মামাক বিশ্বাসত নল'লে আদিবাসী জনগণে...

আজি তেওঁ মহা বিপদত। ৰাজ্যৰ ৫ টা কৈ বিধানসভা সমষ্টিত নিজ দলৰ লগতে মিত্ৰদলৰ প্ৰাৰ্থীৰ বিজয়ৰ আনন্দত তেওঁ মতলীয়া হ’ব লাগিছিল যদিও সেই আনন্দ উৎসৱত মন খুলি চামিল হব পৰা নাই।

author-image
Asomiya Pratidin
New Update
ঝাৰখণ্ড নিৰ্বাচন হিমন্ত বিশ্ব শৰ্মা

ঝাৰখণ্ডত পৰাজয় নিশ্চিত বিজেপিৰ। ৰাজ্যখনত সহ প্ৰভাৰীৰ দায়িত্বত আছিল হিমন্ত বিশ্ব শৰ্মা। প্ৰভাৰীৰ দায়িত্বত যদিও শিৱৰাজ সিং চৌহান আছিল তথাপিও চৰ্চাত আছিল কেৱল হিমন্ত বিশ্ব শৰ্মা। ঝাৰখণ্ডত বিজপিৰ পৰাজয়ৰ কাৰণ কি? এই পৰাজয়ে কিদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰভাৱিত কৰিব সেই সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এই বিশেষ প্ৰতিবেদন। 

 

আজি তেওঁ মহা বিপদত। ৰাজ্যৰ ৫ টা কৈ বিধানসভা সমষ্টিত নিজ দলৰ লগতে মিত্ৰদলৰ প্ৰাৰ্থীৰ বিজয়ৰ আনন্দত তেওঁ মতলীয়া হব লাগিছিল যদিও সেই আনন্দ উৎসৱত মন খুলি চামিল হব পৰা নাই।

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনী ফলাফলত বিজেপি নেতৃত্বাধীন মহাজুটিয়ে অভূতপূৰ্ব সফলতা লাভ কৰিছে যদিও সেই দলীয় সফলতাকো তেওঁ উদযাপন কৰিব পৰা নাই। সকলো অংকই যেন খেলিমেলি কৰি দিলে ঝাৰখণ্ডে।

ঝাৰখণ্ডৰ জনতাই নাৰাখিলে দুই মামাৰ মান। ৮১ খন আসনৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰভাৰী হিচাপে দায়িত্ব দিছিল মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক।

সহ প্ৰভাৰীৰ দায়িত্ব পাইছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই দুয়োগৰাকী নেতাই আকৌ নিজ নিজ ৰাজ্যত মামা হিচাপে অতি জনপ্ৰিয়। ভাৰতীয় জনতা পাৰ্টিয়ে আশা কৰিছিল জ্যেষ্ঠ আৰু কনিষ্ঠ মামাই মিলি এইবাৰ ঝাৰখণ্ডক গেৰুৱা কৰিব।

এক্সিট পোলেও তেনে এক ধাৰণাই দিছিল। আত্মবিশ্বাসী হৈ পৰিছিল কনিষ্ঠ মামাও। কিন্তু এইবাৰ যেন মামাৰ ভাগ্য সুপ্ৰসন্ন নাছিল। আজি ভোটগণনা আৰম্ভ হোৱাৰ ঠিক পাছতেই ঝাৰখণ্ডত পুনৰ এবাৰ ঝাৰখণ্ড মুক্তি মৰ্চাৰ চৰকাৰ নিশ্চিত হৈছে।

এই প্ৰতিবেদন লিখি থকাৰ সময়লৈকে ৰাজ্যখনৰ ৮১ খন আসনৰ ভিতৰত জে এম এমে ১৯ খন আসনত বিজয় নিশ্চিত কৰাৰ উপৰিও সৰ্বমুঠ ৩৪ খন আসনত আগবাঢ়ি আছে। কংগ্ৰেছ ৮ খন আসনত জয়ী হোৱাৰ লগতে আন ৮ খন আসনত আগবাঢ়ি আছে।

