পুনৰ গেৰুকামুখৰ বৃহৎ নদীবান্ধ প্ৰকল্পত চপৰা-চপৰে খহিছে পাহাৰ। নেৰানেপেৰা বৰষুণৰ মাজতে চকুৰ সন্মুখতে সংঘটিত হোৱা এই ঘটনাই বুকু কঁপাইছে উজনিৰ কেইবাখনো জিলাৰ ৰাইজক। এই সন্দৰ্ভতে বুবুল হাজৰিকাৰ এক বিশেষ প্ৰতিবেদন।
নেছনেল হাইড্ৰক ইলেকট্ৰিক পাৱাৰ কৰ্পোৰেছন (এন এইচ পি চি)ৰ অধিনত গেৰুকামুখৰ নামনি সোৱণশিৰিত নিৰ্মিত বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ২০০০ মেগাৱট বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে নিৰ্মাণ কৰা এই জলবিদ্যুৎ বিদ্যুৎ প্ৰকল্পটোৰ পৰা চলিত বৰ্ষতে বিদ্যুৎ উৎপাদন কৰাৰ কথা।
বিদ্যুৎ উৎপাদনৰ বাবে সাজু হৈ উঠা এই প্ৰকল্পই এতিয়া উজনি অসমৰ কেইবাখনো জিলালৈ ভয়াবহ ভৱিষ্যত কঢ়িয়াই আনিছে। বৰষুণৰ বাবেই বাৰে বাৰে খহিছে চনকা পাহাৰৰ ভূমি।
নিৰ্মাণ কাৰ্য প্ৰায় সম্পন্ন হৈ উঠা এই প্ৰকল্পটো নিৰ্মাণকলৈ বিভিন্ন সময়ত অসমৰ জনগণে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। সমান্তৰালকৈ অসমৰ বিশেষজ্ঞসকলে এই প্ৰকল্পটোৰ পৰা সৃষ্টি হ'ব পৰা বিপদৰ কথাও সোঁৱৰাই আহিছে।
ইতিমধ্যে বিশেষজ্ঞসকলে স্পষ্ট কৰিছে যে এই প্ৰকল্পটো নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে বহনক্ষমতা অতিক্ৰম কৰি পানী গাৰ্ড ৱালৰ উপৰেৰে পাৰ হৈ গ’লে লখিমপুৰ, ধেমাজি জিলাকে ধৰি প্ৰকল্পটোৰ আশে-পাশে থকা জিলাসমূহত প্ৰভাব পৰিব। বিশেষজ্ঞৰ সেই আশংকা ইতিমধ্যে সত্য প্ৰমাণ হৈছে। কেইবাবাৰো খহি পৰিছে প্ৰকল্পটোৰ গাৰ্ডৱাল।
বিগত বছৰৰ বাৰিষাৰ জলপ্ৰলয় আৰু ধাৰাবাহিক ভূমিস্খলনৰ প্ৰত্যাহ্বানকো নেওচি নিৰ্মাণ সংস্থা এ এইছ পি চিয়ে এই বছৰতে ভিতৰতে জলবিদ্যুৎ প্ৰকল্পটোৰ উৎপাদন কৰিবলৈ সকলো প্ৰস্তুত সম্পূৰ্ণ কৰিছে। তাৰ মাজতে ভয়াবহ ভূমিস্খলনে পুনৰ জোকাৰি গ’ল গেৰুকামুখৰ বৃহৎ নদী বান্ধৰ নিৰ্মাণস্থলীক৷
সকলোকে হতবাক কৰি ভয়ংকৰ বিস্ফোৰণৰ শব্দ কৰি বিতৰ্কিত জলবিদ্যুত প্ৰকল্পটোৰ মূল বান্ধটোৰ কাষতে খহি পৰিল গেৰুকামুখৰ ঠুনুকা পাহাৰৰ বৃহৎ অংশ ৷ নদী বান্ধটোৰ সোঁ ফালৰ ডাইভাৰ্চন টানেলৰ সন্মুখতে সংঘটিত হয় এই ভয়ংকৰ ভূমিস্খলন ৷
ফলত ততাতৈয়াকৈ প্ৰকল্পস্থলীৰ নিৰ্মাণকাৰ্য বন্ধ কৰি নিৰাপদ স্থানলৈ শ্ৰমিকসকলক আঁতৰাই লৈ যায় নিৰ্মাণসংস্থা এন এইছ পি চি য়ে ৷ নিমিষতে প্ৰকল্পস্থলীত এক হুৱা-দুৱা পৰিৱেশৰ সৃষ্টি হয় ৷
উল্লেখ্য যে ২ এপ্ৰিল দেওবাৰে, বিয়লি গেৰুকামুখত প্ৰায় চাৰি ঘন্টা ধৰি প্ৰৱল বৃষ্টিপাত হয় ৷ বৃষ্টিপাতৰ ফলত গেৰুকামুখৰ ঠুনুকা পাহাৰ কুমলি উঠে আৰু ফলত আজিৰ দুপৰীয়াৰ ভাগত এই ভয়াৱহ ভূমিস্খলন সংঘটিত হয় ৷
