কাৰ দখললৈ জম্মু কাশ্মীৰ? BJP, INDIA ক লাগে ইঞ্জিনীয়াৰৰ সমৰ্থন !

কাৰ দখললৈ জম্মু কাশ্মীৰ? BJP, INDIA ক লাগে ইঞ্জিনীয়াৰৰ সমৰ্থন !
কাৰ দখললৈ জম্মু কাশ্মীৰ? BJP, INDIA ক লাগে ইঞ্জিনীয়াৰৰ সমৰ্থন !
Published on
Updated on

এটা দশকৰ পাছত জম্মু কাশ্মীৰত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত সৃষ্টি হৈছে অভিলেখ। জনতাৰ মনত এতিয়াও আছে ৩৭০ প্ৰত্যাহাৰৰ ক্ষোভ। অঞ্চলটোত আছে অনেক সমস্যা। এনে পৰিস্থিতিত জনতাৰ জনাদেশ কোন দিশে? কোনে দখল কৰিব জম্মু কাশ্মীৰ বিধানসভা? এই সকলো দিশ সামৰি অসমীয়া প্ৰতিদিন ডিজেটলৰ এক বিশেষ প্ৰতিবেদন।

বুলেট নহয়, বেলটেহে আনিব শান্তি। এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছে জম্মু আৰু কাশ্মীৰী জনতাই। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ইতিমধ্যে ইয়াৰ স্পষ্ট প্ৰমাণ দাঙি ধৰিছে ভোটাৰ ৰাইজে।

সন্ত্ৰাস জৰ্জৰ অঞ্চলটোত বিচ্ছিন্নতাবাদী শক্তিয়ে এতিয়াও এক অশান্ত পৰিবেশৰ সূচনা কৰি আহিছে যদিও এই শক্তিক নস্যাৎ কৰি গণতন্ত্ৰৰ উৎসৱত চামিল হৈছে জম্মু কাশ্মীৰৰ ভোটাৰ ৰাইজ। সেয়ে ১৮ ছেপ্টেম্বৰৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত অভিলেখ সংখ্যক ভোটাৰে আহি ভোটাধিকাৰ সাব্যস্ত কৰিলে।

প্ৰায় এটা দশকৰ পিছত জম্মু-কাশ্মীৰত অনুষ্ঠিত হৈছে বিধানসভাৰ নিৰ্বাচন। অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পাছত ২০১৯ ত প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল যদিও সেইবাৰ ভোটকেন্দ্ৰসমূহত নিৰ্বাচনী বিষয়াই মাখি মাৰিবলগীয়া এক পৰিস্থিতিৰ সূচনা হৈছিল।

সেইবাৰ কাশ্মীৰত নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিছিল বিভিন্ন বিচ্ছিন্নতাবাদী শক্তি আৰু একাধিক সন্ত্ৰাসবাদী সংগঠনে। ২০২৪ ত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত সেই পৰিবেশ কিছু সলনি হৈছিল। কাশ্মীৰী ভোটাৰ ৰাইজ ওলাই আহি ভোট দিছিল।

কিন্তু ১৮ ছেপ্টেম্বৰ, ২০২৪ ত সকলো অভিলেখ ভংগ কৰিলে। ৩৫ বছৰৰ পিছত সৰ্বাধিক ৫৯.৪৩ শতাংশ ভোটদান হ'ল কাশ্মীৰত। কিষ্টৱাৰ বিধানসভা সমষ্টিত সৰ্বাধিক ৭৭.২৩ শতাংশ ভোটদান হ'ল।

সন্ত্ৰাসজৰ্জৰ শ্বপিয়ানত ভোটাদন হ'ল ৫৩.৬৪ শতাংশ। একেদৰেই সন্ত্ৰাসবাদী কাৰ্যকলাপ সঘন সংঘটিত হোৱা অনন্তনাগ সমষ্টিত ৫৪.১৭ শতাংশ, ডোডা সমষ্টিত ৬৯.৩৩ শতাংশ, কুলগ্ৰাম সমষ্টিত ৬২.৪৬ শতাংশ, পুলৱামা সমষ্টিত ৪৬.৬৫ শতাংশ, ৰামবাম সমষ্টিত ৬৯.৫৬ শতাংশ ভোটদান হ'ল। অশান্ত অঞ্চলটোত ভোটাৰৰ এনে উৎসাহজনক অংশগ্ৰহণ বহু কেইটা দিশত গুৰুত্বপূৰ্ণ।

