বিশ্বজুৰি বৃদ্ধি পাইছে ইস্প'ৰ্টছ জনপ্ৰিয়তা। এছিয়ান গেমছত স্থান পাইছে ইস্প'ৰ্টছে। ভাৰতে প্ৰেৰণ কৰিছে ১৫ গৰাকী খেলুৱৈ। ইস্প'ৰ্টছৰ এই ক্ৰমবৰ্ধিত জনপ্ৰিয়তা আৰু ইয়াৰ ভৱিষ্যত সন্দৰ্ভত তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
হাংজৌত তীব্ৰ গতিত চলি আছে 'এছিয়ান গেমছ-২০২২'। এই পৰ্যন্ত প্ৰতিযোগিতাখনত ভাৰতে ৫ টা স্বৰ্ণ পদক, ৭ টা ৰূপ আৰু ১০ টা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ ২২ টা পদকেৰে পদক তালিকাৰ পঞ্চম স্থানত আছে। আনহাতে চীনে সৰ্বাধিক ৬৮ টা সোণৰ পদকৰ সৈতে মুঠ ১২৩ টা পদকেৰে তালিকাৰ শীৰ্ষত, কোৰিয়াই ১৫ টা সোণৰ সৈতে মুঠ ৫৯ টা পদকেৰে তালিকাৰ দ্বিতীয়স্থান আৰু জাপানে ১২ টা সোণৰ সৈতে মুঠ ৫৫ টা পদকেৰে পদক তালিকাৰ তৃতীয় স্থান অধিকাৰ কৰিছে।
ভাৰতে এইবাৰ প্ৰতিযোগিতাখনলৈ সৰ্বাধিক ৬৫৫ গৰাকী খেলুৱৈ প্ৰেৰণ কৰিছে। ইয়াৰ ভিতৰত ১৫ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ইস্প’ৰ্টছত। খেল পথাৰৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অহা বহুতৰ বাবে এই ইস্প’ৰ্টছ নতুন যদিও ইস্প'ৰ্টছৰ জনপ্ৰিয়তা বিশ্বজুৰি। যোৱা এটা দশকত বিশ্বজুৰি এই ইস্পৰ্টছৰ বিপ্লৱ ঘটিছে বুলি ভুল কোৱা নহ'ব।
২০০০ চনৰ পৰাই একাংশ দেশত কিছু কিছু মহাবিদ্যালয় বা বিশ্ববিদ্যালয় অথবা ঠায়ে ঠায়ে কোনো স্থানীয় পৰ্যায়ত এই ইস্প'ৰ্টছ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছিল যদিও ভাৰত তথা অসমত ইয়াৰ ধাৰণা বৰ বেছি পুৰণি নহয়। অসম এতিয়াও ইস্প'ৰ্টছ ক্ষেত্ৰতখনত দুগ্ধপুস্প শিশু। অথচ এই ইস্প'ৰ্টছ বিশ্বজুৰি এতিয়া ২৫০ কোটি টকাতকৈও অধিক ব্যৱসায়ত পৰিণত হৈছে।
ভাৰতৰ ৬ লাখৰো অধিক খেলুৱৈ আৰু এক লাখ দল এই ইস্প'ৰ্টছৰ সৈতে জড়িত। অথচ খেল পথাৰ এৰি ঘৰৰ চাৰিবেৰৰ মাজত মোবাইল গেমত ব্যস্ত থকা আমাৰ শিশু, কিশোৰে নাজানেই এই ইস্প'ৰ্টছৰ ক্ষেত্ৰখন কিমান দূৰলৈ সম্প্ৰসাৰিত হৈছে। শাৰীৰিক ক্ৰীড়াৰ বাদেও যে বিশ্ব ক্ৰীড়াংগণত এই ইস্প'ৰ্টছে স্থান দখল কৰিছে সেই খবৰ কোনে দিয়ে? সেই খবৰ ল'বলৈ আগ্ৰহীয়েই বা কিমান?
