হাৰিয়ানা বিধানসভা নিৰ্বাচনক লৈ আৰম্ভ হৈছে ৰাজনৈতিক দলসমূহৰ মাজত প্ৰস্তুতি। শাসকীয় বিজেপি, কংগ্ৰেছৰ উপৰিও আপেও প্ৰতিদ্বন্দিতা কৰিব ৯০ খন আসনত। তৃণমূল পৰ্যায়ত শক্তিহীন আপে ৰাজ্যখনৰ নিৰ্বাচনক লৈ চলোৱা প্ৰস্তুতিৰ আঁৰৰ ৰাজনীতি কি? কোনে এইবাৰ দখল কৰিব হাৰিয়ানা বিধানসভা? এই সকলো দিশ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
সমাগত হাৰিয়ানা বিধানসভা নিৰ্বাচন। অহা ৫ অক্টোবৰত ৰাজ্যখনত ভোটগ্ৰহণ আৰু ৮ অক্টোবৰত ইয়াৰ ফলাফল ঘোষণা হ'ব। ৯০ খন আসনযুক্ত হাৰিয়ানা বিধানসভা বৰ্তমান বিজেপিৰ দখলত আছে যদিও আগন্তুক নিৰ্বাচনত ক্ষমতা হেৰুওৱাৰ পূৰ্ণ সম্ভাৱনা আছে গেৰুৱা দলটোৰ।
ৰাজ্যখনত নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহৰ মাজত প্ৰচাৰৰ প্ৰতিযোগিতা আৰম্ভ হোৱাৰ সময়তে একাংশ ৰাষ্ট্ৰীয় সংবাদ সংস্থা, ৰাজনৈতিক বিশেষজ্ঞৰ বিশ্লেষণৰ আধাৰত এই পূৰ্বানুমান কৰা হৈছে। মন কৰিবলগীয়া যে ৰাজ্যখনত শাসন লাভ কৰিবলৈ মেজিক নম্বৰ হৈছে ৪৬।
ৰাজ্যখনত এতিয়া প্ৰধান বিৰোধী দল কংগ্ৰেছ। ২০১৯ বিধানসভা নিৰ্বাচনত ৯০ খন আসনৰ ভিতৰত বিজেপিয়ে ৪০ খন আসন দখল কৰিছিল। দলটোৱে সেই নিৰ্বাচনত ১০ খন আসনত বিজয়ী হোৱা জননায়ক জনতা পাৰ্টি আৰু ৭ জন নিৰ্দলীয় বিধায়কৰ সমৰ্থনত চৰকাৰ গঠন কৰিছিল। কংগ্ৰেছে লাভ কৰিছিল ৩১ খন আসন।
এইবাৰ ৰাজ্যখনত ২০১৯ ৰ দৰেই মূল যুঁজখন শাসকীয় বিজেপি আৰু কংগ্ৰেছৰ মাজতেই হ'ব বুলি ধাৰণা কৰা হৈছে যদিও শেহতীয়াকৈ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ অহা আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অৰবিন্দ কেজৰিৱালে ৰাজ্যখনৰ নিৰ্বাচনক লৈ তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে। INDIA ৰ অংশীদাৰ এই দলটোৱে ৰাজ্যখনত অকলেই মুঠ ৯০ খন আসনতে প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
দলটোৰ এনে সিদ্ধান্তত স্বাভাৱিকতে বহু প্ৰশ্নই উদয় হৈছে। কিয়নো এইবাৰ ৰাজ্যখনত বিজেপি ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ইতিমধ্যে বিজেপিৰ সমৰ্থনত থকা কেইবাজনো নিৰ্দলীয় বিধায়কে বিজেপিৰ সংগ ত্যাগ কৰি কংগ্ৰেছলৈ সমৰ্থন আগবঢ়াইছে। কংগ্ৰেছেও পূৰ্বতকৈ অধিক ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব বুলি বিশ্বাস ৰাখিছে।
