গুৱাহাটীক গালি দিয়াৰ অধিকাৰ আমাৰ নাই...

গুৱাহাটীক গালি দিয়াৰ অধিকাৰ আমাৰ নাই...
গুৱাহাটীক গালি দিয়াৰ অধিকাৰ আমাৰ নাই...
Published on
Updated on
এসময়ত জলাশয়, বিল, পিতনি, কৃষি ভূমিৰে পৰিপূৰ্ণ গুৱাহাটীখনে কেনেকৈ আজিৰ ৰূপ পালে? কোনে গুৱাহাটীৰ জলাশয় পুতি নিৰ্মাণ কৰিলে ওখ ওখ অট্টালিকা? জীৱন, জীৱিকাৰ উৎস গুৱাহাটীক আমি কি দিলোঁ? কিয় গুৱাহাটীৰ আজিৰ এই অৱস্থা? এই সন্দৰ্ভত তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

কৃত্ৰিম বানত বিধ্বস্ত হোৱা গুৱাহাটীক গালি নাপাৰিব। গুৱাহাটীক গালি পৰাৰ অধিকাৰ আমাৰ নাই। গুৱাহাটীয়ে আমাক সকলো দিছে। কিন্তু আমি গুৱাহাটীক কি দিলোঁ?

প্ৰকৃতিয়ে গুৱাহাটীক সৃষ্টি কৰাত কোনো কৃপণালী কৰা নাছিল। প্ৰাকৃতিকভাৱে গুৱাহাটীক ইমান ধুনীয়াকৈ সজাইছিল যে গুৱাহাটী সৌন্দৰ্যৰ ৰাণী হৈ পৰিছিল। প্ৰকৃতিৰ এই ৰম্যভূমিখনক আমিয়েই আজিৰ কংক্ৰিত মহানগৰীলৈ ৰূপান্তৰ কৰি ধ্বংস কৰি পেলোৱা নাই নে?

আজিৰ পৰা কেই দশক মানৰ পূৰ্বে গুৱাহাটীখনৰ ৰূপ আজিৰ দৰে নাছিল। চল্লিশ-পঞ্চাশৰ দশকৰ গুৱাহাটী নগৰখনে সামৰি লৈছিল পাণবজাৰ, পল্টন বজাৰ, চেনিকুঠী, চানমাৰি, ভৰলুমুখ, মালিগাওঁ আদি কেইটামান অঞ্চলকহে।

এই অঞ্চলসমূহৰ লোকসকলো আছিল যথেষ্ট সংস্কৃতিবান। সামাজিক, ৰাজনৈতিকভাৱেও সচেতন। সেই সময়ত এই লোকসকলৰ বাৰীত তামোল-পাণ, নাৰিকলকে ধৰি বিভিন্ন ফল, বিভিন্ন ধৰণৰ ফুলৰ বৃক্ষ যেনে কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু আদিৰে পৰিপূৰ্ণ আছিল। বাৰীত আছিল শস্যৰ খেতি। কৰোবাৰ কাৰোবাৰ আকৌ আছিল ভঁৰালো।

গুৱাহাটীৰ আজিৰ বহু ঠাই তেতিয়া আছিল খেতি পথাৰ। বিশ্বাস কৰিবলৈ টান লাগিলেও গণেশগুৰি, হাতীগাওঁ, জটিয়া, কাহিলিপাৰা, সৰুসজাই, বেতকুছি, বৰগাওঁ, গড়চুক আদি অঞ্চলত আছিল বিশাল খেতি পথাৰ।

একেদৰেই নুনমাটি, মঠঘৰীয়া, গীতানগৰ, জুৰোডৰ এই অঞ্চলটো আছিল বিস্তীৰ্ণ কৃষি ভূমি। এতিয়াৰ গোটানগৰ, বেলতলা আদি আছিল এসময়ৰ বিশাল কৃষি পখাৰ।

গুৱাহাটীৰ চাৰিওফালৰ পৰিৱেশলৈ এবাৰ মন দিয়কচোন। এফালে বিশাল মহাবহু ব্ৰহ্মপুত্ৰ বাকী আটাইফালে কেৱল পাহাৰ আৰু পাহাৰ। গুৱাহাটীৰ মাজ মজিয়াতো আছে কেইবাটাও পাহাৰ।

