বুলডোজাৰ ভাড়াত দিয়া দিল্লীৰ কোম্পানীক অসমৰ ৩৯ পৌৰ এলেকাৰ জাৱৰ নিষ্কাশনৰ ঠিকা

বুলডোজাৰ ভাড়াত দিয়া দিল্লীৰ কোম্পানীক অসমৰ ৩৯ পৌৰ এলেকাৰ জাৱৰ নিষ্কাশনৰ ঠিকা
বুলডোজাৰ ভাড়াত দিয়া দিল্লীৰ কোম্পানীক অসমৰ ৩৯ পৌৰ এলেকাৰ জাৱৰ নিষ্কাশনৰ ঠিকা
Published on
Updated on

পৌৰ নিগমত ঠিকা আবণ্টনৰ নামত কিদৰে দুৰ্নীতি সংঘটিত হৈছে সেই বিষয়ে আমি ইতিমধ্যে এক খবৰ প্ৰকাশ কৰিছিলো। ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰণালয়ৰ নিয়ম উলংঘাৰে ৰাজ্যৰ ৩৯ টা পৌৰ এলেকাত জাৱৰ নিষ্কাশনৰ দায়িত্ব দিয়া হৈছে দিল্লীৰ বুলডোজাৰ ভাড়াত দিয়া এটা প্ৰতিষ্ঠানক। এই ক্ষেত্ৰত মন্ত্ৰী অশোক সিংঘালৰ ভূমিকাক লৈয়ো উত্থাপিত হৈছে প্ৰশ্ন। কমিচনৰ অংকত সংঘটিত এই ঠিকা আবণ্টনৰ কেলেংকাৰী সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন।

পৌৰ নিগমৰ জাৱৰ নিষ্কাশনৰ ঠিকা আৱণ্টনৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম। বিভাগটোৰ প্ৰভাৱশালী মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত কিদৰে বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক ঠিকা আৱণ্টন দিয়া হৈছে তাক লৈ এতিয়া উত্থাপিত হৈছে গুৰুত্বপূৰ্ণ প্ৰশ্ন।

পৌৰ নিগমৰ অধীনত ৬৫,৫৮,১৮,৮২২ টকীয়া এই ঠিকা প্ৰদান কৰা হৈছে মূলতঃ দিল্লীৰ এটা প্ৰতিষ্ঠানক। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৩৯ টা পৌৰ এলেকাত জাৱৰ নিষ্কাশনৰ বাবে অভিজ্ঞ প্ৰতিষ্ঠানৰ পৰা বিভাগটোৱে নিবিদা আহ্বান কৰিছিল।

সেই নিবিদাতেই ব্যাপক কেলেংকাৰী আৰু অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। দিল্লীৰ নিৰ্মাণ কাৰ্যৰে জড়িত এম এছ দয়া চৰণ এণ্ড কোম্পানী আৰু ক'ল এণ্ড ফিক্সড নামৰ প্ৰতিষ্ঠান দুটাক এই ঠিকা আবণ্টন যৌথভাৱে দিয়া হৈছে যদিও সেই আবণ্টনৰ সময়ত ভাৰত চৰকাৰৰ মেনুৱেল ফৰ প্ৰকিউমেণ্টছ ফৰ ৱৰ্কছ চৰ্তাৱলী ২০২২ ভংগ কৰা হৈছে।

উল্লেখযোগ্য যে, পৌৰ নিগম সঞ্চালকালয়ে জাৱৰ নিষ্কাশনৰ বাবে ২৮ জুন ২০২৪ ত আৰ পি এফ নম্বৰ ৩২৫৮৪৪/৫৭৮ যোগে এই নিবিদা আহ্বান কৰিছিল। ডাইৰেক্টৰ অৱ মিউনিচিপালিটিৰ সঞ্চালকে আহ্বান কৰা এই নিবিদাত বিচৰা হৈছিল টেকনিকেল প্ৰ'পজেল আৰু ফাইনেন্সিয়েল প্ৰ'পজেল।

