দিল্লীৰ পৰা মণিপুৰ এতিয়াও বহুদূৰ...

দিল্লীৰ পৰা মণিপুৰ এতিয়াও বহুদূৰ...

author-image
Asomiya Pratidin
New Update
দিল্লীৰ পৰা মণিপুৰ এতিয়াও বহুদূৰ...

দিল্লীৰ পৰা মণিপুৰ এতিয়াও বহুদূৰ...

দিল্লীৰ পৰা মণিপুৰ এতিয়াও বহু দূৰ। গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত ৰাজ্যখনত এতিয়া দাবী উত্থাপন হৈছে মুখ্যমন্ত্ৰীৰ অপসাৰণ। নিজ দলৰে বিধায়কে প্ৰধানমন্ত্ৰীলৈ এই বিষয়ে পত্ৰ প্ৰেৰণ কৰিছে। কিন্তু মণিপুৰৰ শান্তিৰ বাবে কেৱল মুখ্যমন্ত্ৰীৰ অপসাৰণেই যথেষ্ঠ নে? ইয়াৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক কাৰকবোৰ বিশ্লেষণ কৰিছেনে? সঁচাকৈয়ে কেন্দ্ৰৰ মণিপুৰক শান্ত কৰাৰ আন্তৰিকতা আছেনে? এই সকলো দিশ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

প্ৰায় ডেৰ বছৰ ধৰি অশান্ত হৈ আছে মণিপুৰ। আৰম্ভণিতে এফালৰ পৰা সাধাৰণ ৰাইজৰ ঘৰবোৰ, গাওঁবোৰ জ্বলাই দিয়াৰ পাছত এতিয়া ৰাজ্যখনত কোনে, কেতিয়া, কাক লক্ষ্য কৰি গুলীয়াই হত্যা কৰে তাৰ কোনো নিশ্চয়তা নোহোৱা হৈছে।

কেতিয়াবা যদি ড্ৰোণেৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে কেতিয়াবা আকৌ ৰকেট নিক্ষেপ কৰা হৈছে। এইদৰেই নিজৰ মাজতেই ভয়াবহ এখন যুঁজ চলি আছে উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ ৰাজ্য মণিপুৰত।

ৰাজ্যখনত শান্তি স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে সশস্ত্ৰ বাহিনী মোতায়েন কৰিছে। কিন্তু এই সশস্ত্ৰ বাহিনীও বিফল হৈছে। তাৰ মাজতেই কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ৰাজ্যখনক জ্বলিবলৈ এৰি দিছে বুলিও মুকলি অভিযোগ উত্থাপন হৈছে।

প্ৰধানমন্ত্ৰীয়ে শান্তি ঘূৰাই আনিবলৈ ৰাজ্যখন ভ্ৰমণ কৰা দূৰৰে কথা মণিপুৰ শব্দটোৱেই মুখলৈ আনিবলৈ ইচ্ছুক নহয়। আনকি মণিপুৰৰ নিজা চৰকাৰৰ মুখ্যমন্ত্ৰীকো সাক্ষাৎ দিবলৈ আগ্ৰহী নহয় মোডী।

এনে পৰিস্থিতিত মণিপুৰৰ ভৱিষ্যৎ কি হ'ব সেয়া হৈ পৰিছে এক ডাঙৰ প্ৰশ্ন। ৰাজ্যখনৰ একাংশই মণিপুৰক দুভাগত বিভিক্ত কৰি কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণাৰো দাবী উত্থাপন কৰিছে। কিন্তু এই দাবীক অগ্ৰাহ্য কৰিছে কেন্দ্ৰীয় চৰকাৰে।

কুকি, মেইটেই, নাগা বিধায়ক বহিছে আলোচনাত

অতি শেহতীয়াকৈ যোৱা ১৫ অক্টোবৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ মধ্যস্থতাত দিল্লীত প্ৰথমবাৰৰ বাবে একেলগে বৈঠকত বহিছিল মণিপুৰৰ কুকি, মেইটেই আৰু নাগা বিধায়কসকল। মুঠ ২০ গৰাকী বিধায়কে অংশগ্ৰহণ কৰা এই বৈঠকত মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ বাবে আলোচনা কৰা হৈছিল।

