২৮ বছৰৰ পাছত আকৌ চৰ্চাত ৰাজ্যৰ এটা ৰাজনৈতিক হত্যাকাণ্ড...

২৮ বছৰৰ পাছত আকৌ চৰ্চাত ৰাজ্যৰ এটা ৰাজনৈতিক হত্যাকাণ্ড...
২৮ বছৰৰ পাছত আকৌ চৰ্চাত ৰাজ্যৰ এটা ৰাজনৈতিক হত্যাকাণ্ড...
Published on
Updated on

১৯৯৬ চনত হত্যা কৰা হৈছিল মন্ত্ৰী নগেন নেওগক। ২৮ বছৰৰ পাছত আকৌ চৰ্চালৈ আহিছে এই হত্যাকাণ্ড। কেনেকৈ, কোনে হত্যা কৰিছিল অসমৰ প্ৰভাৱশালী মন্ত্ৰীজনক? কিয় আকৌ তৎপৰ হৈছে চি বি আই? নগেন নেওগৰ ৰাজনৈতিক পৰিক্ৰমা কি আছিল? এইবোৰ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই প্ৰতিবেদন।

আকৌ চৰ্চালৈ আহিছে আজিৰ পৰা ২৮ বছৰৰ পূৰ্বে সংঘটিত এক ৰাজনৈতিক হত্যাকাণ্ড। ১৯৯৬ চনৰ ৬ মে'।দুদিনৰ পূৰ্বে অনুষ্ঠিত হৈ গৈছিল অসম বিধানসভাৰ নিৰ্বাচন।

নিৰ্বাচনী কুচকাবাজ অন্ত পৰিছিল যদিও ৰাজ্যৰ আইন শৃংখলাজনিত পৰিস্থিতি চিন্তাজনক হৈয়ে আছিল। অৱশ্যে বিধানসভাৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পাছত ৰাজনৈতিক দলৰ নেতাসকলে কিছু হ'লেও স্বস্তিৰ নিশ্বাস এৰিছে।

সময় তেতিয়া সন্ধিয়া হওহও। ঘৰলৈ উভতিছিল মন্ত্ৰী নগেন নেওগ। বৰুৱা গাঁৱৰ পৰা তেওঁ ঘৰলৈ উভতাৰ পথত লগত আছিল তেওঁৰ নিৰাপত্তাৰক্ষী। ছজন নিৰাপত্তাৰক্ষী আছিল সেই সময়ত নেওগৰ সৈতে। ফৰকাটিং বালিজান চাৰিআলিৰ পৰা শিঙিজান কাঠৰ দলং পাইছিলহি নেওগৰ কনভয়।

সেই স্থানত পূৰ্বৰে পৰা খাপপিটি থকা দুৰ্বৃত্তই ১৫ মিনিট ধৰি মন্ত্ৰী নেওগৰ কনভয়ৰ ওপৰত গুলী বৰ্ষণ কৰিছিল। এই এম্বুছত প্ৰাণ হেৰুৱাইছিল মন্ত্ৰীগৰাকীৰ লগতে তেওঁৰ বাহনখনৰ চালক আৰু আন ছজনে।

এই আক্ৰমণৰ আঁৰত আছিল আলফা। অসমৰ ৰাজনৈতিক ইতিহাসৰ এইটোও এটা অন্যতম দুৰ্ভাগ্যজনক ঘটনা আছিল। প্ৰথমে অসম আৰক্ষীয়ে এই সমগ্ৰ আক্ৰমণৰ অনুসন্ধান কৰিছিল। আলফাৰ এম্বুছত মৃত্যু হোৱা নগেন নেওগ আছিল গোলাঘাটৰ এজন প্ৰতিষ্ঠিত কংগ্ৰেছ নেতা।