গেৰুকামুখত ১১৬ মিটাৰ উচ্চতাত নিৰ্মাণ হোৱা সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিতৰ্কিত বৃহৎ নদী বান্ধটোৰ সুৰক্ষাক লৈ আজিৰ এই ঘটনাই ভয়াৱহ ইংগিত দিয়াৰ লগতে অসমৰ বিশেষজ্ঞৰ মতামতৰ সত্যতা পুনৰ এবাৰ প্ৰতিষ্ঠা কৰিলে ৷ গেৰুকামুখৰ ভগ্নাকুৰ গেদীয় শিলৰ পাহাৰে যে বৃহৎ জলভাণ্ডাৰ আৰু বৃহৎ নদী বান্ধৰ ভৰ সহিব নোৱাৰে সেই কথা ৰাজ্যৰ বিশেষজ্ঞসকলে কৈছিল আৰু তাক এন এইছ পি চিয়ে মানি লোৱা নাছিল ৷
এতিয়া প্ৰকৃতিয়ে সেই কথাকে বাৰে বাৰে সোঁৱৰাই দিছে ৷ স্মৰ্তব্য যে নদী বান্ধ বিৰোধী আন্দোলনৰ তীব্ৰতাহীনতাৰ সুযোগত অৱশেষত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ দিশে গেৰুকামুখৰ বিতৰ্কিত বৃহৎ নদীবান্ধ ৷ এতিয়ালৈকে দেশৰ ভিতৰতে সৰ্ববৃহৎ নদী বান্ধৰ লগতে সৰ্বোচ্চ বিজুলী উৎপাদনৰ বহন ক্ষমতা থকা জলবিদ্যুৎ প্ৰকল্প নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিজুলী উৎপাদনৰ বাবে সাজু হৈ উঠিছে ৷
২০১১ চনৰ পৰাই বিতৰ্কিত বৃহৎ নদীবান্ধ আৰু জলবিদ্যুৎ প্ৰকল্পটোৱে উত্তৰ অসমৰ জনতাৰ লগতে আছু , এ জে ৱাই চি পিকে ধৰি ৰাজ্যৰ প্ৰায় ৭০ টা সৰু বৰ সংগঠনৰ আন্দোলন আৰু আইনী বাধাৰ সন্মুখীন হ’লেও শেহতীয়াকৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাত সকলো বাধা নেওচি যোৱা দুবছৰত তড়িৎ গতিত নিৰ্মাণ কাৰ্য আগুৱাই এন এইছ পি চি য়ে গেৰুকামুখত টাৰ্বাইন ঘুৰাবলৈ সক্ষম হ’ল ৷
অলপতে নিৰ্মাণ সংস্হাটোৱে গেৰুকামুখত বিজুলী উৎপাদনৰ পৰীক্ষণ সম্পূৰ্ণ কৰাৰ পাছত অহা জুন মাহতে বিজুলী উৎপাদনৰ বাবে সাজু হ’ব গেৰুকামুখৰ বৃহৎ নদী বান্ধ৷ স্মৰ্তৱ্য যে, যোৱা বছৰ জুলাই মাহতে বিজুলী উৎপাদন কৰিবলগীয়া প্ৰকল্পটোত সংঘটিত হোৱা বান আৰু ভূমিস্খলনৰ বিস্তৰ ক্ষতি সাধনৰ ফলত এবছৰ পিছুৱাই যাবলগীয়া হ’ল ৷
অহা জুন মাহত গেৰুকামুখত দুটা টাৰ্বাইন চলাই ৫০০ মেগাৱাট জলবিদ্যুৎ উৎপাদনৰ লক্ষ্য লোৱা হৈছে যদিও ইতিমধ্যে ২০০০ মেগাৱাট জলবিদ্যুৎ উৎপাদনৰ বাবে ৮ টা টাৰ্বাইন সাজু কৰিছে এন এইছ পি চি য়ে ৷ এনে সময়তে সংঘটিত আজিৰ ভয়াৱহ ভূমিস্খলনে বান্ধ নাভাঙিলেও গেৰুকামুখৰ পাহাৰ ভাঙি ভৱিষ্যত লখিমপুৰ, ধেমাজি আৰু মাজুলীবাসীলৈ যে মহাবিপদ মাতিব তাৰে যেন আগজাননী দিলে ৷
Also Read: খালিস্তানপন্থী সংগঠনক উভতি ধৰিলে পৰেশ বৰুৱাইঃ সোঁৱৰাই দিলে অতিত...