মণিপুৰ বহুদূৰ ! ক'ত ৰাছিয়া, ইউক্ৰেইনলৈ যোৱা শান্তিৰ দূত ?

মণিপুৰ বহুদূৰ ! ক'ত ৰাছিয়া, ইউক্ৰেইনলৈ যোৱা শান্তিৰ দূত ?
মণিপুৰ বহুদূৰ ! ক'ত ৰাছিয়া, ইউক্ৰেইনলৈ যোৱা শান্তিৰ দূত ?
Published on
Updated on

পুনৰ উত্তপ্ত হৈছে মণিপুৰ। কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। ৰাজ্যখনত এইদৰে ইণ্টাৰনেট সেৱা কৰ্তন কৰি সমস্যা সমাধানৰ চেষ্টা কৰিছে নে প্ৰকৃত ঘটনাক গাপ দিয়াৰ চেষ্টা কৰিছে চৰকাৰে? কুকি, মেইটেইয়ে কৰিছে গুৰুতৰ অভিযোগ। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

বিচিত্ৰ এই ভাৰত, বিচিত্ৰ এই ভাৰতৰ নেতা। বিশ্বগুৰু হোৱাৰ স্বপ্নত বিভোৰ এই দেশৰ নেতাৰ উচ্চাকাংক্ষা ইমানেই বেছি যে নিজৰ ঘৰলৈ পিঠি দি আনৰ ঘৰৰ কথাতহে অধিক মনোযোগ দিয়াত ব্যস্ত।

নিজৰ দেহৰ এক অংশ পুৰি ছায় হৈ যোৱাৰ উপক্ৰম হোৱাৰ পিছতো এই দেশৰ নেতাই আন যুদ্ধবাজ নেতাৰ নেগুৰত ধৰি তেওঁলোকৰ ঘৰৰ জুই নুমুৱাবলৈহে উঠিপৰি লাগিছে। বিশ্বত নিজকে শান্তিৰ দূত হিচাপে প্ৰতিষ্ঠা কৰিবলৈ এই দেশৰ নেতাই লুকুৱাই ৰাখিবলৈ পাৰ্যমানে চেষ্টা কৰিছে দেশত জ্বলা জুইকুৰাৰ ছবি। অথচ এই জুইৰ ক’লা ধোঁৱাই চানি ধৰিছে দেশৰ আকাশ।

বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰত। গণতন্ত্ৰৰ কথা কলেই বিশ্ববাসীৰ দৃষ্টি আহে ভাৰতৰ ফালে। এই দেশৰ সংবিধানেও জনতাক দিছে বহু কেইটা অধিকাৰ। মত প্ৰকাশৰ অধিকাৰো সংবিধানেই দিছে দেশৰ জনতাক।কিন্তু এই দেশৰ জনতাই মত প্ৰকাশৰ সুযোগ কিমান পাইছে তাক লৈয়ো এতিয়া প্ৰশ্ন উত্থাপন হৈছে।  

কিয়নো গণতন্ত্ৰৰ বৰঘৰ স্বৰূপ এই ভাৰততেই এতিয়া বাৰে বাৰে কণ্ঠৰুদ্ধ কৰাৰ চেষ্টা কৰা হয় জনতাৰ। শোষিত, অৱহেলিত এই দেশৰ নাগৰিকৰ ওপৰতে চলে অত্যাচাৰ, অৱদমন।

আমাৰ চুবুৰীয়া মণিপুৰ আকৌ জ্বলিছে। জ্বলি জ্বলি প্ৰায় শেষ হ’বলৈ ধৰা মণিপুৰত আকৌ একুৰা জুই জ্বলিছে। এই জুইৰ উত্তাপে চৰকাৰ বিৰোধী কণ্ঠক অধিক তীক্ষ্ণ কৰি তোলাৰ সময়তে পুনৰ এবাৰ ইণ্টাৰনেট কৰ্তন কৰা হ’ল মণিপুৰত।

১০ ছেপ্টেম্বৰৰ বিয়লি ৩ বজাৰ পৰা ১৫ ছেপ্টেম্বৰলৈ কাৰ্যকৰী হোৱাকৈ ইণ্টাৰনেট কৰ্তন কৰাৰ নিৰ্দেশ এন বীৰেন সিং নেতৃত্বাধীন চৰকাৰখনৰ। ৰাজ্যখনত ইণ্টাৰনেট কৰ্তন কৰাৰ দৰে অগণতান্ত্ৰিক সিদ্ধান্ত কোনো নতুন কথা নহয়।

ইয়াৰ পূৰ্বে ইতিমধ্যে মুঠ ৩,০৫০ ঘণ্টা একেৰাহে ইণ্টাৰনেট কৰ্তন কৰা হৈছে এই ক্ষুদ্ৰ ৰাজ্যখনত। বিভিন্ন দল, সংগঠনে এনে সিদ্ধান্তৰ বিৰোধিতা কৰিছে যদিও তালৈ কোনো ভ্ৰুক্ষেপ নাই চৰকাৰৰ।

