৪৩ দিনীয়া প্ৰতিবাদৰ অৱসান ! কৰ্তব্যলৈ ঘূৰিল কনিষ্ঠ চিকিৎসক...

৪৩ দিনীয়া প্ৰতিবাদৰ অৱসান ! কৰ্তব্যলৈ ঘূৰিল কনিষ্ঠ চিকিৎসক...
৪৩ দিনীয়া প্ৰতিবাদৰ অৱসান ! কৰ্তব্যলৈ ঘূৰিল কনিষ্ঠ চিকিৎসক...
Published on
Updated on

অৱশেষত পশ্চিমবংগৰ চিকিৎসাখণ্ডত চলি থকা অচলাৱস্থাৰ অন্ত পৰিল। ৰাজপথ এৰি প্ৰতিবাদী কনিষ্ঠ চিকিৎসকসকল আহিল কৰ্তব্যস্থলীলৈ। ৪৩ দিনৰ অন্তত বংগৰ চৰকাৰী চিকিৎসালয়সমূহত দেখিবলৈ পোৱা গৈছে পাৰভঙা ব্যস্ততা। কনিষ্ঠ চিকিৎসকৰ দাবীৰ প্ৰতি সহাৰি মমতা বেনাৰ্জী চৰকাৰৰ। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

অৱশেষত ৰাজপথৰ আন্দোলন এৰি ডিঙিত ষ্টেথোস্কোপ (Stethoscope) আঁৰি হাতত অন্যান্য চিকিৎসা সঁজুলি তুলি ল’লে কনিষ্ঠ চিকিৎসকসকলে। কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসক ছাত্ৰীৰ যৌন নিৰ্যাতন আৰু হত্যাৰ ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি আৰম্ভ হৈছিল প্ৰতিবাদ।

প্ৰথমে এই প্ৰতিবাদ চিকিৎসক ছাত্ৰীৰ ন্যায়ৰ বাবে আৰম্ভ হৈছিল যদিও পৰৱৰ্তী সময়ত এই প্ৰতিবাদে পশ্চিমবংগৰ চিকিৎসাখণ্ডত চলি থকা দুৰ্নীতি, চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত চলি থকা অবৈধ কাম-কাজ, চিকিৎসকৰ সুৰক্ষা, পৰ্যাপ্ত সুবিধা আদি সকলো বিষয়কো সামৰি লৈছিল। এই দাবীৰেই চলি থকা কনিষ্ঠ চিকিৎসকৰ আন্দোলনৰ ফলত যোৱা ৪৩ দিনে পশ্চিমবংগৰ চিকিৎসাখণ্ডত এক অচলাবস্থাৰ সৃষ্টি হৈ আহিছিল।

বংগ চৰকাৰৰ সৈতে এক প্ৰকাৰে জেহাদ ঘোষণা কৰা এই কনিষ্ঠ চিকিৎসকসকলে তেওঁলোকৰ দাবীত অলৰ-অচৰ হৈ থকাত সেই দাবীসমূহ পূৰণ কৰিবলৈ বাধ্য হ’ল মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূলৰ চৰকাৰ। এই দাবীসমূহ মানি লোৱাৰ প্ৰতিশ্ৰুতি লাভ কৰাত চিকিৎসকসকলে আজি পুনৰ কৰ্তব্যৰ মাজলৈ ঘূৰি আহিল।

কনিষ্ঠ চিকিৎসকসকলৰ কোনোবাই যদি আজি কৰ্তব্যলৈ ঘূৰি আহিয়েই অপাৰেচন থিয়েটাৰত সোমাই ৰোগীৰ অপাৰেচন কৰিছে, আন কোনোবাই আকৌ জৰুৰী বিভাগত ৰোগীৰ অনান্য চিকিৎসাৰ দায়িত্ব আকৌ কান্ধ পাতি লৈছে। ৰোগী পৰীক্ষা কৰাত জ্যেষ্ঠ চিকিৎসকৰ কাষতো থিয় দিছে কনিষ্ঠ চিকিৎসকল।

নতুন উদ্যমেৰে আজিৰে পৰা আকৌ কনিষ্ঠ চিকিৎসকসকলে কাম আৰম্ভ কৰা প্ৰত্যক্ষ কৰি ৰোগী আৰু ৰোগীৰ পৰিয়ালো সন্তুষ্ট হৈছে। কনিষ্ঠ চিকিৎসকৰ ব্যৱহাৰ, ৰোগীৰ পৰীক্ষা সকলোতে সন্তুষ্টি প্ৰকাশ কৰিছে ৰোগীৰ আত্মীয়ই।  

