স্তব্ধ হ'ল নেকি 'ধিং এক্সপ্ৰেছ'ৰ গতি?

স্তব্ধ হ'ল নেকি 'ধিং এক্সপ্ৰেছ'ৰ গতি?
স্তব্ধ হ'ল নেকি 'ধিং এক্সপ্ৰেছ'ৰ গতি?
Published on
Updated on
পেৰিছ অলিম্পিকৰ মাজতে হঠাৎ চৰ্চালৈ আহিছে হিমা দাস। দীৰ্ঘদিন ধৰি খেল পথাৰত দেখা নাই হিমাক। অথচ তেওঁৰ সতীৰ্থ এতিয়া পেৰিছত। হিমা দাসক খেল পথাৰত নেদেখাৰ আঁৰৰ কাৰণ সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

চলি আছে পেৰিছ অলিম্পিক। প্ৰতিযোগিতাখনত এই পৰ্যন্ত ভাৰতে তিনিটা পদক জয় কৰিছে। আনহাতে অসমৰ তাৰকা বক্সাৰ, টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোঁহাই প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

লাভলীনাই নৰৱেৰ প্ৰতিদ্বন্দিক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ লগে লগে পদকৰ আশা সজীৱ হৈ পৰিছে। কোৱাৰ্টাৰ ফাইনেলত চীনৰ প্ৰতিদ্বন্দিক পৰাস্ত কৰিব পাৰিলেই ব্ৰঞ্জৰ পদক নিশ্চিত লাভলীনাৰ।

দীৰ্ঘদিন ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত অসমৰ স্থবিৰতাক আঁতৰাইছিল হিমা দাসে। ২০১৮ চনত বিশ্ব জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰি দেশৰ ক্ৰীড়া ক্ষেত্ৰলৈ ধুমুহা আনিবলৈ সক্ষম হৈছিল 'স্বৰ্ণ কন্যা' হিমাই।

ইয়াৰ পিছত তেওঁ সফলতাৰ ধাৰাবাহিকতা ৰক্ষা কৰি জাকাৰ্টা এছিয়ান গেমছত ৪x৪০০ মহিলা আৰু ৪x৪০০ মিক্সড শাখাত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও হিমাই বহু কেইখন অনুশীলন মেচত পদক জয় কৰি চৰ্চাৰ শীৰ্ষত উপনীত হ'বলৈ সক্ষম হৈছিল।

কিন্তু এইগৰাকী হিমাৰ দুৰন্ত গতিলৈ হঠাৎ যেন নামি আহিল স্থবিৰতা। আঘাতৰ সমস্যাই জুৰুলা কৰিলে হিমাক। ২০২১ ত টকিঅ’ত অনুষ্ঠিত হোৱা অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাবে সকলো চেষ্টা কৰিও ব্যৰ্থ হোৱা হিমাই পৰৱৰ্তী সময়ত পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব বুলি একপ্ৰকাৰে দৃঢ়তাৰে ৰাজহুৱাকৈয়ে মন্তব্য কৰিছিল।

২০২১ ৰ টকিঅ’ অলিম্পিকৰ পূৰ্বে পিঠিৰ আঘাতৰ সমস্যাত ভূগিছিল হিমা। তথাপিও অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰাৰ দুৰ্বাৰ হাবিয়াস থকাৰ বাবেই হিমাই নিজৰ প্ৰিয় ইভেণ্ট ৪০০ মিটাৰ এৰি পৰিবৰ্তে ২০০ মিটাৰত যোগ্যতা অৰ্জনৰ বাবে চেষ্টা কৰিছিল।

অলিম্পিক যোগ্যতা অৰ্জনৰ বাবে পাৰ্যমানে চেষ্টা কৰিও বিফল হোৱা হিমাক লৈ অৱশ্যে আশাবাদী আছিল অসমৰ জনতা। হিমাৰ দৃঢ়তাৰ বাবেই সকলোৱে আশা কৰিছিল ২০২৪ ৰ পেৰিছ অলিম্পিকলৈ তেওঁ যোগ্যতা অৰ্জন কৰিব পাৰিব হিমাই।

পেৰিছ অলিম্পিক চলি আছে। লাভলীনাক লৈ অসমৰ ৰাইজ সুখী। বিশ্ব ক্ৰীড়াংগণত লাভলীনাক দেখি স্বাভাৱিকতে গৌৰৱাম্বিত অসমবাসী। পিছে সমান্তৰালকৈ বিশ্বৰ সৰ্ব বৃহৎ প্ৰতিযোগিতাখনত হিমাক চোৱাৰ হেঁপাহৰ পৰা বঞ্চিত হোৱাৰ বাবে অসমৰ ক্ৰীড়ানুৰাগী কিছু পৰিমাণে হতাশ হোৱাও পৰিলক্ষিত হৈছে। কিয়নো হিমাক লৈ বহু আশা কৰে অসমৰ ক্ৰীড়া অনুৰাগীয়ে।

টকিঅ’ অলিম্পিকৰ সময়চোৱাৰ পৰাই হিমা ক্ৰীড়া ক্ষেত্ৰৰ পৰা প্ৰায় আঁতৰত থকাৰ দৰেই। হিমাক সুদীৰ্ঘ সময় খেল পথাৰত দেখা পোৱা নাই। প্ৰথমে আঘাতৰ সমস্যাৰ বাবে খেল পথাৰৰ পৰা আঁতৰি থকা হিমা পৰৱৰ্তী সময়ত ডপ টেষ্টত ব্যৰ্থ হোৱাত তেওঁক নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল।

