জীৱন নে মৃত্যু- আচলতে সুন্দৰ কি? চিতাৰ অৰ্ধ গলিত মৃতদেহ উটুৱাই দিয়া গংগাৰ পাৰত কিদৰে হয় জীৱনৰ প্ৰকৃত উপলব্ধি? মৃত্যু এক উৎসৱলৈ ৰূপান্তৰ হোৱা মণিকৰ্ণিকা ঘাটৰ পাৰলৈ কেতিয়াবা গৈছেনে? জীৱন আৰু মৃত্যুৰ মাজৰ সত্য, সুন্দৰৰ সন্ধানত মণিকৰ্ণিকা ঘাটত হোৱা উপলব্ধিৰ সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
সপোন-বাস্তৱ, আশা-নিৰাশা, প্ৰাপ্তি-প্ৰাপ্তিহীনতাৰ সুখ-দুখৰ দোদুল্যমান স্থিতিত আমিবোৰ জীয়াই আছো। যিসকলৰ সপোন, আশা, আকংক্ষাৰ প্ৰাপ্তি হৈছে তেওঁলোকে দেখুৱাই এক সুখৰ জীৱন যাপন ঠিকেই কৰিছে।
যিসকল পাৰ্থিৱ এই সুখৰ পৰা বঞ্চিত হৈছে তেওঁলোকৰ বহুতেই জীৱনক ধিক্কাৰ দিছে। তাৰ মাজতেই একাংশই যি আছে তাকে লৈ সুখী হোৱাৰ কচৰৎ কৰিছে।
পিছে এনে দোদুল্যমান স্থিতিত আমি পাহৰি গৈছে জীৱনৰ চিৰন্তন সত্যক। যি সত্যক আমি ইচ্ছাকৃতভাৱেই উপলব্ধি কৰিবলৈয়ো কুণ্ঠা বা ভয় কৰি আছো।
সনাতন সভ্যতাৰ সাক্ষী চিৰ প্ৰবাহিনী গংগা। এই গংগা কেৱল এখন নদী নহয়। এই গংগা হিন্দু ধৰ্মীয় লোকসকলৰ দ্বাৰা পূজিত। আচৰিত এই গংগাৰ শক্তি।
যিয়ে গংগাৰ পাৰত বহি কিছু সময় অতিবাহিত কৰিছে সেই ব্যক্তিয়ে গংগাৰ শক্তিক উপলব্ধি কৰিব পাৰিছে। এই গংগাই হেনো জীৱক মুক্তি দিয়ে। মানুহে অৰ্জা পাপৰ প্ৰায়শ্চিত্তৰ বাবে গংগাত স্নান কৰে।
অথচ এই গংগাতেই প্ৰতি মুহূৰ্ততে বিলীন হৈ আছে শ শ জীৱ। এফালে গংগাৰ পাৰত ২৪ ঘণ্টাই জ্বলিছে মৃতকৰ শৰীৰ আনফালে তাৰ কাষতেই গংগাত ডুব মাৰি আৰ্জিত পাপ আৰু জীৱনৰ পৰা মুক্তি বিচাৰিছে মোক্ষ প্ৰাপ্তিৰ চেষ্টা অনেকজনৰ।
গংগাৰ পাৰত মনিকৰ্ণিকা ঘাটৰ ঠিক কাষতেই কাশী বিশ্বনাথ মন্দিৰলৈ সোমাই যোৱা কংক্ৰিটৰ চিৰিত বহি মৃতকৰ শৰীৰ বোৰ জ্বলি থকা সেই দৃশ্য যেতিয়া প্ৰত্যক্ষ কৰিছিলো তেতিয়া আমি উপলব্ধি কৰিছিলো জীৱনৰ সেই চিৰন্তন সত্যক।
জ্বলি থকা চিতাৰ জুইৰ শিখাই মনিকৰ্ণিকা ঘাটৰ আকাশ আৱৰি ধৰাৰ সময়তো তাত থকা মানুহৰ মুখত কিন্তু দেখা নাছিলো কোনো অভিব্যক্তি। কোনোবাই যদি মৃতকক দাহ কৰাৰ সেই দৃশ্য চোৱাৰ হাবিয়াসেৰে সেই স্থানত উপস্থিত হৈছিল, আন কোনোবাই আকৌ কাৰোবাক অনুসৰণ কৰিয়েই সেই স্থানত উপস্থিত হৈছিল।