এনে পৰিস্থিতিত আম আদমি পাৰ্টিয়ে ৯০ খন আসনতে প্ৰতিদ্বন্দিতা কৰিবলৈ লোৱা বিষয়টো বিশেষ তাৎপৰ্যপূৰ্ণ। এই দলটোৱে ২০১৯ তো হাৰিয়ানা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। সেইবাৰ ৯০ খন আসনৰ ভিতৰত দলটোৱে ৪৬ খন আসনত প্ৰতিদ্বন্দিতা কৰি এই আটাইকেইখন আসনতে প্ৰাৰ্থীৰ আমানতৰ ধন হেৰুৱাইছিল।
এনে পৰিস্থিতিত তৃণমূল পৰ্যায়ত বিশেষ শক্তি নথকা এই দলটোৱে পুনৰ ৯০ খন আসনত প্ৰতিদ্বন্দিতা কৰিবলৈ লোৱা বিষয়োটোৱে বিশেষ চৰ্চা লাভ কৰিছে। মুকলিকৈ নকলেও চিন্তিত হৈছে কংগ্ৰেছ শিবিৰ। অৱশ্যে তাৰ পাছতো কংগ্ৰেছেই ৰাজ্যখনত ক্ষমতা আহৰণ কৰিব পাৰিব বুলি বিশ্বাস কৰিছে কেইবাটাও সংস্থাৰ লগতে ৰাজনৈতিক বিশেষজ্ঞই।
জ্যেষ্ঠ সাংবাদিক বিজয় বিদ্ৰোহীয়ে এক সাক্ষাতকাৰত উল্লেখ কৰিছে ৰাজ্যখনৰ ৯০ খন আসনৰ ভিতৰত কংগ্ৰেছে ৫৫ খনৰো অধিক আসন লাভ কৰাৰ সম্ভাৱনা আছে। আন একাংশ সংবাদ মাধ্যমৰ মতে আকৌ কংগ্ৰেছে ৫৮ ৰ পৰা ৬৪ খন পৰ্যন্ত আসন লাভ কৰিব পাৰে।
ৰাজ্যখনত এনেধৰণৰ ফলাফলৰ পূৰ্বানুমানৰ মূলতে আছে দুটা কাৰণ। তাৰে প্ৰধান কাৰণটো হৈছে হাৰিয়ানাবাসীয়ে পৰিবৰ্তন বিচাৰিছে। শাসকীয় দলৰ প্ৰতি মোহ ভংগ হৈছে। দ্বিতীয়তে হাৰিয়ানাবাসীয়ে সেই দলটোকহে ভোট দিব যাৰ ক্ষমতালৈ অহাৰ সক্ষমতা আছে। আজিৰ তাৰিখত হাৰিয়ানাত কংগ্ৰেছ ক্ষমতাত নাথাকিলেও যথেষ্ট শক্তিশালী।
তাৰোপৰি কৃষকৰ আন্দোলন, মল্লযুঁজাৰুৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ স্থিতিয়ে হাৰায়ানা নিৰ্বাচনত প্ৰভাৱ পেলাব। লোকসভা নিৰ্বাচনত ইতিমধ্যে কংগ্ৰেছে ভাল প্ৰদৰ্শন কৰি পূৰ্বৰ তুলনাত জনতাৰ আস্থা অৰ্জন কৰিবলৈ সক্ষম হৈছে। এনেবোৰ কাৰকে হাৰিয়ানা নিৰ্বাচনত প্ৰভাৱ পেলাব। কংগ্ৰেছৰ দলে অলিম্পিয়ান বিনেশ ফোগাটক প্ৰাৰ্থিত্ব প্ৰদান কৰি এক আৱেগিক পৰিবেশৰো সূচনা কৰিছে।