দক্ষিণ কাশ্মীৰৰ মুঠ ৭ খন জিলাত সম্পন্ন হৈ যোৱা এই ভোটগ্ৰহণ ব্যৱস্থা আছিল নিৰ্বাচন আয়োগৰ বাবেও যথেষ্ট প্ৰত্যাহ্বানমূলক। মূলতঃ সন্ত্ৰাসবাদী, বিচ্ছিন্নতাবাদীৰ ৰম্যভূমি হিচাপেই পৰিচিত কাশ্মীৰৰ অনন্তনাগ, কুলগ্ৰাম, পুলৱামা, শ্বপিয়ান আদি জিলা কেইখন। সেই প্ৰত্যাহ্বানকো নেওচি সফলতাৰেই সম্পন্ন হৈ গ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া।

২৩ লাখ ২৭ হাজাৰ ভোটাৰে এই সমষ্টি কেইটাৰ মুঠ ৩ হাজাৰ ২৭৬ টা ভোট কেন্দ্ৰত নিৰ্ধাৰণ কৰিলে ২১৯ গৰাকী ভোটাৰৰ ভাগ্য। ইফালে কাশ্মীৰৰ পৰা বিতাৰিত কাশ্মীৰী পণ্ডিতৰ বাবে দিল্লীতো চাৰিটাকৈ ভোট কেন্দ্ৰ স্থাপন কৰা হৈছিল। তাতো কাশ্মীৰে পণ্ডিতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে।

কাশ্মীৰী জনতা গণতন্ত্ৰত বিশ্বাসী। কাশ্মীৰত সৃষ্টি হোৱা সন্ত্ৰাসমূলক কাৰ্যকলাপ, সেনাৰ ওপৰত সংগবদ্ধ আক্ৰমণ, সন্ত্ৰাসবাদীৰে স্থানীয় একাংশ লোকৰ সম্পৰ্ক আদি অনেক কাৰণত দেশৰ আন প্ৰান্তৰ বহু লোকেই কাশ্মীৰী লোকক সন্দেহৰ চকুৰে চাই অহাৰ উদাহৰণো আছে।

কাশ্মীৰী পণ্ডিতৰ ওপৰত হোৱা আক্ৰমণ, কাশ্মীৰৰ পৰা এইসকলক বিতাৰণ কৰা কাৰ্য এই অঞ্চলটোৰ অন্যতম এক ক'লা অধ্যায়। কাশ্মীৰী পণ্ডিতৰ ওপৰত হোৱা আক্ৰমণৰ পৰৱৰ্তী সময়ত হোৱা টাৰ্গেত কিলিংৰ সেই বিভৎস্ব সময়বোৰ এতিয়াও মানুহৰ মানসপটত বিৰাজমান। সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজনেই নাই।

এনে পৰিস্থিতিত কাশ্মীৰলৈ শান্তি ঘূৰাই অনাৰ বাবে, অঞ্চলটোক ভাৰতৰ মূল ভূখণ্ডৰ সৈতে আত্মিক সম্পৰ্ক সুদৃঢ় কৰিবলৈ বিজেপি চৰকাৰে ইয়াৰ পৰা সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ এনে কাৰ্যক অঞ্চলটোৰ ৰাইজে আজিও মানি ল'ব পৰা নাই। ৩৭০ প্ৰত্যাহাৰৰ পাছতো অব্যাহত আছে সন্ত্ৰাসবাদী কাৰ্যকলাপ।

কাশ্মীৰী জনতাই ৰাজ্য মৰ্যাদা পুনৰ ঘূৰাই বিচাৰিছে। জম্মু কাশ্মীৰৰ পৰা লাডাখক পৃথক কৰি জম্মু-কাশ্মীৰ আৰু লাডাখক দুখন কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ বিষয়টোক আজিও বিৰোধিতা কৰি আহিছে ইয়াৰ জনতাই। বিজেপিয়েও নিৰ্বাচনৰ পূৰ্বে কাশ্মীৰক পূৰ্বৰ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিব বুলি প্ৰতিশ্ৰুতি দিছে।

