ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়া হৈ পৰিছে কংগ্ৰেছৰ বাবে প্ৰত্যাহ্বান

ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়া হৈ পৰিছে কংগ্ৰেছৰ বাবে প্ৰত্যাহ্বান
ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়া হৈ পৰিছে কংগ্ৰেছৰ বাবে প্ৰত্যাহ্বান
Published on
Updated on

সমাগত মিজোৰাম বিধানসভা নিৰ্বাচন। পৰৱৰ্তী ৫ বছৰৰ বাবে ৰাজ্যখনত কোনে শাসন কৰিব তাক লৈ আৰম্ভ হৈছে জল্পনা কল্পনা। সমীক্ষা অনুসৰি কোনো ৰাজনৈতিক দলেই লাভ নকৰে সংখ্যাগৰিষ্ঠতা। সেয়ে চৰ্চালৈ আহিছে এজন 'কিং মেকাৰ'ৰ প্ৰসংগ। একালৰ IPS বিষয়া তথা ইন্দিৰা গান্ধীৰ নিৰপত্তাৰ দায়িত্ব পালন কৰা এই নেতাগৰাকী এম এন এফ, কংগ্ৰেছৰ বাবে হৈ পৰিছে প্ৰত্যাহ্বান স্বৰূপ। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

এসময়ত তেওঁ আছিল ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বত। আজি তেওঁ এখন ৰাজ্যত চৰকাৰ গঠনত মুখ্য ভূমিকা ল'বলৈ আগবাঢ়িছে। অংক মিলিলে হয়তো তেওঁ হৈ পৰিব পাৰে মুখ্যমন্ত্ৰীও!

পেছাগতভাৱে তেওঁ আছিল ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া।৮০ ৰ দশকত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্ব পালন কৰি থকাৰ মাজতে ইন্দিৰা গান্ধীৰ কথা মতেই তেওঁ চাকৰিৰ পৰা অব্যাহতি লৈ যোগদান কৰিছিল ৰাজনীতিত।

ৰাজনীতিত যোগদান কৰিয়েই তেওঁ নিৰ্বাচিত হয় লোকসভাৰ সাংসদ হিচাপে। ইয়াৰ পাছত আছে ৰাজীৱ গান্ধীৰ সময়। ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হিচাপে থকাৰ সময়েত স্বাক্ষৰিত হৈছিল ঐতিহাসিক মিজো শান্তি চুক্তি।

যি চুক্তিৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য মিজোৰামলৈ শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ বাট মুকলি হয়। এই চুক্তি আৰু মিজোৰামৰ শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আছিল একালৰ দক্ষ প্ৰশাসনিক বিষয়া তথা সফল ৰাজনীতিবিদ লালডুহোমা। মিজোৰামৰ অন্যতম শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল জোৰাম পিপলছ মোভমেণ্টৰ নেতা।

এইগৰাকী নেতাই ২০১৮ ত মিজোৰামত ভংগ কৰিছিল দুই দশকৰ দ্বিমেৰু ৰাজীতিৰ প্ৰথা। ২০১৮ ৰ আগলৈকে ৰাজ্যখনৰ ৰাজনীতিত মূলতঃ কংগ্ৰেছ আৰু এম এন এফেই আছিল প্ৰধান শক্তি।

২০১৮ ত ৰাজ্যখনত শক্তিশালী কংগ্ৰেছক তৃতীয়স্থানলৈ অৱনমিত কৰাই জেড পি এম হৈ পৰিছিল মিজোৰাম বিধানসভাৰ দ্বিতীয় সৰ্বাধিক সদস্যৰ দল। এইগৰাকী নেতাৰ অনুগামীৰ দাবী এইবাৰ মিজোৰামত শাসকীয় এম এন এফক পৰাস্ত কৰি আইজল দখল কৰিব জেড পি এমে।

আনহাতে সমীক্ষা অনুসৰি আকৌ লালডুহোমাৰ জেড পি এমে মিজোৰামত এইবাৰ চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত ল'ব নিৰ্ণায়ক ভূমিকা। তেওঁক বাদ দি মিজোৰামত কোনেও চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ'ব।

এক কথাত 'কিং' হ'ব নোৱাৰিলেও তেওঁ হ'ব 'কিং মেকাৰ'। ইয়াৰ পৰাই অনুমান কৰিব পাৰি মিজোৰামৰ ৰাজনীতিত এতিয়া তেওঁৰ শক্তি কিমান। অৱশ্যে একালৰ এইগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াই চৰকাৰী চাকৰি ত্যাগ কৰি প্ৰথমে যোগদান কৰিছিল কংগ্ৰেছতেই।

কংগ্ৰেছৰ পৰাই তেওঁ নিৰ্বাচিত হৈছিল লোকসভাৰ সাংসদ হিচাপে। পালন কৰিছিল মিজোৰাম কংগ্ৰেছৰ সভাপতিৰো দায়িত্ব। ১৯৮২ চনৰ আগলৈকে অসমত কৰ্মৰত হৈ থকা লালডুহোমাক সেই বছৰ দিল্লীলৈ বদলি কৰি লৈ যোৱা হৈছিল।

