৫ সমষ্টিৰ উপ-নিৰ্বাচনঃ কংগ্ৰেছৰ কথাৰ সুৰত অসন্তুষ্ট মিত্ৰদল, কি হ'ব ফলাফল?

৫ সমষ্টিৰ উপ-নিৰ্বাচনঃ কংগ্ৰেছৰ কথাৰ সুৰত অসন্তুষ্ট মিত্ৰদল, কি হ'ব ফলাফল?

author-image
Asomiya Pratidin
New Update
৫ সমষ্টিৰ উপ-নিৰ্বাচনঃ কংগ্ৰেছৰ কথাৰ সুৰত অসন্তুষ্ট মিত্ৰদল, কি হ'ব ফলাফল?

৫ সমষ্টিৰ উপ-নিৰ্বাচনঃ কংগ্ৰেছৰ কথাৰ সুৰত অসন্তুষ্ট মিত্ৰদল, কি হ'ব ফলাফল?

লোকসভা নিৰ্বাচনৰ পিছতে সলনি হৈছে কংগ্ৰেছ নেতৃত্বৰ কথাৰ সুৰ। সন্মুখত ৫ সমষ্টিৰ উপ- নিৰ্বাচন। অসন্তুষ্ট ৰাইজৰ দল। মৌন হৈ আছে এ জে পি। সদস্য ভৰ্তি অভিযান অব্যাহত ৰাখিছে আপেও। এনে পৰিস্থিতিত উপ-নিৰ্বাচনক লৈ কি হ'ব বিৰোধীৰ ৰণনীতি? এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

অসমৰ ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক-বিৰোধী। অসম বিধানসভাৰ ১১ নং ধলাই, ৩১ নং চিদলী, ৩২ নং বঙাইগাঁও, ৭৭ নং বিহালী আৰু ৪৪ নং চামগুৰি বিধানসভা সমষ্টিৰ আসন কেইখন খালী হৈ আছে।

ইতিমধ্যে এই সমষ্টি কেইটা দখল কৰিবলৈ শাসকীয় পক্ষই ৰণকৌশল তৈয়াৰ কৰিছে। কিন্তু বিৰোধীৰ মাজত সমষ্টি কেইটাক লৈ সৃষ্টি হৈছে মতানৈক্য। কংগ্ৰেছ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ কংগ্ৰেছে পাঁচোটা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি ঘোষণা কৰাৰ পিছতেই অসন্তুষ্ট হৈ পৰিছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ।

গগৈয়ে প্ৰয়োজনত ৰাইজৰ দলেও পাঁচোখন আসনতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি ঘোষণা কৰিছে। সমান্তৰালকৈ লোকসভা নিৰ্বাচনৰ পূৰ্বে ঐক্যবদ্ধ হোৱা বিৰোধী লোকসভা নিৰ্বাচনৰ সময়ত হৈ পৰিছিল ছেদেলি ভেদেলি।

এনে প্ৰেক্ষাপটত এই সমষ্টি কেইটাৰ উপ-নিৰ্বাচনত বিৰোধীৰ ৰণকৌশল কি হ'ব সেই বিষয়ে স্বাভাৱিকতে সাধাৰণ ৰাইজৰো উৎসুকতা বৃদ্ধি পাইছে। বিশেষকৈ বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে ঐক্যবদ্ধ হোৱা বিৰোধীয়ে ক্ষমতাৰ লালসাত তেওঁলোকৰ উদ্দেশ্য পাহৰি কেৱল সমষ্টি অনুসৰি প্ৰাৰ্থী ঘোষণাতহে মনোনিবেশ কৰিলে।

সেয়ে বিজেপিৰ প্ৰতি মোহভংগ হোৱা সাধাৰণ ভোটাৰে ঐক্যবদ্ধ বিৰোধীৰ চিন্তাক আদৰণি জনাইছিল যদিও পৰৱৰ্তী সময়ত এই ঐক্যত ফাঁত মেলাত জনসাধাৰণো বিবোধিত পৰিল। তাৰ পাছতো অৱশ্যে যোৰহাটত গৌৰৱ গগৈৰ বিজয়ে, ধুবুৰীত বদৰুদ্দিন আজমল ৰকিবুল হুছেইনৰ হাতত ১০ লাখ ভোটত পৰাজয় আৰু নগাঁও সমষ্টিত প্ৰদ্যুৎ বৰদলৈৰ বিজয়ে বিজেপি বিৰোধী ভোটাৰকে নহয় শক্তিহীন হৈ পৰা বিৰোধী ৰাজনৈতিক দলৰ কৰ্মীৰ মাজলৈয়ো আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে।