ৰাজ্যখনত অশান্ত পৰিবেশ সৃষ্টি হোৱাৰ পাছত এয়া আছিল এনেধৰণৰ প্ৰথম পদক্ষেপ। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৰাজ্যখনৰ কুকি, মেইটেই আৰু নাগা সম্প্ৰদায়ৰ মন্ত্ৰী তথা বিধায়কসকলক এই বৈঠকৰ বাবে ব্যক্তিভাৱে আমন্ত্ৰণ জনাইছিল। তাৰ পাছতেই দিল্লীত তিনিওটা সম্প্ৰদায়ৰ এই বিধায়কসকল একত্ৰিত হৈ মণিপুৰৰ শান্তিৰ সন্ধানত আলোচনাত বহে।

শান্তি প্ৰতিষ্ঠাৰ বাবে অপসাৰণ কৰিব লাগিব এন বীৰেন সিঙেক !

দিল্লীত অনুষ্ঠিত হোৱা এই আলোচনাৰ পাছতে এতিয়া মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ অপসাৰণৰ দাবী উত্থাপন হৈছে। বিজেপিৰেই ১৯ গৰাকী বিধায়কে এই দাবী তুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰিছে।

এই বিধায়কসকলৰ মাজত আছে কুকি, মেইটেই, নাগা আদি সকলো সম্প্ৰদায়ৰ বিধায়ক। তাৰোপৰি প্ৰধানমন্ত্ৰী মোডীলৈ প্ৰেৰণ কৰা এই পত্ৰত স্বাক্ষৰ কৰিছে মণিপুৰ বিধানসভাৰ অধ্যক্ষ থৌকচম সত্যব্ৰত সিঙো।

তেওঁলোকে প্ৰধানমন্ত্ৰী মোডীলৈ পত্ৰ প্ৰেৰণ কৰি উল্লেখ কৰিছে মণিপুৰৰ শান্তি প্ৰতিষ্ঠাৰ বাবেই এন বীৰেন সিঙক অপসাৰণ কৰিব লাগে। মণিপুৰৰ শান্তি স্থাপনৰ বাবে এয়াই একমাত্ৰ উপায়। কেৱল সুৰক্ষা বাহিনী নিয়োগ কৰি মণিপুৰৰ শান্তি ঘূৰাই আনিব নোৱাৰি।

তেওঁলোকে প্ৰধানমন্ত্ৰী মোডীক জনাইছে ৰাজ্যখনত বিজেপি নানান প্ৰশ্নৰ সন্মুখীন হৈছে। বিজেপিয়ে জনতাৰ আস্থা হেৰুৱাইছে। সেয়ে এন বীৰেন সিঙক অপসাৰণৰ বাহিৰে বেলেগ উপায় নাই।

এনে পৰিস্থিতিত এতিয়া স্বাভাৱিকতে প্ৰশ্ন হয়, এইসকল বিধায়কৰ কথা মতেই এন বীৰেন সিঙক অপসাৰণ কৰা হ’ব নেকি? তেওঁক অপসাৰণ কৰিলেই শান্তি আহিবনে ৰাজ্যখনলৈ?

অৱশ্যে মেইটেই সম্প্ৰদায়ৰ এন বীৰেন সিঙে কুকি বিৰোধী স্থিতি পূৰ্বৰে পৰা গ্ৰহণ কৰি আহিছে বুলিও অভিযোগ আছে। ৰাজ্যখনৰ মুৰব্বী হিচাপে তেওঁ সকলোকে সমদৃষ্টিৰে চাব লাগে যদিও কুকিসকলেকেই তেওঁ মণিপুৰৰ আজিৰ অৱস্থাৰ বাবে দোষোৰোপ কৰি আহিছে।

সেয়ে তেওঁকলৈ অসন্তুষ্টি যে আছে সেয়া সত্য। এতিয়া নিজ দলৰেই ১৯ গৰাকীকৈ বিধায়কে এন বীৰেন সিঙৰ অপসাৰণেই মণিপুৰৰ শান্তি ঘূৰাই অনাৰ একমাত্ৰ উপায় বুলি উল্লেখ কৰাত বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছে।

