গিবনত চলিব নেকি খাৰুৱা তেল, প্ৰাকৃতিক গেছৰ খনন?

গিবনত চলিব নেকি খাৰুৱা তেল, প্ৰাকৃতিক গেছৰ খনন?
Published on
Updated on

দিচৈ ভেলী সংৰক্ষিত বনাঞ্চল আৰু গিবন অভয়াৰণ্যত সাৰুৱা তেল আৰু গেছৰ খনন কৰিব নেকি বেদান্ত গ্ৰুপে? বেদান্ত গ্ৰুপক অভয়াৰণ্যখনত তেল খনন কৰিবলৈ অনুমতি দিয়া হৈছে নেকি? ৰাজ্যজুৰি শেহতীয়াকৈ গিবন অভয়াৰণ্যত বেদান্ত গ্ৰুপক ৰাজ্য চৰকাৰে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ খননৰ অনুমতি দিয়া বুলি চৰ্চা চলিছে। এই সন্দৰ্ভত তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

প্ৰকৃতিৰ ৰম্যভূমি অসম। প্ৰকৃতিয়ে অসমক সকলো দিছে। কিন্তু প্ৰাকৃতিকভাৱে লাভ কৰা এই সম্পদসমূহক বিভিন্ন কাৰণত লাহে লাহে সংকুচিত হৈ আহিছে। ভাবুকিৰ সন্মুখীন হৈছে অসমৰ বন্যপ্ৰাণীসমূহ।

ৰাজ্যত হ্ৰাস পাইছে আপুৰুগীয়া বন্য জন্তুৰো সংখ্যা। এনে পৰিস্থিতিত প্ৰকৃতিৰ ক্ষতি হ’ব পৰা সংবেদনশীল বিষয়বোৰক লৈ যথেষ্ট চিন্তিত ৰাজ্যৰ সচেতন লোকসকল। সেয়ে দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ লগতে গিবনত খাৰুৱা তেল, প্ৰাকৃতিক গেছ খননৰ বাবে অনুমতি দিয়া বুলি চৰ্চা হোৱা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে।

গিবন অভয়াৰণ্য অসমৰ গৌৰৱ। অসমৰ এক পৰিচয়। যোৰহাট জিলাৰ হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য এনে এখন সেউজ অভয়াৰণ্য য’ত একমাত্ৰ গিবন হোলোক হলৌ বান্দৰ পোৱা যায়। তাৰোপৰি এই অভয়াৰণ্য নিশাচৰ প্ৰাইমেট লাজুকী বান্দৰৰো বসতিস্থলী।

২০.৯৮ বৰ্গ কিলোমিটাৰৰ এই অভয়াৰণ্যখন পাটকাইৰ পাদদেশলৈ বয়পি আছে যদিও এতিয়া বহু সংকুচিত হৈছে। ১৯৯৭ চনত অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰা গিবন অসমৰ ৰাজ্যিক বৃক্ষ হোলোং গছৰ বাবেও বিখ্যাত।

এই অভয়াৰণ্যখনত হোলোক হলৌ বান্দৰ, লাজুকী বান্দৰৰ উপৰিও সেন্দুৰী বান্দৰ, কেপড লেঙ্গুৰ, হাতী, বাঘ, নাহৰফুটুকী বাঘ, বনৰীয়া গাহৰি, চাৰি প্ৰকাৰৰ কেৰ্কেটুৱাকে ধৰি আন কেইবাবিধো স্তন্যপায়ী জন্তুৰো বাসস্থান। এই গিবনৰ লগতে লাগি আছে দিচৈ সংৰক্ষিত বনাঞ্চল। ৪৪৮ হেক্টৰ ভূমিৰ এই বনাঞ্চলখনো বহু বন্যপ্ৰাণীৰ বসতিস্থল।

দিচৈ ভেলী সংৰক্ষিত এই বনাঞ্চলখনত প্ৰাকৃতিক গেছ অন্বেষণৰ বাবে অনুমতি বিচাৰি বেদান্ত গ্ৰুপে প্ৰেৰণ কৰা এক পত্ৰও ইতিমধ্যে ৰাজহুৱা হৈছে। ইয়াৰ জৰিয়তে বন ভূমিৰ শ্ৰেণী পৰিবৰ্তন কৰি তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণৰ বিষয়টো উন্মোচিত হৈছে।