দেশজুৰি শিৰোনাম দখল কৰা আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত যোৱা ৪৩ দিনৰ পাছত আজি দেখিবলৈ পোৱা গৈছে জ্যেষ্ঠ-কনিষ্ঠ চিকিৎসকৰ পাৰভঙা ব্যস্ততা। ৪৩ টা দিনৰ পূৰ্বে এই হাস্পতালখনলৈ দৈনিক শ শ ৰোগীৰ আগমণ ঘটিছিল।

যন্ত্ৰৰ দৰেই দিনে নিশাই কনিষ্ঠ চিকিৎসকসকলে ১৪ ঘণ্টা পৰ্যন্ত ৰোগীৰ চিকিৎসাত ব্যস্ত হৈ পৰিছিল। হাস্পতালখনত কৰ্তব্যৰত কনিষ্ঠ চিকিৎসকৰ বাবে কোনো সু-ব্যৱস্থা নথকাৰ বাবে এই কনিষ্ঠ চিকিৎসকসকলে কিছুসময়ৰ জিৰণিৰ বাবে ছেমিনাৰ হলেকেই সুৰক্ষিত স্থান হিচাপে বাচি লৈছিল।

এই ছেমিনাৰ হলতেই তেওঁলোকে সময় পালে অধ্যয়নো কৰিছিল। কনিষ্ঠ চিকিৎস সকলে যাতে সকলো সময়তে এই ছেমিনাৰ হল ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে ইয়াৰ তলাৰ ছাবি হলটোৰ সন্মুখতেই সকলোৱে পোৱাকৈ ৰাখিছিল। মন গ’লেই যিকোনো সময়তে হলটোৰ তলা খুলি তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিছিল।

এই ছেমিনাৰ হলেতেই ৯ আগষ্টত ঘটিছিল সেই জঘণ্য কাণ্ড। কৰ্তব্য সম্পাদন কৰি ভাগৰি পৰা কনিষ্ঠ যুৱতী চিকিৎসকগৰাকীয়ে জিৰণি লৈছিলগৈ ছেমিনাৰ হলটোত। সেই সময়তেই তেওঁক অতি পাশৱিক ভাৱে যৌন নিৰ্যাতন চলাই পৰৱৰ্তী সময়ত হত্যা কৰা হৈছিল।

ইয়াৰ পিছতে সলনি হৈছিল সমগ্ৰ পৰিবেশ। উত্তাল হৈ পৰিছিল সমগ্ৰ দেশ। সতীৰ্থৰ ন্যায়ৰ দাবীৰে যোৱা ৪৩ টা দিনে ৰাজপথ উত্তাল কৰি আহিছে কনিষ্ঠ চিকিৎসকসকলে।

দেশৰ অন্যান্য প্ৰান্ততো ইয়াৰ প্ৰতিবাদ হৈছিল। সেই প্ৰতিবাদে এটা পৰ্যায়লৈকে তীব্ৰতৰ হৈছিল যদিও সময় বাগৰাৰ লগে লগে শান্ত হৈ আন প্ৰান্তৰ সেই প্ৰতিবাদ প্ৰায় নোহোৱা হ’ল। কিন্তু পশ্চিমবংগৰ কনিষ্ঠ চিকিৎসকসকলে সতীৰ্থৰ সৈতে সংঘটিত হোৱা সেই পাশৱিক কাণ্ডক পাহৰিব নিদিলে।

সুদীৰ্ঘদিন ৰাজপথত তেওঁলোকে দিন, ৰাতি একাকাৰ কৰি, ৰ’দে-বৰষুণে প্ৰতিবাদ অব্যাহত ৰাখিলে। চৰকাৰী পক্ষৰ কোনো প্ৰলোভনে তেওঁলোকক তলাব নোৱাৰিলে। ফলত স্বয়ং মুখ্যমন্ত্ৰীয়ে প্ৰ’টকল ভংগ কৰি এই চিকিৎসকসকলৰ আন্দোলনস্থলী লৈ আহিবলৈ বাধ্য হ’ল।

মমতা বেনাৰ্জীৰ এনে পদক্ষেপৰ পাছতহে আলোচনাৰ এক পৰিবেশ গঢ় লৈ উঠিল। কনিষ্ঠ চিকিৎসকৰ দাবী অনুসৰিয়েই ইতিমধ্যে চৰকাৰে একাধিক সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও বহু দাবী এতিয়াও পূৰণ কৰিবলৈ বাকী আছে।

