অযোধ্যাৰ ৰাম মন্দিৰক লৈ বিতৰ্কৰ শেষ হোৱা নাই। নিৰ্মাণ সম্পূৰ্ণ নোহোৱাকৈয়ে মুকলি কৰাৰ অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে। এক সুদীৰ্ঘ বিতৰ্কিত পৰিক্ৰমা অতিক্ৰম কৰি আজিৰ অৱস্থাত উপনীত হোৱা ৰাম মন্দিৰ বৰ্তমান কি পৰ্যায়ত আছে? কেতিয়া সম্পূৰ্ণ হ'ব মন্দিৰৰ নিৰ্মাণ কাৰ্য? চৰকাৰে দেখুওৱাৰ দৰেই হৈছেনে ৰাম মন্দিৰ? ৰাম মন্দিৰ দৰ্শন কৰি, এটা দিন অযোধ্যাত কটাই প্ৰত্যক্ষ কৰা দৃশ্যাৱলীৰ আধাৰত তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
এনে কি প্ৰয়োজন আছিল যে, ৫০ শতাংশও নিৰ্মাণ সম্পূৰ্ণ নহওঁতেই অতি ধুমধামেৰে মুকলি কৰি দিয়া হ'ল ৰাম মন্দিৰ? প্ৰয়োজনীয় প্ৰৱেশ পত্ৰ বাৰে বাৰে সুৰক্ষা কৰ্মীক দেখুৱাই ৰাম মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰি যোৱাৰ সময়ত আমাৰ মনত কেৱল বাৰে বাৰে আহিছিল এই এটাই প্ৰশ্ন।
মন্দিৰ, মছজিদ, গুৰুদ্বাৰ অথবা আন যিকোনো ধৰ্মীয় অনুষ্ঠান, প্ৰতিষ্ঠানৰ প্ৰতি আমাৰ মনত বৰ বিশেষ উৎসুকতা নাথাকে। ধৰ্ম ভীৰুতাৰ পৰিৱৰ্তে আমি এক নিৰ্দিষ্ট শক্তিত বিশ্বাস ৰাখো। আধ্যাত্মিক চিন্তা, চেতনা আমাৰ মনতো আছে যদিও সেই চিন্তাত অলৌকিকতাৰ স্থান শূন্য।
সেয়ে ধৰ্মীয় কোনো স্থানলৈ গ'লে আমি ঈশ্বৰৰ সন্ধানত নাযাওঁ। যাওঁ কেৱল তেনে আধ্যাত্মিক ক্ষেত্ৰৰ সেই শক্তিক উপলব্ধি কৰিবলৈ, যি শক্তিয়ে আমাক প্ৰত্যাহিক জীৱনৰ দুখ, বেদনাক পাহৰিব পৰাকৈ আমাৰ মন, মগজুত কিছু প্ৰশান্তি আনিব পাৰে।
মনত প্ৰত্যয় জন্মাব পাৰে যাতে সকলো প্ৰত্যাহ্বানক নেওচি আগবাঢ়িবলৈ পৰ্যাপ্ত মানসিক শক্তিৰ অধিকাৰী আমি। আমি জ্বলোৱা এগছি বন্তি অথবা, দুডাল ধূপৰ বিনিময়ত ঈশ্বৰে আহি আমাৰ সমস্যা সমাধান কৰিব বুলি অলৌকিক চিন্তাত বিশ্বাসী নহয়।
ৰাম মন্দিৰকলৈ আমাৰ অৱশ্যে উৎসুকতা যথেষ্ট আছিল। এই উৎসুকতাৰ আঁৰত আছিল বহু কেইটা কাৰণ। বিশেষকৈ ৰাম মন্দিৰ উদ্বোধনৰ দিন ঘোষণা হোৱাৰে পৰা উদ্বোধনলৈ যিসমূহ অনাকাংক্ষিত বিতৰ্কৰ সূচনা হ'ল, যিদৰে ৰাম ভক্তই ৰাম মন্দিৰ দৰ্শন কৰিবলৈ হিলদৌল ভাঙি অযোধ্যালৈ যাত্ৰা কৰিছে, ৰাম মন্দিৰৰ নিৰ্মাণ প্ৰক্ৰিয়া এই গোটেই বোৰ দিশেই আমাৰ মনত এক ক্ৰিয়া কৰি আছিল।