জৈৱ বৈচিত্ৰৰে এইদৰে চহকী গিবন অভয়াৰণ্যত সেয়ে বেদান্ত গ্ৰুপক সাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ খননৰ অনুমতি প্ৰদান কৰা বুলি প্ৰকাশ পোৱা বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চৰ্চা অনুসৰি বেদান্ত ৰিছ’ৰ্চৰ সহায়ক সংস্থা কেয়াৰ্ণ অইল এণ্ড গেছে অভয়াৰণ্যখনৰ ভূগৰ্ভত থকা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰৰ অন্বেষণ কৰাৰ ওপৰত নীৰৱে দৃষ্টি ৰাখিছিল।

২০১৯ চনৰ পৰাই এই প্ৰতিষ্ঠানটোৱে অভয়াৰণ্যখনত খাৰুৱা তেল, প্ৰাকৃতিক গেছৰ অন্বেষণৰ বাবে চেষ্টা কৰি আহিছে। শেহতীয়াকৈ এই অভয়াৰণ্যখনৰ ৪.৪৯ হেক্টৰ ভূমি খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ বাবে বেদান্ত গ্ৰুপে সাজু কৰি তুলিছে বুলিও বাতৰি প্ৰকাশ হৈছে।

অৱশ্যে আনুষ্ঠানিকভাৱে গিবনত তৈল খননৰ অনুমতি দিয়াৰ কোনো তথ্য এতিয়ালৈ ৰাজহুৱা হোৱা নাই। এই সন্দৰ্ভত সদ্য সমাপ্ত অসম বিধানসভাৰ শৰৎকালীন অধিবেশনত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই উত্থাপন কৰিছিল এক প্ৰশ্ন।

এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ৰাজ্য চৰকাৰৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটুৱাৰীয়ে কৈছিল, বেদান্ত গ্ৰুপক গিবন অভয়াৰণ্যত তেল খননৰ অনুমতি দিয়া নাই। আমি তেওঁলোকক অনুমতি দিব নোৱাৰো। গিবন অভয়াৰণ্যৰ পৰা ১৩ কিলোমিটাৰ আঁতৰত তৈল অন্বেষণৰ বাবেহে অনুমতি দিয়াৰ কথা চিন্তা কৰা হৈছে। অসম চৰকাৰৰ ৱাইল্ড লাইফ ব’ৰ্ডে সেই স্থানত সঁচাকৈয়ে তেল, গেছ আছেনে নাই তাক চাবলৈ দিয়াৰ বিষয়টো নেচনেল ৱাইল্ড লাইফ ব'ৰ্ডলৈ প্ৰেৰণ কৰিছো।

ইফালে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়েও এই সন্দৰ্ভত কেন্দ্ৰীয় বনমন্ত্ৰী ভূপেন্দ্ৰ যাদৱলৈ এক পত্ৰ প্ৰেৰণ কৰি গিবন অভয়াৰণ্যত তৈল অন্বেষণৰ সিদ্ধান্তক প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে। তেওঁ এই সিদ্ধান্তই গিবনৰ জৈৱ, বৈচিত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলিও উল্লেখ কৰিছে।

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ এই উত্তৰত এটা কথা স্পষ্ট হৈছে যে, বেদান্ত গ্ৰুপক গিবন অভয়াৰণ্যখনত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ খননৰ কৰিবলৈ এতিয়ালৈকে অনুমতি দিয়া নাই। কিন্তু অভয়াৰণ্যখনৰ ১৩ কিলোমিটাৰ আঁতৰত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ কৰিবলৈ অনুমতি দিয়াটো নিশ্চিত।

আমি এই সন্দৰ্ভত অধিক স্পষ্ট হ’বলৈ ৰাজ্যৰ প্ৰশাসনৰ উচ্চ পদস্থ এগৰাকী বিষয়াৰ সৈতে যোগাযোগ কৰিছিলো। গিবনত তেল আৰু খাৰুৱা তেল খননৰ যি চৰ্চা চলি আছে সেই চৰ্চাত তেওঁ আশ্চৰ্য প্ৰকাশ কৰিছে।

তেওঁ স্পষ্টকৈ কয়, গিবনেই নহয় কোনো ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চলৰ ভিতৰত খনন বা অন্বেষণ কৰাৰ অনুমতি কোনেও দিব নোৱাৰে। অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আদিৰ পৰা ৫ কিলোমিটাৰ আঁতৰলৈকে থকা ইক’ ছেনচিটিভ জ’নৰ ভিতৰত এনে খনন সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আছে।

