স্বাধীনতা, গণৰাজ্য দিৱসত দেশৰ হকে সেৱা কৰা, দেশৰ বাবে প্ৰাণ উৎসৰ্গা কৰা সকলক স্মৰণ কৰা হয়। তেনে বহু লোক আঁৰতেই থাকি যায়। অসমীয়া প্ৰতিদিন ডিজিটেলত গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি তেনে এক বীৰংগণা নাৰীৰ সন্দৰ্ভত মৃদুল কুমাৰ সন্দিকৈৰ বিশেষ প্ৰতিবেদন।
ইংৰাজৰ কৱলৰ পৰা ভাৰতক স্বাধীন কৰিবলৈ যিসকল নেতাই সৰ্বস্ব ত্যাগ কৰিছিল সেইসকলৰ ভিতৰত মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসুৰ নাম বিশেষ ভাৱে ল'ব পাৰি। ৰহস্যজনক ভাৱে মৃত্যু হোৱা আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা নেতাজী সুভাষ চন্দ্ৰ বসুক ইয়াৰ পূৰ্বেও হত্যাৰ চেষ্টা চলিছিল।
সেইবাৰ নেতাজী সুভাষ চন্দ্ৰ বসু সৌভাগ্যক্ৰমে বাচি গৈছিল। নেতাজীৰ প্ৰাণ ৰক্ষা কৰিছিল এগৰাকী মহিলা সৈনিকে। এই সৈনিক গৰাকীৰ নাম আছিল নীৰা আৰ্য। তেওঁ আছিল আজাদ হিন্দ ফৌজৰ ৰাণী ঝাঞ্চি ৰেজিমেণ্টৰ সৈনিক।
এজন ইংৰাজ বিষয়াই নেতাজীক হত্যা কৰিবলৈ তেওঁলৈ লক্ষ্য কৰি গুলী চলাইছিল এদিন। সেই গুলীয়ে নেতাজীক আঘাত নকৰিলে যদিও আঘাত কৰিছিল তেওঁৰ বাহনখনৰ চালকজনক।
চকুৰ সন্মুখতে এই ঘটনা সংঘটিত হৈছিল মীৰা আৰ্যৰ। অলপো সময় অপচয় নকৰি নীৰা আৰ্যই সেই ইংৰাজ সেনা বাহিনীৰ বিষয়া জনৰ পেটত মুহূৰ্তৰ ভিতৰতে গুজি দিছিল বন্দুকৰ আগত বেয়নেট।
ৰক্ষা পৰিছিল নেতাজী সুভাষ চন্দ্ৰ বসু। এগৰাকী মহিলা জোৱানৰ বাবেই প্ৰাণ ৰক্ষা পৰাৰ পাছত তেওঁক লৈ যি ধৰণে স্মৰণ হ'ব লাগিছিল সেয়া তেনেধৰণে নহ'ল। যিজন ইংৰাজ সেনা বিষয়াই নেতাজীক হত্যাৰ অপচেষ্টা কৰিছিল তেওঁৰ নাম আছিল শ্ৰীকান্ত জয়ৰঞ্জন দাস।
এই সেনা বিষয়াজন আছিল নীৰা আৰ্যৰ স্বামী। নেতাজীৰ বাবে স্বামীক হত্যা কৰিছিল সেইদিনা এই স্বাধীনতা সংগ্ৰামীগৰাকীয়ে। দেশৰ প্ৰতি তেওঁৰ ইমানেই প্ৰেম আছিল যে তেওঁ জানিছিল নেতাজী অবিহনে স্বাধীনতা সংগ্ৰামৰ এই ৰণখন জিকিব নোৱাৰিব।
১৯০২ চনৰ ৫ মাৰ্চত উত্তৰ প্ৰদেশৰ বাগপট জিলাত জন্ম হৈছিল নীৰা আৰ্যৰ। তেওঁৰ পিতৃ আছিল এজন প্ৰতিষ্ঠিত ব্যৱসায়ী। দেশজুৰি ব্যৱসায় কৰিছিল পিতৃ চজুমল চেঠে। তেওঁলোকৰ ব্যৱসায়ৰ মূল অভিকেন্দ্ৰ আছিল কলকাতা।
ইয়াৰ বাবে পৰিয়ালটো কলিকতাতেই থাকি লৈছিল। মীৰা আৰ্যই পঢ়াশুনা কৰিছিল কলকাতাতেই। হিন্দী, ইংৰাজী, বঙালীৰ উপৰিও আন কেইবাটাও ভাষা ক'ব আৰু লিখিব পাৰিছিল নীৰাই।
সেই সময়ত আজাদ হিন্দ ফৌজৰ এটা নিজস্ব গুপ্তচৰ বিভাগ আছিল। পবিত্ৰ মোহন ৰায় আছিল সেই গুপ্তচৰ বিভাগৰ অধ্যক্ষ। বিভাগটোৰ এটা মহিলা শাখা আছিল। নীৰা আৰ্য আছিল সেই শাখাৰ সদস্য।