যোৱা ১০ টা দিনত মণিপুৰত মুঠ ১০ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ ভিতৰত আছে এজন প্ৰাক্তন সেনা জোৱানো। এই সেনা জোৱানজনক ইম্ফলৰ কাষৰ চেকমা নামৰ এখন সৰু চহৰত হত্যা কৰা হৈছে।

৫ জনক হত্যা কৰা হৈছে অসম-মণিপুৰ সীমান্তৰ জিৰিবাম অঞ্চলত। এই সমগ্ৰ হিংসাত্মক ঘটনা এইবাৰ আৰম্ভণি হৈছিল যোৱা ১ ছেপ্টেম্বৰত। সেইদিনা কৌটুক কাদাংবন্দ গাঁৱত ড্ৰোণেৰে বোমা নিক্ষেপ কৰিছিলি।

এই ড্ৰোণ আক্ৰমণত এগৰাকী মহিলাৰ থিতাতে মৃত্যু হোৱাৰ লগতে ১১ বছৰীয়া কিশোৰীৰো মৃত্যু হয়। ইয়াৰোপৰি আহত হৈছিল আন ৯ জন লোক। এই ঘটনাৰ পাছতেই প্ৰতিবাদ আৰু সংঘৰ্ষৰ সূত্ৰপাত হয়।

এনে পৰিস্থিতিতে এই পৰ্যন্ত ১০ জন লোকৰ মৃত্যু হৈছে। এইসকলোবোৰ ঘটনা যিহেতু উপত্যকা জিলাত সংঘটিত হৈছে সেয়ে পাহাৰীয়া জিলাসমূহত কিয় ইণ্টাৰনেট সংযোগ কৰ্তন কৰা হৈছে বুলিও প্ৰশ্ন উত্থাপন কৰিছে কুকি ছাত্ৰ সংগঠনে।

কুকি সংগঠনসমূহৰ দাবী এইদৰে ইণ্টাৰনেট সংযোগ কৰ্তন কৰি অপৰাধমূলক কাৰ্যকলাপসমূহক লুকাৱাবলৈ প্ৰয়াস কৰিছে প্ৰশাসনে। কুকি আৰু মেইটেই দুয়োটা সম্প্ৰদায়ৰ লোকসকলৰ মতে এইদৰে ইণ্টাৰনেট সংযোগ কৰ্তন কৰি মণিপুৰৰ প্ৰকৃত পৰিস্থিতি দেশৰ বাকী অংশৰ পৰা লুকুৱাই ৰাখিব বিচাৰিছে চৰকাৰে।

এই দুয়োটা সম্প্ৰদায়েই দাবী কৰিছে তেওঁলোকৰ ওপৰত ড্ৰোণ ব্যৱহাৰ কৰি আক্ৰমণ কৰা হৈছে। তেওঁলোকে মণিপুৰৰ পৰা কেন্দ্ৰীয় বাহিনী প্ৰত্যাহাৰৰো দাবী জনাইছে।

ৰাজ্যখনৰ উপত্যকা অঞ্চলৰ লোকসকলৰ মতে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে পাহাৰীয়া অঞ্চলৰ পৰা হোৱা হিংসা নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে। সেইদৰে পাহাৰীয়া অঞ্চলৰ লোকসকলৰ মতে ৰাজ্যিক নিৰাপত্তা বাহিনীও উপত্যকা অঞ্চলৰ পৰা হোৱা আক্ৰমণ ৰোধ কৰাত ব্যৰ্থ হৈছে।

ৰাজ্যখনৰ শান্তি প্ৰতিষ্ঠাত চূড়ান্ত ৰূপত কেন্দ্ৰ, ৰাজ্য উভয় চৰকাৰ ব্যৰ্থ হোৱাৰ বাবেই পুনৰ এবাৰ স্নাতকোত্তৰ আৰু স্নাতক মহলাৰ পৰীক্ষাসমূহ বাতিল কৰিবলগীয়া হৈছে। ৰাজ্যখনৰ শিক্ষাৰ্থীসকলে এনে সমস্যা এইবাৰেই ভোগ কৰিবলগীয়া হোৱা নাই।

ৰাজ্যখনত সৃষ্টি হোৱা সংঘৰ্ষৰ পৰিস্থিতিত ২০২৩ বৰ্ষত মে’ৰ ৪ তাৰিখৰ পৰা ৩০ মে’লৈ গৰম বন্ধ ঘোষণা কৰিছিল যদিও পৰৱৰ্তী সময়ত এই বন্ধৰ সময় ১৯ জুনলৈ, পাছত ১ জুলাইলৈ বৃদ্ধি কৰে। ৫ জুলাইত বিদ্যালয়সমূহ পুনৰ খুলি দিয়া হয়।

এই সুদীৰ্ঘ সময়ত ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ কিমান ক্ষতি হ’ল সেয়া নকলেও সহজেই অনুমেয়। এই সময়ত ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন হৈ থকাৰ বাবেই ৰাজ্যখনত শিক্ষাৰ্থীসকল অনলাইন শিক্ষাগ্ৰহণৰ পৰাও বঞ্চিত হৈ থাকিবলগীয়া হয়।