কিন্তু জ্বলি থকা জুই নুমুৱা নাছিল। ভাগৰি পৰা নাছিল চণ্ডাল কেইজনো। এটাৰ পাছত এটাকৈ মৃতদেহ দাহ কৰাই তেওঁলোকৰ কাম। এয়াই তেওঁলোকৰ বৃত্তি। মৃত্যুও তেওঁলোকৰ বাবে উপাৰ্জনৰ এক উৎস।
৬ অক্টোবৰত আধ্যাত্মিক ৰাজধানী বাৰণাসীত ভৰি দিয়েই আমি পলম নকৰাকৈ পাইছিলোগৈ গংগাৰ পাৰ। গংগাৰ আৰতিৰ পাছতে আমি সেই সন্ধিয়াই এখন যন্ত্ৰচালিত নাঁৱত উঠি সন্ধিয়াৰ বাৰণাসীৰ গংগাৰ পাৰত থকা ঘাটসমূহত এবাৰ চকু ফুৰাইছিলো।
দূৰৰ পৰাই দেখিছিলো মণিকৰ্ণিকা ঘাটত ৰঙাকৈ জ্বলি থকা চিতাবোৰ। ৭ অক্টোবৰৰ পুৱা সূৰ্যোদয়ৰ সময়তো আছিল সেই একেই দৃশ্য। গংগাত পুৱাই নৌকা বিহাৰ কৰাৰ সময়ত এফালে যিদৰে পৰিভ্ৰমী ছাইবেৰিয়ান চৰাইবোৰে সৌন্দৰ্যৰ মেলা পাতি আমাক আদৰি নিছিল সেইদৰেই গংগাৰ বুকুৰে উটি যোৱা অৰ্ধগলিত মৃতদেহ বোৰে জীৱনৰ সত্যক উপলব্ধি কৰিবলৈ বাধ্য কৰিছিল।
বিয়লি ৩-৩০ বজাত গংগাৰ পাৰৰ পৰা আঁতৰি অহাৰ সময়তো একো সলনি হোৱা নাছিল। জ্বলিয়েই আছিল মণিকৰ্ণিকাত চিতা। বাৰণাসীত গংগাৰ পাৰত আছে মুঠ ৮৪ টা ঘাট। প্ৰতিটোৰে আছে নিজা মাহাত্ম্য।
দশাশ্বমেধ, আশি ঘাট, মণিকৰ্ণিকা ঘাট আদি বিখ্যাত। পৰ্যটকৰো আকৰ্ষণৰ কেন্দ্ৰ এই ঘাটসমূহ। গংগাৰ বুকুত নৌকা বিহাৰ কৰাৰ সময়ত আমি এই ঘাটসমূহক লৈ প্ৰচলিত গল্প, কাহিনীবোৰ শুনিছিলো। সেই সময়ত ডেৰ ঘণ্টা কেনেকৈ পাৰ হৈছিল ধৰিবই নোৱাৰিলো।
দশাশ্বমেধ ঘাট গংগাৰ আঁৰতিৰ বাবে বিখ্যাত। কিন্তু মণিকৰ্ণিকা বিখ্যাত ইয়াত জ্বলা চিতাৰ বাবে। বাৰণাসীক কোৱা হয় ''বাৰ্ধক্যৰ বাৰণাসী’’। হিন্দু পুৰাণৰ মতে কাশীত যদি কোনো লোকৰ মৃত্যু হয় তেন্তে তেওঁৰ পুনৰ আৰু মানৱ জন্ম নহয়।
মানৱ জীৱনৰ প্ৰতি যাৰ মোহভংগ হয় তেওঁলোকে হেনো কাশীতেই এই জীৱন ত্যাগ কৰিব বিচাৰে। সেয়ে বহু লোকেই হেনো জীৱনৰ শেষ সময় পাৰ কৰিবলৈ এই কাশীলৈ আহে। মণিকৰ্ণিকাৰ আশে-পাশে পিয়াপি দি ফুৰে তেওঁলোকে।
ইয়াৰ ধৰ্মশালাত তেনে মানুহবোৰে মৃত্যুৰ বাবে অপেক্ষা কৰে। মণিকৰ্ণিকা ঘাটত যিসকলক দাহ কৰা হয় তেওঁলোকৰ বাবে হেনো স্বয়ং তাৰকেশ্বৰ অৰ্থাৎ মহাদেৱে মন্ত্ৰোচ্চাৰণ কৰে।
