ৰজাদুৱাৰ পাহাৰত ওলাইছে তথ্য, প্ৰমাণ! মহাৰাজ পৃথুৰ সোণালী ইতিহাস ধ্বংস নকৰিবলৈ আহ্বান উত্তৰ গুৱাহাটীবাসীৰ

ৰজাদুৱাৰ পাহাৰত ওলাইছে তথ্য, প্ৰমাণ!  মহাৰাজ পৃথুৰ সোণালী ইতিহাস ধ্বংস নকৰিবলৈ আহ্বান উত্তৰ গুৱাহাটীবাসীৰ
ৰজাদুৱাৰ পাহাৰত ওলাইছে তথ্য, প্ৰমাণ! মহাৰাজ পৃথুৰ সোণালী ইতিহাস ধ্বংস নকৰিবলৈ আহ্বান উত্তৰ গুৱাহাটীবাসীৰ
Published on
Updated on
ঐতিহাসিক আলাবৈ ৰণক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰত যি উদ্যোগ চৰকাৰ তথা প্ৰশাসনে গ্ৰহণ কৰিছিল সেই একেই উদ্যোগ আন এক ক্ষেত্ৰত গ্ৰহণ কৰাটো এতিয়াও প্ৰয়োজন হৈ পৰিছে। অসমৰ প্ৰাচীন ইতিহাসক সঠিকভাৱে তুলি ধৰি ইয়াক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত চৰকাৰে ল'ব লাগে এই ব্যৱস্থা। মহাৰজা পৃথু আৰু পুৰণি কামৰূপ ৰাজ্যৰ বাৰ শতিকাৰে ইতিহাস জহি খহি যাবলৈ দিলে ইতিহাসৰ বহু তথ্য প্ৰমাণেই চিৰ দিনৰ বাবে হেৰাই যাব। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই বিশেষ প্ৰতিবেদন

মহাপ্ৰতাপী বখটিয়াৰক কামৰূপত পৰাস্ত কৰি ভাৰতত মুছলমানৰ বিজয় অভিযান ৰুদ্ধ কৰিছিল কামৰূপৰ ৰজা পৃথুৱে। সেই পৰাক্ৰমী আৰু বিচক্ষণ পৃথু মহাৰাজৰ সোণালী দিনৰ সেই ইতিহাস সুযোগ পায়ো আমি আজিলৈকে সঠিকভাৱে লিপিদ্ধ কৰা নাই।

আহোম শাসনৰো আগৰ এই ইতিহাস অধ্যয়নৰ বহু সম্ভাৱনা থকা সমল চকুৰ সন্মুখতে হেৰাই গৈছে। প্ৰণালিবদ্ধভাৱে এইবোৰৰ অধ্যয়নৰ গৱেষণাৰ ক্ষেত্ৰত বিভিন্ন পক্ষৰ উদাসীনতাই সমলবোৰক চকুৰ সন্মুখতেই ধ্বংস হ'বলৈ এৰি দিয়াতো এটা জাতিৰ বাবে দুৰ্ভাগ্যজনক।

মহাৰজা পৃথুৰ ৰাজধানী বুলিলে উত্তৰ গুৱাহাটী বুলিয়েই ধাৰণা কৰাৰ বহু থল আছে। গুৱাহাটীৰ কানাই বৰসী শিলালিপিখনে কৈ যায় ইতিহাসৰ সেই পুৰণি দিনৰ কথা। সংস্কৃতত অসমীয়া বৰ্ণমালা ব্যৱহাৰেৰে লিখা এইখনেই প্ৰথম শিলালিপি। য'ত ত্ৰয়োদশ শতিকাৰ কামৰূপৰ ৰজা মহাৰাজ পৃথুৱে ১২০৬ খ্ৰীষ্টাব্দত কেনেদৰে দাস বংশৰ প্ৰতিষ্ঠাতা কুটুবুদ্দিন আইবাকৰ সেনাধিনায়ক মহম্মদ ইবন বখটিয়াৰ খিলজীক পৰাস্ত কৰিছিল সেই কথা উল্লেখ আছে।

