সমষ্টি পুনৰ নিৰ্ধাৰণৰ লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া। তাৰ মাজতে ভৱানীপুৰ সমষ্টি পুনৰ নামাকৰণক লৈ সমষ্টিটোৰ সৰ্বস্তৰৰ ৰাইজে সাব্য কৰিছে প্ৰতিবাদ। এই প্ৰতিবাদত অংশ লোৱাৰ বাবেই ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষক নিলম্বন কৰিলে উচ্চ শিক্ষা বিভাগে। এই সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
গণতন্ত্ৰত প্ৰতিবাদ কৰাটো অপৰাধ হ'ব নোৱাৰে। গণতান্ত্ৰিক ভাৱে সকলো নাগৰিকেই প্ৰাপ্যৰ বাবে আন্দোলন কৰিব পাৰে। এয়া সাংবিধানিক অধিকাৰ। কিন্ত গুৰু গোঁসাই নমনা অসম চৰকাৰৰ একাংশ মন্ত্ৰী, বিষয়াই এতিয়া এই সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰিছে নাগৰিকক।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোক লৈ ৰাজ্য উত্তাল হৈ আছে। শাসকীয় পক্ষই নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক আদৰণি জনাইছে। ইয়াৰ বিপৰীতে বিৰোধী ৰাজনৈতিক দলৰ লগতে বিভিন্ন দল, সংগঠনৰ মতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ এই খচৰাই অসমীয়াক ৰাজনৈতিক ভাৱে নিঃশেষ কৰিব। খিলঞ্জীয়াৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনিব।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোক লৈ সমষ্টিয়ে সমষ্টিয়ে প্ৰতিবাদ অব্যাহত আছে। বৰপেটা জিলাৰ ৪১ নং ভৱানীপুৰ সমষ্টিটো শেহতীয়াকৈ আৰম্ভ হৈছে তেনে প্ৰতিবাদ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ আপত্তি দাখিলৰ অন্তিমটো দিনৰ ঠিক আগ মুহূৰ্তত ৰাজ্য চৰকাৰে নিৰ্বাচনী আয়োগলৈ ভৱানীপুৰ সমষ্টিৰ নাম সলনিৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰিলে।
ভৱানীপুৰ সমষ্টিৰ নাম সলনি কৰি বৰনগৰ কৰিব লাগে অসম চৰকাৰে প্ৰেৰণ কৰা এই প্ৰস্তাৱক লৈ অসন্তুষ্ট হৈ পৰিছে সমষ্টিটোৰ সচেতন নাগৰিকসকল। যাৰ বাবে সমষ্টিটোত আৰম্ভ হয় প্ৰতিবাদ।
এই প্ৰতিবাদত অংশ লোৱাৰ বাবেই ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শর্মাক চাকৰিৰ পৰা নিলম্বন কৰিলে ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে। ভৱানীপুৰ সমষ্টিৰ ৰাইজৰ দাবী, ঐতিহ্যমণ্ডিত এই সমষ্টিটোৰ নাম কোনো কাৰণতে সলনি কৰিব নালাগে।
এই সমষ্টিটোৰ সৈতে জড়িত হৈ আছে অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মবলিদানৰ ইতিহাস। শ্রীশ্রী গোপালদেৱ আতাই পূণ্যভূমিৰূপে গঢ়ি তোলা ইতিহাস প্রসিদ্ধ ভৱানীপুৰ সমষ্টিৰ নাম কৰ্তন কৰি নতুন নামেৰে নামাকৰণৰ বিৰোধিতাৰে ৰাজনৈতিক, অৰাজনৈতি দল, সংগঠন, সৰ্বসাধাৰণৰ একত্ৰিত প্ৰতিবাদত অংশ লোৱাৰ বাবেই তেওঁক এইদৰে নিলম্বন কৰা হ'ল।