সমান্তৰালকৈ কেন্দ্ৰত বিৰোধী শক্তিশালী হোৱা বিষয়টোৱে সাধাৰণ ভোটাৰক কিছু কথা নতুনকৈ চিন্তা কৰিবলৈ বাধ্য কৰিছে। এই চিন্তাৰ পৰিপ্ৰেক্ষিততে সদ্য সমাপ্ত দেশৰ ৭ খন ৰাজ্যৰ ১৩খন বিধানসভা আসনত বিজেপি একপ্ৰকাৰে বিধ্বস্ত হৈছে। ১৩ খন আসনৰ বিপৰীতে ১০ খনেই দখল কৰিলে বিৰোধী মিত্ৰজোঁটে।

কিন্তু যোৰহাট, ধুবুৰী আৰু নগাওঁ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী যিদৰে বিজয় হ'ল সেই বিজয়ে যেন কিছু পৰিমাণ অহংকাৰী কৰি তুলিলে কংগ্ৰেছ নেতৃত্বক। যাৰ পৰিপ্ৰেক্ষিতত ভূপেন বৰাই মিত্ৰদলেৰে আলোচনা নকৰাকৈয়ে ঘোষণা কৰিলে পাঁচোখন আসনতে প্ৰতিদ্বন্দিতা কৰিব কংগ্ৰেছে।

লোকসভা নিৰ্বাচনত কংগ্ৰেছে যি তিনিখন আসন লাভ কৰিলে সেই আসন ৩খন লাভৰ ক্ষেত্ৰত মিত্ৰদলসমূহৰ বিশেষকৈ ৰাইজৰ দলৰ ভূমিকাক স্বীকাৰ কৰিবই লাগিব। ধুবুৰীত বদৰুদ্দিন আজমলৰ পৰাজয় মূলতে আছিল অখিল গগৈ।

যোৰহাটতো ৰাইজৰ দলৰ কৰ্মীসকল গৌৰৱ গগৈৰ প্ৰচাৰত জপিয়াই পৰিছিল। নগাওঁ সমষ্টিত একাংশ কংগ্ৰেছীয়ে প্ৰদ্যুৎ বৰদলৈৰ কাষৰ পৰা আঁতৰি যোৰহাটত গৌৰৱ গগৈৰ কাষত থিয় দিয়াৰ সময়ত ৰাইজৰ দলৰ কৰ্মী আনকি সভাপতি অখিল গগৈ নগাঁৱলৈ প্ৰচাৰ চলাবলৈ ঢাপলি মাৰিছিল।

ডিব্ৰুগড়ত পৰাস্ত হ'লেও লুৰীণজ্যোতি গগৈৰ বাবেও ৰাইজৰ দলৰ কৰ্মীসকল প্ৰচাৰত জপিয়াই পৰিছিল। নিৰ্বাচনৰ পাছত হয়তো এইবোৰ বিষয় গভীৰভাৱে নলৈ ভূপেন বৰাই তেওঁৰ নিজৰ চিন্তাৰেই অতি সহজভাৱে পাঁচোটা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা ঘোষণা কৰিলে।

এই ঘোষণাতে ভূপেন বৰাৰ ৰাজনৈতিক দূৰদৰ্শিতাৰ অভাৱৰ দিশটো উন্মোচিত হৈছে। কিয়নো যি ৫ টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব সেই ৫ টা সমষ্টিত আজিৰ তাৰিখত বিৰোধী মিত্ৰজোঁটৰ ৰাইজৰ দলেই হওঁক, অসম জাতীয় পৰিষদেই হওঁক বা আন ৰাজনৈতিক দলৰেই হওঁক ভেঁটি শক্তিশালী নহয়।

চামগুৰি কংগ্ৰেছৰ দখলত থকাৰ বিপৰীতে বাকী আটাইকেইটা সমষ্টিত বিৰোধী হিচাপে কংগ্ৰেছৰহে ভেঁটি শক্তিশালী। যিহেতু এই পাঁচোটা সমষ্টিত অসম জাতীয় পৰিষদৰ ভেঁটি শক্তিশালী নহয় সেয়ে এই দলটোৱে প্ৰতিদ্বন্দিতা নকৰাটো স্পষ্ট হৈয়ে আছে।

ৰাইজৰ দলেও লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ পৰা বিৰত আছিল। ৰাইজৰ দলে ২০২৬ লোকসভা নিৰ্বাচনক লক্ষ্য কৰি লৈ তৃণমূল পৰ্যায়ত কাম-কাজ অব্যাহত ৰাখিছে। দলটোৰ সভাপতি অখিল গগৈয়ে বাৰম্বাৰ দোহাৰিছে ২০২৬ ত বিজেপিক পৰাভূত কৰিবলৈ হ'লে বিৰোধী ঐক্যবদ্ধ হ'বই লাগিব।

