হাৰিয়ানাত বিজেপি, কংগ্ৰেছৰ ভোট ব্যৱধান ১ শতাংশৰো তলত...

হাৰিয়ানাত বিজেপি, কংগ্ৰেছৰ ভোট ব্যৱধান ১ শতাংশৰো তলত...

author-image
Asomiya Pratidin
New Update
হাৰিয়ানাত বিজেপি, কংগ্ৰেছৰ ভোট ব্যৱধান ১ শতাংশৰো তলত...

হাৰিয়ানাত বিজেপি, কংগ্ৰেছৰ ভোট ব্যৱধান ১ শতাংশৰো তলত...

হাৰিয়ানাত ৪৮ খন আসন লাভেৰে একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিলে বিজেপিয়ে। কংগ্ৰেছে পালে ৩৭ খন আসন। অথচ দুয়োটা দলৰে মাজৰ ভোটৰ ব্যৱধান ১ শতাংশও নহয়। ৰাজ্যখনত কংগ্ৰেছে এনেদৰে ভোট লাভ কৰিও কিয় পৰাজিত হ'বলগীয়া হ'ল সেই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

সংখ্যাগৰিষ্ঠতাৰে তৃতীয়বাৰৰ বাবে হাৰিয়ানাত বিজেপিয়ে ক্ষমতা দখল কৰিলে। ৮ অক্টোবৰত ঘোষণা কৰা নিৰ্বাচনী ফলাফল অনুসৰি ৯০ খন আসনৰ ভিতৰত বিজেপিয়ে ৪৮ খন আসন দখল কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিলে ৩৭ খন আসন।

তাৰোপৰি ইণ্ডিয়ান নেচনেল লোক দলে ২ খন আৰু নিৰ্দলীয়ই ৩ খন আসন লাভ কৰিছে। এই নিৰ্বাচনী ফলাফলে এফালে যিদৰে বিজেপিক উৎসাহিত কৰিছে সেইদৰেই কংগ্ৰেছক চিন্তিত কৰি তুলিছে। সমান্তৰালকৈ অত্যাধিক চাপৰ সন্মুখীন হৈছে আম আদমী পাৰ্টি।

ৰাজ্যখনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ মূলতে হৈছে কংগ্ৰেছ নেতৃত্বৰ কেতবোৰ ভুল সিদ্ধান্ত।তাৰোপৰি বিৰোধী ঐক্যবদ্ধ নোহোৱাৰ বাবেও বিজেপিৰ বিজয়ৰ বাট সুগম হৈ পৰে। এক্সিট পোলেও নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে ৰাজ্যখনত কংগ্ৰেছেই একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছিল।

কংগ্ৰেছেও একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলিয়েই ধাৰণা কৰি প্ৰস্তুতিও চলাইছিল। কিন্তু শেষ মুহূৰ্তত ১ শতাংশৰো কম ভোটৰ ব্যৱধানত বিজেপিয়ে শেষ হাঁহি মাৰিলে। ৰাজ্যখনত আসনৰ হিচাপত যদিও বিজেপিয়ে ৪৮ খন আসন লাভ কৰিলে ভোটৰ শতাংশৰ হিচাপত কিন্তু কংগ্ৰেছতকৈ ১ শতাংশও অধিক ভোট লাভ নকৰিলে।

ৰাজ্যখনত বিজেপিয়ে মুঠ ৩৯.৯৪ শতাংশ ভোট লাভ কৰি ৪৮ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৩৯.০৯ শতাংশ ভোট লাভেৰে ৩৭ খন আসন দখল কৰিলে। ইয়াৰ বিপৰীতে আপে ১.৭৯ শতাংশ, বি এছ পিয়ে ১.৮২ শতাংশ, চি পি আইয়ে ০.০১ শতাংশ, চি পি আই এমে ০.২৫ শতাংশ, আই এন এল ডিয়ে ৪.১৪ শতাংশ, জে এম জে পিয়ে ০.৯০ শতাংশ, এন চি পি এছ পিয়ে ০.০৩ শতাংশ, নোটাত ০.৩৮ শতাংশ আৰু অন্যান্যই ১১.৬৪ শতাংশ ভোট লাভ কৰে।