দিল্লীত তেওঁক নতুনকৈ প্ৰদান কৰা হৈছিল প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্ব। ১৯৭৭ চনৰ পূৰ্বে আই পি এছ হিচাপে নিযুক্তি লাভৰ আগতে ৰাজ্যৰ প্ৰশাসনিক বিষয়া হিচাপে মিজোৰামৰ প্ৰথম মুখ্যমন্ত্ৰী চি চুংগাৰ সহায়ক আছিল তেওঁ।

এই কথা জানিছিল ইন্দিৰা গান্ধীয়ে। তেওঁৰ নিৰাপত্তাৰ দায়িত্বত থকা লালডুহোমাৰ ৰাজনৈতিক বিচক্ষণতাৰ কথাও জানিছিল প্ৰধানমন্ত্ৰী গান্ধীয়ে। সেয়ে তেওঁক ১৯৮৪ ত মিজোৰামলৈ প্ৰেৰণ কৰে।

আৰক্ষী সেৱাৰ চাকৰি ত্যাগ কৰি সেইবাৰেই তেওঁ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা কৰে। মিজোৰামৰ জনসাধাৰণেও তেওঁক বিপুল ভোটত বিজয় সাব্যস্ত কৰোৱাই দিল্লীলৈ প্ৰেৰণ কৰে।

ইয়াৰ পাছত তেওঁৰ মধ্যস্থতাতে মিজোৰামৰ বিদ্ৰোহী নেতা লালডেংগাৰ সৈতে কেন্দ্ৰীয় চৰকাৰে ঐতিহাসিক মিজো শান্তি চুক্তি স্বাক্ষৰিত কৰে। এই লালডেংগাই পৰৱৰ্তী সময়ত গঠন কৰিছিল মিজোৰমাত এতিয়া শাসন কৰি থকা মিজো নেচনেল ফ্ৰণ্ট।

কংগ্ৰেছে তেওঁক ৰাজ্যখনত বিভিন্ন দায়িত্ব প্ৰদান কৰিছিল। দিল্লীয়ে তেওঁক গুৰুত্ব দিছিল। কিন্তু পৰৱৰ্তী সময়ত ৰাজ্যখনৰ আন এগৰাকী কংগ্ৰেছ নেতা লালথানহাওলাৰ সৈতে সংঘাত হয় লালডুহোমাৰ।

এই সংঘাতে চূড়ান্ত ৰূপ লোৱাত তেওঁ কংগ্ৰেছ ত্যাগ কি গঠন কৰে মিজো নেচনেল ইউনিয়ন। পিছত যোগদান কৰিলে পিপলছ কনফাৰেন্সত। ইয়াতো তেওঁ বেছি দিন তিস্তি থাকিব নোৱাৰিলে।

পিপিলছ কনফাৰেন্স ত্যাগ কৰি তেওঁ যোগদান কৰে এম এন এফত। এম এন এফৰ মুৰব্বী তথা একালৰ বিদ্ৰোহী নেতা লালডেংগা যি লালডুহোমাৰ মধ্যস্থতাত শান্তি চুক্তি কৰি ৰাজনীতিত অংশগ্ৰহণেৰে মিজোৰামৰ মুখ্যমন্ত্ৰী হৈছিল তেওঁৰ জীৱিত অৱস্থালৈকে এম এন এফত লালডুহোমাও ঠিকেই আছিল।

কিন্তু লালডেংগাৰ মৃত্যুৰ পাছত তেওঁৰ উত্তৰসুৰি জোৰামথাংগাৰ সৈতে সংঘাত হয় লালডুহোমাৰ। সেয়ে তেওঁ দল ত্যাগ কৰি গঠন কৰে জোৰাম নেচনেলিষ্ট পাৰ্টি। ২০০৩ আৰু ২০০৮ চনৰ মিজোৰাম বিধানসভাত তেওঁ দলটোৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।  

২০১৮ চনত তেওঁ হৈ পৰে বিৰোধী দলৰ নেতা। সেইবাৰ বিধানসভাৰ নিৰ্বাচনৰ ঠিক আগে আগে এইগৰাকী নেতাৰ উদ্যোগতে জোৰাম নেচনেলিষ্ট পাৰ্টীসহ মিজোৰামৰ মুঠ ৭ টা ৰাজনৈতিক দলে একত্ৰিত হৈ গঠন কৰে এক উমৈহতীয়া মঞ্চ- জোৰাম পিপলছ মোভমেণ্ট।

ফলত এই মঞ্চই একত্ৰিতভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি দখল কৰে ৮ খন আসন। ইয়াৰ লগে লগে দলটো মিজোৰাম বিধানসভাত হৈ পৰে দ্বিতীয় বৃহত্তম শক্তি। সেইবাৰ এম এন এফে ২৬ খন আসনত জয়েৰে দখল কৰে আইজল।