অসম বিধানসভালৈ তেওঁ প্ৰথমবাৰ গোলাঘাট বিধানসভা সমষ্টিৰ পৰা ১৯৮৩ চনত নিৰ্বাচিত হৈছিল। অসম আন্দোলনৰ প্ৰেক্ষাপটত এই নিৰ্বাচন গৰিষ্ঠ সংখ্যক লোকেই বৰ্জন কৰিছিল। সেইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি নেওগে মাত্ৰ ২২২২ টা ভোট লাভ কৰিছিল। তেওঁৰ নিকটতম প্ৰতিদ্বন্দিগৰাকীয়ে লাভ কৰিছিল ২০৬৩ টা ভোট।

তাৰ পাছত গোলাঘাট বিধানসভা সমষ্টিৰ পৰাই ১৯৮৫ চনত তেওঁ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল যদিও সেইবাৰ তেওঁ পৰাস্ত হৈছিল। ১৯৯১ চনত পুনৰ গোলাঘাট বিধানসভা সমষ্টিৰ পৰা জয়ী হৈছিল নগেন নেওগ। সেইবাৰ তেওঁ লাভ কৰিছিল ২৭২২২ টা ভোট।

১৯৯১ ত হিতেশ্বৰ শইকীয়াই মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল। শইকীয়াৰ মন্ত্ৰীসভাত নগেন নেওগে কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব লাভ কৰিছিল। নেওগৰ হাতত পৰ্যায়ক্ৰমে অৰ্পণ কৰা বিভাগসমূহ আছিল সমবায়, সীমান্ত উন্নয়ন, গ্ৰামোন্নয়ন আদি।

এই সময়ছোৱাত কংগ্ৰেছীসকলক প্ৰায়ে আলফাই আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। কিয়নো ৰাজ্যত কংগ্ৰেছী শাসনকালতেই আলফাৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলিছিল। আনকি হিতেশ্বৰ শইকীয়াক তেওঁৰ স্থিতি আৰু সিদ্ধান্তৰ বাবে গণশত্ৰু পৰ্যন্ত আখ্যা দিয়া হৈছিল।

নগেন নেওগ হত্যাকাণ্ডত তদন্তৰ দায়িত্ব চি বি আইৰ হাতত অৰ্পণ কৰা হৈছিল। চি বি আইয়ে তদন্তৰ দায়িত্ব লৈয়ে এই আক্ৰমণৰ সন্দৰ্ভত ১৪ গৰাকী লোকৰ ভাষ্য গ্ৰহণ কৰিছিল। চি বি আইৰ অনুসন্ধানত পোহৰলৈ আহিছিল নগেন নেওগক আক্ৰমণ কৰা আলফাৰ দলটোৰ নেতৃত্ব দিছিল অৰূপ কোঁৱৰ ওৰফে টুটু ওৰফে অমৰ সিঙে।

সেই অৰূপ কোঁৱৰ আছিল গোলাঘাট জিলাৰ আলফাৰ কামাণ্ডাৰ। ১৯৯৯ চনত চি বি আইৰ হাতত অৰ্পণ কৰা নগেন নেওগ হত্যাকাণ্ডৰ অভিযোগনামা চি বি আইয়ে দাখিল কৰিছিল আদালতত। এই অভিযোগনামাত অৰূপ কোঁৱৰৰ লগতে আন দুজন লোকৰো নাম আছিল।

সেই অভিযুক্ত লোক দুজন আছিল প্ৰাঞ্জল শইকীয়া আৰু অনন্ত শইকীয়া। ২০০৪ চনত আন এক গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল অৰূপ কোঁৱৰক। সমান্তৰালভাৱে নগেন নেওগৰ হত্যাকাণ্ডৰ গোচৰতো অভিযোগনামাত নাম থকাৰ হেতু এই গোচৰৰো বিচাৰ চলিছিল।