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিৰ পৰিৱৰ্তে এক সুদীৰ্ঘ বিতৰ্কিত পৰিক্ৰমা অতিক্ৰম কৰি আহি আজিৰ পৰ্যায়ত উপনীত হোৱা ৰাম মন্দিৰ নিজ চকুৰে চোৱাৰ উৎসুকতা যোৱা কেইমাহমান ধৰি বৃদ্ধি পাইছিল। সেই উৎসুকতাৰ বাবে ৮ নৱেম্বৰ, ২০২৪ ৰ পুৱা প্ৰায় ৭ বজাতে উপস্থিত হৈছিলোগৈ ৰাম মন্দিৰৰ সন্মুখত।
ৰাম মন্দিৰৰ সন্মুখ ভাগত তেতিয়াই ভিৰ কৰিবলৈ আৰম্ভ কৰিছিল ৰাম ভক্তই। চৌদিশে অতি কটকটীয়া নিৰাপত্তা ব্যৱস্থা। আমি পূৰ্বে অনলাইন মাধ্যমেৰে প্ৰৱেশ পত্ৰ আৱেদন কৰি থোৱাৰ বাবে সাধাৰণ শাৰীৰ বিপৰীতে ভি আই পি প্ৰৱেশ পথেৰে আগবাঢ়িলো। প্ৰৱেশ পথৰ আৰম্ভণিৰ পৰা মন্দিৰত প্ৰৱেশলৈ প্ৰায় ৬/৭ ঠাইত আমাক তন্নতন্নকৈ পৰীক্ষা কৰিলে।
তাৰ পূৰ্বেই অৱশ্যে আমি তেওঁলোকে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট এক স্থানত আমি পৰিধান কৰি যোৱা, জোতা, চেণ্ডেল আদি ৰখাৰ উপৰিও লগত লৈ যোৱা আমাৰ মোবাইলকে ধৰি অন্যান্য সামগ্ৰীসমূহ এটা লকাৰত ৰাখিলো। নগদ ধন, পৰিচয় পত্ৰ আদি লৈ যোৱাত বাধা নাই।
এই নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে আমি আগবাঢ়ি যোৱাত দেখিলো একাংশ স্বেচ্ছাসেৱকে ঠেলাৰ দৰে (ঠেলা নহয়) এক বিশেষ ব্যৱস্থাৰে বয়োজ্যেষ্ঠসকলক মন্দিৰ দৰ্শন কৰোৱাবলৈ লৈ গৈছে, আকৌ তাৰ পৰা লৈ আনিছে ভি আই পি পথেৰে। যিসকলৰ খোজ কঢ়াত অসুবিধা অথবা খোজ কাঢ়িব নোৱাৰে তেওঁলোকেও যাতে ৰাম লালাৰ দৰ্শন কৰিব পাৰে তাৰ এক সুন্দৰ ব্যৱস্থা। অৱশ্যে এই সুবিধা লাভ কৰিবলৈ পূৰ্বেই আপুনি আবেদন কৰিব লাগিব।
ৰাম মন্দিৰলৈ সোমাই যাওঁতেই মোৰ দৃষ্টি বিয়পি পৰিছিল চাৰিওদিশে। মূল মন্দিৰে এটা আটকধুনীয়া আকৃতি লাভ কৰিলে যদিও নিৰ্মাণ যে সম্পূৰ্ণ হোৱা নাই বাহিৰৰ পৰাই ভালকৈ স্পষ্ট।
মন্দিৰৰ ওপৰত তেতিয়াও দুখনকৈ ক্ৰেণ। মন্দিৰৰ কাষে কাষে সকলোতে চলি আছে নিৰ্মাণ কাৰ্য। মন্দিৰৰ গাতেই চলিছে আন আন কিছু প্ৰকল্পৰ নিৰ্মাণ কাৰ্য। ক'ৰবাত যদি ফাউণ্ডেচন হৈছেহে আন ক'ৰবাত আকৌ কেৱল দুই এটা খুঁটা হে নিৰ্মাণ হৈছে। আনহে নালাগে মন্দিৰৰ মূল প্ৰৱেশদ্বাৰখনেই এতিয়ালৈকে নিৰ্মাণ হোৱা নাই।
