায়, সাধনা আদিৰ অভাৱ তেওঁলোকৰ মাজত সৰ্বাধিক।

বেংকসমূহত নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা আই বি পি এছৰো কেইবাটাও পৰীক্ষা আগন্তুক সময়ত অনুষ্ঠিত হ’ব। ইয়াৰ সূচী ইতিমধ্যে প্ৰকাশ পাইছে। ইউনিয়ন বেংকৰ ৫০০ টা পদৰ বাবে ১৭ ছেপ্টেম্বৰ আবেদনৰ অন্তিম তাৰিখ।

অহা ৯ নৱেম্বৰত আছে আই বি পি এছৰ এছ অ’ পদৰ প্ৰাৰম্ভিক আৰু ১৪ ডিচেম্বৰত আছে মূল পৰীক্ষা। আই বি পি এছৰ পি অ’ পদৰ মূল পৰীক্ষা অনুষ্ঠিত হ’ব ৩০ নৱেম্বৰত।

নিবনুৱাৰ ভৰত কোঙা হৈ পৰা ৰাজ্যত এতিয়া সেয়ে এনে ধৰণৰ নিযুক্তিৰ পৰীক্ষাৰ বিষয়ে আলোচনা হোৱোৰ অতি জৰুৰী। এই বিষয়সমূহৰ সন্দৰ্ভতো সামাজিক মাধ্যমত আলোচনা হোৱাৰ প্ৰয়োজন। চুমি, বিশাল, তাৰ্কিক আদিৰ প্ৰৱঞ্চনাৰ দস্তাবেজ ন্যায়ালয়ত উন্মোচিত হ’ব।

'অসমীয়া প্ৰতিদিন ডিজিটেল'তে দীপাংকৰ বৰ্মনৰ হাজাৰ কোটি টকীয়া ট্ৰেডিং কেলেংকাৰীৰ বাতৰিৰ মাজতে বিশাল ফুকনৰ প্ৰৱঞ্চনাৰ কাহিনী সবিস্তাৰে প্ৰকাশ পাইছিল। কিদৰে চুমি বৰা তেওঁৰ সৈতে জড়িত সেয়া উল্লেখ কৰা হৈছিল।

'অসমীয়া প্ৰতিদিন'ৰ ধাৰাবাহিক প্ৰতিবেদনৰ পাছতেই বিশাল ফুকন নামৰ প্ৰৱঞ্চক যুৱকজনে দিছিল স্পষ্টিকৰণ। যি স্পষ্টিকৰণত স্পষ্ট হৈছিল তেওঁৰ বেআইনী কাৰ্যকলাপ।

সম্পূৰ্ণ তথ্যৰ আধাৰত অসমীয়া প্ৰতিদিন ডিজিটেলে সেই বাতৰি প্ৰকাশ কৰিছিল। তাত কোনো কল্প কাহিনী নাছিল। চুমি, তাৰ্কিক, বিশালে প্ৰৱঞ্চনাৰ জাল মেলি প্ৰায় ৬০০ কোটি টকা হজম কৰাৰ কথা কোৱা হৈছিল।

তাত নাছিল কোনো অতিৰঞ্জিত ব্যাখ্যা। নাছিল চাঞ্চল্য সৃষ্টি কৰাৰ অভিপ্ৰায়। সেই ধাৰা এতিয়াও অব্যাহত আছে। এনে প্ৰৱঞ্চনাৰ কাহিনী এয়াই নতুন নহয় অথবা এয়াই শেষ নহয়। প্ৰৱঞ্চকৰে ভৰি আছে ৰাজ্য।

সেয়ে এইসকল প্ৰৱঞ্চকক লৈ দিনে, ৰাতিয়ে ব্যস্ত থাকি সময় অপচয় কৰাতকৈ এতিয়া নিবনুৱাসকলে, তেওঁলোকৰ অভিভাৱকসকলে এনেধৰণৰ নিযুক্তিৰ পৰীক্ষাত গুৰুত্ব দিলেই নিজৰ বাবে মংগল। অন্যথা সামাজিক মাধ্যমত চুমি, বিশাল, তাৰ্কিকৰ দৰে প্ৰৱঞ্চকৰ কাহিনীৰ মিম শ্বেয়াৰ কৰি থকাৰ বাহিৰে বেলেগ কোনো বিকল্প নাথাকিব।

এই ক্ষেত্ৰত কোনো যাতে দীপাংকৰ, চুমি, বিশাল, তাৰ্কিকৰ দৰে প্ৰৱঞ্চকৰ বলি হ'বলগীয়া নহয় তাৰ বাবে সজাগ হৈ থাকিলেই যথেষ্ট। এইসমূহক লৈ এতিয়া ব্যস্ত থাকিলে হতাশা, প্ৰাপ্তিহীনতাই পৰৱৰ্তী সময়ত নিজকে তিল তিলকৈ শেষ কৰি নিয়াৰ বাটহে মুকলি হ’ব। এই কথা যিমান সোনকালেই উপলব্ধি কৰিব পাৰিব সিমানেই নিজৰ বাবে মংগলজনক হৈ পৰিব।   

চুমিহঁতক এৰক, নিযুক্তি পৰীক্ষাৰ খবৰ লওঁক
মই এৰিলো আছুঃ আহিল খবৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in