নিম্ন আদালতে চি বি আইৰ অভিযোগনামাৰ ভিত্তিত অৰূপ কোঁৱৰক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল যদিও সেই ৰায়ৰ বিৰুদ্ধে তেওঁৰ পৰিয়ালে উচ্চ ন্যায়ালয়ৰ কাষ চাপে। ন্যায়ালয়ে ২০১৩ ৰ ১৭ মে'ত পৰ্যাপ্ত তথ্য, প্ৰমাণ নথকাত এই গোচৰৰ পৰা তেওঁক দোষমুক্ত ঘোষণা কৰে।

তাৰ পাছতেই উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে নেওগৰ পৰিয়াল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপে। সেয়া আছিল ২০১৫ চনৰ কথা। তাৰ পাছত উচ্চতম ন্যায়ালয়ত চলিল এই গোচৰ।

নগেন নেওগৰ মৃত্যুৰ পাছতে ২০০১ চনত তেওঁৰ পত্নী অজন্তা নেওগৰ ৰাজনীতিত প্ৰৱেশ ঘটে। প্ৰয়াত স্বামীয়ে প্ৰতিদ্বন্দিতা কৰা গোলাঘাট সমষ্টিৰ পৰাই কংগ্ৰেছৰ টিকটত তেওঁ ২০০১ চনত নিৰ্বাচনত প্ৰথমবাৰ প্ৰতিদ্বন্দিতা কৰে। সেইবাৰ তেওঁৰ নিকটতম প্ৰতিদ্বন্দিক ১০,০০০তকৈও অধিক ভোটত পৰাজিত কৰি বিধানসভালৈ নিৰ্বাচিত হৈছিল।

তাৰ পাছৰ পৰা এতিয়ালৈকে তেওঁ এবাৰো পৰাস্ত হোৱা নাই। কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কেবিনেটত গড়কাপ্তানী বিভাগ, নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণ আদি বিভাগৰ মন্ত্ৰীৰ দায়িত্ব পালন কৰি ৰাজ্যৰ এক শক্তিশালী মহিলা ৰাজনৈতিক নেত্ৰী হিচাপে প্ৰতিষ্ঠিত হয়। পৰৱৰ্তী সময়ত ২০২১ ত তেওঁ বিজেপিৰ টিকটত অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহে আৰু কেইবাটাও বিভাগৰ মন্ত্ৰীত্বৰ দায়িত্ব পালন কৰি আছে।

শেহতীয়াকৈ এইগৰাকী মন্ত্ৰী অজন্তা নেওগৰ স্বামী তথা প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যাকাণ্ডত অভিযুক্ত অমৰ সিং ওৰফে অৰূপ কোঁৱৰক ১৮ অক্টোবৰ ২০২৪ ৰ নিশা চি বি আইৰ এটা দলে গ্ৰেপ্তাৰ কৰে। গোলাঘাটৰ বগৰীজিংস্থিতি তেওঁৰ বাসভৱনৰ পৰা স্থানীয় আৰক্ষীৰ সহযোগত কলকাতাৰ পৰা অহা এটা চি বি আইৰ দলে তেওঁক নিজৰ জিম্মাত লয়। জানিব পৰা মতে অমৰ সিঙলৈ উচ্চ ন্যায়ালয়ত হাজিৰ হোৱাৰ চমন আহিছিল ১৩ দিনৰ পূৰ্বে।

তাৰ পাছতেই চি বি আইৰ এটা দলে আহি তেওঁক বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ লগে লগে পুনৰ চৰ্চা হৈছে নগেন নেওগৰ হত্যাকাণ্ডৰ প্ৰসংগ। চি বি আইৰ দলটোৱে তেওঁক গুৱাহাটীলৈ লৈ অহাৰ পাছত কলকাতালৈ নিয়াৰ সম্ভাৱনা আছে।

২৮ বছৰৰ পাছত আকৌ চৰ্চাত ৰাজ্যৰ এটা ৰাজনৈতিক হত্যাকাণ্ড...
আৰু কিমান দিনলৈ হাউছফুল হৈ থাকিব ভ্ৰাম্যমাণ থিয়েটাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in