মণিপুৰ বা ভাৰতত ইণ্টাৰনেট কৰ্তনে বিশ্বতে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। যোৱাবছৰ মণিপুৰত মে’ মাহৰ শেষ ভাগৰ পৰা ডিচেম্বৰলৈকে মুঠ ৭ হাজাৰ ঘণ্টা ইণ্টাৰনেট কৰ্তন কৰা হৈছিল।

তাৰোপৰি যোৱা বছৰ সমগ্ৰ ভাৰততে মুঠ ৩০ বাৰ ইণ্টাৰনেট কৰ্তন কৰা হৈছিল। ফলত ৫৯.১ মিলিয়ন লোক ক্ষতিগ্ৰস্ত হৈছিল। এই ইণ্টাৰনেট কৰ্তনৰ বাবেই ৫৮৫.৪ মিলিয়ন ডলাৰ আৰ্থিক ক্ষতিৰো সন্মুখীন হৈছিল দেশখন।

এনে ইণ্টাৰনেট কৰ্তনে প্ৰত্যক্ষভাৱে গণতান্ত্ৰিক শান্তিপূৰ্ণ প্ৰতিবাদ আৰু সংবাদ স্বাধীনতাক ভংগ কৰিছে। তাৰোপৰি ভাৰতত সঘনে সামাজিক মাধ্যম বন্ধ কৰাৰ দৰে ঘটনাও সংঘটিত হৈ আহিছে।

তথ্য অনুসৰি সমগ্ৰ বিশ্বৰ ভিতৰত ইণ্টাৰনেট কৰ্তনৰ ফলত হোৱা আৰ্থিক ক্ষতিৰ দিশৰ পৰা ভাৰত আছে পঞ্চম স্থানত। এই তালিকাত শীৰ্ষ স্থানত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰম মিত্ৰ ভ্লাদিমিৰ পুটিনৰ দেশ ৰাছিয়া। দেশখনত সঘন ইণ্টাৰনেট কৰ্তনৰ ফলত ২০২৩ বৰ্ষত ৪.০৪ বিলিয়ন ডলাৰ ক্ষতিগ্ৰস্ত হৈছে।

সেইদৰে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰ, ইৰাণ আৰু ইথিউপিয়াত ইণ্টাৰনেট কৰ্তনৰ সময় যোৱা বছৰত ১০ হাজাৰ ঘণ্টা অতিক্ৰম কৰিছে। ইয়াৰ বিপৰীতে পাকিস্তানৰ দৰে ৰাষ্ট্ৰত কিন্তু ইণ্টাৰনেট কৰ্তনৰ সময় বহু কম। পাকিস্তানত যোৱা বছৰ মাত্ৰ ২৫৯ ঘণ্টাহে ইণ্টাৰনেট কৰ্তন কৰা হৈছে।

এইদৰেই ইণ্টাৰনেট সংযোগ কৰ্তন কৰাৰ আঁৰত আন প্ৰান্তৰ দৰে মণিপুৰ চৰকাৰৰ যুক্তি হিংসা বৃদ্ধি নহ'বলৈ, শান্তি অটুট ৰাখিবলৈ এই পদক্ষেপ লোৱা হৈছে। কিন্তু এনে পদক্ষেপে ৰাজ্যখনলৈ কিমান শান্তিৰ পৰিবেশ ঘূৰাই আনিছে সেয়া কেৱল চৰকাৰী পক্ষৰ বাবেহে বোধগম্য বিষয়।

ইণ্টাৰনেট সংযোগ পুনৰুদ্ধাৰ লগে লগে বিগত সময়ত মণিপুৰৰ একাধিক অমানৱীয় আৰু বৰ্বৰ কাৰ্য পোহৰলৈ আহিছিল। সেই ভিডিঅ' মানুহে দেখি বুজিছিল আচলতে মণিপুৰত কি হৈ আছে। কিন্তু বাৰে বাৰে ইণ্টাৰনেট কৰ্তন কৰি ৰাজ্যখনক পাৰ্যমানে মূল সুঁতিৰ ভাৰতৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰা হৈছে।

এইদৰে ৰাজ্যখনৰ লোকসকলৰ মুখ বন্ধ কৰাৰ চেষ্টা কৰিছে। জনতাক একপ্ৰকাৰে পণবন্দী কৰি তুলিছে। এয়া গণতন্ত্ৰৰ পৰিপন্থী। এনে অগণতান্ত্ৰিক ব্যৱস্থাৰেই এতিয়া মণিপুৰক শান্ত কৰাৰ ব্যৰ্থ চেষ্টা চলাইছে এন বীৰেন সিঙে। তেওঁক মন্ত্ৰণা দিছে অমিত শ্বাহ, নৰেন্দ্ৰ মোডীৰ দৰে নেতাই।

মণিপুৰ বহুদূৰ ! ক'ত ৰাছিয়া, ইউক্ৰেইনলৈ যোৱা শান্তিৰ দূত ?
'লখিমী'ৰে লুণ্ঠন চলোৱা মামণিৰ কোপদৃষ্টি ইউনিয়ন কো-অপাৰেটিভ বেংকত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in