উত্তৰ গুৱাহাটী মানেই ইতিহাসে ভৰা এক ঐতিহাসিক ক্ষেত্ৰ। সেই উত্তৰ গুৱাহাটীতে ২০২৪ বৰ্ষৰ জানুৱাৰীৰ প্ৰথমভাগত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈ গ'ল। উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ ঐতিহ্যমণ্ডিত কানাই বৰসীবোৱা শিলালিপিৰ কাষতে থকা এটা পাহাৰত চলিছিল থনন কাৰ্য।

৯ জানুৱাৰী ২০২৪ ত আনন্দৰাম বৰুৱা ভাষা, কলা, সংস্কৃতি কেন্দ্ৰ চমুকৈ এবিলাকৰ চৌহদত থকা এই সৰু পাহাৰটোত এটা অতিথি গৃহ নিৰ্মাণৰ বাবে সেই খনন কৰা হৈছিল। যিটো নিৰ্মাণ প্ৰতিষ্ঠানক ইয়াৰ দায়িত্ব দিয়া হৈছিল তেওঁলোকে পাহাৰটোত সাধাৰণ শিল থকা বুলি বিস্ফোৰণেৰে উৰুৱাই দিছিল।

পৰিতাপৰ কথা যে, সেয়া সাধাৰণ শিল নাছিল। খননত উদ্ধাৰ হৈছিল প্ৰাক আহোম যুগৰ এক নিৰ্মাণ কাৰ্য আৰু ইটা। স্থানীয় লোকৰ খবৰৰ ভিত্তিত ৰাজ্যিক প্ৰত্নতত্ত্ব বিভাগৰ সংৰক্ষণ বিভাগৰ বিষয়া দেৱলীনা শৰ্মা আৰু উদঘাটন বিষয়া চিমৰান ছাম্ভি, প্ৰিয়ংকা পাতিৰ গৈ উপস্থিত হৈছিল সেই স্থানত।

আহিছিল সেই পাহাৰ খনন স্থানলৈ প্ৰত্নতত্ত্ব বিভাগৰ উপ-সঞ্চালক নৱজ্যোতি দেউৰী। এক ঐতিহাসিক সমলৰ এনে অবস্থা দেখি তেওঁ দুখ প্ৰকাশ কৰিছিল। ইতিমধ্যে সেই নিৰ্মাণকাৰ্য খ্ৰীষ্টিয় দশম শতিকাৰো আগৰ বুলি অনুমান কৰা হৈছে। ইতিমধ্যে প্ৰায় ৯০ শতাংশ সেই ভগ্নাশেষ ধ্বংসত পৰিণত হোৱাৰ পাছত উক্ত অঞ্চলৰ লগতে ইয়াৰ আশে-পাশে বিশেষজ্ঞ লোকৰ দ্বাৰা গৱেষণা আৰু খনন কৰাৰো প্ৰতিশ্ৰুতি দিছিল।

সময় অতিবাহিত হৈছে। কিন্তু কোনো সঠিক অধ্য়য়ন আৰু গৱেষণা সেই স্থানত নহ'ল। শৰাইঘাট জাৰ্নেলিষ্ট ফৰামে মহাৰাজ পৃথুৰ সেই বৰ্ণিল ইতিহাস তুলি ধৰিবৰ বাবে প্ৰচেষ্টা হাতত লৈছিল। তাৰ বিপৰীতে এবিলাকৰ সঞ্চালকৰ দায়িত্বত থকা তদানীন্তন সঞ্চালক দিলীপ কলিতাৰ দৰে লোকে এই ধ্বংস কাৰ্য চকুৰ সন্মুখতে সংঘটিত হ'বলৈ এৰি দিছিল।

উক্ত দায়িত্বৰ পৰা তেওঁ আঁতৰাৰ পৰা আগলৈকে যোৱা ৬ বছৰত এখনো গভৰ্নিং বডী বা একাডেমীক বডীৰ সভা অনুষ্ঠিত নকৰাকৈ যধেমধে এই নিৰ্মাণত হাত উজান দিছিল কলিতাই। স্থানীয় লোকে এবিলাকৰ চৌহদত উদ্ধাৰ হোৱা সেই ঐতিহাসিক সমলৰ উপযুক্ত সংৰক্ষণৰ দাবী তোলাৰ পাছতহে তেওঁ ৰাজ্যিক প্ৰত্নতত্ত্ব বিভাগলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।