মৃত্যুক আমি সহজভাৱে নললেও বাৰণাসীত যেন মৃত্যুও এক উৎসৱ। ঢাক-ঢোল বজাই মৃতকক মণিকৰ্ণিকালৈ লৈ যোৱাৰ দৃশ্য তেনেই সুলভ। ইয়াত জীৱন মানেই মৃত্যু। জীৱনতকৈ ইয়াত মৃত্যুহে সুন্দৰ।
বেলি পৰাৰ পাছত মণিকৰ্ণিকাত জ্বলি থকা চিতাৰ জুইকুৰা যেতিয়া অধিক উজ্জ্বল হৈ পৰে তেতিয়া বুজিব পাৰি মৃত্যুৰ এই সৌন্দৰ্য কিমান মায়াময়। দশাশ্বমেধ ঘাট আৰু সিন্ধিয়া ঘাটৰ মাজত আছে এই মণিকৰ্ণিকা ঘাট।
কাশী বিশ্বনাথ মন্দিৰৰ মূল দুৱাৰেদি সন্মুখলৈ কংক্ৰিট চিৰিৰে নামি আহি বাওঁদিশে চালেই দেখিব জ্বলন্ত মণিকৰ্ণিকাক। মহাদেৱ আৰু পাৰ্বতীৰ দ্বাৰা শাপগ্ৰস্ত এই মণিকৰ্ণিকা। ইয়াত অহৰহ জ্বলে হৃদয়। দৈনিক অতি কমেও ২০০ জনৰ শেষকৃত্য হয় মণিকৰ্ণিকাত।
মণিকৰ্ণিকাক লৈ আছে বহু আখ্যান। কথিত আছে ভগৱান বিষ্ণুৱে ইয়াত শিৱ আৰু পাৰ্বতীক স্নানৰ বাবে নিৰ্মাণ কৰিছিল এটা কুণ্ড। এই কুণ্ডত স্নান কৰাৰ সময়তে কাণৰ এপাত ফুলি ইয়াত পৰি গৈছিল। সেয়ে হেনো ইয়াৰ নাম মণিকৰ্ণিকা।
আন এক কথিত কাহিনী অনুসৰি ইয়াত পাৰ্বতীৰ এটা দিব্য চকু পৰিছিল। এই দিব্য চকুৰেই তেওঁ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডক দেখিবলৈ সক্ষম হৈছিল। এই কুণ্ডটোত পাৰ্বতীৰ সেই হেৰুৱা মণি মহাদেৱে বিচাৰিছিল যদিও সেয়া নোপোৱাত ক্ৰোধত দিছিল শাপ।
ক্ষোভত খৰ্গহস্ত পাৰ্বতীয়ে হেনো কৈছিল- আজি মোৰ হৃদয় তই যিদৰে জ্বলালি সেইদৰে যুগ যুগান্তৰলৈ তোৰ ইয়াতো জ্বলি থাকিব হৃদয়। এইদৰে শাপগ্ৰস্ত হোৱাৰ পাছতেই অহৰহ মণিকৰ্ণিকাত জ্বলি আছে হৃদয়।
মণিকৰ্ণিকা ঘাটৰ বিষয়ে উল্লেখ আছে পঞ্চম শতাব্দীৰ গুপ্ত লিপিত। স্কন্দ পুৰাণতো আছে ইয়াৰ উল্লেখ। ফাগুণ মাহৰ একাদশীৰ পিছদিনা ইয়াৰ মহাশ্মশাননাথ মন্দিৰত বিশেষ প্ৰাৰ্থনাৰ পাছত চিতাভস্ম হোলী উৎসৱ পালন কৰে।
জ্বলন্ত চিতাৰ পৰা ভস্ম লৈ আঘৰী সাধুৱে নিজৰ গাত সানে। এই অঘৰী সাধুৱে ইয়াত নৰ মাংস ভক্ষণ কৰাৰো দৃশ্য সুলভ বুলি শুনিবলৈ পাইছিলো। অৱশ্যে তেনে ভয়ংকৰ দৃশ্য আমাৰ চকুত নপৰিল।
