আকৌ আহিল ৰাস পূৰ্ণিমা। ৰাস উদযাপনক লৈ ব্যস্ত সমগ্ৰ ৰাজ্য। উজনি, নামনি সকলো স্থানতে উদযাপিত হোৱা ৰাসৰ ঠাই ভেদে আছে বিভিন্নতা। ৰাসৰ বাবেই একো একোটা অঞ্চল হৈছে অৰ্থনৈতিকভাৱে স্বচ্ছল। এই দিশসমূহ সামৰি তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
''শৰতৰ সন্ধিয়া জোনাক ৰাতি, কৃষ্ণই বৃন্দাবনত বজাই বাঁহী…'' - শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত গকুলৰ গোপীনিয়ে নিজৰ কাম-কাজ এৰি শ্ৰীকৃষ্ণৰ কাষলৈ ঢাপলি মাৰে। কৃষ্ণক কাষত পাবলৈ হাবাথুৰি খাই। কৃষ্ণই প্ৰেমিকা ৰাধাক এই গোপীনিৰ মাজৰ পৰাই লৈ অন্তৰ্ধান হয় আৰু বিষাদত ডুব যায় গকুলৰ গোপীনি।
কৃষ্ণক কাষত বিচাৰি গোপীনিয়ে বিলাপ কৰে, বিৰহ প্ৰকাশ কৰে। ইয়াৰ মাজতে শ্ৰীকৃষ্ণই কালিন্দীৰ পাৰত গোপীনিক লগ দিয়ে আৰু আৰম্ভ কৰে গোপীনিৰ লগত মহাৰাস লীলা।
ভাগৱতৰ ২৯ ৰ পৰা ৩০ তম অধ্যায়লৈ শ্ৰীকৃষ্ণৰ এই ৰাসলীলাৰ বিষয়ে উল্লেখ আছে। ভাগৱতৰ ওপৰত আধাৰিত ভগৱান শ্ৰীকৃষ্ণৰ লীলাই হৈছে এই ৰাসৰ মূল উৎস। ৰাসৰ ইতিহাস বহু পুৰণি।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত 'কেলিগোপাল' নাটখনকেই ৰাসৰ মূল ভেঁটি। এই কেলিগোপাল নাট মহাপুৰুষজনাই তেওঁৰ ভাতৃ ৰামৰায়ৰ অনুৰোধত 'পাটবাউসী'ত ৰচনা কৰিছিল। অৱশ্যে অসমৰ সকলো অঞ্চলতে কেলিগোপাল নাটকৰ আধাৰত ৰাস উদযাপন কৰা নহয়। কোনো কোনো অঞ্চলত 'ৰাস ঝুমুৰা' নাটকৰ আধাৰতো অনুষ্ঠিত কৰা হয়।
ৰাসৰ কাহিনী বা ইয়াৰ চৰিত্ৰৰ বিষয়ে মন কৰিলে এয়া এক ধৰ্মীয় অনুষ্ঠান বুলি জানিব পৰা যায় যদিও এতিয়া ৰাস কেৱল এক ধৰ্মীয় অনুষ্ঠান হৈ থকা নাই। ৰাস এক উৎসৱ। ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি ৰসৰ সৈতে জড়িত এই ৰাস এক ধৰ্মীয় উৎসৱ। যি উৎসৱ অসমৰ উজনিৰ পৰা নামনিলৈ অতি জাক-জমকতাৰে উদযাপিত কৰা হয়। যাৰ লগত জড়িত হৈ থাকে অৰ্থনীতিৰ বিষয়ো।
মাজুলী আৰু উজনি অসমৰ ৰাস
অসমৰ সকলো ঠাইতে উদযাপিত হোৱা ৰাস উৎসৱৰ মাজত ঠাইভেদে আছে কিছু প্ৰভেদ। সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী ৰাসৰ বাবেও বিখ্যাত। কিন্তু মাজুলীতে ৰাস উদযাপনৰ ক্ষেত্ৰত দেখা যায় প্ৰেভেদ।
