কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন দক্ষিণ এছিয়া...

কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন দক্ষিণ এছিয়া...
কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন দক্ষিণ এছিয়া...
Published on
Updated on
এক কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে দক্ষিণ এছিয়া। অঞ্চলটোৰ প্ৰায়সমূহ দেশেই হৈ পৰিছে অস্থিৰ আৰু উত্তেজনাপূৰ্ণ। ধ্বংস হৈছে অৰ্থনীতি। জটিল হৈছে আভ্যন্তৰীণ ৰাজনৈতিক পৰিস্থিতিও। এনে পৰিস্থিতি আৰু পৰিবেশৰ আৰঁত কোন? কিয় এনে প্ৰত্যাহ্বান? এই সন্দৰ্ভত তুষাৰ প্ৰতিমৰ এক বিদেশ প্ৰতিবেদন।

এক অস্থিৰ পৰিস্থিতিৰ মাজেৰে সময় অতিবাহিত কৰিছে দক্ষিণ এছিয়াই। বিশ্বৰ প্ৰায় ১ চতুৰ্থাংশ জনবসতিৰ আৱাসস্থলী দক্ষিণ পূৱ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ শেহতীয়া ৰাজনৈতিক, অৰ্থনৈতিক অস্থিৰতাই এই অঞ্চলটোৰ ভৱিষ্যতক লৈ নানান প্ৰশ্নৰ সৃষ্টি কৰিছে।

বিশেষকৈ দৰিদ্ৰতা, অনগ্ৰসৰতাৰে যুঁজ দি থকা এই অঞ্চলটোক সন্ত্ৰাসবাদ, ধৰ্মীয় অসহিষ্ণুতাই অধিক বিপৰ্যস্ত কৰি তুলিছে। তাৰ মাজতেই কোভিড পৰিস্থিতৰ পাছত এই অঞ্চলটোৰ অধিকাংশ ৰাষ্ট্ৰৰে অৰ্থনীতি সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে।

এনে অৰ্থনৈতিক, সামাজিক অস্থিৰ পৰিস্থিতিৰ মাজতে আকৌ এই অঞ্চলটোৰ ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ ৰাজনীতিয়েও সামগ্ৰিক পৰিস্থিতিক অধিক জটিল কৰি তুলিছে। এই আভ্যন্তৰীণ ৰাজনৈতিক পৰিস্থিতিক জটিল কৰাৰ ক্ষেত্ৰত প্ৰতিখন ৰাষ্ট্ৰতে জড়িত হৈ পৰিছে এই অঞ্চলটোৰে এক তৃতীয় শক্তি।

শেহতীয়াকৈ বাংলাদেশত সৃষ্টি হোৱা অস্থিৰ পৰিবেশে এতিয়া দক্ষিণ এছিয়াৰ সামগ্ৰিক ৰাজনৈতিক, কূটনৈতিক পৰিবেশ সলনি কৰি দিয়াৰ প্ৰৱল সম্ভাৱনা দেখা দিছে। হাছিনাৰ পতনৰ আগমুহূৰ্তলৈকে বাংলাদেশ আছিল ভাৰতৰ পৰম মিত্ৰ।

এই দেশখনে সকলো ক্ষেত্ৰতে ভাৰতকেই অগ্ৰাধিকাৰ দি আহিছিল। ভাৰতেও বিনিয়োগৰ পৰা আৰম্ভ কৰি দেশখনৰ আভ্যন্তৰিণ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত পাৰস্পৰিক বুজাপৰাৰ মাজেৰে আগবাঢ়িছিল।

কিন্তু এতিয়া সেই পৰিস্থিতিৰ অৱসান ঘটিল। বাংলাদেশত এতিয়া চলিছে ভাৰত বিৰোধী বতাহ। ইয়াত সাৰ, পানী যোগাইছে এক বৃহৎ তৃতীয় শক্তিয়ে। এই তৃতীয় শক্তিয়েই দক্ষিণ এছিয়াক অশান্ত কৰি তোলাৰ আঁৰৰ ষড়যন্ত্ৰত লিপ্ত হৈ সফলো হৈছে। এই ক্ষেত্ৰত পাৰস্পৰিক সৌহদ্যপূৰ্ণ সম্পৰ্ক বজাই চলাৰ পাছতো ব্যৰ্থ হৈছে ভাৰতৰ কূটনীতি।