কিন্তু কেতিয়া জম্মু কাশ্মীৰে ৰাজ্যৰ মৰ্যাদা ঘূৰাই পাব সেয়া স্পষ্ট কৰা নাই। এনে প্ৰেক্ষাপটতে ভোট কেন্দ্ৰত ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। একাধিক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কাশ্মীৰী জনতাই ভোটদিবলৈ আহি এই কথাই উল্লেখ কৰিছে।

তেওঁলোকে কৈছে, ৩৭০ প্ৰত্যাহাৰ কৰি কাশ্মীৰী জনতাক যি অপমান কৰিলে তাৰ উত্তৰ আমি দিম। বিজেপি যাতে কাশ্মীৰত জয়ী হ'ব নোৱাৰে সেয়া সুনিশ্চিত কৰিবলৈ ভোট কেন্দ্ৰলৈ কাশ্মীৰী জনতা আহিছে। গণতান্ত্ৰিক ব্যৱস্থাৰ মাধ্যমেৰেই আমি আমাৰ উত্তৰ দিম।

এইবাৰো কাশ্মীৰত নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিছিল একাধিক সংগঠনে। কিন্তু এইসকলৰো একাংশই ভোট দিবলৈ ভোটকেন্দ্ৰত আহি উপস্থিত হোৱাও পৰিলক্ষিত হ'ল। কাশ্মীৰত ভোট বৰ্জনৰ আহ্বান জনোৱা এগৰাকী অন্যতম নেতা ছায়াৰ আহমেদ ৰেছি।

এইগৰাকী নেতা চি পি আই এমৰ কেন্দ্ৰীয় সমিতিৰ একালৰ সদস্য তথা ১৯৯৬ চনৰ পৰা কুলগ্ৰাম বিধানসভা সমষ্টিৰ বিধায়ক হৈ আছিল। তেওঁ এইবাৰ প্ৰথমে ভোট বৰ্জনৰ আহ্বান দিছিল যদিও ভোটগ্ৰহণৰ সময়ত ভোট দিবলৈ আহিছে।

পিডিপি নেত্ৰী মেহবুব মুফটিৰ মাতৃয়েও ভোট দিবলৈ আহি কৈছে শাসনলৈ যিসকলেই নাহক কিয় পৰিস্থিতি উন্নত হওঁক। এইদৰেই কাশ্মীৰত কোনো বিক্ষিপ্ত ঘটনা নঘটাকৈ প্ৰথম পৰ্যায়ৰ ভোটদান অন্ত পৰিল।

এই পৰ্থম পৰ্যায়ৰ ভোটদানৰ লক্ষ্যণে কিন্তু জনতাৰ জনাদেশ বিজেপিৰ পক্ষে কিমানদূৰ গৈছে তাত সন্দেহৰ সৃষ্টি কৰিছে। জম্মু কাশ্মীৰৰ মুঠ বিধানসভাৰ সংখ্যা ১১৪ খন আছিল যদিও তাৰে ২৪ খন আসন পাক অধীকৃত কাশ্মীৰত আছে।

সেয়ে ৯০ খন আসনতে নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে। এই ৯০ খন আসনৰ ভিতৰত জম্মু উপত্যকাত ৪৩ খন আসন আৰু কাশ্মীৰ উপত্যকাত আছে ৪৭ খন আসন। চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন ৪৬ খন আসনৰ।

৩৭০ প্ৰত্যাহাৰৰ দৰে আৱেগিক কিছু কাৰণৰ উপৰিও কাশ্মীৰী জনতাই নিবনুৱা, মূল্যবৃদ্ধি, বিদ্যুুৎ,পানী, যোগাযোগ আদি সমস্যাৰে ভাৰাক্ৰান্ত। জম্মু উপত্যকাৰ ৰাইজৰ অভিযোগ কাশ্মীৰ উপত্যাকাক সদায়েই অধিক গুৰুত্ব দি অহা হৈছে। বিজেপিৰো জম্মুতকৈ কাশ্মীৰৰ প্ৰতি আগ্ৰহ অধিক বুলিয়েই অভিযোগ আছে।

এনে পৰিস্থিতি প্ৰকাশিত এক সমীক্ষা মতে এইবাৰ জম্মু কাশ্মীৰ বিধানসভা দখলৰ বাবে কোনো এটা দলেই় সংখ্যাগৰিষ্ঠতা কোনেও অৰ্জন কৰিব নোৱাৰিব। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত তাৰ কিছু প্ৰমাণ পোৱা গৈছে।