ৰাস উৎসৱক কেন্দ্ৰ কৰি মাজুলীলৈ এতিয়া বিভিন্ন শ্ৰেণীৰ বিভিন্ন স্থানৰ দৰ্শকৰ আগমণ ঘটিছে। প্ৰতি বছৰে অসমীয়াৰ কাতি-আঘোণ মাহৰ পূৰ্ণিমাৰ দিনাখনৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া ৰাস উৎসৱৰ বাবে নদী দ্বীপটোত এতিয়া ব্যস্ততাৰ অন্ত নাই।
মাজুলীৰ ৰাসত শ্ৰীকৃষ্ণই শৈশৱত বৃন্দাবনত উমলি-জামলি থকাৰ মাজতে লীলা দেখুওৱাৰ পৰা আৰম্ভ কৰি গোপিনীবোৰৰ লগত ৰাসলীলা কৰালৈকে মঞ্চস্থ কৰা হয়। মাজুলীৰ সত্ৰভেদে শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত ‘কেলি গোপাল’ আৰু মাধৱদেৱৰ ‘ৰাস ঝুমুৰা’ৰ আধাৰত উপস্থাপন কৰা হয়।
সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ মাজুলীত এসময়ত ৬৫ খন সত্ৰ আছিল যদিও গৰাখহনীয়াৰ কৱলত পৰি এতিয়া মাত্ৰ ২২ খন সত্ৰৰহে অৱস্থিতি আছেগৈ। শ্ৰীমন্ত শংকৰদেৱে ১৫ শতিকাত স্থাপন কৰা এই সত্ৰসমূহে অসমত একশৰণ নামধৰ্মৰ প্ৰসাৰ আৰু প্ৰচাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
মাজুলীত পোনপ্ৰথমবাৰৰ বাবে ৰাস পালন কৰা হৈছিল দক্ষিণপাট সত্ৰত। জন শ্ৰুতিমতে, ১৭৬২ শকত দক্ষিণপাট সত্ৰত প্ৰথমবাৰৰ বাবে ৰাস পালন কৰা হৈছিল। দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী বাসুদেৱ দেৱগোস্বামীয়ে ৰাতি সপোনত ভগৱানৰ আজ্ঞা অনুসৰি গীত-নৃত্য সমন্বিত এখন ৰাসলীলাৰ নাটক ৰচিছিল।
সেয়াই আছিল আৰম্ভণি, তেতিয়াৰে পৰাই দক্ষিণপাট সত্ৰত প্ৰতি ৰাস পূৰ্ণিমাতে ৰাস উৎসৱ উদযাপন কৰি অহা হৈছে। প্ৰথম অৱস্থাত মাজুলীত সত্ৰৰ ভিতৰতে ৰাস উদযাপন কৰা হৈছিল যদিও পীতাম্বৰ দেৱ গোস্বামীৰ একান্ত প্ৰচেষ্টাত ৰাসক মঞ্চলৈ অনা হয়।
তেওঁৰ প্ৰচেষ্টাতে ১৯৫০ চনত প্ৰথমবাৰৰ বাবে মহিলাকো ৰাস পৰিৱেশনৰ সুযোগ প্ৰদান কৰে। ইয়াৰ আগলৈকে ৰাসত কেৱল পুৰুষেহে অংশগ্ৰহণ কৰিছিল।
এইবাৰো মাজুলিত প্ৰায় ৬৫ খন ৰাসস্থলীত প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এই ৰাস উপভোগৰ বাবে অৱশ্যে দৰ্শকে টিকট সংগ্ৰহ কৰি প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিব লাগিব। জানিব পৰা মতে অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী মিচিংসকলেও মাজুলীত এইবাৰ ৫ খনকৈ ৰাস অনুষ্ঠিত কৰিছে।
তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা মাজুলীৰ ৰাসৰ প্ৰথম দিনটোক অধিবাস, দ্বিতীয় দিনটোক ৰাস আৰু তৃতীয় দিনটোক ইন্দ্ৰাভিষেক বুলি কোৱা হয়। পূৰ্বতে মাজুলীৰ ৰাসত কেৱল আধ্যাত্মিকতা আছিল যদিও এতিয়া আধ্যাত্মিক ভাৱধাৰাৰ লগতে ৰাস উৎসৱত আন বহুতো বাহ্যিকতাৰ সমন্বয় হৈছে।
