সমগ্ৰ পশ্চিম এছিয়াতে বিয়পিছে যুদ্ধৰ দামামা!

সমগ্ৰ পশ্চিম এছিয়াতে বিয়পিছে যুদ্ধৰ দামামা!
সমগ্ৰ পশ্চিম এছিয়াতে বিয়পিছে যুদ্ধৰ দামামা!
Published on
Updated on

এবছৰ পূৰ্বে গাজাত আৰম্ভ হোৱা যুদ্ধখনে লেবানন আৰু ইৰাণ হৈ প্ৰায় গোটেই মধ্যপ্ৰাচ্যকে সামৰি লৈছে। গাজা, লেবাননত যুদ্ধ বিৰতিৰ কথা প্ৰতিমুহূৰ্ততে উচ্চাৰিত হোৱাৰ সময়তে ইৰাণ আৰু ইজৰাইলৰ মাজত আৰম্ভ হৈছে পূৰ্ণ পৰ্যায়ৰ যুদ্ধ। এই যুদ্ধৰ আৰম্ভণিয়ে পশ্চিম এছিয়ালৈয়ে মাতি আনিছে ভয়ানক বিপদ। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

সামাজিক মাধ্যমত ভাইৰেল হোৱা দৃশ্যসমূহ দেখি এনে লাগিছে যেন আকাশত সেয়া আতচবাজীহে ফুটিছে। ৰং-বিৰঙৰ আতচবাজীয়ে আকাশ উজলাই তুলিছে। আতচবাজীৰ ধোঁৱা আৰু ৰঙীন পোহৰে মায়াময় কৰি তুলিছে আকাশ।

পিছে বাস্তৱিকতে সেয়া কোনো আতচবাজীৰ পোহৰ নহয়। অন্ধকাৰ নাশি পোহৰ বিলাবলৈ কৰা কাৰো প্ৰচেষ্টা নহয়। এয়া মানৱ সমাজক ধ্বংস কৰিব পৰা অত্যাধুনিক ক্ষেপনাস্ত্ৰৰে বাহাদুৰী।

সামাজিক মাধ্যমত ভাইৰেল হোৱা সেই দৃশ্য দৰাচলতে এখন দেশে আন এখন দেশলৈ নিক্ষেপ কৰা অত্যাধুনিক ক্ষেপনাস্ত্ৰৰহে দৃশ্য। দীপাৱলীৰ ভাৰতৰ আকাশৰ দৰেই এতিয়া জ্বলি উঠিছে মধ্যপ্ৰাচ্যৰ ইৰাণ আৰু ইজৰাইলৰ আকাশ।

ভৌগলিক ভাৱে দক্ষিণ এছিয়াৰ এই দুই ৰাষ্ট্ৰই এখনে আনখনৰ ওপৰত নিক্ষেপ কৰিছে ক্ষেপনাস্ত্ৰ। এই ক্ষেপনাস্ত্ৰৰ ফলতেই দুয়োখন দেশৰ আকাশ দীপাৱলীৰ ভাৰতৰ আকশৰ দৰেই জিলিকি উঠিছে।

এক ভয়ংকৰ যুদ্ধৰ দামামা বাজিছে ইৰাণ আৰু ইজৰাইলৰ মাজত। তেহৰাণে ক্ষেপনাস্ত্ৰৰে কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে ইহুদি দেশখনেও। ইৰাণৰ সেনাঘাটিক লক্ষ্য কৰি ধাৰাবাহিক ক্ষেপনাস্ত্ৰৰে আক্ৰমণ চলাইছে ইজৰাইলে।

শনিবাৰে ইজৰাইলৰ এটাৰ পাছত এটাকৈ ক্ষেপনাস্ত্ৰৰ আক্ৰমণত কপি উঠিছে ইৰাণৰ ৰাজধানী তেহৰাণৰ লগতে কাষৰীয় কেইবাখনো চহৰ তথা অঞ্চল। একেসময়তে ইজৰাইলে আক্ৰমণ কৰিছে ইৰাক আৰু ছিৰিয়াকো।

ইৰাণৰ সেনাঘাটিত আক্ৰমণৰ কথা ঘোষণা কৰিছে ইজৰাইলৰ ডিফেন্স ফোৰ্চে। তেল আভিভৰ এই আগ্ৰাসনৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুতি চলাইছে ইৰাণৰ সেনায়ো। ফলত মধ্যপ্ৰাচ্যত এক ভয়ংকৰ যুদ্ধ অনিবাৰ্য হৈ পৰিছে।

যোৱা এবছৰ ধৰি গাজাতো যুদ্ধ অব্যাহত আছে। হামাছৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে ইজৰাইলে। হামাছৰ ওপৰত আক্ৰমণ কৰাৰ পাছতে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছিল ইৰাণৰ মদদপুষ্ট লেবাননৰ সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহে। ইয়াৰ ফলতেই তেহৰাণৰ সৈতে সংঘাত তীব্ৰতৰ হয় তেল আভিভৰ।