বিজেপিয়ে জম্মু উপত্যকাৰ পৰা ৩০ খনৰো অধিক আসন লাভৰ আশা কৰিছে যদিও সেয়া ইমান এটা সহজ নহ'ব। 'ইণ্ডিয়া'ৰো জম্মু উপত্যকাৰ পৰা ২০ ৰ পৰা ২৫ খন আসন লাভ কৰাৰ সম্ভাৱনাই দেখা দিছে।

গতিকে ক্ষমতালৈ আহিবলৈ ইণ্ডিয়াক কাশ্মীৰ উপত্যকাৰ লাগিব অতি কমেও ২৬ খন আসন। কিন্তু কাশ্মীৰ উপত্যকাত কংগ্ৰেছ, নচনেল কনফাৰেন্স মিত্ৰজোঁটে সিমান আসন দখল যে কৰিব পাৰিব তাত সন্দেহ আছে।

কাশ্মীৰ উপত্যকাত পিডিপিয়ে সৰ্বাধিক ৪ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। দলটো ২০১৪ চনৰ পৰাই বিজেপিৰ সৈতে মিত্ৰতাত আছে। এই বিজেপি চৰকাৰেই ৩৭০ প্ৰত্যাহাৰ কৰিলে।

সেয়ে দলটোৱে জনতাৰ আস্থা হেৰুৱাইছে। উত্তৰ প্ৰদেশৰ মায়াৱতীৰ যি অৱস্থা হ'ল সেই একেই অৱস্থা মেহবুবা মুফটিৰো হ'ব বুলি ৰাজনৈতিক বিশ্লেষকসকলে দাবী কৰিছে।

এইবাৰ জম্মু কাশ্মীৰত তৃতীয় বিকল্প হিচাপে মূৰ দাঙি উঠিছে শ্বেইখ আব্দুল্লা ৰছিদ ওৰফে ইঞ্জিনীয়াৰ ৰছিদৰ আৱামী ইত্তিহাদ পাৰ্টি। এই দলটোৱে ১০ ৰ পৰা ১৫ খন আসন লাভৰ সম্ভাৱনা আছে। গতিকে এইবাৰ জম্মু কাশ্মীৰত কিং মেকাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ইঞ্জিনীয়াৰ ৰছিদ।

বিজেপি অথবা 'ইণ্ডিয়া'ক জম্মু কাশ্মীৰ বিধানসভা দখলৰ বাবে প্ৰয়োজন হ'ব ইঞ্জিনীয়াৰ ৰছিদৰ সমৰ্থন। বিজেপিয়ে কাৰাগাৰলৈ নিক্ষেপ কৰা ৰছিদে যে বিজেপিক সমৰ্থন দিব সেয়া সম্ভৱ নহয়।

'ইণ্ডিয়া'ক সমৰ্থন দিয়াৰ ক্ষেত্ৰত তেওঁ আৰোপ কৰিছে পোনপটিয়া চৰ্ত। তেওঁৰ স্পষ্ট কথা, যদিহে জম্মু কাশ্মীৰক ৩৭০ ধাৰা উভতাই দিয়ে তেন্তে তেওঁ ইণ্ডিয়াক সমৰ্থন দিব।

এনে পৰিস্থিতি বিজেপিয়ে শেষ মুহূৰ্তত অপাৰেচন লটাছৰ আধাৰত জম্মু কাশ্মীৰ দখলৰ চেষ্টা কৰিব পাৰে বুলিও এক পূৰ্বানুমান কৰা হৈছে। কিন্তু এই কথা স্পষ্ট যে জম্মু কাশ্মীৰৰ ক্ষেত্ৰত সেই পদক্ষেপ বিজেপিয়ে এইবাৰ গ্ৰহণ নকৰে। জম্মু কাশ্মীৰৰ জনতাই যি জনাদেশ দিয়ে তাকেই গ্ৰহণ কৰিব বিজেপিয়ে। এই কথা দলটোৱে ইতিমধ্যে প্ৰকাৰন্তৰে বুজাই দিছে।

কাৰ দখললৈ জম্মু কাশ্মীৰ? BJP, INDIA ক লাগে ইঞ্জিনীয়াৰৰ সমৰ্থন !
Jammu Kashmir Election: বিচ্ছিন্নতাবাদ নহয় গণতন্ত্ৰৰ প্ৰতিহে আগ্ৰহী কাশ্মীৰী জনতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in