তাহানি এই পাহাৰৰ মাজৰ গুৱাহাটীখনত জনবসতিপূৰ্ণ এলেকাক বাদ দি বাকী সকলো অঞ্চলেই আছিল কৃষি ভূমিৰ লগতে বিশাল জলাশয়। চানমাৰিৰ পৰা গণেশগুৰিলৈ কেৱল চিৰিয়াখানা আৰু বৰফ ফেক্টৰীক বাদ দি বাকী গোটেই অঞ্চলখিনিয়েই আছিল জলাশয়।

কামাখ্যা ৰে’ল ষ্টেচনৰ কাষতেই আছিল এখন বিশাল বিল। জালুকবাৰী আৰু ইয়াৰ কাষৰীয়া বিশাল অঞ্চলটোত আছিল কেৱল জলাশয়, পিতনি, বিল আৰু কৃষি পথাৰ। মাজে মাজে কেইবা স্থানতো আছিল বিশাল আঁকৃতিৰ কেইবাটাও পুখুৰী।

জালুকবাৰীৰ কাষৰে এতিয়াৰ আমিনগাওঁ এসময়ত আছিল কেৱল জলাশয়। সেই জলাশয়ৰ ওপৰতেই গঢ়লৈ উঠিল এতিয়াৰ আমিনগাওঁ। আনহে নালাগে সৌ সিদিনা ইয়াৰ জলাশয় পুতি তাৰ ওপৰতেই নিৰ্মাণ কৰা হ’ল এইমছ।  

নাৰেংগী, ডাউন টাউন, শিলসাঁকো, হেঙেৰাবাৰী, পাব্লিক হেলথ, গণেশগুৰি এই বিস্তৰ্ণ অঞ্চল আছিল জলাশয়েৰে পৰিপূৰ্ণ। এতিয়াৰ ৰাজগড়ৰ পথটোৰ দুয়োফালে আছিল কেৱল খাৱৈ। খ্ৰীষ্টানবস্তি অঞ্চলো আছিল জলাশয়।

আজিৰ গুৱাহাটী মেডিকেল কলেজ হাস্পতাল যি স্থানত আছে, সেই স্থানৰ লগতে তাৰ সন্মুখৰ এতিয়া য’ত ছুপাৰ স্পেচিয়েলিটি হাস্পতাল নিৰ্মাণ কৰা হৈছে সেয়াও আছিল পিতনি। একেদৰে তৰুণ নগৰ, চানমাৰিৰ পৰা পল্টনবজাৰ ৰে’ল ষ্টেচনলৈকে দুয়াফালে, শান্তিপুৰ আদি অঞ্চলো আছিল পিটনি আৰু জলাশয়।

প্ৰকৃতিয়ে এনেদৰেই সুন্দৰকৈ সজাইছিল গুৱাহাটীখনক। আজিৰ পৰা ৩০/৪০ বছৰৰ আগলৈকে গুৱাহাটীবাসীৰ বাবে কৃত্ৰিমবান শব্দটো চিনাকী নাছিল। এতিয়া কৃত্ৰিম বান মানেই এক বিভিষীকা।

পূৰ্বে গুৱাহাটীৰ পাহাৰৰ পৰা নামি অহা পানীবোৰ এই জলাশয়, পিটনি, বিল আদিয়ে সামৰি লৈছিল। গুৱাহাটীৰ মাজেৰে বৈ যোৱা ভৰলুখনৰ বুকুৰেও এই পানী বাগৰি গৈ লুইতত বিলীন হৈছিল। আছিল আজি এটা নলালৈ পৰিবৰ্তন হোৱা বাহিনীখনো।

সময়ৰ চাকনৈয়াত, দ্ৰুত নগৰী কৰণ আৰু মানুহৰ অত্যাচাৰত সেই গুৱাহাটীখন হেৰাই থাকিল। গুৱাহাটীৰ সেই পূৰ্বৰ ইতিহাস সোঁৱৰি এতিয়া উচুপি আছে কেৱল দীপৰবিল, শিলসাঁকোৱে।

আগৰ সেউজীয়া পাহাৰবোৰত এতিয়া গছ-গছনিতকৈ বেছি অট্টালিকা। এসনয়ৰ নীলা ফটফটীয়া পানীৰ ভৰলুখন এতিয়া কেৱল আৱৰ্জনা কঢ়িয়াই ভাগৰি মৰিবলৈ ধৰা এখন নৈ।

যি কেইটা পাহাৰ বাকী আছে সেই কেইটাতো নিতৌ চলিছে বুলডোজাৰৰ আঘাত। গুৱাহাটীৰ ওপৰত এনে অত্যাচাৰ কৰাৰ পৰিণাম অবধাৰিত আছিল। সেই পৰিণামেই আমি এতিয়া ভূগিবলগীয়া হৈছে।