দক্ষিণ এছিয়াক নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ মহাশক্তি চীনে পূৰ্বৰে পৰা নানান কৌশল ৰচনা কৰি আহিছে। এই কৌশলৰ অংশ হিচাপেই এই অঞ্চলটোৰ ৰাষ্ট্ৰসমূহত যথেষ্ট বিনিয়োগ কৰিছে দেশখনে। নানান সমস্যাৰে ভাৰাক্ৰান্ত এই দেশসমূহ চীনৰ ওচৰত ঋণগ্ৰস্ত হৈ ডুবিবলৈ আৰম্ভ কৰিছে।

বাংলাদেশৰ আজিৰ পৰিস্থিতিৰ আঁৰতো আছে চীন। কিদৰে চীনে পাকিস্তানৰ জৰিয়তে বাংলাদেশৰ জামাত-ই-ইছলামী নামৰ ছাত্ৰ সংগঠনটোৰ লগতে হুজিৰ দৰে সংগঠনসমূহক অৰ্থ যোগান ধৰিছে সেয়া আমি পূৰ্বে এক প্ৰতিবেদনত প্ৰকাশ কৰিছিলোঁ।

বাংলাদেশৰ দৰেই আজিৰ পৰা দুটা বছৰ পূৰ্বে শ্ৰীলংকাত সৃষ্টি হৈছিল অনুৰূপ পৰিস্থিতি। ২০২২ ৰ আৰম্ভণিৰে পৰা শ্ৰীলংকাত সৃষ্টি হোৱা অস্থিৰ পৰিবেশে মধ্যভাগত গুৰুতৰ ৰূপ ধাৰণ কৰিছিল।

দেশখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেকে ধৰি একাধিক নেতাই দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছিল। জ্বলাই দিয়া হৈছিল তেওঁৰ বাসগৃহ। লুটপাত চলাইছিল প্ৰতিবাদকাৰীয়ে।

আজি একেই অৱস্থা বাংলাদেশত। শ্বেইখ হাছিনাই দেশ এৰি পলায়ন কৰাৰ পিছত প্ৰধানমন্ত্ৰীৰ আৱাসত সোমাই প্ৰতিবাদকাৰীয়ে লুটপাত চলোৱাৰ লগতে বিভিন্ন স্থানত অগ্নি সংযোগ কৰিছে। এফালৰ পৰা ভাঙিছে দেশখনৰ বিভিন্ন সম্পত্তি।

সেইদৰেই চুবুৰীয়া পাকিস্তানৰো আভ্যন্তৰীণ ৰাজনীতি অতি জটিল। ব্যাপক অৰ্থনৈতিক বিপৰ্যয়ৰ মাজেৰে আগবঢ়া দেশখনত ২০১৮ ত প্ৰধানমন্ত্ৰী হিচাপ দায়িত্ব লোৱা প্ৰাক্তন ক্ৰিকেটাৰ তথা প্ৰধানমন্ত্ৰী ইমৰান খানক পদচ্যুত কৰিলে।

তাৰ পিছতে একাধিক অভিযোগেৰে অভিযুক্ত কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে তেহৰিক-ই-ইনছাফ চমুকৈ পি টি আইৰ নেতাজনক। সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক হিচাপে বিশ্বতে চিহ্নীত হোৱা এই ৰাষ্ট্ৰখনৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ধ্বংস হৈছে।

এইদৰেই গৃহ যুদ্ধ আৰু সামৰিক উত্থানেৰে ভাৰতৰ চুবুৰীয়া ম্যানমাৰো বিপৰ্যয়ৰ মাজেৰে আগবাঢ়িছে। এই দেশখনৰ আভ্যন্তৰীণ পৰিস্থিতি কিমান জটিল সেই বিষয়ে বিশ্বই অনুধাৱন কৰিব পৰা নাই। দেশখনৰ শাসকীয় চৰকাৰক ভংগ কৰি চৰকাৰৰ সকলো নেতাই এতিয়া কাৰাগাৰত।

নেপালৰো ৰাজনৈতিক, অৰ্থনৈকিত অৱস্থা অটি গুৰুতৰ। দেশখনত ৰাজনৈতিক অস্থিৰ পৰিবেশৰ মাজতেই যোৱা জুলাই মাহৰ মধ্যভাগত প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালে পদত্যাগ কৰিছে। দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বলৈ আহিছে কেপি শৰ্মা অলি।

অঞ্চলটোৰ বাকী কেইখন দেশৰো অৱস্থা প্ৰায় একেই। কিন্তু অতি গুৰুত্বপূৰ্ণ কথা হ'ল দক্ষিণ এছিয়াৰ যিকেইখন দেশ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে সেই দেশসমূহে চীনৰ সৈতে ৰক্ষা কৰিছে ঘনি্ষ্ঠ সম্পৰ্ক। আনকি বাংলাদেশো আছে এই তালিকাত।