তাৰ মাজতেই ইজৰাইলী সেনাৰ আক্ৰমণত প্ৰাণ হেৰুৱাই হামাছৰ ৰাজনৈতিক প্ৰধান ইছমাইল হানিয়েহ আৰু হিজবুল্লাহৰ প্ৰধান হাছান নাছৰাল্লাৰ। ইয়াৰ ক্ষোভ তথা প্ৰত্যুত্তৰ হিচাপে যোৱা ১ অক্টোবৰত ইজৰাইলৰ ওপৰত মিছাইল আক্ৰমণ চলাই তেহৰাণে।

এই আক্ৰমণৰ প্ৰত্যুত্তৰ লগে লগে দিয়া নাছিল তেল আভিভে। কেইদিনমান মৌনতা অৱলম্বন কৰি প্ৰত্যাক্ৰমণৰ সকলো প্ৰস্তুতি তৈয়াৰ কৰি লৈছিল। সেই প্ৰস্তুতিৰ পাছতেই এতিয়া ধাৰাসাৰ বোমা নিক্ষেপ কৰিছে ইৰাণৰ ওপৰত।

ইৰাণক দুৰ্বল কৰিবলৈকে ইজৰাইলে এইবাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে ইৰাণৰ সেনা ঘাটিসমূহো। অৱশ্যে এই পৰ্যন্ত হতাহতিৰ কোনো তথ্য পোহৰলৈ অহা নাই যদিও বিস্তৰ ক্ষতি যে হৈছে তাত কোনো সন্দেহ নাই। হতাহতৰি সংখ্যাও যে পূৰ্বৰ আক্ৰমণসমূহতকৈ যথেষ্ট বৃদ্ধি পাব সেয়াও স্পষ্ট।

ইজৰাইলে এই আক্ৰমণৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছতেই ইৰাণেও অতি কঠোৰ ভাষাৰে ইয়াৰ প্ৰত্যুত্তৰ দিছে। ইৰাণৰ ফালৰ পৰা কৈছে ইজৰাইলৰ এই আগ্ৰাসী আক্ৰমণৰ পৰিণাম ভূগিব লাগিব। আমি ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু।

ইফালে জানিব পৰা মতে ইৰাণৰ ওপৰত চলোৱা এই আক্ৰমণ প্ৰত্যক্ষভাৱে নেতৃত্ব দিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গ্যালাণ্টে। তেওঁলোকে নিয়ন্ত্ৰণ কক্ষত বহি এই আক্ৰমণ পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰি আছে।

ইজৰাইলৰ এনে আক্ৰমণত ইৰাণৰ বাসিন্দাসকল এতি সন্ত্ৰাসিত হৈ পৰিছে। বিশেষকৈ ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰসমূহক লৈ আশংকাৰ সৃষ্টি হৈছে। কিছু দিনৰ পূৰ্বে এই পাৰমাণৱিক কেন্দ্ৰসমূহক লক্ষ্য কৰি ইজৰাইলে আক্ৰমণ কৰিব পাৰে বুলিও এক চৰ্চা চলিছিল।

এতিয়ালৈকে ইজৰাইলে তেনে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই যদিও ইজৰাইলৰ ওপৰত ভৰসা নাই ইৰাণৰ। তাৰোপৰি চিন্তাৰ বিষয় হৈ পৰিছে তৈল খাদসমূহো। এই তৈল খাদসমূহক যদি লক্ষ্য কৰি আক্ৰমণ কৰে তেন্তে সমগ্ৰ বিশ্বতে এই যুদ্ধৰ প্ৰভাৱ কিমান ভয়ংকৰ ভাৱে পৰিব সেয়া নকলেও স্পষ্ট।

এফালে ৰাছিয়া ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ মাজতেই এবছৰৰ পূৰ্বে মধ্যপ্ৰাচ্যত গাজাত আৰম্ভ হৈছিল হামাছ আৰু ইজৰাইলৰ মাজৰ যুদ্ধ। গাজাৰ এই যুদ্ধ লেবানন আৰু ইৰাণ হৈ প্ৰায় গোটেই মধ্যপ্ৰাচ্যকে সামৰি লৈছে।

গাজা, লেবাননত যুদ্ধ বিৰতিৰ কথা প্ৰতিমুহূৰ্ততে উচ্চাৰিত হৈছে। এই যুদ্ধ বিৰতিৰ মাজতে আকৌ এতিয়া ইৰাণ-ইজৰাইলৰ মাজত পূৰ্ণ পৰ্যায়ৰ যুদ্ধৰ সূচনা হৈছে। ফলত পশ্চিম এছিয়াৰ পৰিস্থিতি অধিক সূচনীয় হৈ পৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাজনৈতিক, কূটনৈতিক বিশেষজ্ঞসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in