গুৱাহাটীৰ কৃত্ৰিম বানপানী অসমৰ আন স্থানৰ বানপানীৰ সৈতে নিমিলে। বানপানীৰ সৰল আৰু সাধাৰণ অৰ্থ হৈছে- বৰষুণ হোৱাৰ ফলত ইয়াৰ প্ৰকোপ আৰু সময়ৰ ওপৰত নিৰ্ভৰ কৰি বৰষুণৰ পানীৰ কিছু মাটিয়ে শুহি লয়। ইয়াৰে কিছু বাস্পীকৰণৰ জৰিয়তে আকাশলৈ যায়। বাকী থকা পানীখিনি ৰাণ অফ হৈ নলা, নৰ্দমা, নৈ, বিল, জান, জুৰি, পুখুৰী, নদী আদিত বিলীন হয়। যেতিয়াই এই ৰাণ অফ হোৱা পানীখিনি উপচি পৰে তেতিয়াই বানপানী হয়।

প্ৰকৃতগতভাৱে পূৰ্বে বৰষুণ আৰু বৰষুণৰ ফলত গুৱাহাটীৰ পাহাৰৰ পৰা নামি অহা পানী ৰাণ অফ হৈ বিল, জলাশয়, পিতনি, পুখুৰীৰ উপৰিও ভৰলু, বাহিনী আদিৰে বিশাল ব্ৰহ্মপুত্ৰত বিলীন হৈ গৈছিল। সেয়ে বানপানী নাছিল।

কিন্তু এতিয়াৰ গুৱাহাটীলৈ মন কৰক। এতিয়া গুৱাহাটীত জলাশয় নাই। নাই পিতনি, পুখুৰী আদি। নগৰীকৰণৰ প্ৰকোপত, উন্নয়নৰ যজ্ঞত জলাশয়বোৰ নিশ্চিহ্ন কৰি পেলালে। গছ-গছনি কাটি তহিলং কৰা হ’ল। নিৰ্মাণ কাৰ্যৰ অত্যাচাৰত পানী শুহিব পৰাকৈ শুকান মাটিও নোহোৱা হ’ল।

ফলত পাহাৰৰ পৰা নামি অহা পানী বৈ যাবলৈ কোনো পথ নাই। যি কেইটা নলা নিৰ্মাণ কৰা আছে সেই কেইটাও বিজ্ঞানসন্মত আৰু দূৰদৰ্শি চিন্তাৰ অভাৱৰ বাবে কেৱল ৫ মিনিটৰ অধিক বৰষুণ হলেই পানী কঢ়িয়াই নিব নোৱাৰা হৈ পৰে।

এতিয়া প্ৰশ্ন হ’ল গুৱাহাটীৰ এই বিশাল জলাশয়সমূহত কোনে অট্টালিকা সাজিলে? কোনে গুৱাহাটীৰ শিলসাকোঁকে ধৰি বিলসমূহত অট্টালিকা সাজিলে? ভৰলুক ভেঁটি কোনে কোনে দেৱাল মাৰিলে?

বাহিনীক কোনে এটা নলালৈ ৰূপান্তৰ কৰিলে? ক’ত হেৰাল সেউজীয়া পাহাৰবোৰ? ক’ত অদৃশ্য হ’ল গুৱাহাটীৰ বিশাল আঁকাৰৰ পুখুৰীবোৰ? গুৱাহাটীত এতিয়া যি পৰিস্থিতিৰ সূচনা হৈছে তাৰ বাবে দায়ী কোনে?

গুৱাহাটীয়ে আশ্ৰয় দিয়াৰ পিছতো গুৱাহাটীক এচামে অত্যাচাৰ চলালে। তেওঁলোকক নিয়ন্ত্ৰণ কৰিব কোনে? আটাইতকৈ ডাঙৰ কথাটো হ’ল গুৱাহাটীৰ ওপৰত সকলোতকৈ বেছি অত্যাচাৰ চলাইছে খোদ প্ৰশাসন যন্ত্ৰই।

চাৰিওফালে নিৰ্মাণ কৰা ফ্লাই অভাৰসমূহৰ তলত কিয় এতিয়া সাগৰ সদৃশ পৰিবেশ হৈছে? কিয় কোটি কোটি টকা এজাক বৰষুণতে পানীত উটি গৈছে? ক’ত হেৰাইছে গুৱাহাটীৰ  কৃত্ৰিম বান নিয়ন্ত্ৰণৰ নামত অহা কোটি কোটি টকা?  