কংগ্ৰেছে লাভ কৰে ৫ খন আসন। ফলত কংগ্ৰেছ ৰাজ্যখনত থাকে তৃতীয় স্থানত। এই নিৰ্বাচনত লালডুহোমাই ছেৰচিপ আসনত পৰাস্ত কৰিছিল কংগ্ৰেছৰ তদানীনন্তন মুখ্যমন্ত্ৰী লালথানহাওলাক।

কিন্তু নিৰ্বাচনৰ পাছতে ৭ টা ৰাজনৈতিক দলৰ উমৈহতীয়া মঞ্চ জেড পি এমে ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ কৰে। দলটোৰ সভাপতিৰ দায়িত্ব কান্ধ পাতি লয় লালডুহোমাই। নতুন দলৰ পদ গ্ৰহণ কৰাৰ বাবে দলত্যাগ আইনৰ আওতাত পৰি তেওঁ বিধায়ক পদ হেৰুৱাবলগীয়া হয়।

কিন্তু তেওঁৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি পালে যে, পুনৰ উপ-নিৰ্বাচনত বিজয়ী হৈ মিজোৰাম বিধানসভালৈ আহি বিৰোধী দলৰ নেতাৰ ভূমিকা পালন কৰে। শেহতীয়াকৈ অনুষ্ঠিত হোৱা লুংলেইৰ পৌৰসভা নিৰ্বাচনত এই দলটোৱে ১১ সন আসনৰ ১১ খনতেই জয় লাভ কৰিছে। ই প্ৰমাণ কৰে দলটোৰ বৰ্তমানৰ জনপ্ৰিয়তা।

২০২৩ ৰ সমাগত বিধানসভা নিৰ্বাচনত ৪০ খন আসনৰ মিজোৰাম বিধানসভাত শাসকীয় এম এন এফ অথবা কংগ্ৰেছ কোনোটো দলেই মেজিক নম্বৰ ২১ স্পৰ্শ কৰিব নোৱাৰিব বুলি ইতিমধ্যে কেইবাটাও সমীক্ষাত প্ৰকাশ পাইছে। যদিও ৰাহুল গান্ধীৰ আগমণে কংগ্ৰেছক ৰাজ্যখনত এক্সট্ৰা মাইেলেজ দিছে তথাপিও দলটোৱে একক সংখ্যা গৰিষ্ঠতা লাভ কৰিব বুলি বিশ্বাস কৰা নাই ৰাজনৈতিক বিশেষজ্ঞই।

একেই অৱস্থা এম এন এফৰো। এ বি পি- চি ভোটাৰৰ এক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি এইবাৰ নিৰ্বাচনত ৰাজ্যখনত শাসকীয় এম এন এফে ১৩ ৰ পৰা ১৭ খন আসন দখল কৰিব। কংগ্ৰেছে লাভ কৰিব ১০ ৰ পৰা ১৪ ন আসন। ইয়াৰ বিপৰীতে জেড পি এমে লাভ কৰিব পাৰে ৯ ৰ পৰা ১৩ খন আসন।

আনহাতে ৰাজ্যখনৰ নিৰ্বাচনী বতাহলৈ লক্ষ্য কৰি ৰাজনৈতিক বিশেষজ্ঞসকলেও দাবী কৰিছে ৰাজ্যখনত ১২ খন আসনত শক্তিশালী স্থিতিত আছে এই দলটো। সেয়ে সকলো অংক ঠিকেই থাকিলে এইবাৰৰ নিৰ্বাচনত এই দলটো যে 'কিং মেকাৰ'ত পৰিণত হ'ব সেয়া নিশ্চিত।

তেওঁক বাদ দি কোনেও মিজোৰামৰ শাসনৰ কথা চিন্তা কৰিব যে নোৱাৰে সেয়া স্পষ্ট হৈছে। সেয়ে হয়তো বিজেপিয়ে জেড পি এমৰ সৈতে আন্তিৰক সম্পৰ্ক ৰক্ষা কৰি আহিছে বুলি অভিযোগ উত্থাপিত হৈছে।

অৱশ্যে কংগ্ৰেছ নেত্ৰী তথা একালৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ৰাজনীতিলৈ অনা এইগৰাকী নেতাই ৰাজ্যিক কংগ্ৰেছৰে তথা তিক্ততাপূৰ্ণ সম্পৰ্কৰ কথা পাহৰি নিৰ্বাচনৰ পৰৱৰ্তী সময়ত চৰকাৰ গঠনৰ ক্ষেত্ৰত কংগ্ৰেছৰ সৈতে মিত্ৰতা গঢ়ে নে বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰে নে আঞ্চলিকতাবাদক শক্তিশালী কৰাৰ স্বাৰ্থত এম এন এফৰ সৈতে মিত্ৰতা স্থাপন কৰে সেয়া হ'ব লক্ষ্যণীয়।

ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়া হৈ পৰিছে কংগ্ৰেছৰ বাবে প্ৰত্যাহ্বান
উদ্বোধন হ'ল ঝাৰখণ্ডৰ আটাইতকৈ দীঘল দলংখন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in