২০২৩ ৰ ৩ মে'ৰ এটা নিৰ্দেশেই মণিপুৰলৈ নমাই আনিলে অমানিশা

চলিত বছৰৰ ৩ মে'ত এবছৰত সম্পূৰ্ণ কৰিলে মণিপুৰৰ গোষ্ঠী সংঘৰ্ষই। প্ৰায় ডেৰ বছৰ ধৰি অশান্ত হৈ আছে এই ক্ষুদ্ৰ ৰাজ্যখন। এই অশান্তিৰ সূত্ৰপাত হৈছিল ২০২৩ ৰ ৩ মে'ত মণিপুৰ উচ্চ ন্যায়ালয়ে দিয়া এটা নিৰ্দেশৰ পাছতে।

সেইদিনা ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ে মণিপুৰ চৰকাৰক মেইটেই সম্প্ৰদায়ক অনুসূচীত জনজাতি হিচাপে স্বীকৃতি দিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ পাছতেই সদৌ মণিপুৰ জনজাতি ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি "জনজাতি সংহতি যাত্ৰা"ৰ আহ্বান জনাইছিল। এই প্ৰতিবাদী সমদল ওলোৱাৰ পাছতেই চুড়াচান্দপুৰ জিলাত আৰম্ভ হৈছিল সংঘৰ্ষ।

এই সংঘৰ্ষই পাছত ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হয়গৈ। চৰকাৰী তথ্য অনুসৰিয়েই ৰাজ্যখনত চলি থকা হিংসাত্মক ঘটনাত ২০২৩ ৰ ৩ মে' ৰ পৰা ২০২৪ চনৰ ৩ মে' পৰ্যন্ত এটা বছৰত ২২১ গৰাকী লোক নিহত হৈছে।

ইয়াৰ বিপৰীতে ১০০০ ৰ অধিক লোক আহত হৈছে। ইয়াৰোপৰি চৰকাৰী তথ্য অনুসৰি ৩২ গৰাকী লোক নিৰুদ্দেশ হৈছে। যোৱা ৫ টা মাহত ৰাজ্যখনত আন বহু কেইটা হিংসাত্মক ঘটনা সংঘটিত হৈছে। য'ত অতি কমেও কুৰি জনতকৈ অধিক লোক নিহত হৈছে । আহত হৈছে আন কেইবাজনো।

মানৱতাৰ বধ্যভূমি মণিপুৰ !

সংঘাত আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে মণিপুৰত ৬০ হাজাৰ লোক গৃহহীন হৈছে। ইম্ফল চহৰ সম্পূৰ্ণৰূপে কুকি মুক্ত হৈছে। সেইদৰেই কুকি অধ্যুষিত অঞ্চলসমূহ মেইটেই মুক্ত হৈছে।

জ্বলাই দিয়া হৈছে একো একোখন গাওঁ। চৰকাৰী তথ্য অনুসৰিয়েই মণিপুৰত এটা বছৰত প্ৰায় ৫ হাজাৰ গৃহ জ্বলাই দিয়া হৈছে। ৩৮৬ টা মন্দিৰ, গীৰ্জা আদিৰ দৰে উপাসনাস্থলী জ্বলাই দিয়াৰ লগতে ধ্বংস কৰা হৈছে।

ৰাজ্যখনত প্ৰায় ৬০ হাজাৰ লোকে ৩৫১ টা সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে। এই আশ্ৰয় শিবিৰসমূহত আছে ২২ হাজাৰ শিশু। যাৰ ভৱিষ্যতক লৈ এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে। এই শিবিৰত আছে ৩০০ ৰো অধিক ৮০ উৰ্ধ্বৰ বৃদ্ধ, বৃদ্ধা।

এই দীঘলীয়া সংঘাতৰ মাজত কিমান যুৱতী, মহিলাৰ সতীত্ব হৰণ হৈছে তাৰো কোনো সীমা সংখ্যা নাই। ইণ্টাৰনেট সংযোগ পুনৰ উদ্ধাৰ হোৱাৰ লগে লগেই বিশ্ববাসীয়ে দেখিছিল কিদৰে দুই মহিলাক উলংগ কৰি ৰাজ্যখনত পেৰেড কৰা হৈছিল। দলবদ্ধ ধৰ্ষণ কৰা হৈছিল তেওঁলোকক।