এনেকৈয়ে আমি এক দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰি মূল মন্দিৰত প্ৰৱেশ কৰিলো। ৰাম ভক্তসকলৰ মুখত তেতিয়া কেৱল অৱতাৰী পুৰুষ শ্ৰী ৰামচন্দ্ৰৰ বন্দনা। হাত দুয়োখনেৰে নমস্কাৰ কৰিয়েই আমিও ৰাম লালাৰ প্ৰতিমূৰ্তি দৰ্শন কৰিবলৈ আগবাঢ়িলো।
ভি আই পি শাৰীত তেতিয়া ভক্তৰ সংখ্যা সীমিত হোৱাৰ বাবেই আমি অকনমান সময়ো ৰ'ব লগা নহ'ল। চিধাই উপস্থিত হলোগৈ ৰাম লালাৰ সন্মুখত। হাতজোৰ কৰি প্ৰণাম কৰি আমিও অতি পবিত্ৰ মনৰে আমাৰ শ্ৰদ্ধা আৰু সেৱা জনালো।
সেই সময়ত আমাৰ ভি আই পি শাৰীত ভক্তৰ সংখ্যা কম বাবেই এক শান্তিৰ পৰিবেশত আমি ৰাম লালাক দৰ্শন কৰিলো। তাৰ পাছত এক নিৰ্দিষ্ট পথেৰে ওলাই আহি আমাৰ চকু কপালত উঠিল।
কেইজনমান সুৰক্ষা কৰ্মীৰ সৈতে এজন মন্দিৰৰ কৰ্মীয়ে কাষতে এটা বস্তালৈ প্ৰসাদ বিতৰণ কৰি আছে। তেওঁলোক যি স্থানত বহি আছে তাৰ পাছফালে আৰু কাষত পলিথিনৰ বেৰ। অৰ্থাৎ ৰামলালাৰ মূৰ্তিৰ কাষতো নিৰ্মাণ আধৰুৱা হৈ আছে।
মূল মন্দিৰৰ পৰা ওলাই আহি কিছু সময় তাতেই বহি সময় পাৰ কৰিম বুলিয়েই আমি পুৱাই গৈছিলো ৰাম মন্দিৰলৈ। কিন্তু আমি মন্দিৰৰ পৰিসৰৰ ভিতৰত কিছু সময় জিৰাবলৈ, বহিবলৈ বা সেই আধ্যাত্মিক অদৃশ্য শক্তিক উপলব্ধি কৰিবলৈ কোনো সুযোগ নাপালো।
মন্দিৰৰ চৌহদৰ ভিতৰত কতোৱেই নাই কিছু সময় বহিবলৈ অকনমান মুকলি ঠাই। যোৱাৰ বাটেৰেই পুনৰ উভতি আহিলো। মন্দিৰৰ কাষৰ দেৱালসমূহত যিসমূহ কাৰুকাৰ্য কৰা হৈছে অথবা যি শৈলীৰে নিৰ্মাণ কৰা হৈছে সেই শৈলীয়েও আমাৰ মনত কিছু সংশয় সৃষ্টি কৰিলে।
ভাৰতৰ শতিকা প্ৰাচীন মন্দিৰসমূহত যিসমূহ শিল্প কৰ্ম আছে, শিলত কটা ভাস্কৰ্য আছে সেইসমূহ যুগ যুগ ধৰি অক্ষত অৱস্থাত আছে। কিন্তু ৰাম মন্দিৰৰ দেৱালত যিসমূহ ভাস্কৰ্য খুদিত কৰা হৈছে সেইসমূহ কিমান দিনলৈ অক্ষত অৱস্থাত থাকিব সেয়া সন্দেহৰ বিষয়।
২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই অতি ধুমধামেৰে উদ্বোধন কৰা হৈছিল ৰাম মন্দিৰ। তাৰ পাছৰ পৰাই প্ৰতিদিনে দেশৰ প্ৰতিটো কোণৰ পৰাই ভক্তৰ আগমণ ঘটিছে ৰাম মন্দিৰলৈ।
ৰাম মন্দিৰৰ কাষত গঢ়লৈ উঠিছে বৃহৎ বৃহৎ ব্যৱসায়ীক প্ৰতিষ্ঠান। বহু জাতিক কোম্পানীয়ে নিৰ্মাণ কৰিছে বিলাসী হোটেল, ৰেষ্টুৰেণ্ট। যোগী চৰকাৰেও ৰাম মন্দিৰৰ আশে-পাশে নিৰ্মাণ কৰিছে বিভিন্ন অট্টালিকা। এইসমূহ চৰকাৰে অতি খৰখেদাকৈ নিৰ্মাণ কৰি বিক্ৰী কৰিছে।
