Advertisment

৪৩ সমষ্টিতেই নিৰ্ভৰ ঝাৰখণ্ড বিধানসভাৰ ভৱিষ্যত !

অন্ত পৰিল ঝাৰখণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। নিৰ্বাচন আয়োগৰ প্ৰাৰম্ভিক তথ্য অনুসৰি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৪৩ টা বিধানসভা সমষ্টিত মুঠ ৬৪.৮৬ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

author-image
Asomiya Pratidin
New Update
ভোটযুদ্ধ

অন্ত পৰিল ঝাৰখণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ লগতে ১০ খন ৰাজ্যৰ বিধানসভাৰ উপ নিৰ্বাচন আৰু ৱায়নাড লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। বহু কেইটা কাৰণত ঝাৰখণ্ডৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আছিল অত্যন্ত গুৰুত্বপূৰ্ণ। বহু হেভিৱেইট নেতাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিছে আজিৰ ভোটগ্ৰহণৰ ওপৰতে। এই সন্দৰ্ভতে সবিশেষ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

অন্ত পৰিল ঝাৰখণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। নিৰ্বাচন আয়োগৰ প্ৰাৰম্ভিক তথ্য অনুসৰি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৪৩ টা বিধানসভা সমষ্টিত মুঠ ৬৪.৮৬ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

৮১ খন আসনৰ ঝাৰখণ্ড বিধানসভা এইবাৰ কোনে দখল কৰিব সেই বিষয়ত আজিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিছে। আজি ভোটগ্ৰহণ হৈ যোৱা ৪৩ টা সমষ্টিত মুঠ ৬৮৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ হৈছে।

যদিও কেইবাটাও সমষ্টিত মাওবাদীৰ প্ৰভাৱ আছিল তথাপিও শান্তিপূৰ্ণ ভাৱেই প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰিছে। আদিবাসী প্ৰধান এই ক্ষুদ্ৰ ৰাজ্যখনৰ বিধানসভাক এইবাৰ বিজেপিয়ে গেৰুৱাকৰণ কৰিবলৈ ব্যাপক তৎপৰ হৈ পৰিছে। নিৰ্বাচনৰ পূৰ্বে বাৰে বাৰে প্ৰধানন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখন ভ্ৰমণ কৰিছে। ৰাজ্যখনত এইবাৰ পদুম ফুলাবলৈ পাৰ্যমানে চেষ্টা অব্যাহত ৰাখিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইতিমধ্যে এক সৱল উপস্থিতিৰ প্ৰমাণ দাঙি ধৰা হিমন্ত বিশ্ব শৰ্মাৰ বাবেও ঝাৰখণ্ড বিধানসভা নিৰ্বাচন এক অগ্নিপৰীক্ষা বুলিব পাৰি। ঝাৰখণ্ডৰ নিৰ্বাচনী ফলাফলে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক ভৱিষ্যতৰ ওপৰতো নিশ্চয়কৈ প্ৰভাৱ পেলাব।

বাংলাদেশ সীমান্তৰ পৰা কেইবাশ কিলোমিটাৰ আঁতৰত অৱস্থিত ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনত এইবাৰ বাংলাদেশীৰ প্ৰসংগ উত্থাপন হৈছে। হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা এই বিষয়টোকে পৰৱৰ্তী সময়ত বিজেপিৰ শীৰ্ষ নেতৃত্বই বিশেষকৈ অমিত শ্বাহে নিৰ্বাচনী ইছ্যু হিচাপে বুটলি লৈছে। 

এনে প্ৰেক্ষাপটত আজিৰ ৪৩ টা সমষ্টিত বিজেপিৰ ফলাফল হব লক্ষ্যণীয়। এই ৪৩ টা বিধানসভা সমষ্টিত আছে মুঠ ১.৩৭ কোটি ভোটাৰ। আজিৰ পৰা মাত্ৰ ছমাহ পূৰ্বে লোকসভা নিৰ্বাচনত বিজেপিয়ে এই ৪৩ বিধানসভা সমষ্টিৰ ভিতৰত ২৫ খন আসনতে আগবাঢ়ি আছিল। সেই ফালৰ পৰা আজিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বিজেপি কিছু আগত থকা বুলি অনুমান কৰিছে বিশেষজ্ঞসকলে।