তথাপিও চৰকাৰৰ প্ৰতিশ্ৰুতি আৰু ৰোগীৰ কথা চিন্তা কৰিয়েই কনিষ্ঠ চিকিৎসকসকলে ৰাজপথ এৰি পুনৰ চিকিৎসালয়ত প্ৰৱেশ কৰিছে। আৰ জি কৰ মেডিকেল হাস্পতালৰ কনিষ্ঠ চিকিৎসক অনিশা বসুৱে বংগৰ এক সংবাদ মাধ্যমৰ আগত কৰ্তব্যলৈ ঘূৰি অহাৰ প্ৰসংগত কৈছে- আমি কামত যোগদান কৰিছো। আকৌ আমাৰ কাম আৰম্ভ হৈছে। কিন্তু আমাৰ যিসমূহ দাবীৰে আন্দোলন চলিছিল সেই বিষয়সমূহো সমানে আঘবঢ়াই নিম।

অভিষেক নামৰ আন এজন কনিষ্ঠ চিকিৎসকেও একেটা সংবাদ মাধ্যমৰ আগত কৈছে, চিকিৎসক হিচাপে আমাৰ প্ৰথম কাম ৰোগীৰ চিকিৎসা কৰা। কিন্তু যি অন্যায়ৰ বিৰুদ্ধে আমি যুঁজ দিছো, সেই যুঁজ স্তব্ধ নহয়।

এই চিকিৎসকসকলৰ দাবী অনুসৰিয়েই বংগ চৰকাৰে কলকাতাৰ আৰক্ষী আয়ুক্ত পদৰ পৰা বিনীত গোৱেলক আঁতৰাইছে। তেওঁৰ স্থানত নতুনকৈ দায়িত্ব দিছে অভিষেক গুপ্তক।

স্বাস্থ্য বিভাগৰ দুই শীৰ্ষ বিষয়াকো বদলি কৰা হৈছে। কিন্তু এতিয়াও আন বহু দাবী পূৰণ কৰিবলৈ বাকী আছে। চিকিৎসালয়সমূহত চি চি টিভি, জিৰণি ঘৰ, চিকিৎসকৰ সুৰক্ষা আদি বিষয়ৰ দাবী কনিষ্ঠ চিকিৎসকৰ লগতে জ্যেষ্ঠ চিকিৎসকৰো।

যেতিয়ালৈকে এই দাবীসমূহ পূৰণ নহয় তেতিয়ালৈকে এই দাবী পূৰণৰ প্ৰতিশ্ৰুতিৰ কোনো নিশ্চয়তা নাই বুলিও জ্যেষ্ঠ, কনিষ্ঠ চিকিৎসকসকলে বিশ্বাস কৰিছে। সেয়ে তেওঁলোকে শীঘ্ৰেই এই দাবী কাৰ্যকৰি কৰিবলৈ আহ্বান জনাইছে।

প্ৰতিবাদী কনিষ্ঠ চিকিৎসকৰ সৈতে হোৱা আলোচনাৰ পিছতে যোৱা বৃহস্পতিবাৰে বংগৰ মুখ্য সচিবে স্বাস্থ্য বিভাগৰ সচিবলৈ ১০ দফীয়া এক নিৰ্দেশনা প্ৰেৰণ কৰিছে। এই নিৰ্দেশনাসমূহৰ ভিতৰত আছে চৰকাৰী চিকিৎসালয়ত কিমান বিচনা খালী আছে সেয়া সকলোৱে জানিব পৰাকৈ ব্যৱস্থা কৰা, ক্ষীপ্ৰতাৰে ৰেফাৰেল চিষ্টেম কাৰ্যকৰী কৰা, চিকিৎসক, নাৰ্ছ, টেকনিচিয়ান আদিৰ খালী পদত নিয়োগৰ ব্যৱস্থা কৰা আদি।

কনিষ্ঠ চিকিৎসকসকলৰ মতে এই দাবীসমূহ কেৱল তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰ সৈতে জড়িত নহয়। এই দাবীসমূহ পূৰণ হ’লে বংগৰ স্বাস্থ্যখণ্ডৰ বাবেই মংগলজনক। আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ যুৱতী চিকিৎসকগৰাকীৰ ন্যায়ৰ বিষয়টো এতিয়া ন্যায়ালয়ৰ মজিয়াত আছে। গোটেই বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে চি বি আইয়ে। কনিষ্ঠ চিকিৎসকসকলে চি বি আইকো অতি দ্ৰুততাৰে এই গোটেই তদন্ত প্ৰক্ৰিয়া চলাই নিবলৈ আহ্বান জনাইছে।

৪৩ দিনীয়া প্ৰতিবাদৰ অৱসান ! কৰ্তব্যলৈ ঘূৰিল কনিষ্ঠ চিকিৎসক...
দিচৈ ভেলীৰ ইক'ছেনছিটিভ জ'নত চলিব তৈল খনন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in