নিমখৰ পৰা বিমান, মহাকাশযানলৈ কি নাই টাটাৰ সাম্ৰাজ্যত...

নিমখৰ পৰা বিমান, মহাকাশযানলৈ কি নাই টাটাৰ সাম্ৰাজ্যত...
নিমখৰ পৰা বিমান, মহাকাশযানলৈ কি নাই টাটাৰ সাম্ৰাজ্যত...
Published on
Updated on

দেশৰ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ বিয়োগত দেশজুৰি শোকৰ ছাঁ পৰিছে। এখন বিশাল ব্যৱসায়ীক সাম্ৰাজ্যৰ অধিকাৰী হৈয়ো তেওঁ এক সাধাৰণ জীৱন যাপন কৰিছিল। তেওঁৰ মৃত্যুত সাধাৰণ লোকেও চকুপানী টুকিছে। অথচ দেশৰ আন উদ্যোগপতিৰ নাম শুনিবলৈয়ো নিবিচাৰে এই একেখিনি সাধাৰণ মানুহেই। ৰতন টাটা সেই বিশাল সাম্ৰাজ্যখনে কি কি সামৰি লৈছে? কিমান বিশাল এই সাম্ৰাজ্য? সেই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

ৰান্ধনীঘৰৰ সামগ্ৰীৰ পৰা গৃহ নিৰ্মাণৰ সামগ্ৰীলৈ, মধ্যবিত্তৰ বাবে কম মূল্যৰ চাৰিচকীয়া বাহনৰ পৰা সেনাৰ আধুনিক প্ৰযুক্তিযুক্ত প্ৰকাণ্ড বাহন তথা মহাকাশযানৰ সামগ্ৰীলৈ কি নাই ৰতন টাটাৰ ব্যৱসায়ীক সাম্ৰাজ্যখনত ! সেউজীয়া চাহ বাগানৰ পৰা, এয়াৰ লাইনলৈ সকলো আছে এই সাম্ৰাজ্যত। অথচ ইমান বৃহৎ এখন সাম্ৰাজ্যৰ অধিকাৰী হৈয়ো তেওঁৰ জীৱন, ধাৰণ আছিল কিমান সহজসৰল।

ব্ৰিটিছ শাসিত ভাৰতত জামছেদজী টাটা আছিল এক সন্মানীয় নাম। তেওঁ ভেঁটি নিৰ্মাণ কৰা টাটা উদ্যোগক সম্প্ৰসাৰিত কৰি এক সাম্ৰাজলৈ ৰূপান্তৰ কৰিলে ৰতন টাটাই। টাটা এণ্ড টাটা ছনছৰ এই সকলো ক্ষেত্ৰকে এটা ছাতিৰ দৰেই ৰতন টাটাই আৱৰি ৰাখিছিল।

যিসময়ত দেশৰ ধন্যাধ্য উদ্যোগপতিসকল শ্বেয়াৰ কেলেংকাৰীত জড়িত হোৱাৰ খবৰ প্ৰকাশ পাইছে, জনবিৰোধী কাম-কাজত জড়িত হোৱাৰ বাবেই সাধাৰণ ৰাইজৰ তেওঁলোক প্ৰতিবাদৰ সন্মুখীন হৈছে, তেওঁলোকৰ শোষনৰ বলি হৈ ৰাইজে ৰাজপথত আন্দোলন কৰিছে সেই সময়তেই ৰতন টাটাৰ দৰে উদ্যোগপতিৰ বাবে দেশৰ জনতাই চকু পানী উলিওৱা বিষয়টো সাধাৰণ কথা নহয়। প্ৰকৃতাৰ্থত তেওঁ যে এজন ভদ্ৰ লোক আছিল সেয়া তেওঁ কামৰ মাজেৰেই বুজাই থৈ গ'ল।

এটা পাৰ্ছি পৰিয়াত ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত জন্মগ্ৰহণ কৰা ৰতন টাটাই মাত্ৰ ২১ বছৰতে লৈছিল টাটা গ্ৰুপৰ দায়িত্ব। ১৯৭০ ৰ দশকত তেওঁ টাটা গ্ৰুপৰ সঞ্চালকৰ দায়িত্ব লৈছিল। ১৯৯১ চনত তেওঁ জে আৰ ডি টাটাই টাটা ছনছৰ দায়িত্ব ত্যাগ কৰি ৰতন টাটাক তেওঁৰ উত্তৰাধিকাৰী ঘোষণা কৰে। ৰতন টাটাই টাটা গ্ৰুপৰ দায়িত্ব লোৱাৰ পাছতে প্ৰতিষ্ঠানটোৰ আয় ৪০ পৰা ৫০ গুণ বৃদ্ধি কৰে।

টাটা গ্ৰুপৰ যাত্ৰা আৰম্ভ হৈছিল ১৮৬৮ চনত। জামছেডজী টাটাই এটা দেউলীয়া তেলৰ মিল ক্ৰয় কৰে আৰু তাৰ পাছত তাক এটা কটন মিললৈ ৰূপান্তৰ কৰে। ইয়াৰ পৰাই আৰম্ভ হয় যাত্ৰা। ২০২০ চনত এই টাটা গ্ৰুপে মুঠ ৯ টা ক্ষেত্ৰত প্ৰায় ৪০ টাকৈ উদ্যোগ গঢ়ি তুলিছে।