পাৰ্ট-১ আৰু পাৰ্ট-২ দুটা ভাগত এই ঠিকাৰ বাবে নিবিদাৰ প্ৰস্তাৱ আহ্বান কৰা হৈছিল অনলাইন যোগে। ২ জুলাই ২০২৪ ৰ পৰা এই নিবিদাসমূহ অনলাইন যোগে গ্ৰহণ কৰিছিল বিভাগটোৱে। ৮ টা প্ৰতিষ্ঠানে এই নিবিদাত অংশ লৈছিল যদিও ৬ টা প্ৰতিষ্ঠানৰ কাৰিকৰী নিবিদা পৰীক্ষা কৰি এই ঠিকাৰ বাবে সক্ষম বুলি কাৰিকৰী কমিটীয়ে অনুমোদন জনাইছিল।

২৮ আগষ্ট ২০২৪ ত সেই নিবিদাসমূহৰ কাৰিকৰী দিশ পৰীক্ষা কৰা হৈছিল। যিখন কাৰিকৰী কমিটীৰ অধ্যক্ষ আছিল আই এ এছ বিষয়া পবিত্ৰ ৰাম খাউণ্ড। এই কাৰিকৰী কমিটীয়ে দিয়া নম্বৰৰ ভিতৰত ৮০. ৫ নম্বৰেৰে শীৰ্ষত আছিল এম এছ ক'ল এণ্ড ফিক্সড আৰু এম এছ দয়া চৰণ এণ্ড কোম্পানী।

পৰৱৰ্তী সময়ত এই ঠিকা আবণ্টন দিয়া হয় উক্ত প্ৰতিষ্ঠান দুটাক। এইখিনিতে মন কৰিবলগীয়া যে, অনা-বিত্তীয় পেৰামিটাৰ কোনো নিবিদা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ ৩০ শতাংশ উৰ্ধত হ'ব নোৱাৰে। যিটো চৰ্ত চৰকাৰে চৰকাৰী ঠিকা আবণ্টনৰ ক্ষেত্ৰত বান্ধি দিছিল।

ভাৰত চৰকাৰৰ বিত্তীয় মন্ত্ৰণালয়ৰ ব্য়য় বিভাগে ২০২২ ত এনে নিবিদাৰ বাবে প্ৰণয়ন কৰা নীতিৰ মেনুৱেলত এই কথা সবিস্তাৰে উল্লেখ আছে। কিন্তু এই পৌৰ নিগমৰ ঠিকা আবণ্টনত সেই নিয়ম ভৰিৰে মোহাৰি কাৰিকৰী দিশত অৰ্থাৎ অনা-বিত্তীয় পেৰামিটাৰ ৮০ শতাংশ থকা প্ৰতিষ্ঠান দুটাকেই এই ঠিকা প্ৰদান কৰা হ'ল।

ইয়াৰ উপৰিও এম এছ দয়া চৰণ নামৰ যিটো প্ৰতিষ্ঠানক এই ঠিকা আবণ্টন দিয়া হৈছে সেই প্ৰতিষ্ঠানটো মূলতঃ নিৰ্মাণ ক্ষেত্ৰৰ সৈতে জড়িত। নতুন দিল্লীৰ জনকপুৰী ৱেষ্টত মুখ্য কাৰ্যালয় থকা এই প্ৰতিষ্ঠানটোৱে বুলডোজাৰ, এক্সেভেটৰ, লেণ্ডফিল মেনজমেণ্ট আদি সেৱাহে আগবঢ়ায়।

এই প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া সৌৰভ আগৰৱালাৰ সৈতে মন্ত্ৰী অশোক সিংঘালৰ ঘনিষ্ঠতাৰ বাবেই নিয়ম বৰ্হিভূত ভাৱে এই ঠিকা আবণ্টন দিয়াৰ অভিযোগ উত্থাপন হৈছে। ডনাৰ মন্ত্ৰণালয়ৰ অৰ্থ সাহায্যৰে বঙাইগাঁও, ডিব্ৰুগড়, হাফলং, নগাওঁ, শিলচৰ, শিৱসাগৰ আৰু তেজপুৰত জাৱৰ নিষ্কাশন সেৱা আগবঢ়াবৰ ববে এই ঠিকা আবণ্টন পোৱা মূল প্ৰতিষ্ঠানটো মূলতঃ বুলডোজাৰ বিক্ৰী আৰু ভাড়া দিয়া এক প্ৰতিষ্ঠান।

