গণতন্ত্ৰত ৰাজতন্ত্ৰৰ গোন্ধ ! বঙহৰ বিৰুদ্ধে বঙহৰেই যুঁজ...

গণতন্ত্ৰত ৰাজতন্ত্ৰৰ গোন্ধ ! বঙহৰ বিৰুদ্ধে বঙহৰেই যুঁজ...
গণতন্ত্ৰত ৰাজতন্ত্ৰৰ গোন্ধ ! বঙহৰ বিৰুদ্ধে বঙহৰেই যুঁজ...
Published on
Updated on

ৰাজতন্ত্ৰত বঙহৰ বিৰুদ্ধে বঙহৰ যুঁজৰ উদাহৰণ ইতিহাসৰ পৃষ্ঠা ভৰি আছে। ভাৰতীয় গণতন্ত্ৰত পৰিয়ালতান্ত্ৰিক ব্যৱস্থা নতুন কথা নহয়। কিন্তু এই পৰিয়াল কেন্দ্ৰীক ৰাজনীতিও যেতিয়া বঙহৰ বিৰুদ্ধেই হৈ পৰে তেতিয়া যুঁজখন বহু ক্ষেত্ৰত হৈ পৰে আকৰ্ষণীয় আৰু চিন্তনীয়। মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত এতিয়া তেনে এক পৰিবেশেই সূচনা হৈছে। মাৰাঠা ৰাজ্যৰ এই বঙহৰ যুঁজখনক লৈয়ে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

ৰাজনীতিত সকলো সম্ভৱ। ক্ষমতা দখলৰ যুঁজত আপোন, পৰ বুলি কোনো কথা নাথাকে। ক্ষমতাৰ ভোক যাৰ থাকে তেওঁ কেৱল ক্ষমতাৰ কথাই চিন্তা কৰে। এই ক্ষমতা দখলৰ যুঁজত সন্মুখলৈ অহা প্ৰতিজনক প্ৰতিৰোধ কৰাৰ বাবে সকলো পৰ্যায়লৈ যাব পাৰে তেওঁলোক।

প্ৰাক ঐতিহাসিক যুগৰে পৰা ভাৰতত এনে উদাহৰণ নথকা নহয়। ৰজা দিনীয়া সময়ত ৰাজপাট দখলৰ বাবে আত্মীয়ৰ হাততেই প্ৰাণ হেৰুৱাইছিল আত্মীয়ই। ৰাজপাট দখলৰ যুঁজৰ বাবেই হৈছিল কৌৰৱ আৰু পাণ্ডৱৰ সেই মহাভাৰতৰ দৰে যুদ্ধ।

নিজ পুত্ৰক ৰজা পাতিবলৈয়ে দশৰথৰ পত্নী কৈকেয়ীয়ে কৌশলেৰে ৰামক বনবাসলৈ প্ৰেৰণ কৰিছিল। অযোধ্যাৰ ৰজা পাতিছিল ভৰতক। ভাৰতৰ এনে ইতিহাস যুগে যুগে নতুনকৈ লিপিবদ্ধ হৈ আছে। প্ৰতিটো ৰাজ বংশৰে শাসনত ৰাজপাত দখলৰ বাবে সৃষ্টি হোৱা ৰক্তাক্ত সংঘৰ্ষৰ কথা বুৰঞ্জীৰ পাতত লিপিবদ্ধ হৈ আছে।

ৰজাৰ শাসন অন্ত পেলাই ভাৰতত গণতান্ত্ৰিক ব্যৱস্থা কাৰ্যকৰী হোৱাৰ পাছতো ক্ষমতা দখলৰ সেই যুঁজখনৰ অন্ত পৰা নাই। পৰিয়ালতান্ত্ৰিক ব্যৱস্থাই ভাৰতীয় ৰাজনীতিৰ এক বৈশিষ্ট্যই হৈ পৰিছে। কোনো এটা নিৰ্দিষ্ট পৰিয়ালক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠিছে একো একোট ৰাজনৈতিক দল।