পূৰ্বে কেৱল গায়ন-বায়নৰ জৰিয়তে অনুষ্ঠিত হোৱা ৰাস উৎসৱ এতিয়া ৰং-বিৰঙী পোহৰৰ উপৰিও, নানা বাদ্যযন্ত্ৰৰ শব্দ সংমিশ্ৰণ আদিৰ সমন্বয়ত অনুষ্ঠিত হয়। মাজুলী ৰাসৰ আন এক বিশেষত্ব হ'ল ইয়াৰ থলুৱা কাৰকিৰী সজ্জা আৰু মুখা শিল্পৰ প্ৰয়োগ।
মাজুলীৰ পৰাই উজনি অসমৰ বিভিন্ন স্থানলৈ ৰাস উৎসৱৰ সম্প্ৰসাৰণ ঘটে। যোৰহাট, শিৱসাগৰ, গোলাঘাট, ডিব্ৰুগড়ৰ, লখিমপুৰ আদিৰ বিভিন্ন স্থানত ৰাস উদযাপিত হয়। ইয়াত ঠাইভেদে মঞ্চত আৰু ঠাইভেদে মুকলি পথাৰত অস্থায়ী বৃন্দাবন নিৰ্মাণেৰে ৰাস উদযাপন কৰা হয়।
নামনি অসমৰ ৰাস
উজনি অসমৰ ৰাসৰ সৈতে সম্পূৰ্ণ বিপৰীত নামনি অসমৰ ৰাস উৎসৱ।ইয়াত মানুহে অভিনয় কৰাৰ বিপৰীতে মৃণ্ময় মূৰ্তিৰে শ্ৰীকৃষ্ণৰ বিভিন্ন ঘটনাৰাজিক মৃণ্ময় মূৰ্তিৰ জৰিয়তে উপস্থাপন কৰা হয়। কালীয় দমন, পুতুনা বধ, দধিমথন, কংসবধ, বৃন্দাবনৰ ৰাসলীলা আদিক নামনি অসমৰ ৰাস উদযাপনস্থলীত মৃণ্ময় মূৰ্তিৰে জীৱন্ত কৰি তোলা হয়।
নামনি অসমৰ ৰাস বুলি কলেই প্ৰথমেই আহে নলবাৰীৰ হৰিমন্দিৰৰ ৰাস। ঐতিহ্যমণ্ডিত নলবাৰী ৰাস উৎসৱে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছে। নলবাৰী ৰাসত মৃণ্ময় মূৰ্তিৰে শ্ৰীকৃষ্ণৰ জীৱনৰ বিভিন্ন ঘটনাৰাজিক তুলি ধৰাৰ সমান্তৰালকৈ বিভিন্ন আধ্যাত্মিক অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে।
ৰাস উপলক্ষে ইয়াত ওজাপালি, ঢুলীয়া, নাট্যাভিনয়, দিহা নাম, থিয় নাম, নাগাৰা নাম আদি অনুষ্ঠিত হয়। তাৰোপৰি থাকে মনোৰঞ্জন মেলা, বাণিজ্যিক মেলা। নলবাৰীৰ ৰাস উৎসৱৰ অন্যতম আকৰ্ষণ হৈছে ভ্ৰাম্যমাণ থিয়েটাৰসমূহ।
এইবাৰ নলবাৰীৰ হৰিমন্দিৰ ৰাস উৎসৱস্থলীত ১৩ খনকৈ আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব। ৰাস উৎসৱত উপস্থিত থাকিব মহাভাৰত ধাৰাবাহিকত শ্ৰীকৃষ্ণৰ অভিনয় কৰি দেশবাসীৰ হিয়াৰ আমঠু হৈ পৰা নীতিশ ভাৰদ্বাজ।
নলবাৰীৰ উপৰিও নামনি অসমৰ পলাশবাৰী, বৰপেটা, মঙলদৈ, হাউলী, পাঠশালা, বঙাইগাওঁ, বিলাসীপাৰা আদিতো অনুষ্ঠিত হৈ আহিছে ৰাস উৎসৱ। মূলতঃ মৃণ্ময় মূৰ্তি কেন্দ্ৰিক নামনি অসমৰ এই ৰাস উপভোগ কৰিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা দৰ্শকৰ আগমণ ঘটে।