সেয়া পোহৰলৈ অহা এটা মাত্ৰ ভিডিঅ' আছিল। তাৰ পাছত স্বয়ং মুখ্যমন্ত্ৰীয়েই স্বীকাৰ কৰিছিল তেনে বহু ঘটনাই সংঘটিত হৈছে মণিপুৰত।

দুই গোষ্ঠীৰ মাজৰ সংঘাতত জড়িত হৈ পৰিলে উগ্ৰপন্থী সংগঠনো

কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত চলা সংঘাতে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ পাছতে ইয়াত জপিয়াই পৰে উগ্ৰপন্থী সংগঠনো। ৰাজ্যখনত আইন-শৃংখলা পৰিস্থিতিৰ কোনো অস্তিত্ব নোহোৱা হৈ পৰাত এই উগ্ৰপন্থীসমূহৰ নেতৃত্বতে আৰক্ষী থানাসমূহৰ অস্ত্ৰভাণ্ডাৰৰ লুটপাত হৈছিল।

দুই সম্প্ৰদায়ৰ সাধাৰণ লোকৰ হাতে হাতে বিয়পি পৰিল অবৈধ মাৰণাস্ত্ৰ। এই অবৈধ মাৰণাস্ত্ৰই হিংসাত্মক কাৰ্যকলাপক অধিক গতি দিলে। অৱশ্যে শেহতীয়াকৈ সশস্ত্ৰ বাহিনীৰ সহযোগত বিভিন্ন ধৰণৰ অভিযান চলাই এনে মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছে যদিও এতিয়াও অবৈধ মাৰণাস্ত্ৰ সম্পূৰ্ণ ৰূপে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

তাৰোপৰি মণিপুৰৰ বিদ্ৰোহী সংগঠনসমূহে ৰাজ্যখনৰ অশান্ত পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি ম্যানমাৰ সীমান্তৰে অবৈধ অস্ত্ৰৰ সৰবৰাহত লিপ্ত হৈছে। ৰাজ্যখনত বিয়পি পৰা অবৈধ অস্ত্ৰৰ এক বৃহৎ অংশ আহিছে বহিঃৰাষ্ট্ৰৰ পৰা।

ৰাজ্যখনৰ আৰক্ষী বিষয়া তথা জোৱানৰ পৰা ৬ হাজাৰৰো অধিক অস্ত্ৰ লুটপাত কৰা হৈছিল যদিও ইয়াৰে ২৬৮১ টা অস্ত্ৰহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ২০২৪ ৰ ছেপ্টেম্বৰলৈকে মণিপুৰৰ পৰা মুঠ ২,৬৮১ টা বিভিন্ন ধৰণৰ অস্ত্ৰ উদ্ধাৰ কৰা হৈছিল।

মণিপুৰৰ সুৰক্ষা উপদেষ্টা কুলদ্বীপ সিঙে প্ৰকাশ কৰা মতে উদ্ধাৰ হোৱা ২৬৮১ টা অস্ত্ৰৰ ভিতৰত ১২০০ অস্ত্ৰহে আৰক্ষী থানাৰ পৰা লুট হোৱা। বাকীসমূহ আহিছে ৰাজ্যখনৰ বাহিৰৰ পৰা।

এইদৰে অস্ত্ৰ উদ্ধাৰ কৰা হৈছে যদিও ৰাজ্যখনত অবৈধ অস্ত্ৰৰে সংঘৰ্ষ এতিয়াও অব্যাহত আছে। ২০২৪ চনৰ ১ ছেপ্টেম্বৰত ইম্ফল পশ্চিমৰ কৌট্ৰুকত কুকি উগ্ৰপন্থীয়ে সংঘটিত কৰিছিল ড্ৰোণ আক্ৰমণ।

এই আক্ৰমণত ৩ জন সুৰক্ষা কৰ্মীকে ধৰি আন কেইবাজনো লোক নিহত হোৱাৰ লগতে আহত হয়। আজি পুনৰ উগ্ৰপন্থীয়ে সংঘটিত কৰিছে বোমা নিক্ষেপৰ দৰে ঘটনা। এয়া মাত্ৰ উদাহৰণহে।