কেৱল দক্ষিণ এছিয়াৰে নহয় বিশ্বৰ শীৰ্ষ অৰ্থনীতিৰ অন্যতম চীন। এই চীনে দক্ষিণ এছিয়াক নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টাৰ কোনো ত্ৰুতি কৰা নাই। এই ক্ষেত্ৰত চীনক অধিক সুবিধা কৰি দিছে দক্ষিণ পূৱ এছিয়াৰ এই দৰিদ্ৰ ৰাষ্ট্ৰ কেইখনৰ অৰ্থনৈতিক, সামাজিক অৱস্থাই।

অঞ্চলটোৰ অধিকাংশ দেশেই সন্মুখীন হৈ অহা অনাহাৰ, পুষ্টিহীনতা, দৰিদ্ৰতা, সন্ত্ৰাসবাদ, ধৰ্মীয় উন্মাদনা, নিবনুৱা সমস্যা, ৰাজনৈতিক অস্থিৰতা আদিৰ দৰে সমস্যাবোৰে চীনক তেওঁলোকৰ আকাংক্ষিত লক্ষ্যক বাস্তৱায়িত কৰাত সহজ কৰি তুলিছে। এই দেশসমূহৰ মাজৰ কূটনৈতিক স্থিতি এতিয়া চীন কেন্দ্ৰীক।

দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত পাৰস্পৰিক সম্পৰ্ক অটুট ৰাখিবলৈ আৰু এই দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে ১৯৮৫ ত দক্ষিণ এছিয়াৰ আঞ্চলিক সহযোগী সংস্থা চমুকৈ ছাৰ্ক গঠন কৰা হৈছিল। কিন্তু এই দেশসমূহৰ মাজত বৃদ্ধি পোৱা বিবাদে এই সংস্থাৰ উদ্দেশ্যক আজিও সফল কৰিব পৰা নাই।

এই অঞ্চলটোৰ কেইবাখনো দেশৰ অৰ্থনীতি কেৱল পৰ্যটন উদ্যোগৰ ওপৰতে নিৰ্ভৰশীল। শ্ৰীলংকা, নেপাল, মালদ্বীপৰ অৰ্থব্যৱস্থা পৰ্যটন কেন্দ্ৰীক। কোভিড পৰিস্থিতিৰ পাছত এই উদ্যোগ সম্পূৰ্ণৰূপে ধ্বংস হৈছে।

তাৰোপৰি ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ প্ৰভাৱত বৃদ্ধি পোৱা খাৰুৱা তেলৰ মূল্যই বিশ্বৰ আন প্ৰান্তৰ লগতে দক্ষিণ এছিয়াৰ এই দেশসমূহকো বৰকৈ স্পৰ্শ কৰিলে। হ্ৰাস পালে বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ। বিদেশ মুদ্ৰা হ্ৰাস পোৱাৰ বাবেই শ্ৰীলংকা আৰু পাকিস্তানৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিল।

নেপালৰো বিদেশী মুদ্ৰা হোৰাহোৰে হ্ৰাস পাইছে। দেশখনে যিমান পাৰি বিদেশী সামগ্ৰী আমদানি হ্ৰাস কৰিছে। অৰ্থনীতিক ধৰি ৰাখিবলৈ যি পাৰে সকলো কৰিবলৈ চেষ্টা কৰিছে যদিও ব্যৰ্থ হৈছে। এনে পৰিস্থিতিত এই দেশসমূহে বিদেশী ৰাষ্ট্ৰৰ সাহায্যলৈ মুখ মেলি চাবলগীয়া হৈছে।

শ্ৰীলংকাৰ জটিল পৰিস্থিতিত ভাৰতে সকলো ধৰণে সহায় কৰিছে। ভাৰতৰ এই সহযোগিতা আছিল সৌজন্যমূলক আৰু উদ্দেশ্যহীন। কিন্তু চীনে শ্ৰীলংকাৰ দুৰ্বল পৰস্থিতিৰ সুযোগ লৈছিল। সেই কথা পলমকৈ হ'লেও শ্ৰীলংকাই উপলব্ধি কৰিলে।

দেশখনৰ চীনৰ ওচৰত থকা ঋণৰ পৰিমাণ এই জটিল পৰিস্থিতে ৪.৬ বিলিয়নৰ পৰা ৮.৮ বিলিয়নৈ বৃদ্ধি পালে। সেইদৰেই পাকিস্তানৰ চীনৰ ওচৰত ২০১৬ চনলৈকে ঋণ আছিল ৭.৬ বিলিয়ন। কিন্তু ২০২২ ত এই পৰিমাণ বৃদ্ধি পালে ২৬.৫ বিলিয়নলৈ।  