আজাদ হিন্দ ফৌজৰ প্ৰথমগৰাকী মহিলা চোৰাংচোৱাৰ ৰূপত তেওঁ কাম কৰিছিল। তেওঁৰ দায়িত্ব আছিল নেতাজিৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি দৃষ্টি দিয়া। মানৱতী আৰ্য, সৰস্বতী ৰাজামণি, দুৰ্গা মল্ল গোৰ্খা আদি মহিলাসকলে নেতাজীৰ বাবে ইংৰাজৰ চোৰাংচোৱা কৰিছিল।
তেওঁ বিবাহ পাশত আৱদ্ধ হৈছিল সেই সময়ত ব্ৰিটিছৰ চি আই ডি ইনছপেক্টৰ শ্ৰীকান্ত জয়ৰঞ্জন দাসৰ সৈতে। স্বামীৰ পৰা বহু তথ্য তেওঁ লাভ কৰিছিল আৰু সেই তথ্যবোৰ আজাদ হিন্দ ফৌজক দিবলৈকে তেওঁ নেতাজীৰ স্বাধীনতা সংগ্ৰামীৰ সেনানী হৈছিল।
নীৰা আৰ্য আছিল ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গিত এক সত্বা। তেওঁ কেতিয়াও ব্ৰিটিছৰ কৱলত থাকিব বিচৰা নাছিল। আজাদ হিন্দ ফৌজত যোগদান কৰাৰ পাছত সেই খবৰ ব্ৰিটিছ চোৰাংচোৱাই লাভ কৰিছিল।
স্বামীক হত্যা কৰাৰ অপৰাধচত তেওঁৰ বিৰুদ্ধে ইংৰাজে ৰুজো কৰা গোচৰৰ বিচাৰ চলিছিল ১৯৪৫ চনৰ নৱেম্বৰৰ পৰা ১৯৪৬ চনলৈকে। ব্ৰিটিছে তেওঁক কঠোৰ শাস্তি বিহিছিল। আন্দামান নিকোবৰৰ দুৰ্গম কাৰাগাৰলৈ তেওঁক পঠিয়াই দিয়া হৈছিল।
প্ৰতিদিনেই তেওঁৰ ওপৰত চলিছিল মাৰ-পিট। ইমান অত্যাচাৰ চলাৰ পিছতো ব্ৰিটিছ আৰক্ষীৰ ওচৰত নেতাজী সন্দৰ্ভত তেওঁ কোনো কথাৰে মুখ খোলা নাছিল। ইংৰাজে প্ৰস্তাব দিছিল সুভাষ চন্দ্ৰ বসুৰ ঠিকনা আৰু তেওঁৰ সন্দৰ্ভত তেওঁ জনা কথাবোৰ কৈ দিলেই তেওঁক মুক্তি দিয়া হ'ব।
নীৰা আৰ্যই ব্ৰিটিছক কৈছিল, এইবোৰ কথা কোৱাতকৈ তেওঁ মৰাটোকে শ্ৰেষ্ঠ বুলি ভাবিব। কিন্তু তেওঁ নেতাজী আৰু দেশবাসীক কেতিয়াও বিশ্বাসঘাটক কৰিব নোৱাৰে। তেনে সময়তে নেতাজীৰ মৃত্যু হয় বিমান দুৰ্ঘটনাত।
জেইলাৰে নীৰাক উপহাস কৰি কৈছিল, তোমাৰ নেতাজী আৰু নাই। তেতিয়া নীৰাই উত্তৰ দিছিল, আছে তেওঁ মোৰ হৃদয়ত সদায় জীৱিত হৈ থাকিব। ব্ৰিটিছ আৰক্ষীয়ে জেদ ধৰিছিল। তেওঁৰ হৃদয়ৰ পৰা নেতাজীক উলিয়াই হে এৰিব।
তেওঁৰ কাপোৰ ফালি পেলোৱা হৈছিল। ভাবিব নোৱাৰা অত্যাচাৰৰ নিৰ্দেশ দিয়া হৈছিল। আনকি তেওঁৰ শাস্তিৰ নামত যৌন আৰু মানসিক নিৰ্যাতনো চলোৱা হৈছিল। ব্ৰিটিছৰ আৰক্ষীয়ে কঠোৰ শাস্তি বিহিও তেওঁৰ মনৰ পৰা নেতাজীক আঁতৰাব পৰা নাছিল।
১৯৯৮ চনৰ ২৬ জুলাইত মৃত্যু বৰণ কৰিছিল নীৰা আৰ্যই।তেওঁৰ বাতৃ বসন্ত কুমাৰো আছিল আজাদ হিন্দ ফৌজৰ সৈনিক। জীৱনৰ শেষ কাল তেওঁ হায়দৰাবাদত কটাইছিল। মানুহে তেওঁক মাতিছিল সগৌৰৱে 'পদ্ম মা' বুলি। স্বাধীনতা সংগ্ৰামৰ নামত সৰ্বস্ব ত্যাগ কৰিছিল এইগৰাকী সেনানীয়ে।
Also Read: মহান বিপ্লৱী চে গুৱেভাৰাৰ জীয়ৰী আৰু নাতিনী আহিছিল ভাৰতলৈঃ ক'তো নহ'ল চৰ্চা...