প্ৰত্নতত্ত্ব বিভাগে পৰিদৰ্শন কৰাতেই দায়িত্ব সামৰিলে। ২৭ মাৰ্চ ২০২৪ ত বিভাগটোৰ সঞ্চালকৰ পৰা এখন পত্ৰ প্ৰেৰণ কৰি সেই স্থানত থকা এই ইতিহাস সমৃদ্ধ ভগ্নাশেষৰ ৯৯ শতাংশই ধ্বংস হোৱা বুলি উল্লেখ কৰিলে। লগতে পৰোক্ষভাৱে সেই স্থানত নিৰ্মাণ কাৰ্যৰো অনুমতি প্ৰদান কৰিলে।

স্থানীয় লোক তথা সাংবাদিক মহলৰ প্ৰচেষ্টাত এইদৰে ধ্বংল হ'বলৈ এৰি দিয়া উক্ত স্থানত পুৰণি সেই ইতিহাসৰ আধাৰত প্ৰশাসনে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হ'ল। অসমীয়া প্ৰতিদিন ডিজিটেলে ক্ষেত্ৰ ভিত্তিক অধ্যয়নেৰে উক্ত স্থানৰ গুৰুত্বক উপলব্ধি কৰিবলৈ প্ৰশাসন তথা প্ৰত্নতত্ত্ব বিভাগৰ লোকক আহ্বান জনালে।

এই আহ্বানৰ প্ৰতি সহাৰি জনাই কামৰূপৰ আয়ুক্ত কীৰ্তি জল্লিয়ে এটা পৰিদৰ্শনকাৰী দল উক্ত স্থানলৈ প্ৰেৰণ কৰি পুনৰ তৎপৰতা আৰম্ভ কৰিছে। স্থানীয় সাংবাদিক সংস্থা আৰু দল সংগঠনেও বিচাৰিছে মহাৰাজ পৃথুৰ ঐতিহ্য আৰু বীৰত্বক প্ৰতিনিধিত্ব কৰিব পৰাকৈ আন নহলেও তেওঁৰে এটা প্ৰতিমূৰ্তি নিৰ্মাণ হ'ব লাগে।

এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু জিলা প্ৰশাসনলৈ স্মাৰক পত্ৰ প্ৰদানৰ বাবে সাজু হৈছে কেবাটাও দল, সংগঠন। মুখ্যমন্ত্ৰী ড০ শৰ্মাই গুৰুত্ব সহকাৰে বিষয়টো লৈ অসমৰ পুৰণি সেই ইতিহাস সঠিকভাৱে লিপিবদ্ধ কৰাৰ এক উদ্যোগ ল'ব পাৰে। অসমৰ গৌৰৱোজ্জ্বল ইতিহাস সমূহৰ ভিতৰত এই ইতিহাসো লাচিত চিলাৰায়ৰ দৰেই অনুপ্ৰেৰণাদায়ক।

১২০৬ খ্ৰীষ্টাব্দতে আক্ৰমণকাৰী মুছলমানক ভেটি মহাৰাজ পৃথুৱে কামৰূপৰে স্বৰ্ণিল ইতিহাস লিখিছিল। আঁৰতেই থাকি যোৱা বৰ্ণিল ইতিহাসে নতুন প্ৰজন্মক বিভিন্ন দৃষ্টিৰে সমৃদ্ধ কৰিব। উত্তৰ গুৱাহাটীৰ সচেতন লোকসকলৰ দাবী সেই পৃথুৰ বীৰত্বৰ কাহিনী অন্তৰ্ভুক্ত হ'ব লাগে দেশৰে বুৰঞ্জীৰ পাঠ্যক্ৰমত।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৰে সচেতন আৰু সংবেদনশীল লোকৰ সঠিক সিদ্ধান্তই সেই আঁৰতে ৰৈ যোৱা কাহিনী বিশ্বমুখী কৰিব। এতিয়া অপেক্ষা কৰিছে সকলোৱে তেনে এক সিদ্ধান্তলৈ।

ৰজাদুৱাৰ পাহাৰত ওলাইছে তথ্য, প্ৰমাণ!  মহাৰাজ পৃথুৰ সোণালী ইতিহাস ধ্বংস নকৰিবলৈ আহ্বান উত্তৰ গুৱাহাটীবাসীৰ
গুপ্ত 'চৰ'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in