বগা ৰঙৰ এই অট্টালিকাসমূহ বিভিন্ন লোকে ক্ৰয় কৰি 'হোম ষ্টে' হিচাপে ব্যৱহাৰ কৰিছে। খৰখেদাকৈ নিৰ্মাণ কৰাৰ বাবেই এই অট্টালিকাসমূহৰ প্লাষ্টাৰ এৰিবলৈও আৰম্ভ কৰিছে। আমি যিটো হোম ষ্টে'ত আছিলো তাৰ গৰাকীয়ে ক'লে- চৰকাৰী কাম, সেয়ে ইয়াতকৈ বেছি ভাল আমি আশাও কৰা নাছিলো।
ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বাজেট নিৰ্ধাৰণ কৰা হৈছিল ১,৮০০ কোটি টকা। অসম্পূৰ্ণ কৈয়ে ভক্তৰ বাবে মুকলি কৰি দিয়া ৰাম মন্দিৰত ২০২৪ ৰ জানুৱাৰী মাহলৈকে ভক্তই আগবঢ়োৱা অৰিহণাৰ পৰাই সংগ্ৰহ হৈছে ৩,৫০০ কোটি টকা। শ্ৰী ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰৰ তথ্য অনুসৰি ৰাম মন্দিৰলৈ দৈনিক ১ লাখ পৰ্যন্ত ভক্তৰ আগমণ ঘটে।
এতিয়াও নিৰ্মাণেই হোৱা নাই ৰাম মন্দিৰৰ মূল প্ৰৱেশ দুৱাৰ। ইয়াৰ বাবে নিৰ্মাণ ব্যয় নিৰ্ধাৰণ কৰা হৈছে ৮০০ কোটি টকা। মন্দিৰৰ চৌহদত সভাগৃহ, বিশ্ৰাম গৃহ আৰু ট্ৰাষ্টৰ প্ৰশাসনিক কাৰ্যালয় আদিৰো নিৰ্মাণ আৰম্ভ হোৱা নাই। এইসমূহৰ টেণ্ডাৰ খুলিছেহে।
তাৰ পাছতো ২০২৫ ৰ ২০ নৱেম্বৰৰ ভিতৰত ৰাম মন্দিৰ সম্পূ্ৰ্ণ হৈ উঠিব বুলি কোৱা হৈছে। কিন্তু আমাৰ দৃষ্টিত যিসমূহ দৃশ্য ধৰা পৰিল, যি অনুমান হ'ল তাৰ পৰা এই কথা নিশ্চিত হ'ব পাৰিছো অন্তত অহা ৩ বছৰলৈ সম্পূৰ্ণ হৈ নুঠে ৰাম মন্দিৰ।
সেয়ে আমাৰ মনত বাৰে বাৰে এটাই প্ৰশ্নই ক্ৰিয়া কৰি আছে, কিয় অসম্পূৰ্ণ কৈ মুকলি কৰা হ'ল ৰাম মন্দিৰ? সন্দেহ কৰাৰ দৰেই ২০২৪ ৰ লোকসভা নিৰ্বাচনক লক্ষ্য কৰিয়েই এই সিদ্ধান্ত লোৱা হৈছিল নেকি? সেয়াও এক বিতৰ্কিত অধ্যায়।
ৰাম মন্দিৰৰ সুৰক্ষা ব্যৱস্থা, ৰাম লালাক দৰ্শনৰ বাবে ভক্তসকলৰ বাবে যিসমূহ ব্যৱস্থা কৰা হৈছে সেয়া অৱশ্যে অতি প্ৰশংসনীয়। ৰাম লালাক দৰ্শনৰ সময়ত ভক্তই অৰিহণাৰ বাহিৰে আন একো সামগ্ৰী আগবঢ়াব নোৱাৰে।
কোনেও চাকি জ্বলাব পৰা ব্যৱস্থা নাই। ভক্তসকলক মন্দিৰ ট্ৰাষ্টে এটাকৈ সৰু প্ৰসাদৰ টোপোলা আগবঢ়াইছে। এইসমূহ ব্যৱস্থাই মন্দিৰ চৌহদক পৰিস্কাৰ কৰি ৰাখিছে। ভক্তসকলক শান্তিৰে ৰাম লালা দৰ্শন কৰিব পৰা এক ব্যৱস্থা কৰা হৈছে। এই সমূহ নিশ্চয়কৈ প্ৰশংসনীয়।
Also Read: গিৰীশদাৰ নাম কিন্তু কাটিব নোৱাৰে...