এই ক্ষেত্ৰত ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে অমান্য ন্যায়ালয়ৰ ৰায়কো। ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ২০২০ ৰ জানুৱাৰীত চৰকাৰী কৰ্মচাৰীয়ে প্ৰতিবাদত লিপ্ত হোৱা আৰু সামাজিক মাধ্যমত নিজৰ মতামত দাঙি ধৰাটো অপৰাধ হ'ব নোৱাৰে বুলি উল্লেখ কৰিছিল।
২০২০ ৰ ১০ জানুৱাৰী, শুকুৰবাৰে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে এক গোচৰৰ ৰায়ৰ শুনানিত কৈছিল, চৰকাৰী কৰ্মচাৰীয়ে ৰাজনৈতিক অনুষ্ঠান, সভাত অংশগ্ৰহণ কৰাৰ উপৰিও নিজা মতামত সামাজিক মাধ্যমৰ জৰিয়তে দাঙি ধৰিব পাৰিব।
ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এ কুৰেশ্বিয়ে গোচৰটোৰ ৰায়ত কৈছিল, ৰাজনৈতিক ৰেলীক অংশগ্ৰহণ কৰাটো ৰাজনীতিত প্ৰত্যক্ষ ভাৱে জড়িত বুলি গণ্য কৰা নহ'ব। সামাজিক মাধ্যমত নিজা মতামত দাঙি ধৰাটো চৰকাৰী কৰ্মচাৰীৰ ব্যক্তিগত অধিকাৰ।
উল্লখ্য যে, লিপিকা পাল নামৰ এগৰাকী কৰ্মচৰাকীয়ে অৱসৰলৈ ৪ দিন বাকী থকা অৱস্থাত ২০১৭ৰ ডিচেম্বৰত এক ৰাজনৈতি অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ইয়াৰোপৰি তেওঁ সামাজিক মাধ্যমত ৰাজ্যখনৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে নিজা মতামত দাঙি ধৰিছিল। এই অপৰাধাৰ বাবে ত্ৰিপুৰাৰ বিজেপি চৰকাৰে তেওঁক ২০১৮ ৰ ২৫ এপ্ৰিলত চাকৰিৰ পৰা নিলম্বিত কৰিছিল।
ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মুকুন্দ শৰ্মাক নিলম্বন কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ এই ৰায়ক অমান্য কৰা বুলি চৰ্চা চলিছে। অধ্যক্ষ মুকুন্দ শৰ্মাক নিলম্বন কৰাৰ আঁৰৰ মূল কাৰণ ভৱানীপুৰ সমষ্টিৰ পুনৰ নামাকৰণৰ বিৰোধিতেৰা ৰাইজে সাব্যস্ত কৰা প্ৰতিবাদত অংশগ্ৰহণ।
উচ্চ শিক্ষা বিভাগৰ এনে কাৰ্যত স্বাভাৱিকতে প্ৰশ্ন হয়, চৰকাৰী কৰ্মচাৰী হ'লে চৰকাৰৰ প্ৰয়োজন সাপেক্ষে চৰকাৰৰ বিৰুদ্ধাচাৰণ কৰিব নোৱাৰিব নেকি? ৰাইজৰ পক্ষত অৱস্থান কৰাটো এজন চৰকাৰী কৰ্মচৰাৰীৰ সঁচাই অপৰাধ হ'ব পাৰেনে?
গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাটো সকলোৰে সাংবিধানিক অধিকাৰ। কিন্তু সেই অধিকাৰৰ সাব্যস্ত কৰিবলৈ যাওতেই এতিয়া বিপদত পৰিল এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ৰ অধ্যক্ষ। এয়া বাৰো এখন চৰকাৰৰ স্বৈৰাচাৰী চিন্তাৰ বৰ্হি প্ৰকাশ নহয়নে? সামাজিক মাধ্যমত এইদৰেই উত্থাপন হৈছে প্ৰশ্ন।
Also Read: সাৱধান বাণী দি ভাগৰিছে DGP ! আঠু কঢ়াই আৰক্ষী বিষয়াক যুৱতীয়ে দিলে চৰ...