এনে কামৰ বাবে নিবিদাত বহু কেইটা চৰ্ত বান্ধি দিয়া হৈছিল। তাৰ ভিতৰত এটা আছিল পূৰ্বতে এনে কাম কৰাৰ অভিজ্ঞতা থকা হ'ব লাগিব প্ৰতিষ্ঠানসমূহ। কিন্তু এই প্ৰতিষ্ঠান দুটাই যিবোৰ প্ৰমাণপত্ৰ প্ৰদান কৰিছে তাত তেওঁলোকে যন্ত্ৰপাতি ভাড়া দিয়াৰ কথাহে উল্লেখ আছে।

উদাহৰণ স্বৰূপে দক্ষিণ দিল্লীৰ পৌৰ নিগমৰ কাৰ্যবাহী অভিযন্তাগৰাকীয়ে প্ৰতিষ্ঠানটোৱে এনে কামৰ বাবে যন্ত্ৰ ভাড়া দিয়াৰ কথাহে উল্লেখ কৰিছে। সেইধৰণৰ অভিজ্ঞতাৰ পত্ৰকে সাৰথি কৰি কেনেকৈ এনে এটা প্ৰতিষ্ঠানে গুৰুত্বপূৰ্ণ ঠিকা লাভ কৰিলে সেয়া এতিয়া ৰহস্যজনক হৈ পৰিছে।

ইমানবোৰ অনিয়মৰ পাছতো এম এছ দয়াচৰণ এণ্ড কোম্পানীক পৌৰ নিগমৰ কোটি টকীয়া ঠিকা প্ৰদান কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈয়ো অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে। এই অভিযোগ পত্ৰত পৌৰ নিগমৰ অধীনস্থ টেণ্ডাৰ আই ডি নং ২০২৪_UDD_37716_1ৰ ক্ষেত্ৰত সংঘটিত অনিয়মৰ সবিশেষ তথ্য দাখিল কৰিছে অভিযোগকাৰীয়ে।

ৰাজ্যৰ অন্যতম প্ৰভাৱশালী মন্ত্ৰী হিচাপে কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা অশোক সিংঘালৰ বিভাগত এই ধৰণৰ অনিয়মৰ অভিযোগ এয়ে প্ৰথম নহয়। কৃত্ৰিম বানকে ধৰি গুৱাহাটী উন্নয়নৰ ক্ষেত্ৰত চৰম বিফলতাৰ মুখ দেখা মন্ত্ৰীজনে কিন্তু পিছ দুৱাৰেৰে নিয়ম ভংগৰে ঠিকা আবণ্টনৰ ক্ষেত্ৰত উদ্যোগ লৈ আহিছে।

এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীক তেওঁৰ বিভাগৰ একাংশ বিষয়াই বিপথে পৰিচালিত কৰাৰো অভিযোগ আছে। কমিচনৰ অংকত সংঘটিত এই দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে এতিয়া লক্ষণীয় হ'ব। অভিযোগকাৰীয়ে এই ঠিকা আবণ্টনত হোৱা কাৰিকৰী অনিয়ম, ভুৱা অভিজ্ঞতাৰ প্ৰমাণপত্ৰ আদি পৰীক্ষা আৰু তদন্ত কৰি এই নিবিদা বাতিল কৰিবলৈয়ো দাবী উত্থাপন কৰিছে।

বুলডোজাৰ ভাড়াত দিয়া দিল্লীৰ কোম্পানীক অসমৰ ৩৯ পৌৰ এলেকাৰ জাৱৰ নিষ্কাশনৰ ঠিকা
কৰ্মচাৰীলৈ ১ কোটিৰ বীমা, ৰাজ্যত গঠন ৩৯ খন সম জিলাঃ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in