বিজেপিয়েও ৮ খন আসনত বিজয় নিশ্চিত কৰিছে আৰু অন্য ১৩ খন আসনত আগবাঢ়িছে। ৰাজ্যখনত দলটোৰ মুঠ অগ্ৰগতি ২১ খন আসনত। তাৰোপৰি আৰ জে ডি ৪ খনত, চি পি আই (এম এল)(এল) ২ খনত, এ জে এছ ইউ পি আৰু এল জে পি আৰ ভি ১ খন আসনত আগবাঢ়ি আছে।

দায়িত্ব লাভ কৰাৰ পাছৰে পৰা ঝাৰখণ্ডতেই বাহৰ পাতি আছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনকি তেওঁ নিজেও ঝাৰখণ্ডক তেওঁৰ দ্বিতীয়খন ঘৰ বুলিও আখ্যা দিছে। অসম এৰি দিনে, ৰাতিয়ে ঝাৰখণ্ডতে বাহৰ পাতি লোৱা ড০ শৰ্মাই আনকি অতিক্ৰম কৰিছিল জ্যেষ্ঠ মামা শিৱৰাজ সিং চৌহানকো।

ৰাজ্যখনত যিদৰে প্ৰভাৰী হিচাপে শিৱৰাজ সিং চৌহানে গুৰুত্ব পাব লাগিছিল সেই গুৰুত্বও তেওঁৰ পৰিৱৰ্তে লাভ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনী প্ৰচাৰ সভাত তেওঁ কৰা সাম্প্ৰদায়িক, বিভাজনমূলক বক্তব্যই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত গুৰুত্ব পাইছিল।

ৰাজ্যখনত বিজেপিয়ে নিৰ্বাচনী ইছ্যু কৰি লোৱা বাংলাদেশী প্ৰসংগও টানি আনিছিল ড০ শৰ্মায়েই। প্ৰাকৃতিক সম্পদৰে চহকী ঝাৰখণ্ডক তেওঁ দেশৰ ৫ খন উন্নত ৰাজ্যৰ এখন কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

এই একেই প্ৰতিশ্ৰুতি অৱশ্যে তেওঁ অসমৰ ৰাইজকো দি আহিছে। ক্ষমতালৈ অহাৰে পৰা তেওঁ আওঁৰাই থকা এই প্ৰতিশ্ৰুতি কেতিয়া পূৰণ হয় সেয়া সময়ে কব যদিও এই কথা সত্য যে, তেওঁৰ কাৰ্যকালতে সৰ্বাধিক ঋণগ্ৰস্ত হল অসম।

এইবাৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত বিজেপি আৰু জে এম এমৰ ৰণনীতি আছিল স্পষ্ট। বিজেপিয়ে যিকোনো প্ৰকাৰে জে এম এমৰ  ভোটবেংক স্বৰূপ আদিবাসী ভোট বিভাজনৰ বাবে চেষ্টা কৰিছিল আৰু জে এম এমে বিজেপিৰ অনা আদিবাসী ভোট কাঢ়িবলৈ চেষ্টা কৰিছিল।

এই যুঁজত ব্যৰ্থ হল বিজেপি। ধৰ্মীয় কথা-বতৰাৰে বিজেপিয়ে আদিবাসী ভোটাৰক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছিল যদিও ভোটাৰসকলে এই কথাত বৰ বিশেষ গুৰুত্ব নিদিলে। তেওঁলোকে হেমন্ত চোৰেনৰ ওপৰতেই বিশ্বাস ৰাখিলে।

আদিবাসীসকলৰ মাজত বিজেপিৰ অভিন্ন দেৱানী বিধিক লৈ শংকাৰ সৃষ্টি হৈছিল। এই শংকা দূৰ কৰিবলৈকে বিজেপিয়ে আদিবাসীসকলক UCC বা অভিন্ন দেৱানী বিধিৰ পৰা আঁতৰাই ৰখাৰো প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিজেপিৰ এই প্ৰতিশ্ৰুতিক বিশ্বাসত নললে ঝাৰখণ্ডৰ আদিবাসী লোকসকলে।

ঝাৰখণ্ডৰ চাওঁতাল অধ্যুসিত সমষ্টিসমূহত বিজেপিৰ বিজয়ৰ সপোন পূৰণ নহল। অনুপ্ৰৱেশৰ সমস্যা, বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে আদিবাসী যুৱতীৰে সম্পৰ্ক স্থাপন কৰি লাভ জেহাদ কৰা, ভূমি জেহাদ কৰাৰ কথা-বতৰা নিৰ্বাচনী সভাত আওঁৰাইছিল যদিও এইসমূহ বিষয়েও তেওঁলোকক স্পৰ্শ নকৰিলে।