ইস্প'ৰ্টছৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই চলিত বছৰত কমনৱেলথ ইস্প'ৰ্টছ চেম্পিয়নশ্বিপ আৰু এছিয়ান গেমছ-২০২২ ত ভাৰতে অংশগ্ৰহণ কৰিছে। এছিয়ান গেমছত ইস্প'ৰ্টছ শিতানত ভাৰতৰ অংশগ্ৰহণ এয়াই প্ৰথম নহয়।
ইয়াৰ পূৰ্বে ২০১৮ ত জাকাৰ্টা এছিয়ান গেমছত ভাৰতে এই খেলত অংশগ্ৰহণ কৰিছিল। সেইবাৰ মুঠ ১৮ খন দেশে এই খেলত অংশগ্ৰহণ কৰিছিল। জাকাৰ্টাৰ পৰা ভাৰতে লৈ আহিছিল হাৰ্থষ্টোনত ব্ৰঞ্জৰ পদক। তাৰ পাছৰ পৰাই ভাৰতত এই খেল বিধৰ গুৰুত্ব পূৰ্বতকৈ অধিক বৃদ্ধি পাইছে।
কাৰণ এইবাৰ ইস্প'ৰ্টছক পদক জয়ৰ খেল হিচাপে স্বীকৃতি দিয়া হৈছে। ফিফা-২২, ষ্ট্ৰিট ফাইটাৰ -৫, হাৰ্থষ্টোন, লিগ অফ লিজেণ্ডছ আৰু ডোটা টু এই খেল কেইবিধত ভাৰতে এইবাৰ এছিয়ান গেমছত প্ৰতিদ্বন্দিতা আগবঢ়াইছে।
এছিয়ান গেমছৰ উপৰিও চলিত বছৰত কমনৱেলথ গেমছতো অন্তৰ্ভুক্ত হৈছে ইস্প'ৰ্টছ। ইয়াৰ পূৰ্বে টকিঅ’ অলিম্পিকত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে ভাৰ্ছুৱেলী ইস্প'ৰ্টছৰ অলিম্পিক ছিৰিজ আয়োজন কৰিছিল।
তাৰ পূৰ্বে ২০০৭ ত অ’ চি এ ইভেণ্টত ইস্প'ৰ্টছ অন্তৰ্ভুক্ত হৈছে। ইয়াৰোপৰি কোৰিয়া, থাইলেণ্ড, ফিনলেণ্ড, ইটালি, ব্ৰাজিল, নেপাল, ইণ্ডোনেছিয়া, তুৰ্কেমেনিস্তান, মেছিডনিয়া, শ্ৰীলংকা, পাকিস্তান, দক্ষিণ আফ্ৰিকা, চাৰ্বিয়া, উজবেকিস্তান, কাজখাস্তান, মালয়েছিয়া, ভিয়েটনাম আদিকে ধৰি মুঠ ৪৬ খন দেশে ইস্প'ৰ্টছক নিয়মীয়া খেলা-ধূলা হিচাপে স্বীকৃতি প্ৰদান কৰিছে।
খেলত বিজয়ৰ বাবে প্ৰয়োজন সাধনা, অনুশীলন। প্ৰতিযোগিতামূলক খেলত খেলুৱৈৰ মনোৰজঞ্জন নাথাকে থাকে প্ৰতিদ্বন্দিতামূলক মানসিকতা। ইয়াৰ বাবে প্ৰয়োজন হয় প্ৰস্তুতিৰ। খেলৰ পূৰ্বে খেলুৱৈৰ মনত সৃষ্টি হয় চাপ। খেল উপভোগ কৰি উন্মাদ হৈ পৰে দৰ্শক।
ইস্প'ৰ্টছৰ ক্ষেত্ৰতো একেই । এই সকলোবোৰ থাকে ইস্প'ৰ্টছত। এতিয়া ইস্প'ৰ্টছৰ দৰ্শকৰ সংখ্যা ক্ৰামাৎ বৃদ্ধি হৈছে। যোৱা সময়ত ১৫২ খন দেশৰ ৫০ কোটিতকৈ অধিক মানুহে অনলাইন মাধ্যমত উপভোগ কৰিছে ইস্প'ৰ্টছ।
এই দৰ্শকৰ সংখ্যা চমকপ্ৰদ বুলি উল্লেখ কৰিছে। ইউটিউব, ফেচবুক গেমিং, লোকো আৰু ৰাউটাৰ এই চাৰিটা হৈছে ভাৰতৰ ইস্প'ৰ্টছ সম্প্ৰচাৰৰ মূল ৪ টা মাধ্যম। আটাইতকৈ ডাঙৰ কথাটো হৈছে এই ইস্প'ৰ্টছৰ জৰিয়তে বাট মুকলি হৈছে আত্ম সংস্থাপনৰ। বহুতে এতিয়া কেৰিয়াৰ হিচাপে লৈছে ইস্প'ৰ্টছ সম্প্ৰচাৰৰ ব্যৱস্থাটোক।
তথ্য অনুসৰি বিশ্বৰ প্ৰতি ৪ জন ইস্প'ৰ্টছ উপভোক্তাৰ মাজৰ এজন অৰ্থাৎ ২৫ শতাংশই প্ৰতি সপ্তাহে অন্তত ৭ ঘণ্টা মোবাইল ফোনত ভিডিঅ’ গেম খেলে। ভাৰতৰ মুঠ জনসংখ্যাৰ ১৯ শতাংশই সপ্তাহত ১ ৰ পৰা ৭ ঘণ্টা পৰ্যন্ত মোবাইল গেম খেলি সময় পাৰ কৰে। ১১ শতাংশই আকৌ ৭ ৰ পৰা ১৪ ঘণ্টা সময় মোবাইলত গেম খেলি সময় পাৰ কৰে।