মধ্য অসমৰ ৰাস
উজনি আৰু নামনি ৰাসৰ যিদৰে বিশেষত্ব আছে ঠিক সেইদৰেই মধ্য অসমৰ ৰাসৰো আছে কিছু বিশেষত্ব। মধ্য অসমতো অভিনয় কেন্দ্ৰিক ৰাস উদযাপন হয় যদিও ইয়াতো কিছু প্ৰাৰ্থক্য মন কৰিবলগীয়া।
মধ্য অসমৰ ঠাইভেদে ৰাসলীলা মঞ্চত পৰিৱেশন কৰাৰ লগতে পৰিৱেশন কৰা হয় অনন্তশয্যা, কংসালয়, নন্দালয়, গোপবালকৰ নৃত্য, কালীয় দমন, মহাৰাস আৰু শংখচূড় বধ। কিন্তু ঠাইভেদে নামঘৰ বা মুকলি ঠাইত অস্থায়ী বৃন্দাবন তৈয়াৰ কৰি মহাৰাস, শংখচূড় বধ উপস্থাপন কৰা হয়।
ইয়াত বৃন্দাবনত শ্ৰীকৃষ্ণৰ মোহন মুৰুলিৰ সুৰত ব্ৰজবাসী গোপীৰ সৈতে শ্ৰীকৃষ্ণই ৰাসক্ৰীড়া কৰে। তাৰ মাজতে “শংখচুড়”ৰ প্ৰৱেশ ঘটে আৰু গোপীসকলক টনা আজোৰা কৰে। শ্ৰীকৃষ্ণই গোপীসকলক উদ্ধাৰ কৰি শংখচুড় বধ কৰে আৰু গোপীৰ সংগে ৰাসক্ৰীড়াত মগ্ন হয়।
মধ্য অসমৰ নগাওঁ, উত্তৰ অসমৰ শোণিতপুৰ, বিশ্বনাথ আদিত এনে ৰাস উৎসৱ ব্যাপক হাৰত অনুষ্ঠিত হয়। গাঁৱে গাঁৱে, অঞ্চলভেদে অনুষ্ঠিত হোৱা এনে ৰাসৰ জনপ্ৰিয়তা আছে যদিও মাজুলী, নলবাৰী আদিৰ ৰাসৰ দৰে পৰ্যায়ত গৈ উপনীত হ’ব পৰা নাই।
অৱশ্যে উত্তৰ অসমৰ বিশ্বনাথৰ ৰে’ল গেটৰ ৰাসে খুব কম সময়তে জনপ্ৰিয়তা লাভ কৰাৰ লগতে বৃহৎ আঁকাৰ লৈছে। এই ৰাস চাবলৈ দৰ্শকৰ সুত ব'বলৈ ধৰিছে। ঠিক তেনেদৰে তেজপুৰৰ মিলনবাকৰীৰ ৰাসৰো আছে জনপ্ৰিয়তা। নগাওঁ জিলাৰ বটদ্ৰৱাত শতিকাজুৰি উদযাপন হৈ আহিছে ৰাস লীলাৰ অনুষ্ঠান।
ৰাসৰ অৰ্থনীতি
ৰাস উৎসৱে উজনি,নামনি সৰ্বত্ৰে প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে জনপ্ৰিয়তা লাভ কৰাৰ লগে লগে ঠাইভেদে ৰাসৰ জৰিয়তে এক বৃহৎ অৰ্থ আহৰণৰ পৰিৱেশ সূচনা হৈছে। ৰাস উৎসৱে গ্ৰাম্য অৰ্থনীতিৰ লগতে ক্ষুদ্ৰ প্ৰতিষ্ঠান কিছুমানক অৰ্থনৈতিকভাৱে সৱল কৰি তুলিছে। ৰাসৰ জৰিয়তেই উপাৰ্জনৰ বাট মুকলি হৈছে বহুজনৰ।
আনহে নালাগে পৃথিৱীৰ ক'তো নোপোৱা ভ্ৰাম্যমান থিয়েটাৰেও ৰাসৰ পৰাই লাভ কৰে জনপ্ৰিয়তা। ৰাসৰ সময়ছোৱাত সৃষ্টি হোৱা উৎসৱমুখৰ পৰিৱেশৰ মাজত কোন পেণ্ডেলে কিমানটা প্ৰদৰ্শনী কৰিলে, কোনখন নাটকে কিমান জনপ্ৰিয়তা লাভ কৰিলে এই সকলোবোৰ কাৰকৰ ওপৰত ভিত্তি কৰিয়েই পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন প্ৰান্তলৈ নাট প্ৰদৰ্শনৰ ববে আমন্ত্ৰণ লাভ কৰে।