সেই নিৰ্বাচনত গ্ৰেণ্ড এলায়েঞ্চ (ঝাৰখণ্ড মুক্তি মৰ্চা, কংগ্ৰেছ) ১৮ খন আসনত আগবাঢ়ি আছিল। অৱশ্যে এইবাৰৰ বিধানসভা নিৰ্বাচনত সেই দৃশ্যাৱলী সলনি হোৱাৰো যথেষ্ট সম্ভাৱনা আছে।

সাধাৰণতে ৰাজ্যিক বিধানসভা নিৰ্বাচনত নিৰ্বাচনী ইছ্যুসমূহ স্থানীয় সমস্যাৰ ওপৰত নিৰ্ভৰ কৰে যদিও ঝাৰখণ্ডত কিন্তু স্থানীয় মূল ইছ্যুসমূহ সৱল ৰূপত উত্থাপন কৰিব পৰা নাই। তাৰ পাছতো ৰাজ্যখনত নেচনেল ডেমক্ৰেটিক এলায়েন্স আৰু ইণ্ডিয়াৰ মাজত আজিৰ নিৰ্বাচনত তীব্ৰ প্ৰতিদ্বন্দিতা পৰিলক্ষিত হৈছে।

কিন্তু এই দুয়োটা শক্তিৰ অকংত খেলিমেলি লগাইছে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা বহু সংখ্যক নিৰ্দলীয় প্ৰাৰ্থীয়ে।লক্ষ্যণীয় কথাটো হব এইসকল নিৰ্দলীয় প্ৰাৰ্থীয়ে কাৰ ভোট বিভাজন কৰে।

আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৪৩ টা লোকসভা সমষ্টিৰ ভিতৰত প্ৰধান সমষ্টিসমূহৰ ভিতৰত অন্যতম জামছেদপুৰ পূৱ, জামছেদপুৰ পশ্চিম, জুগছালাই, পটকা, ঘাটশিলা, বাহাৰাগোড়া, ছিৰাইকেলা আৰু খাৰছৱান।

ছমাহৰ পূৰ্বৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ দৃশ্যপটলৈ যদি মন কৰা যায় এই সমষ্টি কেইটাৰ ভিতৰত জামছেদপুৰ পূৱ সমষ্টিত ১.৯৩ লাখ ভোটৰ ভিতৰত বিজেপিয়ে লাভ কৰিছিল ১.৩৫ লাখ ভোট। জে এম এমে পাইছিল ৪০ হাজাৰ ভোট।

সেইদৰে ২.১৮ লাখ ভোটাৰ থকা জামছেদপুৰ পশ্চিম সমষ্টিত বিজেপিয়ে পাইছিল ১.৩৩ লাখ আৰু জে এম এমে পাইছিল ৭৭ হাজাৰ ভোট। যুগছালাইৰ ২.৪৬ লাখ ভোটৰ ভিতৰত বিজেপিয়ে পাইছিল ১.৩৯ লাখ আৰু জে এম এমে পাইছিল ৮৩ হাজাৰ ভোট।

পটকাৰ ২.২৭ লাখ ভোটাৰ ভিতৰত বিজেপিয়ে পাইছিল ১.১১ লাখ ভোট আৰু জে এম এমে পাইছিল ৯৯ হাজাৰ ভোট। ঘাটশিলাত আকৌ বিজেপিয়ে ৮৮ হাজাৰ আৰু জে এম এমে ৮৭ হাজাৰ ভোট লাভ কৰিছিল।

বাহাৰাগোড়াত বিজেপিয়ে ১ লাখ, জে এম এমে ৭২ হাজাৰ, ছিৰাইকেলাত বিজেপিয়ে ১.১৮ লাখ, জে এম এমে ৯৮ হাজাৰ আৰু খাৰছৱানত কংগ্ৰেছে ৯০ হাজাৰ বিজেপিয়ে ৭৪ হাজাৰ ভোট লাভ কৰিছিল।