এই অঘৰী সাধুসকলে মোক্ষ প্ৰাপ্তিৰ বাবেই ইয়াত তপস্যা কৰে। মণিকৰ্ণিকাৰ পাৰত নাওঁবোৰত থৈ দিয়া আছে বিভিন্ন ধৰণৰ কাঠ। চিতা সাজিবলৈ ইয়াত মৃতকৰ আত্মীয়ৰ সৈতে কাঠৰ মূল্যৰ দৰদাম চলে। চন্দন কাঠৰ মূল্য সকলোতকৈ বেছি।
এই কাঠেৰেই চিতা সাজি মৃতকক দাহ কৰে চণ্ডালসকলে। মন গলে, সময়ৰ নাটনি হ'লে, মৃতদেহৰ সংখ্যা অধিক হলে সম্পূৰ্ণ দাহ নহওঁতেই অৰ্ধ জ্বলিত মৃতদেহ গংগাত উটাই দিয়ে চণ্ডালে সকলে।
অৱশ্যে মণিকৰ্ণিকাত মন গ'লেই মৃতকৰ শেষকৃত্য সম্পন্ন কৰিব নোৱাৰে। প্ৰচুৰ ধনৰো প্ৰয়োজন। সময়ো লাগে যথেষ্ট। তাৰোপৰি ৫ ধৰণৰ মৃতদেহ ইয়াত সৎকাৰ নকৰে।
গৰ্ভৱতী মহিলা, নাবালিকা, সৰ্প দংশনত মৃত্যু হোৱা লোক, অংগক্ষত আৰু আঘাতপ্ৰাপ্ত লোকৰ ইয়াক সৎকাৰ কৰা নহয়। তেনে কোনো লোকক ইয়ালৈ সৎকাৰ কৰিবলৈ আনিলে প্ৰচলিত নীতি-নিয়মৰ মাজেৰে দেহত গধূৰ সামগ্ৰী বান্ধি গংগাৰ বুকুলৈ ঠেলি হে দিয়া হয়।
এইসকল লোকেৰ মৃতদেহ গংগাৰ বুকুত বিচৰণ কৰা মাছ, কাছ বা আন তেনে জীৱলৈ ভক্ষণ কৰিবলৈ এৰি দিয়া হয়। তেনেকৈয়ে হেনো এইসকলৰ জীৱই পৰমাত্মাত বিলীন হয়।
এয়াই বিশ্বাস। এফালে জীৱনক যাপন কৰাৰ হাবিয়াস, সুখৰ মৰীচিকা খেদি ভাগৰত ক্লান্ত মানুহৰ দুখ-বেদনাৰ গাথা, আনফালে জীৱনৰ শেষ মুহূৰ্তত সত্যক উপলব্ধি কৰি পাৰ্থীৱ সুখ, সমৃদ্ধি, সম্পত্তি, আত্মীয়, প্ৰেম সকলো গৌন হৈ পৰা মানুহৰ মুক্তিলৈ অপেক্ষা।
এই মুক্তিৰ পথো আকৌ কিমান যে যন্ত্ৰণা কাতৰ। কাৰোবাৰ মৃত শৰীৰ যদি সম্পূৰ্ণ দাহ নকৰাকৈয়ে গংগাত পেলাই দিছে আন কানোবা আকৌ অৰ্ধগলিত হৈ গংগাত উটি গৈছে। মাছ, কাছ, পোক, পতংগ, চৰাই আদিয়ে ভক্ষণ কৰিছে।
ইমানৰ পাছতো গংগা হেনো পবিত্ৰ। গংগাত স্নান কৰিবলৈ, গংগাৰ পানী এচলু হাতত লৈ খাবলৈ মানুহৰ মাজত হাহাকাৰ। এই গংগাৰ এটোপাল পানী পৰিলেই সকলো অপবিত্ৰ হৈ পৰে পবিত্ৰ।
মানুহৰ এই বিশ্বাসৰ আগত হাৰি গৈছে বিজ্ঞান। এই বিশ্বাস আৰু বিজ্ঞানে কোৱা সত্যৰ মাজত মানুহৰ মাজত এক দোদুল্যমাৱন স্থিতি। কিন্তু গংগাৰ পাৰত বহি যি এক অদৃশ্য শক্তিক উপলব্ধি কৰিব পাৰি সেই শক্তিক এই লেখাৰে বুজাব নোৱাৰি। বিজ্ঞানেও তাৰ ব্যাখ্যা কৰাত যে সফল হ'ব তাত সন্দেহ ৰৈ যায়।