এই ৰাজনৈতিক দলৰ প্ৰতিজন কৰ্মী অথবা নেতাই যেন সেই পৰিয়ালটোৰ সদস্যসকলৰ ওচৰত একান্ত বাধ্য। কেৱল এটা ৰাজনৈতিক দলেই নহয় এনে বহু আঞ্চলিক ৰাজনৈতিক দল আছে ভাৰতত।

তেনে এটা ৰাজনৈতিক দল মহাৰাষ্ট্ৰৰ এন চি পি। শাৰদ পাৱাৰৰ নেতৃত্বাধীন নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি মহাৰাষ্ট্ৰৰ অন্যতম এক শক্তিশালী ৰাজনৈতিক দল। এই দলটো দ্বিবিভক্ত হোৱাৰ পূৰ্বে যিদৰে পাৱাৰৰ পৰিয়ালৰে নিয়ন্ত্ৰণাধীন আছিল ঠিক সেইদৰেই দ্বিবিভক্ত হোৱাৰ পাছতো পাৱাৰ পৰিয়ালৰে নিয়ন্ত্ৰণত আছে দুয়োটা দল। প্ৰাৰ্থক্য কেৱল ইমানেই যে, এটা ভাগ আছে শাৰদ পাৱাৰৰ নেতৃত্ব আৰু আনটো ভাগ আছে তেওঁৰ ভতিজা অজিত পাৱাৰৰ নেতৃত্ব।

মহাৰাষ্ট্ৰৰ এন চি পি দ্বিবিভক্ত হৈ অজিত পাৱাৰৰ গোট শাসকীয় এন ডি এৰ সৈতে মিত্ৰতাত আছে। ইয়াৰ বাবেই কেইবা হাজাৰ কোটি টকীয়া কেলেংকাৰীত নাম জড়িত হোৱাৰ পাছতো অজিত পাৱাৰ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বত আছে।

ইয়াৰ বিপৰীতে শাৰদ পাৱাৰৰ নেতৃত্বাধীন এন চি পি আকৌ আছে বিৰোধী মিত্ৰজোঁটত। এন চি পি এইদৰে দুটা ভাগত বিভক্ত হোৱাৰ মূলতেই হৈছে ক্ষমতা। এই ক্ষমতা দখলৰ যুঁজত ইতিমধ্যে পাৱাৰ পৰিয়ালৰ সদস্যৰ মাজতে লাগিছে তীব্ৰ প্ৰতিদ্বন্দিতা।

যোৱা লোকসভা নিৰ্বাচনত শাৰদ পাৱাৰৰ কন্যা সুপ্ৰিয়া সুলেক বাৰামতী লোকসভা সমষ্টিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল। তেওঁৰ বিৰুদ্ধে আছিল অজিত পাৱাৰৰ পত্নী সুনেত্ৰা। পৰিয়ালৰ মাজতে হোৱা এই ক্ষমতা কেন্দ্ৰীক যুঁজত অৱশ্যে শেষ হাঁহি মাৰিছিল সুপ্ৰিয়া সুলেয়ে। তেওঁ বাৰামতী লোকসভা সমষ্টিৰ পৰা গ'ল সংসদলৈ।

এই বাৰামতী বিধানসভা সমষ্টি আকৌ আছে অজিত পাৱাৰৰ দখলত। সাতটা কাৰ্যকালৰ তেওঁ ইয়াৰ বিধায়ক। এন চি পিৰ দুৰ্গ এই বাৰামতী। সমষ্টিটোৰ ভোট এইবাৰ বিভাজন হ'ব পাৱাৰ পৰিয়ালৰে দুজন সদস্যৰ মাজতেই।

অজিত পাৱাৰে পুনৰ এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। শাৰদ পাৱাৰে অজিত পাৱাৰৰ বাবে সংৰক্ষণ কৰি অহা এই বাৰামতী সমষ্টিত এইবাৰ অজিত পাৱাৰৰ বিৰুদ্ধেই প্ৰাৰ্থী দিছে শাৰদ পাৱাৰে।