ৰাজ্যখনৰ আদিবাসী গ্ৰামাঞ্চলত অৱশ্যে বিজেপিৰ প্ৰভাৱ বৰ বেছি নাই। আদিবাসী প্ৰধান সমষ্টি ছাইবাছাত জে এম এমে ১ লাখ, বিজেপিয়ে ৪৫ হাজাৰ, মাঝাগাঁৱত ১.৫২ লাখ ভোটৰ ভিতৰত ৯৫ হাজাৰেই লাভ কৰিছিল জে এম এমে।

একেদৰে জগন্নাথপুৰত জে এম এমে ৭০ হাজাৰ, বিজেপিয়ে ৪৯ হাজাৰ, মনোহৰপুৰ আৰু চকৰাধৰপুৰত জে এম এমেই সৰ্বাধিক ৭৬ হাজাৰ আৰু ৭১ হাজাৰ ভোট লাভ কৰিছিল।

নগৰ অঞ্চলত অৱশ্যে বিজেপিৰ প্ৰভাৱে পৰিলক্ষিত হৈছিল ২০২৪ ৰ লোক সভা নিৰ্বাচনত। নগৰ অঞ্চলৰ মূল সমষ্টি ৰাঁছী, হজৰীবাগ, ছিমাৰিয়া আৰু কোডাৰমা আদিত বিজেপিয়েই আগত আছিল।

আজি ভোটগ্ৰহণ হোৱা মন্দাৰ, ছিছাই, তামাৰ আৰু তোৰপা আদি নগৰ অঞ্চলৰ বিধানসভা সমষ্টিত অৱশ্যে কংগ্ৰেছ, জে এম এমৰ প্ৰভাৱ আছে। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত এই সমষ্টি কেইটাত বিজেপিতকৈ কংগ্ৰেছ আৰু জে এম এম বহু আগবাঢ়ি আছিল।

এনে পৰিপ্ৰেক্ষিতত আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৪৩ টা সমষ্টিত এন ডি এ আৰু ইণ্ডিয়াৰ মিশ্ৰিত প্ৰভাৱ পৰিলক্ষিত হৈছে। সমষ্টি কেইটাত হোৱা ভোটদানৰ শতাংশও অৱশ্যে আশাপ্ৰদ।

আজি ৪৩ টা সমষ্টিৰ ভিতৰত হেভিৱেইট প্ৰাৰ্থী হিচাপে চৰ্চাত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই চোৰেন, তেওঁৰ পুত্ৰ বাবুলাল, আন দুই প্ৰাক্তন মুখ্যমন্ত্ৰী মধু কোড়াৰ পত্নী তথা প্ৰাক্তন সাংসদ গীতা কোড়া, অৰ্জুন মুণ্ডাৰ পত্নী মীৰা, বিজেপিৰ আন এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী ৰঘুবৰ দাসৰ পুত্ৰবোৱাৰী পূৰ্ণিমা, এ আই চি চিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা প্ৰাক্তন আই পি এছ অজয় কুমাৰ, মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ মন্ত্ৰীসভাৰ সদস্য তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ ওৰাও আদি।

১০ খন ৰাজ্যতো অন্ত পৰিল উপ নিৰ্বাচন

ঝাৰখণ্ডৰ উপৰিও আজি অসমকে ধৰি মুঠ ১০ খন ৰাজ্যত সৰু সৰু দুই এটা বিক্ষিপ্ত ঘটনাৰে অন্ত পৰিল বিধানসভাৰ উপ নিৰ্বাচন। অসমৰ ৫ টা বিধানসভা সমষ্টি বঙাইগাঁৱত ৭২ শতাংশ, ধলাইত ৭২.৪০ শতাংশ, বিহালীত ৭৩.৭০ শতাংশ, চিদলীত ৭১.৫০ শতাংশ আৰু চামগুৰিত সৰ্বাধিক ৭৮.১০ শতাংশ ভোটাধিকাৰ সাব্যস্ত হয়।

বিহাৰৰ ৪ টা সমষ্টি ক্ৰমে তাৰাৰীত ৫০.১০ শতাংশ, বেলাগঞ্জত ৫৩.৪৫ শতাংশ, ৰামগড়ত ৫২.৪০ শতাংশ, ইমানগঞ্জত ৫১.৩৮ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। ছত্তিশগড়ৰ একমাত্ৰ ৰাইপুৰ চিটি দক্ষিণ সমষ্টিত অনুষ্ঠিত হোৱা ভোটগ্ৰহণত মাত্ৰ ৪৬.৪৩ শতাংশ ভোটাৰেহে ভোটদান কৰিলে। একেদৰে গুজৰাটৰ একমাত্ৰ ভাভ সমষ্টিত ৬৮.০১ শতাংশ ভোটাৰে ভোটদান কৰে।