নেচনেল এণ্টি ডপিং এজেঞ্চিয়ে ধাৰাবাহিকভাৱে তিনিবাৰকৈ ডপ টেষ্টত ব্যৰ্থ হোৱাৰ বাবে হিমাৰ ওপৰত এবছৰৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছিল। অৱশ্যে এই নিষেধজ্ঞা আৰোপ কৰাৰ পূৰ্বেই হিমাই এই শাস্তিৰ সন্মুখীন হ'ব বুলি অনুমান কৰিব পাৰিছিল। সেয়ে নিষেধাজ্ঞা আৰোপ কৰাৰ পূৰ্বেই ৰাষ্ট্ৰীয় শিবিৰ ত্যাগ কৰিছিল।

চলিত বছৰৰ এপ্ৰিলৰ শেষ ভাগত হিমাৰ ওপৰত আৰোপ কৰা সেই নিষেধাজ্ঞাৰ সময়সীমা অতিক্ৰম কৰাৰ পাছত হিমা পুনৰ ট্ৰেকলৈ ঘূৰি আহিল। ট্ৰেকলৈ আহিয়েই এপ্ৰিল মাহতে বেংগালুৰুত অনুষ্ঠিত হোৱা ইণ্ডিয়ান গ্ৰাঁপিত ২০০ মিটাৰ দৌৰত অংশ ল'লে।

কিন্তু দুৰ্ভাগ্যজনক ভাৱে প্ৰতিযোগিতাখনত দৌৰ সম্পূৰ্ণ নকৰাকৈয়ে ট্ৰেকৰ পৰা বাহিৰলৈ গুছি আহিবলগীয়া হ'ল 'ধিং এক্সপ্ৰেছ'। অথচ এই একেখন প্ৰতিযোগিতাত ২০২৩ ত তেওঁ সোণৰ পদক অৰ্জন কৰিছিল।

পেৰিছ অলিম্পিকৰ মাজতেই এতিয়া প্ৰশ্ন উত্থাপন হৈছে ক’ত আছে হিমা? কিহত ব্যস্ত এথলিটগৰাকী? এই প্ৰশ্নৰ আঁৰত আছে আন এক কাৰণো। সামাজিক মাধ্যমত সক্ৰিয় হিমাক অলিম্পিকলৈ যোৱা সতীৰ্থ, অলিম্পিকত সফলতা লাভ কৰা খেলুৱৈ কোনো এজনকে শুভেচ্ছা জনোৱা পৰিলক্ষিত হোৱা নাই। অথচ এইগৰাকী হিমাই পূৰ্বে প্ৰায় ভাৰতক আন্তঃৰাষ্ট্ৰীয় মঞ্চত পদক জয়েৰে গৌৰৱাম্বিত কৰা প্ৰতিজন খেলুৱৈকে মুকলিকৈ শুভেচ্ছা জনাই আহিছিল।

এইবাৰ তেনে কোনো পোষ্ট তেওঁৰ সামাজিক মাধ্যমত নেদেখাৰ বাবেও এনে প্ৰশ্ন উত্থাপন হৈছে। জানিব পৰা মতে থিৰুৱন্তমপুৰমত আছে হিমা। তাতেই অনুশীলন চলাই আছে তেওঁ।

অৰ্জুন বঁটাৰে সন্মানিত হিমাক অসম চৰকাৰে ইতিমধ্যে ৰাজ্যিক ক্ৰীড়া নীতিৰ আধাৰতে অসম আৰক্ষীৰ ডি এছ পি পদত নিয়োগ কৰিছে। একেই নীতিৰ আধাৰতে লাভলীনা বৰগোঁহাই আৰু নয়নমণি শইকীয়াকো এই পদত নিয়োগ কৰা হৈছে।

হিমাৰ প্ৰতিভাত ওপৰত কেতিয়াও কোনেও প্ৰশ্ন কৰা নাই। হিমা ট্ৰেকৰ ৰাণী। আঘাতৰ সমস্যাই বাৰে বাৰে জুৰুলা কৰা অসমৰ এইগৰাকী তৰুণ খেলুৱৈৰ হাতত আছে এতিয়াও বহু সময়।

আঘাতৰ পৰা নিজকে ৰক্ষা কৰি তেওঁ আগন্তুক সময়ত পুনৰ উজলি উঠিব বুলিয়েই অসমৰ ক্ৰীড়ানুৰাগীৰ বিশ্বাস। সকলোৱে বিচাৰিছে অলিম্পিকলৈ যাওঁক অসমৰ এই প্ৰতিভা। লাভলীনাৰ দৰেই জিলিকি উঠক বিশ্ব ক্ৰীড়াৰ মঞ্চত।

হিমাক লৈ মাজে মধ্যে যদিও কিছু প্ৰশ্ন উত্থাপন হয় সেয়াও তেওঁৰ প্ৰতি থকা আন্তৰিকা আৰু বিশ্বাসৰেই এক প্ৰতিফলন। এই আন্তৰিকতাৰ বাবেই এতিয়া প্ৰশ্ন উঠিছে ক’ত আছে ট্ৰেকৰ ৰাণী হিমা?

স্তব্ধ হ'ল নেকি 'ধিং এক্সপ্ৰেছ'ৰ গতি?
২০০ বছৰীয়া শোষণৰ অন্ত কেতিয়া?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in