ইফালে আম আদমি পাৰ্টীয়ে যদিও দলটোত সদস্য ভৰ্তি অভিযান অব্যাহত ৰাখিছে আৰু তৃণমূল পৰ্যায়ত কাম কৰি আছে তথাপিও এই দলটোৰ তৃণমূল পৰ্যায়ত ভেঁটি এতিয়াও যথেষ্ট দুৰ্বল। তৃণমূল কংগ্ৰেছেও উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাটো স্পষ্ট।

২০২১ বিধানসভা নিৰ্বাচনত বিহালী সমষ্টিটো কংগ্ৰেছে যদিও বাওঁপন্থী দলক এৰি দিছিল সমষ্টিটোত তেওঁলোকৰ প্ৰদৰ্শন আছিল অতি দুৰ্বল। এনে পৰিস্থিতিত তৃণমূল পৰ্যায়ত থকা কৰ্মী আৰু দলীয় ভেঁটিৰ প্ৰতি লক্ষ্য ৰাখি বিৰোধীৰ কংগ্ৰেছেই পাঁচোটা সমষ্টিত শক্তিশালী।

ভূপেন বৰাই মুকলিকৈ ৫ সমষ্টিত প্ৰাৰ্থী দিয়াৰ কথা ঘোষণা কৰাৰ পূৰ্বে এই দল কেইটাৰ সৈতে আলোচনা কৰি এই বিষয়ে মন্তব্য কৰা হ'লে সেয়া হ'ল হয় ৰাজনৈতিক দূৰদৰ্শিতা। জানিব পৰা মতে শীঘ্ৰেই বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত পুনৰ এক বৈঠক অনুষ্ঠিত হ'ব।

এই বৈঠকতে উপ-নিৰ্বাচনৰ সন্দৰ্ভত সবিশেষ আলোচনা হ'ব। এই আলোচনাত আগন্তুক উপ-নিৰ্বাচনৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। এই বৈঠকত বিৰোধী মিত্ৰদলসমূহে কংগ্ৰেছকেই আটাইকেইটা আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সন্দৰ্ভত এক সিদ্ধান্তত উপনীত হ'লেও আচৰিত হ'বলগীয়া একো নাথাকিব।

ইফালে ৰাজ্যৰ কেইবাজনো বৰ্তমানৰ আৰু প্ৰাক্তন বিধায়কে কংগ্ৰেছত যোগদান কৰিব বুলি যি চৰ্চা চলি আছে তাৰ মাজতে আহিছে আন এক খবৰ। সেই অনুসৰি কেইবাটাও বিৰোধী ৰাজনৈতিক দলৰ শক্তিশালী নেতাই নিজ দল এৰি কংগ্ৰেছত চামিল হ'ব।

ইতিমধ্যে তৃণমূল কংগ্ৰেছ, অসমৰ সভাপতি ৰিপুন বৰাই কংগ্ৰেছত পুনৰ যোগদান কৰিব বুলি চৰ্চা চলি থকাৰ মাজতে বৰাই এই সন্দৰ্ভত স্পটিকৰণ দিছিল যদিও যোগদান নকৰোঁ বুলি কোৱা নাই। সেইদৰেই আন কেইবাজনো নেতাই কংগ্ৰেছৰে যোগাযোগ অব্যাহত ৰাখিছে।

এই বিষয়ে ইতিমধ্যে 'অসমীয়া প্ৰতিদিন ডিজিটেল'ত এক প্ৰতিবেদন প্ৰকাশ পাইছে। এতিয়া লক্ষ্যণীয় হ'ব দেশৰ ৭ ৰাজ্যৰ ১৩ খন আসনত যিদৰে বিৰোধীয়ে প্ৰদৰ্শন দাঙি ধৰিলে সেই প্ৰদৰ্শনৰ ধাৰাবাহিকতা অসমত ৰক্ষা কৰিব পাৰিবনে? কংগ্ৰেছ নেতৃত্বই বিৰোধী মিত্ৰদলসমূহক উচিত সন্মান দি ৰাজনৈতিক কৌশল ৰচনা কৰিব নে দাম্ভিক আচৰণেৰে মিত্ৰদলক একাষৰীয়া কৰিব?

এই কথা স্পষ্ট যে, ৫ খন আসনৰ উপ-নিৰ্বাচনত বিজেপিক ৰোধিবলৈ বিৰোধী ঐক্যবদ্ধ হোৱাৰ বাহিৰে আন কোনো বিকল্প নাই। এই কথা কেৱল কংগ্ৰেছেই নহয়, বাকী বিৰোধী দলেও ভালকৈয়ে বুজিব লাগিব।

Also Read: বঙাইগাওঁ এৰি নিদিয়ে AGPয়ে, চামগুৰিয়ে লগাইছে খেলিমেলি...

কংগ্ৰেছ ৰাইজৰ দল এজেপি উপ-নিৰ্বাচন