ইফালে মালদ্বীপৰ পৰ্যটন উদ্যোগ কোভিডে ধ্বংস কৰিছিল। দেশখনলৈ ভাৰতৰ পৰাই অধিকাংশ পৰ্যটক গৈছিল যদিও মালদ্বীপে লোৱা ভাৰত বিৰোধী স্থিতিৰ বাবেই ভাৰতীয়ই এই দেশখন ভ্ৰমণ কৰিবলৈ এৰিলে। এই দেশখনে ভাৰত বিৰোধী স্থিতি লোৱাৰ আঁৰতো আছিল এক তৃতীয় শক্তি।

পিছে ভাৰতৰ পৰ্যটকৰ ওপৰতে অধিক নিৰ্ভৰশীল এই দ্বীপ ৰাষ্ট্ৰখনৰ ভাৰত বিৰোধী স্থিতিৰ বাবেই অৱশিষ্ট অৰ্থনীতিলৈয়ো বিপদ নামি আহিল। এনে পৰিস্থিতিত সকলো পাহৰি মালদ্বীপে ভাৰতৰ পৰা পুনৰ সহায় বিচাৰিবলৈ আৰম্ভ কৰিছে।  

নেপালে আৰু ভাৰতৰ সম্পৰ্ক পূৰ্বৰে পৰা আন্তৰিকতাপূৰ্ণ আছিল যদিও এতিয়া সেই সম্পৰ্কত কিছু ঘূণে ধৰিছে। এই দেশখনে ৬২ শতাংশ বাণিজ্য ভাৰতৰ সৈতে কৰে আৰু ১৪ শতাংশ বাণিজ্য চীনৰ সৈতে কৰে।

ৰাজনৈতিক সমস্যাৰ সঘন উত্থাপন-পতন হোৱা এই ৰাষ্ট্ৰখনকো চীনে ঋণৰ বুজাৰে ভাৰাক্ৰান্ত কৰি পেলাইছে। দেশখনত চীনে বিভিন্ন ক্ষেত্ৰত আৰম্ভ কৰিছে প্ৰভাৱ বিস্তাৰ কৰিবলৈ। এই দেশসমূহ অত্যাধিক পৰিমাণে চীনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰাৰ বাবেই এতিয়া বিপদৰ সন্মুখীন হৈছে।

তালিবানে দখল কৰাৰ পাছতে আফগানিস্তানতো মানৱীয় সমস্যাই গভীৰ ৰূপ ধাৰণ কৰিছে। দেশখনত দৰিদ্ৰতা আৰু অনাহাৰৰ সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে। দেশখনে পূৰ্বে লাভ কৰি থকা বৈদেশিক সাহায্যও তালিবানৰ শাসন আৰম্ভ হোৱাৰ লগে লগে বন্ধ হৈছে।

এনে পৰিস্থিতিত এতিয়া এই দেশখনৰ তালিবানি চৰকাৰে নিষিদ্ধ সামগ্ৰীৰ এখন বজাৰ আৰম্ভ কৰিছে। ড্ৰাগছ, অবৈধ অস্ত্ৰৰ ব্যৱসায়, মানৱ সৰবৰাহ, নকল মুদ্ৰা আদি এতিয়া তালিবান চৰকাৰৰ উপাৰ্জনৰ উৎস হৈ পৰিছে।

তালিবানে আৰম্ভ কৰা এই অবৈধ বজাৰখনে যে প্ৰত্যক্ষভাৱে ভাৰতকেই বিপদত পেলাব সেয়াও স্পষ্ট। নকলেও এই কথা সকলোৱে বুজি পায় তালিবানৰ এই উত্থানৰ আৰঁৰ শক্তি কোন?

ভাৰতৰ ভৌগলিক অৱস্থানেই এতিয়া ভাৰতৰ বাবে অধিক বিপদ হৈ পৰিছে। সন্ত্ৰাসবাদী সমস্যাই জুৰুলা কৰা ভাৰতত সন্ত্ৰাসবাদ নিঃশেষ কৰিবলৈ চৰকাৰে যিমানেই চেষ্টা কৰিছ সিমানেই এই সমস্যা বৃদ্ধি হৈছে। ড্ৰাগছৰ দৰে অবৈধ আৰু নিচা জাতীয় সামগ্ৰীৰ কৱলত পৰি যুৱ সমাজ ধ্বংসৰ দিশলৈ গতি কৰিছে।