মণিপুৰত গৃহমন্ত্ৰী অমিত শ্বাহে পাৰ কৰিছিল ৩ দিন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মণিপুৰক গুৰুত্ব নিদিলেও অৱশ্যে গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ অশান্ত সময়ত ইম্ফললৈ আহি পৰিস্থিতিৰ বুজ লৈছে। তেওঁ শান্তি প্ৰতিষ্ঠাৰ বাবে কি কাৰ্যকৰী পদক্ষেপ লৈছে সেয়া আন এক বিতৰ্কৰ বিষয় যদিও মণিপুৰ জ্বলি থকাৰ সময়তে তিনিদিন ইম্ফলত পাৰ কৰিছিল।

২০২৩ চনৰ মে'ত হিংসাত্মক পৰিস্থিতিৰ সূচনা হোৱাৰ পাছতে তিনিদিনীয়া মণিপুৰ ভ্ৰমণৰ বাবে আহিছিল গৃহমন্ত্ৰী অমিত শ্বাহ। এই ভ্ৰমণৰ সময়ত তেওঁ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ সৈতে তেওঁৰ কেবিনেট সতীৰ্থসকলৰ সৈতে বৈঠকত মিলিত হয়। তাৰোপৰি কুকি, মেইটেই জনজাতীয় নেতা, নিৰাপত্তা বাহিনী, প্ৰশাসনৰ বিষয়াৰ সৈতে কেইবাখনো বৈঠকত মিলিত হয়।  

শান্তিৰ বাৰ্তা লৈ মণিপুৰবাসীৰ কাষত থিয় দিবলৈ আহিছে ৰাজনৈতিক নেতা

মণিপুৰক কেন্দ্ৰই গুৰুত্ব নিদিয়াৰ অভিযোগ কেৱল বিৰোধীৰেই নহয়, বিজেপি নেতাৰো। ২০২৩ চনৰ ২৭ জুলাইত বিজেপিৰ বিহাৰৰ নেতা বিনোদ শৰ্মাই মণিপুৰৰ হিংসাই দেশক বদনাম কৰা বুলি অভিযোগ তুলি পদত্যাগ কৰিছিল।

একেটা বৰ্ষতে ৭ আগষ্টত কুকি পিপলছ এলায়েন্সে এন বীৰেন সিঙৰ নেতৃত্বত ৰাজ্যখনৰ বিজেপি চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰে। ইয়াৰ মাজতে বিৰোধী মিত্ৰজোট ইণ্ডিয়াৰ ২১ গৰাকীকৈ সাংসদে মণিপুৰ ভ্ৰমণ কৰে।

সেইদৰে অশান্ত জৰ্জৰ মণিপুৰৰ পৰিস্থিতিৰ বুজ ল'বলৈ তৃণমূল কংগ্ৰেছৰো এটা দল মণিপুৰত উপস্থিত হৈছিল ৷ তৃণমূলৰ ৫ সদস্যৰ প্রতিনিধি দলটোৱে চূড়াচান্দপুৰ অঞ্চল ভ্ৰমণ কৰাৰ লগতে ইম্ফলৰ শিবিৰসমূহ পৰিদৰ্শন কৰিছিল।  

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মণিপুৰৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা এতিয়ালৈকৈ মুঠ ৩ বাৰ ৰাজ্যখন ভ্ৰমণ কৰিছে। তেওঁ মণিপুৰৰ শিবিৰিত থকা লোকসকলৰ কাষত উপস্থিত হৈ শান্তিৰ প্ৰতিষ্ঠাৰ বাবে সকলো পক্ষকে আহ্বান জনাইছে।

এই ভ্ৰমণৰ পাছত তেওঁ সংসদত মণিপুৰৰ প্ৰকৃত সমস্যা আৰু ৰাজ্যখনৰ জনতাৰ দুখ, দুৰ্দশাৰ কথাবোৰ কৈছে। বিৰোধী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত তেওঁ মণিপুৰলৈ ৮ জুলাইত এদিনীয়া ভ্ৰমণলৈ আহিছিল।

মণিপুৰলৈ কেতিয়া ঘূৰিব শান্তি?

