কিয় বিজেপিয়ে অকলে খেলিব পঞ্চায়ত নিৰ্বাচন ?
কিয় বিজেপিয়ে অকলে খেলিব পঞ্চায়ত নিৰ্বাচন ?

কিয় বিজেপিয়ে অকলে খেলিব পঞ্চায়ত নিৰ্বাচন ?

Published on
পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজ্যৰ ৰাজনৈতিক দলবোৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ইংগিত দিছে এইবাৰ অকলেই পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিজেপি। কিয় মিত্ৰ দল অগপক এৰি বিজেপিয়ে এই সিদ্ধান্ত লৈছে এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

এইবাৰ পৰিবেশ পৃথক। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সময়ত বিজেপিয়ে মিত্ৰদল অগপক অকলে নিৰ্বাচন খেলিবলৈ দি আন এক ৰাজনৈতিক পৰীক্ষাত অৱতীৰ্ণ হ'ব খুজিছে। সকলো ঠিকেথাকে থাকিলে ২০২৫ ৰ জানুৱাৰীত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন।

সাজু হৈছে নিৰ্বাচনৰ বাবে শাসক, বিৰোধী। শাসকীয় বিজেপিয়ে এই নিৰ্বাচনত অগপৰ সৈতে বিধানসভা, লোকসভা নিৰ্বাচনত থকাৰ দৰে কোনো মিত্ৰতা নথকাৰ কথা ইতিমধ্যে ইংগিত দিছে।

পূৰ্বতেও পঞ্চায়ত নিৰ্বাচন অগপই পৃথকেই খেলিছিল যদিও এইবাৰ বিজেপিয়ে অগপক এই নিৰ্বাচনী বৈতৰণীলৈ ঠেলি দি বিৰোধীক শলঠেকত পেলোৱাৰ এক ৰণকৌশল তৈয়াৰ কৰিছে।

২০২৪ ৰ লোকসভা নিৰ্বাচনত ১১ খন আসনত বিজেপি মিত্ৰদলে জয়লাভ কৰিলেও লাভ কৰা ভোটৰ হাৰে চিন্তিত কৰি ৰাখিছে দলটোক। লক্ষ্যণীয়ভাৱে এই ভোট বিশ্লেষণত দেখা পোৱা গৈছে সাধাৰণতে আঞ্চলিক ৰাজনৈতিক দলে লাভ কৰা ভোট এইবাৰ লাভ কৰিলে কংগ্ৰেছে।

২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে এয়া শুভ লক্ষ্যণ নহয় বিজেপিৰ বাবে। লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিক বিৰোধিতা কৰি অগপৰ বহু ভোটাৰে বিৰোধী পক্ষৰ প্ৰাৰ্থীক ভোটদান কৰিছিল।

কংগ্ৰেছৰ পক্ষলৈ যোৱা সেই ভোট যাতে প্ৰতিৰোধ কৰিব পাৰে তাৰ বাবে পঞ্চায়ত নিৰ্বাচনত এই ৰণকৌশল প্ৰস্তুত কৰিছে বিজেপিয়ে। আঞ্চলিকতাবাদী শিবিৰৰ কিছু ভোট ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদেও লাভ কৰিছিল।

লোকসভা নিৰ্বাচনত এই দল কেইটা কংগ্ৰেছৰ সৈতে মিত্ৰতাত থকাৰ সূত্ৰে গৰিষ্ঠ সংখ্যক সমষ্টিতেই কংগ্ৰেছ প্ৰাৰ্থীয়ে আঞ্চলিকতাবাদী শিবিৰৰ এই ভোটসমূহো লাভ কৰিছিল। তেনে ভোটাৰক আঞ্চলিকতাবাদী শিবিৰত বিশেষকৈ এজিপিৰ হাতত ৰখাবলৈকে এই ব্লুপ্ৰিণ্ট ৰচনা কৰিছে বিজেপিয়ে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এনে ইংগিত ইতিমধ্যে প্ৰদান কৰিছে। তাৰ পাছতেই তৎপৰ হৈছে অগপ। আমবাৰীত ইতিমধ্যে অগপই এই সন্দৰ্ভত বৰ্ধিত কাৰ্যনিৰ্বাহকো অনুষ্ঠিত কৰিছে।

অগপৰ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে, পঞ্চায়ত নিৰ্বাচন যদি বিজেপিয়ে অকলে খেলে আমিও অকলে এই নিৰ্বাচনত অৱতীৰ্ণ হম। অৱশ্যে তেওঁ বঙাইগাওঁ বিধানসভা উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত কোনো মতানৈক্য নহয় বুলিও জানিবলৈয়ো দিয়ে।

নতুন মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়ত মন্তব্য দি কলিতাই কয়, অগপৰ আৰু এজন বিধায়কক সম্প্ৰসাৰিত নতুন মন্ত্ৰীসভাত স্থান দিলে মিত্ৰতা শক্তিশালী হ’ব। পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ ওপৰত অগপৰ ভৱিষ্যত নিৰ্ভৰশীল। কিয়নো এই নিৰ্বাচনৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ২০২৬ ত সমষ্টি ভাগ-বতৰাৰ ক্ষেত্ৰত বিজেপিয়ে অগপৰ সৈতে দৰদাম কৰিব।

কিয় বিজেপিয়ে অকলে খেলিব পঞ্চায়ত নিৰ্বাচন ?
বাংলাদেশ !
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in