অজিত পাৱাৰক ক্ষমতাৰ পৰা আঁতৰাবলৈ তেওঁ কোনো এলাপেছা ব্যক্তিক প্ৰাৰ্থিত্ব দিয়া নাই। সমষ্টিটোত তেওঁ প্ৰক্ষেপ কৰিছে নিজৰেই নাতি যুগেন্দ্ৰ পাৱাৰক। এই যুগেন্দ্ৰ পাৱাৰ অজিত পাৱাৰৰ ভতিজা। যুগেন্দ্ৰ পাৱাৰৰ পিতৃ শ্ৰী নিবাস পাৱাৰ অজিত পাৱাৰৰ জ্যেষ্ঠ ভাতৃ।

উচ্চ শিক্ষিত যুগেন্দ্ৰ পাৱাৰ অজিত পাৱাৰৰ বাবে এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে। যদিও তেওঁ সাতবাৰ এই সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে তথাপিও তেওঁৰ এইবাৰ এই নিৰ্বাচনী যুঁজ কঠিন হৈ পৰিছে।

কিয়নো সন্মুখত নিজৰেই ভতিজা। পূৰ্বে তেওঁৰ হৈ ইয়াত প্ৰচাৰত জপিয়াই পৰিছিল পৰিয়ালৰ প্ৰতিজন সদস্য। এইবাৰ তাৰে আধাতকৈ বেছি সদস্যই তেওঁৰ বিৰুদ্ধে প্ৰচাৰ চলাব।

যুগেন্দ্ৰ পাৱাৰ ৰাজনীতিত নতুন যদিও বষ্টনৰ নৰ্থইষ্ট ইউনিভাৰ্ছিটিৰ পৰা বি বি এ ডিগ্ৰীধাৰী। সমষ্টিটোৰ যুৱ প্ৰজন্মৰ মাজত যুগেন্দ্ৰ হৈ পৰিছে যথেষ্ট জনপ্ৰিয়। তাৰোপৰি কাষৰ আন এটা সমষ্টি কাৰজাত-জামখোদৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে শাৰদ পাৱাৰৰ আন এগৰাকী নাতি ৰোহিত পাৱাৰেও।

যোৱা বছৰৰ জুলাই মাহত মহাৰাষ্ট্ৰৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰি হঠাৎ হৈছিল পৰিবৰ্তন। অজিত পাৱাৰসহ এন চি পিৰ ৯ জনকৈ বিধায়কে সমৰ্থন দিছিল মহাৰাষ্ট্ৰৰ একনাথ সিন্দে নেতৃত্বাধীন এন ডি এ চৰকাৰলৈ।

সেইবছৰ মহাৰাষ্ট্ৰৰ ৰাজনীতিত সম্পূৰ্ণ সলনি হৈ পৰিছিল। উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শিৱসেনাৰ পৰা ওলাই আহিছিল একনাথ সিন্দে গোট। সিন্দে গোটক সমৰ্থন দিছিল বিজিপিয়ে। তাৰ পাছতেই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হয় একনাথ সিন্দে। উপ মুখ্যমন্ত্ৰী হয় পূৰ্বৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা দেৱেন্দ্ৰ ফাডনাভিছ।

পাছত এন চি পিৰ পৰা অজিত পাৱাৰৰ নেতৃত্বত আন ৯ গৰাকী বিধায়কেও জুলাই মাহত শাৰদ পাৱাৰৰ সংগ ত্যাগ কৰি এই চৰকাৰত চামিল হয়। অজিত পাৱাৰে লাভ কৰে উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব।