লগতে তেওঁ এই কথাও কয় যে, এতিয়ালৈকে গিবনত খাৰুৱা তেল, প্ৰাকৃতিক গেছৰ খননৰ কোনো নিৰ্দেশনাই অহা নাই। সেইদৰেই বন বিভাগৰ এগৰাকী বিষয়ায়ো আমাক স্পষ্টকৈ কয়, এই সন্দৰ্ভত তেওঁলোকেও কোনো নিৰ্দেশনা অথবা কোন কথা জানিব পৰা নাই। কেৱল চৰ্চাবোৰহে শুনিছে। তেওঁলোকে শীঘ্ৰেই এই সন্দৰ্ভত এক স্পষ্টিকৰণো প্ৰকাশ কৰিব বুলিও জনাইছে।

দেশৰ পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰণালয়ৰ 'নেচনেল ৱাইল্ড লাইফ একচন প্লেন ২০০২-২০১৬' অনুসৰি ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্যৰ সীমাৰ পৰা ১০ কিলোমিটাৰ পৰ্যন্ত অঞ্চলক ইক’ ছেনছিটিভ জ’ন হিচাপে ঘোষণা কৰিব পাৰে। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ভাষ্যত গিবনৰ পৰা ১৩ কিলোমিটাৰ আঁতৰতহে বেদান্ত গ্ৰুপক তেল, প্ৰাকৃতিক গেছৰ অন্বেষণৰ অনুমতি দিবলৈ সাজু হৈছে।

আমাৰ বাবে এতিয়া মূল প্ৰশ্ন হ’ল দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত চলিবলগীয়া এই অন্বেষণে গিবনৰ জৈৱ বৈচিত্ৰলৈ ভাবুকি কঢ়িয়াই আনিব নেকি? ইয়াৰ বন্যপ্ৰাণীসমূহক বিপদ পেলাব নেকি? যদিও ১৩ কিলোমিটাৰ আঁতৰত তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ অনুমতি দিয়াৰ কথা কোৱা হৈছে পাছত এই সীমাৰ সংখ্যা হ্ৰাস হ’ব নেকি? ১৩ কিলোমিটাৰ আঁতৰত অন্বেষণ কৰিলেও গিবনৰ প্ৰতি ভাবুকি আহিব নেকি?

এই বিষয়ে বিজ্ঞান সন্মত, কাৰিকৰী অথবা প্ৰকৃতিগত দিশসমূহ পৰ্যালোচনা কৰা হৈছেনে? বিশেষজ্ঞৰ সৈতে আলোচনা কৰা হৈছেনে? মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাত উল্লেখ কৰা মতে এতিয়ালৈকে অৱশ্যে তেনে কোনো আলোচনা হোৱা নাই। তেওঁ কৈছে শীঘ্ৰেই আই আই টিৰ দৰে প্ৰতিষ্ঠানৰ সৈতে এনে বোৰ বিষয়ত আলোচনা কৰা হ’ব।

এই কথা নিশ্চিত যে, ইতিমধ্যে অসমৰ বিভিন্নি স্থানত চলা তেল আৰু প্ৰাকৃতিক গেছৰ খনন তথা অন্বেষণে অসমৰ বন্যপ্ৰাণীক বহু ক্ষতি কৰিলে। নুমলীগড়ৰ হস্তী দণ্ডিত এন আৰ এলে প্ৰকাণ্ড দেৱাল মাৰি কিদৰে হাতীৰ চলাচলত বাধা দিছে সেয়া সকলোৰে জ্ঞাত। এন আৰ এলৰ বাবেই নুমলীগড়ত হাতী-মানুহৰ সংঘাত বৃদ্ধি হৈ আজিৰ অৱস্থাত উপনীত হৈছে।

সেইদৰে আন আন স্থানতো জৈৱ বৈচিত্ৰ ভাবুকিৰ সন্মুখীন হৈছে। গিবনত তেনে কোন প্ৰভাৱ পৰিবলৈ দিয়া নহ’ব বুলি স্থানীয় দল, সংগঠনে উল্লেখ কৰিছে। গিবন কেৱল এখন অভয়াৰণ্য নহয়। গিবন অসমৰ পৰিচয়। গিবন অসমৰ গৌৰৱ। এই পৰিচয় আৰু গৌৰৱক ক্ষতি হ’ব পৰা কাম কৰাৰ চিন্তাও যাতে কোনেও কৰিব নোৱাৰে সেয়া শীঘ্ৰেই স্পষ্ট হ’ব লাগে।

গিবনত চলিব নেকি খাৰুৱা তেল, প্ৰাকৃতিক গেছৰ খনন?
কৈ থাকিলে ওৰ নপৰে ৰেঞ্জাৰ ধ্ৰুৱ দত্তৰ কাহিনী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in