ৰাজ্যখনত এনে কেইবাটাও সমষ্টি আছে য’ত বিজেপিয়ে কাণেকাণ মাৰিহে কোনো মতে দখল কৰিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত ৩৯ নং উচানা কলন সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকী মাত্ৰ ৩২ টা ভোটত বিজয়ী হৈছে। তাৰোপৰি পুন্দ্ৰি সমষ্টিত ২১৯৭ টা,  আছান্ধ সমষ্টিত ২৩০৬ টা, ছাফিডন সমষ্টিত ৪০৩৭,দাদ্ৰি সমষ্টিত ১৯৫৭ ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী বিজয়ী হৈছে। আন কেইবাটাও সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ২ ৰ পৰা ৩ হাজাৰৰ ভোটৰ ব্যৱধানত বিজয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী।

এই সমষ্টিসমূহত প্ৰাৰ্থীসমূহে লাভ কৰা ভোটৰ সংখ্যালৈ লক্ষ্য কৰিলে স্পষ্ট হয় কিদৰে ভোট  বিভাজনৰ বাবেই কংগ্ৰেছে সমষ্টি হেৰুৱালে। তাৰোপৰি সমষ্টি সমূহৰ জনগাঁথনি আৰু ইয়াৰ ভোটৰ শতাংশৰ প্ৰতি লক্ষ্য কৰিলেও বহু কথা স্পষ্ট হয়।

জাটসকলৰ মাজত কংগ্ৰেছৰ গ্ৰহণযোগ্যতা এতিয়াও হোৱা নাই যদিও কংগ্ৰেছে ৰাজ্যখনত কেৱল জাটসকলকহে গুৰুত্ব দিলে। ৰাজ্যখনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপিন্দৰ সিং হুডা নিজেই এৰাকী জাট সম্প্ৰদায়ৰ নেতা। তেওঁৰ সোঁৱে, বাওঁৱে যিসকল লোক আছিল তেওঁলোকো আছিল জাট সম্প্ৰদায়ৰ।

ফলত ৰাজ্যখনৰ অ’ বি চি, উচ্চবৰ্ণ আদিৰ ভোট হেৰুৱালে কংগ্ৰেছে। এইসকলকে আকৌ  গুৰুত্ব দিলে বিজেপিয়ে। ৰাজ্যখনত জাট সম্প্ৰদায়ৰ ভোটাৰ ২৭ শতাংশ। অ’ বি চিৰ ভোটাৰ ৩৩ শতাংশ। দলিত আছে ২১ শতাংশ। গতিকে স্বাভাৱিকতে ভোটৰ এই অংকত বিজেপি আগত থাকিল। পৰাজয়ৰ এনে বহু কাৰণ ব্যাখ্যা কৰিলে পোহৰলৈ আহিব য’ত কংগ্ৰেছ নেতৃত্বৰ চূড়ান্ত অৱহেলাৰ বাবেই ৰাজ্যখনত ক্ষমতা দখল কৰাৰ সুযোগ পায়ো সুযোগ হেৰুৱালে।

ইফালে আম আদমি পাৰ্টিয়ে ৰাজ্যখনত এখনো আসন দখল কৰিব নোৱাৰাত ফেব্ৰুৱাৰীৰ দিল্লী বিধানসভা নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। ফলত অৰবিন্দ কেজৰিৱালৰ দলটো চাপত পৰিছে। মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰো ৰণনীতি এতিয়া সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

সেয়া যিয়েই নহওক হাৰিয়ানাত এতিয়া কংগ্ৰেছে কেৱল ভোটৰ শতাংশ পূৰ্বতকৈ বৃদ্ধি পোৱাৰ সান্তনা লোৱাৰ বাহিৰে বেলগ একো পাবলৈ নাই। ৰাজ্যখনত কংগ্ৰেছে বিজেপিৰ প্ৰায় সমান ভোট লাভ কৰিছে বুলি আত্মসন্তুষ্টি লৈয়ে ৫ টা বছৰ আকৌ বিৰোধীৰ আসনত বহিব লাগিব।

কংগ্ৰেছ বিজেপি হাৰিয়ানা