দল বিভাজনৰ এই বিষয়টো পাইগৈ ন্যায়ালয়ৰ মজিয়া। পূৰ্বৰ এন চি পি দুভাগত বিভক্ত হয়। ন্যায়ালয়ৰ ৰায় অনুসৰিয়েই এন চি পিৰ প্ৰতীক ঘড়ীও যায় অজিত পাৱাৰৰ নেতৃত্বাধীন গোটলৈ। ফলত শাৰদ পাৱাৰৰ নেতৃত্বাধী দলটোৰ নামো সলনি কৰি হয়গৈ এন চি পি (শাৰদ পাৱাৰ)। সলনি হয় নিৰ্বাচনী প্ৰতীকো।

ন্যায়ালয়ত নাম আৰু প্ৰতীক দুয়োটা হেৰুওৱাৰ পাছতো কিন্তু মহাৰাষ্ট্ৰৰ জনতাই দুৰ্নীতিগ্ৰস্ত অজিত পাৱাৰৰ বিপৰীতে শাৰদ পাৱাৰৰ গোটকহে অধিক বিশ্বাসত ল'লে। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত ৰাজ্যখনত শাৰদ পাৱাৰ গোটে লাভ কৰিলে ৮ খন আসন। অজিত পাৱাৰৰ এন চি পিয়ে পালে মাত্ৰ এখন আসন।

এনে বিফলতা তথা অজিত পাৱাৰৰ বিৰুদ্ধে থকা দুৰ্নীতিৰ মহা অভিযোগৰ বাবেই আৰ এছ এছে অজিত পাৱাৰৰ সংগ ত্যাগ কৰিবলৈ বিজেপিক পৰামৰ্শ দি আহিছে। তাৰ পাছতো অৱশ্যে বিজেপিয়ে অজিত পাৱাৰক এৰি দিয়া নাই। বিজেপিয়ে এইবাৰ বিধানসভা নিৰ্বাচনত ৫৫ খন আসন এৰি দিছে অজিত পাৱাৰৰ এন চি পিক।

ইয়াৰ বিপৰীতে মহাবিকাশ অঘড়ীয়ে মহাৰাষ্ট্ৰত শিৱসেনা (উদ্ধৱ ঠাকৰে) আৰু এন চি পি (শাৰদ পাৱাৰ) গোটক এৰি দিছে ৮৫ খনকৈ আসন। এনে পৰিস্থিতিত অজিত পাৱাৰৰ এন চি পি এতিয়া মহা বিপদত পৰিছে।

এফালে নিজৰ পৰিয়ালৰ সদস্যৰ প্ৰত্যাহ্বান আনফালে অস্তিত্ব জীয়াই ৰাখিবলৈ ৫৫ খন আসনত নিজা প্ৰাৰ্থী বিজয়ী কৰাই অনাৰ প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বান যে সহজ নহয় সেয়াও অজিত পাৱাৰে বুজি পাইছে। তেওঁৰ বিৰুদ্ধে আছে যথেষ্ট প্ৰতিষ্ঠান বিৰোধী ঢৌ।

শাৰদ পাৱাৰৰ প্ৰতি সাধাৰণ মানুহৰ মনত থকা সন্মান আৰু আৱেগো অজিত পাৱাৰক দুৰ্বল কৰাৰ অন্য এক কাৰণ হৈ পৰিছে। অৱশ্যে তথাপিও অজিত পাৱাৰে তেওঁ বিজয়ী হৈ আহিব বুলি বিশ্বাস ৰাখিছে।

এইদৰেই এতিয়া মহাৰাষ্ট্ৰত বঙহৰ বিৰুদ্ধেই বঙহে নিৰ্বাচনী যুঁজত জপিয়াই পৰিছে। এই যুঁজ দেশবাসীৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে। পৰিয়াল কেন্দ্ৰীক এই যুঁজখনৰ পৰা সমষ্টি অথবা মহাৰাষ্ট্ৰৰ কি লাভ হয় সেয়া সময়ে ক'ব, কিন্তু এই যুঁজখনে ভাৰতীয় ইতিহাসত ক্ষমতা আহৰণৰ বাবে পৰিয়াল কেন্দ্ৰীক যুঁজখনক আকৌ এবাৰ চৰ্চাৰ মাজলৈ লৈ আনিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in