মণিপুৰৰ শান্তি কেতিয়া ঘূৰিব এই প্ৰশ্নৰ সঠিক উত্তৰ আজিৰ তাৰিখত কাৰো হাতত নাই। আনকি ৰাজ্যখনত শান্তি প্ৰতিষ্ঠাৰ বাবে কেন্দ্ৰ, ৰাজ্য কোনেও দেখুওৱা নাই আন্তৰিকতা।

ম্যানমাৰ সীমান্তৰ এই ৰাজ্যখনৰ সমস্যা কেৱল এটা নহয়। খ্ৰীষ্টান কুকি আৰু হিন্দু ধৰ্মাৱলম্বি মেইটইৰসকলৰ এই সংঘাতৰ কাৰণ একমাত্ৰ জনজাতিকৰণেই নহয়। ইয়াৰ আঁৰত আছে অৰ্থনৈতিক, সামজিক, সাংস্কৃতিক আদি বিভিন্ন কাৰক।

ৰাজ্যখনৰ পাহাৰ অঞ্চলত বাস কৰা কুকিসকলৰ দখলত আছে পপী খেতি। কুকিসকলে এই অবৈধ খেতি নিজৰ নিয়ন্ত্ৰণত ৰাখি এক অবৈধ বজাৰ গঢ়ি তুলিছে। তাৰোপৰি উগ্ৰপন্থীসকলে এই পাহাৰীয়া অঞ্চলৰ সুযোগ গ্ৰহণ কৰী ম্যানমাৰ সীমান্তৰে এক কৰিডৰ নিৰ্মাণ কৰি লৈছে।

ম্যানমাৰৰ পৰাই নিয়ন্ত্ৰণ হৈ আহিছে কুকি উগ্ৰপন্থীৰ কামকাজ। তাৰোপৰি ম্যানমাৰৰ পৰা অবৈধভাৱে কুকিৰ প্ৰবজনৰ বিষয়টোও মেইটেইসকলৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে।

এনে প্ৰেক্ষাপটত মণিপুৰৰ এই সমস্যাক কেৱল এটা নিৰ্দিষ্ট কাৰকতে সীমাবদ্ধ কৰি ৰাখিলে নহ'ব। ৰাজনৈতিক নেতাৰ ক্ষমতা আহৰণৰ অংকৰ কথাত এই সমস্যা সমাধান নহয়। মণিপুৰৰ আজিৰ এই অশান্ত পৰিস্থিতি দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবেও এক ভাবুকি স্বৰূপ।

এই সমস্যাৰ সমাধান কেৱল এন বীৰেন সিঙক অপসাৰণ কৰিলেই সমাধান হ'ব বুলি ভাবিলে হয়তো ভুল কৰা হ'ব। মণিপুৰৰ শান্তিৰ বাবে ইয়াৰ উগ্ৰপন্থী সংগঠনসমূহকো নিয়ন্ত্ৰণ কৰিব লাগিব।

আন্তঃৰাষ্ট্ৰীয় সীমাৰ এই ৰাজ্যখনক কেন্দ্ৰই ক্ষুদ্ৰ ৰাজ্য বুলি গুৰুত্বহীন কৰাৰ মানসিকতা ত্যাগ কৰিবই লাগিব। বিশ্বগুৰু হ'বলৈ যোৱা আমাৰ নেতাই সম্ৰাট নিৰোৰ দৰে আচৰণ কৰিলে এদিন নিজৰেই ভৰিৰ তলৰ মাটি হেৰুৱাব।

বিশ্বগুৰু হোৱাৰ পূৰ্বে আমাৰ নেতাই নিজৰ মানুহখিনিৰ দুখ, দুৰ্দশাক উপলব্ধি কৰিবলৈ শিকিব লাগিব। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ অন্ত পেলোৱাৰ দায়িত্ব কান্ধ পাতি ল'বলৈ স্বইচ্ছাৰে আগবাঢ়ি যোৱা আমাৰ নেতাই মণিপুৰকো শান্ত কৰিবলৈ সমাধানৰ পথ বিচাৰিবই লাগিব।

Also Read: দুদিনৰ বাবে আকৌ কংগ্ৰেছী হ'ব অখিল-লুৰীণ...

মণিপুৰ নৰেন্দ্ৰ মোডী অমিত শ্বাহ এন বীাৰেন সিং