নলবাৰীৰ ৰাস উৎসৱস্থলীৰ কাষৰ পেণ্ডেলত যিখন নাটকে সৰ্বাধিক জনপ্ৰিয়তা লাভ কৰে সেই নাটকেই বা সেই নাট্যগোষ্ঠীকেই অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে অধিক বিচাৰে বুলি ক’লেও ভুল কোৱা নহয়। এক প্ৰকাৰে ৰাস উৎসৱৰ পৰাই ভ্ৰাম্যমান থিয়েটাৰে এক নতুন গতি লাভ কৰে।
ঠিক সেইদৰে ৰাসক কেন্দ্ৰ কৰি দিপাৱলীৰ পাছৰে পৰা প্ৰায় এমাহধৰি মাজুলীত চলে তীব্ৰ ব্যস্ততা। এই সময়ছোৱাত স্থানীয় শিল্পীয়ে মাজুলীক দ্বিতীয় গকুল, বৃন্দাবনলৈ পৰিৱৰ্তিত কৰে।
স্থানীয় অভিনয় শিল্পীৰে অনুষ্ঠিত হোৱা মাজুলীৰ ৰাসলৈ সময়ৰ লগে লগে বাহিৰৰ শিল্পীৰ আগমণ ঘটিছে। মাজুলীৰ ৰাসলৈ গ্লেমাৰ অহাৰ পাছৰে পৰা মাজুলীলৈ ৰাসৰ সময়ছোৱাত অহা দৰ্শকৰ সংখ্যা বিপুল হাৰত বৃদ্ধি পাইছে।
ফলত ৰাস উদযাপন কৰা মাজুলীৰ সত্ৰসমূহৰ লগতে ৰাস কমিটীসমূহে অৰ্থ উপাৰ্জন কৰাই নহয় মাজুলীও অৰ্থনৈতিকভাৱে কিছু টনকিয়াল হয়। স্থানীয় লোকসকলে ৰাসৰ দিনকেইটাত অহা হাজাৰ হাজাৰ পৰ্যটকৰ পৰা বিভিন্ন মাধ্যমেৰে কিছু উপাৰ্জন কৰিবলৈ সক্ষম হয়।
মৃণ্ময় মূৰ্তিৰ উপৰিও নামনিৰ ৰাসত থাকে বিভিন্ন আলোকসজ্জাৰ প্ৰদৰ্শনস্থলী। এইবোৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকক আকৰ্ষিত কৰে। এই আলোকসজ্জাৰ লগত জড়িত ব্যক্তিসকল ৰাসৰ জৰিয়তে অৰ্থনৈতিকভাৱে স্বচ্ছল হয়। ৰাসৰ সময়ছোৱাত স্থানীয় আৰু দাঁতিকাষৰীয়া অঞ্চলৰ বণিকগোষ্ঠীৰ আগমণ ঘটে।
যদিও নামনি অসমৰ ৰাসত মৃণ্ময় মূৰ্তিৰ ব্যৱহাৰ কৰা হয় তথাপিও অৱশ্যে প্ৰতি বছৰে এনে মৃণ্ময় মূৰ্তি প্ৰস্তুত কৰা নহয় বুলি জানিব পৰা গৈছে। নলবাৰীৰ হৰিমন্দিৰত ব্যৱহাৰ হোৱা মৃণ্ময় মূৰ্তিসমূহ প্ৰতি বছৰে নতুনকৈ সজাই তোলা হয়।
কোনো মূৰ্তিৰ যদি ক্ষয়, ক্ষতি হয় তেন্তে সেই মূৰ্তি প্ৰয়োজন সাপেক্ষে পুনৰ নিৰ্মাণ বা মেৰামতি কৰা হয়। ইয়াৰ বাবে কলিকতাৰ পৰা মৃণ্ময় শিল্পীৰ আগমণ ঘটে যদিও স্থানীয় একাংশ শিল্পীও ইয়াৰ সৈতে জড়িত থাকে।
স্থানীয় লোকৰ লগতে নলবাৰীৰ ৰাস চাবলৈ অহা লাখ লাখ দৰ্শনাৰ্থীয়ে ৰাসৰ মেলাৰ পৰা প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী ক্ৰয় কৰে। একেদৰে এই সময়ছোৱাত স্থানীয় বহু লোকেও ক্ষুদ্ৰ দোকান দি বা দৰ্শনাৰ্থীৰ বাহন নিজৰ ঘৰৰ চোতালত ৰাখিবলৈ দিয়াৰ ব্যৱস্থা কৰি দিও কিছু ধন উপাৰ্জন কৰাৰ সুযোগ লাভ কৰে।