পূৰ্বৰে পৰা গল্ডেন ট্ৰায়েংগলৰ জৰিয়তে ভাৰতলৈ সৰবৰাহ হৈ থকা এনে অবৈধ সামগ্ৰীয়ে ভাৰতক বহু পৰিমাণে ক্ষতি কৰিছে। পূৰ্বে কেৱল ম্যানমাৰ, থাইলেণ্ড আৰু লাওছে গল্ডেন ট্ৰায়েংগলৰ সুবিধা লৈ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল হৈ এই অবৈধ বজাৰ গঢ়ি তুলিছিল।  

ইফালে পাকিস্তান-আফগানিস্তান আৰু ইৰাণৰ সৈতে গল্ডেন ক্ৰিছেণ্টৰ সৈতে সংযুক্ত  হৈ আছে ভাৰত। এতিয়া ইয়াৰ সুবিধা লৈছে আফগানিস্তানে। আফগানিস্তাৰ অবৈধ বজাৰখনৰ মূল লক্ষ্য ভাৰত।

ভাৰতৰো অৰ্থনীতি যোৱা সময়ছোৱাত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ভাৰতৰ নিবনুৱা সমস্যা, মূল্যবৃদ্ধি, দৰিদ্ৰতা, অনগ্ৰসৰতা আদি সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। অৱশ্যে এতিয়াও শ্ৰীলংকা, পাকিস্তানৰ পৰ্যায়লৈ পোৱাগৈ নাই।

ভাৰতৰ জনসাধাৰণৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পাইছে এই সমস্যাসমূহক লৈ অসন্তুষ্টি। এই অসন্তুষ্টিয়ে এতিয়াও বিদ্ৰোহৰ ৰূপ ধাৰণ কৰা নাই। কিন্তু শীঘ্ৰেই চৰকাৰে আভ্যন্তৰীণ এই সমস্যাৰাজিৰ সঠিক সমাধান উলিয়াব লাগিব। অন্যথা বিপদ অনিবাৰ্য যে সেয়াও নিশ্চিত।

ভাৰতক সকলো সময়তে অস্থিৰ কৰিবলৈ পাকিস্তানে ষড়যন্ত্ৰত লিপ্ত হৈ আহিছে। এই ষড়যন্ত্ৰত সাৰ, পানী দি আহিছে চীনে। ভাৰতক দুৰ্বল কৰিব পাৰিলেই চীনৰ উদ্দেশ্য সফল হ'ব।

ভাৰতক বাদ দি, দক্ষিণ এছিয়াক অশান্ত কৰি চীনে যি প্ৰভাৱ বিস্তাৰৰ লক্ষ্য লৈছিল সেই লক্ষ্যত প্ৰায় উপনীত হৈছে। ভাৰতে পশ্চিমীয়া দেশৰ সৈতে ৰক্ষা কৰি অহা সুসম্পৰ্ক আৰু চীন বিৰোধী শক্তিৰ সৈতে হাত মিলাই আগবাঢ়িছে।

এই অঞ্চলটোত চীনৰ পিছতেই অধিক শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত ভাৰত। চীনৰ বাবে একমাত্ৰ প্ৰত্যাহ্বান ভাৰত। সেয়ে এই অঞ্চলটোৰ আন আন ৰাষ্ট্ৰক যিকোনো প্ৰকাৰে নিজৰ নিয়ন্ত্ৰণত ৰাখি ভাৰতক এক চাপত ৰাখিবলৈ চীনে যি কূটনৈতিক স্থিতি গ্ৰহণ কৰিছে তাত প্ৰায় সফল হৈছে।

চুবুৰীয়া বাংলাদেশৰ সৈতে থকা ভাৰতৰ সম্পৰ্ক এতিয়া জটিল হৈ পৰাত ভাৰতৰ আগন্তুক কূটনৈতিক স্থিতি কি হয় সেয়া হ'ব লক্ষ্যণীয়। কিন্তু এই কথা ঠিক যে দক্ষিণ এছিয়াই সন্মুখীন হোৱা এই জটিল পৰিস্থিতিত ভাৰতে আভ্যন্তৰীণ ৰাজনৈতিক, অৰ্থনৈতিক, বৈদেশিক অথবা কূটনৈতিক যি পদক্ষেপেই ল'ব সেয়া সঠিক আৰু দূৰদৰ্শী হ'বই লাগিব।

কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন দক্ষিণ এছিয়া...
বাংলাদেশত এয়া কেনেকুৱা স্বাধীনতা? চৌদিশে কেৱল হিংসা আৰু উত্তেজনা !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in