কৰ্ণাটকৰ তিনি সমষ্টি ক্ৰমে শ্বিগ্গনাত ৭৫.০৭ শতাংশ, ছানদুৰত ৭১.৪৭ শতাংশ আৰু চন্নাপটনা সমষ্টিত ৮৮.৮০ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। কেৰালাৰ চিলাক্কাৰা সমষ্টিত ভোটাধিকাৰ সাব্যস্ত হয় ৬৯.৩৯ শতাংশ।

মধ্য প্ৰদেশৰ দুটা সমষ্টি ক্ৰমে বিজয়াপুৰ আৰু বুধিনীত ভোটাধিকাৰ সাব্যস্ত হয় ৭৫.২৭ আৰু ৭২.৩৭ শতাংশ। মেঘালয়ৰ একমাত্ৰ গেমবেগৰে সমষ্টিত ভোটাধিকাৰ সাব্যস্ত হৈছে ৮০.৯১ শতাংশ।

ৰাজস্থানত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনৰ ৭ টা বিধানসভা সমষ্টিৰ ভিতৰত ঝুনঝুনোত ৬১.৮০ শতাংশ, দেওলি-উনিয়াৰাত ৬০.৬১ শতাংশ, চৌৰাছিত ৬৮.৫৫ শতাংশ, ৰামগড়ত ৭১.৪৫ শতাংশ, খিনশ্বৰত ৭১.০৪ শতাংশ, ডাউচাত ৫৫.৬৩ শতাংশ, ছালুমবাৰত ৬৪.১৯ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

চুবুৰীয়া পশ্চিম বংগৰ ৬ টা সমষ্টিৰ ভিতৰত নাইহাটিত ৬২.১০ শতাংশ, তালদাংগ্ৰাত ৭৫.২০ শতাংশ, ছিতাইত ৬৬.৩৫ শতাংশ, হাৰোৱাত ৭৩.৯৫ শতাংশ, মদাৰিহাটত ৬৪.১৪ শতাংশ আৰু মেদিনীপুৰত ৭১.৮৫ শতাংশ ভোটাধিকাৰ সাব্যস্ত হয়।

ৱায়নাড লোকসভা সমষ্টিৰ উপ নিৰ্বাচন

কেৰালাৰ ৱায়নাড লোকসভা সমষ্টিত আজি অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ প্ৰতিও দেশবাসীৰ দৃষ্টি নিবদ্ধ আছে। সমষ্টিটোৰ পৰা দ্বিতীয়বাৰৰ বাবে ৰাহুল গান্ধী লোকসভালৈ নিৰ্বাচিত হৈ গৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁ এই সমষ্টি এৰি দিয়াত উপ নিৰ্বাচন বাঞ্চনীয় হৈ পৰে।

এই সমষ্টিত এইবাৰ মুঠ ১৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে। কংগ্ৰেছে প্ৰক্ষেপ কৰিছে দলটোৰ সাধাৰণ সম্পাদক তথা ৰাহুল গান্ধীৰ ভগ্নী প্ৰিয়ংকা গান্ধী ভদ্ৰাক। তাৰোপৰি সমষ্টিটোত চি পি আই (এম)-এ সত্যন মোকেৰীক আৰু বিজেপি নেতৃত্বাধীন এন ডি এয়ে নব্যা হৰিদাসক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে।

অৱশ্যে সমষ্টিটোত প্ৰিয়ংকা গান্ধীৰ সপক্ষেই প্ৰৱল বতাহ বলি থকা পৰিলক্ষিত হৈ আহিছে। আজি ভোটগ্ৰহণৰ পাছত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা প্ৰাৰম্ভিক তথ্য অনুসৰি ৱায়নাডত ৬০.৭৯ শতাংশ লোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে।

ৱায়নাড উপ নিৰ্বাচন ঝাৰখণ্ড