এখন দুচকীয়া বাহন পাৰ্কিং কৰাৰ বিনিময়ত ২০ টকা আৰু এখন চাৰিচকীয়া বাহন পাৰ্কিং কৰাৰ নামত ১০০ ৰ পৰা ১৫০ টকা পৰ্যন্ত উপাৰ্জন কৰে। এইদৰে কেইবামাহ ধৰি চলিব পৰাকৈ কিছু ধন তেওঁলোকে উপাৰ্জন কৰিবলৈ সক্ষম হয়।
ইয়াৰোপৰি ৰাস মঞ্চস্থ বা পৰিবেশন কৰাৰ ক্ষেত্ৰত যিসমূহ অভিনয় শিল্পী থাকে তেওঁলোকক প্ৰয়োজন হয় বিভিন্ন সাজ-সজ্জাৰ লগতে প্ৰসাধন সামগ্ৰী। ভাওনা বা ৰাসৰ অভিনয় শিল্পীক 'মেক-আপ' কৰাৰ বাবেও থাকে শিল্পী।
উজনি আৰু মধ্য অসমৰ বিভিন্নস্থানত উদযাপিত হোৱা ৰাস উৎসৱৰ বাবে প্ৰয়োজন হয় হাজাৰ হাজাৰ সাজ-সজ্জা। এইবোৰ তৈয়াৰ কৰি একাংশই ভাড়ালৈ দিয়ে। ৰাস, ভাওনাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী, পোচাক ভাড়ালৈ দি একাংশ লোকে জীৱিকা নিৰ্বাহ কৰি আহিছে।
সেয়ে ৰাসৰ আগমণৰ লগে লগে এই লোকসকলৰ ব্যস্ততা বৃদ্ধি পোৱাৰ লগতে ব্যৱসায়ৰ দিনো আহে। এই দিন কেইটাতে তেওঁলোকে বিভিন্ন সামগ্ৰী আৰু পোচাক আদি ভাড়ালৈ দি ছমাহ, এবছৰৰ বাবে উপাৰ্জন কৰে।
একেদৰে ৰাসৰ অভিনয় শিল্পীক 'মেক-আপ' কৰিও একাংশই এই সময়ছোৱাত উপাৰ্জনৰ পথ মুকলি কৰে। শব্দ-পোহৰ অবিহনে এতিয়া ৰাস উদযাপন অসম্ভৱ। সেয়েহে এই সময়ছোৱাত পোহৰ আৰু শব্দ যন্ত্ৰ ভাড়ালৈ দিয়া লোকসকলৰো ব্যৱসায়ৰ বাবে উত্তম সময়।
এপ্ৰিল-মে’ৰ ব’হাগ বিহুৰ সংস্কৃতিক অনুষ্ঠানৰ পাছত ৰাস উদযাপনৰ এই সময়ছোৱাত তেওঁলোকৰ ব্যৱসায়ৰ ভৰপক সময়। এনে একো একোটা শব্দ, পোহৰ ভাড়ালৈ দিয়া ব্যৱসায়ীক গোষ্ঠীৰ সৈতে অতি কমেও ১০ জন লোক জড়িত হৈ আছে। আৰু ইয়াৰ জৰিয়তে অতি কমেও ১০ টা পৰিয়ালৰ জীৱিকাৰ বাট মুকলি হয়।
এটা পৰ্যটন কেন্দ্ৰই সেই অঞ্চলৰ ৰাইজক অৰ্থনৈতিকভাৱে সুস্থিৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পৰ্যটকৰ আগমণে সেই অঞ্চলটোক অৰ্থনৈতিকভাৱে স্বচ্ছল কৰে।
সেয়ে পৰ্যটনৰ ওপৰত একোখন দেশ বা ৰাজ্যৰ অৰ্থনীতি বহু পৰিমাণে নিৰ্ভৰ কৰে। পৰ্যটন উদ্যোগ শক্তিশালী হোৱা মানেই অৰ্থনৈতিক ভেটিও টনকিয়াল হোৱা। ঠিক সেইদৰেই একোটা অঞ্চল যেতিয়া এনেধৰণৰ উৎসৱৰ জৰিয়তে পৰ্যটকৰ হটস্পত হৈ পৰে তেতিয়া সেই অঞ্চলৰ ৰাইজ অৰ্থনৈতিকভাৱে টনকিয়াল হোৱাটো অৱধাৰিত।মাজুলী, নলবাৰী আদি ইয়াৰ উদাহৰণহে মাত্ৰ।
Also Read: ৰামক চিন্তি নিৰ্বাচনী প্ৰস্তুতি !