নামত ৰাজ্যত আছে গুৱাহাটী উন্নয়ন বিভাগ নামৰ এটা অতি গুৰুত্বপূৰ্ণ বিভাগ। কিন্তু এই বিভাগৰ দায়িত্বত যিগৰাকী মন্ত্ৰী আছ তেওঁৰ গুৱাহাটীৰ প্ৰতি দায়বদ্ধতা কিমান সেয়া ডাঙৰ প্ৰশ্ন।

হেলিকপ্টাৰত উঠি গুৱাহাটীৰ আকাশত উৰি গুৱাহাটীৰ বেদখল কৰা ভূমি চোৱা এইগৰাকী মন্ত্ৰীয়ে হেনু আকাশত উৰি ক’ত খালী মাটি আছে তাতহে চকু দিয়ে। কিয়নো এইগৰাকী মন্ত্ৰীৰ আছে আন এক পৰিচয়।

তেওঁ প্ৰথমে এগৰাকী ৰিয়েল ইষ্টেটৰ ব্যৱসায়ীহে। আজিও তেওঁৰ পুত্ৰৰ প্ৰতিষ্ঠানে গুৱাহাটীৰ ভিন্ন স্থানত নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে। এইগৰাকী মন্ত্ৰীৰ পুত্ৰৰ প্ৰতিষ্ঠানে কিদৰে আইন ভংগ কৰি ভৰলুৰ পাৰত বিশাল অট্টালিকাৰ নিৰ্মাণ কাৰ্য চলাইছে সেয়া বাতৰিৰ শিৰোনাম হৈছে।

এই অনিয়মৰ লাইচেন্স কোনে আৰু কিয় দিছে সেয়া সহজেই অনুমেয়। বহুতেই মুকলিকৈ ক’বলৈ আৰম্ভ কৰিছে উদক ভেঁটা ৰখিয়া পাতিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

গুৱাহাটীৰ উন্নয়ন বহুত হ’ল। গুৱাহাটীত এতিয়া কেৱল উন্নয়নৰ নামত অত্যাচাৰ চলিছে। এই অত্যাচাৰ বন্ধ হওঁক। গুৱাহাটীৰ সুৰক্ষাৰ বাবে গুৱাহাটী উন্নয়ন বিভাগৰ পৰিৱৰ্তে গুৱাহাটী সুৰক্ষা বিভাগ এটাহে লাগে।

গুৱাহাটীৰ উন্নয়নৰ নামত নিৰ্মাণ কাৰ্য বন্ধ কৰিলেহে গুৱাহাটীক ৰক্ষা দিয়া হ’ব।সেয়ে শীঘ্ৰেই গুৱাহাটীত সকলোধৰণৰ বাণিজ্যিক, ঔদ্যোগিক নিৰ্মাণ কাৰ্য বন্ধ কৰক। আৱাসিক অঞ্চলৰ নিৰ্মাণ কাৰ্যতো নিয়ন্ত্ৰণ কৰক।

নলা-নৰ্দমা বোৰেদি কিমান পৰিমাণৰ পানী ওলাই যাব পাৰে আৰু কিমান পৰিমাণে বৰষুণ হয় সেয়া অধ্যয়ন হওক। প্ৰয়োজনত নলা, নৰ্দমাবোৰ পুনৰ সঠিক আৰু বিজ্ঞান সন্মতভাৱে নিৰ্মাণ কৰক।

প্ৰকৃতিয়ে গুৱাহাটীক যিদৰে সজাইছিল সেই ৰূপ আমি পুনৰ ঘূৰাই দিব নোৱাৰো। তাৰ পৰিণাম আমি ভূগিব লাগিব।কিন্তু অৱশিষ্ট যিখিনি প্ৰাকৃতিক উপাদান আছে সেইখিনিক সুৰক্ষা দিয়াটো অতি জৰুৰী। সেই জৰুৰী বিষয়টোত গুৰুত্ব দিয়ক চৰকাৰ, প্ৰশাসন আৰু সাধাৰণ জনতাই। অন্যথা গুৱাহাটীখন আৰু বসবাসৰ উপযোগী হৈ নাথাকিব।

গুৱাহাটীক গালি দিয়াৰ অধিকাৰ আমাৰ নাই...
স্তব্ধ হ'ল নেকি 'ধিং এক্সপ্ৰেছ'ৰ গতি?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in