টাইমছ নাও- মেট্ৰিজৰ অপিনিয়ন পোল অনুসৰি এইবাৰ ৰাজ্যখনত শাসকীয় বিজেপিয়ে ৩৩ ৰ পৰা ৩৮ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে ৩৬ ৰ পৰা ৪১ খন পৰ্যন্ত আসন লাভ কৰাৰ সম্ভাৱনা আছে। জেজেপিয়ে ২ ৰ পৰা ৫ খন আৰু অন্যান্যই ১১ খন আসন লাভ কৰা সম্ভাৱনা আছে।
লোক পোল ছাৰ্ভে অনুসৰি ৰাজ্যখনত কংগ্ৰেছে ৫৮ ৰ পৰা ৬৫ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। বিজেপিয়ে ২০ ৰ পৰা ২৯ খনহে আসন লাভ কৰাৰ সম্ভাৱনা আছে। অন্যান্যৰ সম্ভাৱনা ৩ ৰ পৰা ৫ খন আসন।
ইফালে হাৰিয়ানা নিৰ্বাচনক কেন্দ্ৰ কৰি ইণ্ডিয়া টুডেয়ে চলোৱা এক সমীক্ষা অনুসৰি বৰ্তমানৰ বিজেপি চৰকাৰখনক লৈ অসন্তুষ্ট ৪৪ শতাংশ জনতা। মাত্ৰ ২৭ শতাংশ জনতাহে চৰকাৰক লৈ সন্তুষ্ট। ২৫ শতাংশ আকৌ চৰকাৰখনক লৈ কিছু ক্ষেত্ৰত সন্তুষ্ট আৰু কিছু কিছু ক্ষেত্ৰত অসন্তুষ্ট।
এই সমীক্ষাতে আকৌ প্ৰকাশ পাইছে বৰ্তমানৰ মুখ্যমন্ত্ৰী নায়াব সিং ছাইনিক লৈ ৪০ শতাংশ জনতাই অসন্তুষ্ট। মাত্ৰ ২২ শতাংশ জনতাহে তেওঁক লৈ সন্তুষ্ট। নিৰ্বাচনৰ পূৰ্বে প্ৰকাশিত এনেবোৰ তথ্যই এতিয়া স্বাভাৱিকতে ৰাজ্যখনত কংগ্ৰেছ দলক যথেষ্ট আশাবাদী কৰি তুলিছে।
কিন্তু কাৰাগাৰৰ পৰা ওলায়েই হাৰিয়ানা নিৰ্বাচনক লৈ ককালত টঙালি বন্ধা আম আদমি পাৰ্টিয়ে তৃণমূল পৰ্যায়ত কোনো শক্তি অবিহনেই, দলীয় কাম-কাজ অবিহনেই ৯০ খন আসনত প্ৰতিদ্বন্দিতা কৰিব লোৱা বিষয়টোৱে কংগ্ৰেঠক নিশ্চয়কৈ চিন্তিত কৰিব।
দিল্লী আৰু পঞ্জাৱত ক্ষমতাত থকা আপে হাৰিয়ানাত ক্ষমতালৈ অহাৰ সপোন দেখি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে নে ইয়াৰ আঁৰত আন কিবা নিৰ্বাচনী অংক আছে সেয়া সময়ে নিশ্চয় পোহৰলৈ আনিব। দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত কাৰাৰুদ্ধ হৈ থকা অৰবিন্দ কেজৰিৱাল, মনিষ ছিছোদিয়া আদি সকলো নেতা নিৰ্বাচনৰ পূৰ্বেই কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিছে।
এইসকলো নেতাই এতিয়া হাৰিয়ানা নিৰ্বাচনত জপিয়াই পৰিব। তেওঁলোকে এটা পৰ্যায়লৈকে নিশ্চয় ভোটো লাভ কৰিব। আপৰ এনে প্ৰদৰ্শনে কাক লাভাম্বিত কৰিব অথবা কাক ক্ষতি কৰিব সেয়া নকলেও বুজাই ভালকৈ বুজিব।