ঝাৰখণ্ডৰ আদিবাসী জনতাৰ সমৰ্থন পুনৰ এবাৰ হেমন্ত চোৰেনে লাভ কৰাৰ আঁৰত আছিল এক আৱেগৰ ৰাজনীতিও। নিৰ্বাচনৰ ঠিক আগে আগে কাৰাগাৰৰ পৰা মুকলি হৈ আহিছিল হেমন্ত চোৰেন।

বিজেপিৰ বিৰুদ্ধে আদিবাসী লোকসকলৰ মনত ইতিমধ্যে এক নিগেটিভ চিন্তাধাৰা গঢ় লৈ উঠিছিল। ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মু নিৰ্বাচিত হোৱাৰ পিছতে সাংসদ ভৱন উদ্বোধন আৰু ৰাম মন্দিৰ মুকলি অনুষ্ঠানত তেওঁক একাষৰীয়া কৰা বেদনাৰ জুইকুৰা আদিবাসী সম্প্ৰদায়ৰ মাজত উমি উমি জ্বলি আছিল।

বিশেষকৈ সংসদ ভৱন উদ্বোধন নীতিগত ভাৱেই ৰাষ্ট্ৰপতিৰ বিষয় আছিল বুলিয়েই দেশৰ জনসাধাৰণে বিশ্বাস কৰিছিল। তাৰ পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সংসদ ভৱন উদ্বোধন কৰা বিষয়টোক সহজভাৱে লোৱা নাছিল আদিবাসী লোকসকলে।

হেমন্ত চোৰেনক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ পাছত বিজেপিৰ প্ৰতি গঢ়ি উঠা সেই নিগেটিভ ধাৰণা আৰু অধিক শক্তিশালী হৈ পৰে। তাৰো প্ৰভাৱ আজিৰ নিৰ্বাচনী ফলাফলত স্পষ্ট হৈছে।

এই ফলাফলে যিদৰে হেমন্ত চোৰেনক আৰু অধিক শক্তিশালী কৰিব, বিৰোধীৰ মানসিক শক্তি বৃদ্ধি কৰিব, সেইদৰেই কিন্তু হিমন্ত বিশ্ব শৰ্মাক বহু ক্ষতি কৰাৰ সম্ভাৱনাও থাকিব। ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চাত থাকিবলৈ হিমন্ত বিশ্ব শৰ্মাই কৈ অহা, কৰি অহা কামবোৰ সকলোৱে দেখিছে।

ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা লাভ কৰিবলৈ ড০ শৰ্মাই চেষ্টাৰ ত্ৰুতি কৰা নাই। কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ চৰ্চাৰ বাহিৰে এতিয়া তেওঁৰ নামত বিশেষ কোনো সফলতা নাই ৰাষ্ট্ৰীয় পৰ্যায়ত।

উত্তৰ পূৰ্বাঞ্চলত তেওঁ নেডাক নেতৃত্ব দিছিল যদিও সেই নেডা এতিয়া প্ৰায় শক্তিহীন। নেডাৰ ভিতৰতে এতিয়া তেওঁৰ বিৰুদ্ধে মুকলিকৈ কথা-বতৰা কবলৈ আৰম্ভ কৰিছে চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে।

ঝাৰখণ্ডত তেওঁ এক সুযোগ লাভ কৰিছিল যদিও সেই সুযোগ গ্ৰহণ কৰাতো ব্যৰ্থ হল। এই ব্যৰ্থতাই যে তেওঁৰ ৰাজনৈতিক উচ্চাকাংক্ষাত প্ৰভাৱ নেপেলাব তাৰ কোনো নিশ্চয়তা নাই। এই কথা হয়তো তেওঁ নিজেও উপলব্ধি কৰিছে। এতিয়া লক্ষ্যণীয় হব তেওঁ ঝাৰখণ্ডৰ এই পৰাজয়ক কিদৰে মূৰ পাতি লয়।

ড০ হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচন ঝাৰখণ্ড