মেটেলছ খণ্ডত টাটা গ্ৰুপৰ আছে টাটা মেটেলিকছ আৰু টাটা ষ্টিল উদ্যোগ। আই টি খণ্ডত আছে টাটা ক্লাছ ইডজি, টাটা এলেক্সি, টাটা কনচালটেন্সি ছাৰ্ভিছ। বিত্তীয় খণ্ডত আছে টাটা কেপিটেল, টাটা এ আই এ লাইফ, টাটা এ আই জি ইন্সুৰেঞ্চ।

অটোমটিভ খণ্ডত আছে টাটা মটৰ্ছ, টাটা অটোকম্প চিষ্টেম লিমিটেড, জাগুৱাৰ, লেণ্ড ৰভাৰ। ৰিটেইল খণ্ডত আছে ভল্টাছ, ক্ৰমা, টানিস্ক, টাইটান, টাটা ষ্টাৰবাকছ, টাটা টি, ৱেষ্টচাইড, টাটা কিল্ক, টাটা ছল্ট, এ টাটা এণ্ড টেছকো এণ্টাৰপ্ৰাইজ, টেটলি আৰু ষ্টাৰ।

আন্তঃগাঁথনিমূলক ক্ষেত্ৰখনত আছে টাটা পাৱাৰ, টাটা হাউচিং, টাটা প্ৰজেক্ট আৰু টাটা কনচাল্টিং ইঞ্জিনীয়াৰ। টেলিকম ক্ষেত্ৰত আছে টাটা স্কাই, টাটা কমিউনিকেচন আৰু টাটা টেলিচাৰ্ভিছ লিমিটেড।

পৰ্যটন আৰু ভ্ৰমণ ক্ষেত্ৰত আছে টাজ ভিভাণ্টা, জিঙ্গাৰ, ভিষ্টাৰা, এয়াৰ এছিয়া আদি। তাৰোপৰি এয়াৰ ইণ্ডিয়াও এতিয়া টাটা গ্ৰুপে পৰিচালনা কৰি আছে। ডিফেন্স আৰু এৰোস্পেছ ক্ষেত্ৰখনত আছে টাটা আৰু টাটা এডভভান্সড ছিছটেম।

এৰোস্পে ইঞ্জিনিয়াৰিঙৰ জৰিয়তে বিমান, মহাকাশযান আদিৰ ডিজাইন, বিকাশ, পৰীক্ষা আৰু উৎপাদন আদিৰ কাম কৰি আহিছে টাটা গ্ৰুপে।অসমতো আছে এই টাটা গ্ৰুপৰ বৃহৎ সাম্ৰাজ্য। এই উদ্যোগ প্ৰতিষ্ঠানটোৰ আছে কেইবাখনো চাহ বাগান। আছে হোটেল ব্যৱসায়।

মধ্যবিত্তৰ কথা চিন্তা কৰিয়েই ৰতন টাটাৰ সপোনৰ এক প্ৰকল্প আছিল টাটা নেন'। অতি কম মূল্যৰ এই চাৰি চকীয়া বাহনখনৰ বজাৰ অৱশ্যে আশা কৰা ধৰণে নহ'ল। নিত্য নতুন নতুন চিন্তাৰে টাটা গ্ৰুপে বিভিন্ন ক্ষেত্ৰক সামৰি কাম কৰি আহিছে।

ৰতন টাটায়ো নিজেই এক ভাষণত কৈছে মানুহে য'ত চিন্তা শেষ কৰে, অসম্ভৱ বুলি হাত দাঙি দিয়ে তাৰ পৰাই তেওঁ চিন্তা কৰিবলৈ ভাল পায়। অৱশ্যে ৭৫ বছৰ বয়সত তেওঁ টাটা গ্ৰুপৰ সকলো দায়িত্বৰ পৰা অব্যাহতি লয়।

মাজে মাজে অৱশ্যে অন্তৱৰ্তীকালীন দায়িত্ব গ্ৰহণ নকৰা নহয়। ২০০০ চনত পদ্মভূষণ আৰু ২০০৮ চনত পদ্ম বিভূষণ লাভ কৰা ৰতন টাটাক ভাৰত ৰত্ন নিদিয়াক লৈ এতিয়া বিভিন্ন জনে প্ৰশ্ন কৰিছে।

বহুতেই ক'বলৈ মুকলিকৈ কৈছে ৰতন টাটা ভাৰতৰ এগৰাকী প্ৰকৃত ৰত্ন। তেওঁক এই সন্মান জীৱিত অৱস্থাতেই নিদি ভাৰত চৰকাৰে ডাঙৰ ভুল কৰিলে। ৰতন টাটাৰ দৰে এগৰাকী ব্যক্তিৰ বাবে যদি ভাৰত ৰত্ন নহয় তেন্তে কাৰ বাবে এই সন্মান?

নিমখৰ পৰা বিমান, মহাকাশযানলৈ কি নাই টাটাৰ সাম্ৰাজ্যত...
ৰতন টাটা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in