ভাৰতত মোবাইলৰ ডাটা সস্তীয়া হোৱাৰ লগতে স্মাৰ্টফোন মধ্যবিত্তই সহজতে ক্ৰয় কৰিব পৰা এক ব্যৱস্থা গঢ়লৈ উঠাৰ পাছতে ইস্প'ৰ্টছৰ জনপ্ৰিয়তা ভাবিব নোৱাৰা ধৰণে বৃদ্ধি পাইছে। মোবাইল গেমৰ প্ৰতি ভাৰতীয় মানুহৰ আকৰ্ষণ বৃদ্ধি পোৱাৰ ফলত ভাৰত এতিয়া এপ ডাউণলোডৰ ক্ষেত্ৰত বিশ্বৰ সৰ্ববৃহৎ বজাৰত পৰিণত হৈছে। যাৰ বাবে মোবাইল গেমে এতিয়া ভাৰতত ইস্প'ৰ্টছৰ সংজ্ঞাই সলনি কৰি পেলালে।
কোভিডৰ পাছৰ সময়ছোৱাত ভাৰতত ইস্প'ৰ্টছৰ এথলিট আৰু দলৰ সংখ্যা প্ৰায় দুগুণ হৈছেগৈ। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় স্তৰত বৃহৎ মূল্যৰ পূৰস্কাৰ সম্বলিত প্ৰতিযোগিতা অনুষ্ঠিত হৈ অহাৰ বাবে আকৃষ্ট হৈছে বহু। কোনো কোনো ইস্প'ৰ্টছ প্ৰতিযোগিতাৰ পূৰস্কাৰ ২ কোটি পৰ্যন্ত হৈছেগৈ।
২০২১ চনত E&Y ৰ প্ৰতিবেদনত সেয়ে শিৰোনাম দিয়া হৈছিল ''ৰেডি, ছেট, গেম অন'। যত কোৱা হৈছিল ইস্প'ৰ্টছৰ বজাৰ মূল্য ২০২৫ ৰ ভিতৰত ৪৬ শতাংশ বৃদ্ধি হৈ ১১০০ কোটি পৰ্যন্ত হ'বগৈ। ইস্প'ৰ্টছৰ বিনিয়োগ এতিয়া কেৱল প্ৰতিযোগিতা, প্লেটফৰ্ম বা কমিউনিটিতে সীমাবদ্ধ হৈ থকা নাই।
ইস্প'ৰ্টৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংশ গেমাৰ আৰু কনটেণ্ট ক্ৰিয়েটৰে অনেক ব্ৰেণ্ডকে আকৃষ্ট কৰিছে। আহিছে বহু স্পনছৰ। ভাৰতত এই ইস্প'ৰ্টছ বৃহৎ পৰ্ডাত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।
বিভিন্ন খেলুৱৈ, অভিনেতা বা অন্যান্য ক্ষেত্ৰৰ বহু বিখ্যাত ব্যক্তিয়ে ইস্প'ৰ্টছৰ সৈতে যুক্ত হৈ নিজৰ আয় বৃদ্ধি কৰাৰ লগতে জনপ্ৰিয়তা বৃদ্ধিৰ চেষ্টা অব্যাহত ৰাখিছে। ইস্প'ৰ্টছ প্ৰীমিয়াৰ লীগৰ এতিয়া ব্ৰেণ্ড এম্বেচাদৰ অভিনেতা টাইগাৰ শ্ৰফ। ৰোটাৰৰ কনটেণ্ট ক্ৰিয়েটৰ হিচাপে চুক্তিবদ্ধ হৈছে ক্ৰিকেটাৰ য়ুজবেন্দ্ৰ চাহাল।
ভাৰতত আটাইতকৈ বৃহৎ সমস্যা হ'ল কোন খেল ইস্প'ৰ্টছৰ গোত্ৰীয় আৰু কোনবোৰ খেল ইস্প'ৰ্টছৰ বৰ্হিভূত তাক লৈ বহু সংশয়। অনেক সময়ত ইস্প'ৰ্টছ প্ৰতিযোগিতা যেনে ডোটা, ফিফা, কাউণ্টাৰ ষ্ট্ৰাইক বা ফোৰ্টনাইটৰ সৈতে একাকাৰ কৰা হয় তিন পাট্টি, ৰামি অথবা আন আন ফেণ্টাচি স্প'ৰ্টছক।
আটাইতকৈ ডাঙৰ কথাটো হ'ল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ২০২৪ ৰ পেৰিছ অলিম্পিকত ইস্প'ৰ্টছক অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰিছে। এই ক্ৰীড়া অলিম্পিকত অন্তৰ্ভুক্ত কৰাটো এতিয়া সময়ৰ আহ্বান।
ইস্প'ৰ্টছৰ সৈতে জড়িতসকলোৱে এতিয়া সেই সময়লৈ অপেক্ষা কৰিছে যি সময়ত অলিম্পিকৰ মূল মঞ্চত ইস্প'ৰ্টছ অন্তৰ্ভুক্ত হ'ব। সেই সময় আহিলেই হয়তো ভাৰতেও এই প্ৰতিযোগিতাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব।
Also Read: এছিয়ান গেমছত নেপালৰ দীপেন্দ্ৰ সিঙে ৯ টা বলত কৰিলে ৫০ ৰাণ