২০০ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ অসমৰ চাহ শিল্প। এই ২০০ বছৰত লিপিবদ্ধ হৈছে চাহ জনগোষ্ঠীৰো শোষণৰ ইতিহাস। অথচ অসমৰ ভাষা, সাহিত্য, সংস্কৃতি, অৰ্থনীতি, প্ৰকৃতি সকলোৱেই তেওঁলোকৰ অবিহনে অসম্পূৰ্ণ। শোষণ, অৱদমন আৰু বঞ্চনাৰে ভাৰাক্ৰান্ত চাহ জনগোষ্ঠীৰ মুক্তিৰ বাবে সদ্য বিদায়ী ৰাজ্যপালেও কৰি থৈ গ'ল বিশেষ আহ্বান। চাহ জনগোষ্ঠীৰ শোষণ, অৱদমন, বঞ্চনাৰ প্ৰায়সমূহ দিশ সামৰি তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
এটা অবতৰীয়া অথচ পুৰণি প্ৰশ্ন- অসমৰ আটাইতকৈ শোষিত আৰু অৱদমিত জনগোষ্ঠী কোনটো? অতি গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক এই প্ৰশ্নক অবতৰীয়া বুলি এইবাবেই কোৱা হৈছে, সাধাৰণেত নিৰ্বাচনৰ প্ৰাকক্ষণতহে এনেধৰণৰ কিছু প্ৰশ্ন বিভিন্ন মাধ্যমেৰে উত্থাপন হয় আৰু সেই প্ৰশ্নক কেন্দ্ৰ কৰি ৰাজনৈতিক মুনাফা আদায়কাৰীসকলে মুখ চুপতিৰে নিৰ্বাচনী বৈতৰণী পাৰ হয়।
এই প্ৰশ্ন উত্থাপনকাৰীসকলৰো মুখবোৰ সময়ৰ সৈতে বন্ধ হয়, কলমবোৰো স্তব্ধ হয়। কিন্তু সেই প্ৰশ্ন উত্থাপনৰ পাছতো নিৰ্দিষ্ট জনগোষ্ঠীটোৰ সমস্যাক সমাধান কৰাৰ কোনো সদিচ্ছা নাথাকে ক্ষমতাত থকাসকলৰ। সেই ক্ষমতাধাৰীসকলৰ ৰাজনৈতিক পৰিচয় যিয়েই নহওঁক কিয়।
চাহ শ্ৰমিকসকলেই অসমৰ সবাতোকৈ শোষিত আৰু তেওঁলোকেই অৱদমনৰ সন্মুখীন হৈ আহিছে। উত্থাপিত প্ৰশ্নৰ এয়াই পোনপটিয়া উত্তৰ। শোষণ আৰু অৱদমনৰ সমান্তৰালকৈ দৰিদ্ৰতাৰ বোজা বহন কৰি এই লোকসকল ভাৰাক্ৰান্ত।
এক বিশেষ পৰিস্থিতিত পৰি এই লোকসকল এটা সময়ত দেশৰ এটা প্ৰান্তৰ পৰা প্ৰবজিত হৈ অসমলৈ আহি স্থায়ীভাৱে বাস কৰি অসমৰে মাটি, পানী, বায়ু, ভাষা, সংস্কৃতিৰ সৈতে নিজকে বিলীন কৰি দিলে যদিও এই লোকসকল আজিও প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। শ্ৰমকেই জীৱনৰ মূলমন্ত্ৰ হিচাপে লৈ যুগ যুগ ধৰি কেৱল শ্ৰম কৰি অহা এই লোকসকল আজিও জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় নূন্যতম অধিকাৰৰ পৰাই বঞ্চিত।
চাহ বাগানৰ কৰ্মত নিয়োগ কৰিবলৈকে অসমলৈ ব্ৰিটিছ আমোলত অনা এই লোকসকলক চাহ বাগানৰ সৈতেই সাঙুৰি 'চাহ জনগোষ্ঠী' বুলি আখ্যা দি অহা হৈছে। অথচ এই লোকসকলেই দেশৰ আন প্ৰান্তত জনজাতিৰ মৰ্যাদা লাভেৰে আদিবাসী বুলি পৰিচিত।
কোম্পানীৰ অধীনত চাহ বাগানত কৰ্মৰত এই চাহ শ্ৰমিকসকলৰ আজিও নাই ভূমিৰ অধিকাৰ। শিক্ষাৰ ক্ষেত্ৰতো তেওঁলোক দেশৰ ভিতৰতে পিছপৰা। দেশৰ আন প্ৰান্তত আদিবাসী হিচাপে জনজাতিৰ মৰ্যাদা লাভ কৰা এই লোকসকলে অসমত আকৌ জনজাতিৰ মৰ্যাদাৰ বাবে কৰিবলগীয়া হৈছে আন্দোলন।
এনে পৰিপ্ৰেক্ষিততে চাহ জনগোষ্ঠীৰ লোকসকলৰ বেদনাদায়ক জীৱনক উপলব্ধি কৰিয়েই হয়তো অসমৰ বিদায়ী ৰাজ্যপালগৰাকীয়ে অসমৰ চাহ বাগিচা অঞ্চলত শিক্ষাৰ প্ৰসাৰ, চাহ শ্ৰমিকৰ বাবে নিজা আবাসগৃহ স্থাপনৰ ওপৰত গুৰুত্ব দিবলৈ বিশেষভাৱে আহ্বান কৰি গ'ল অসম চৰকাৰক। বিদায়ী ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ এই আহ্বানে শোষণ, অৱদমণেৰে নিষ্পেষিত এই জনগোষ্ঠীটোৰ বিষয়ে পুনৰ এবাৰ চিন্তা কৰাৰ বাটো মুকলি কৰি থৈ গ'ল।
আজিৰ তাৰিখত অসমত চাহ জনগোষ্ঠীয় লোকৰ সংখ্যা ১ কোটিতকৈ হয়তো কম নহ’ব। চাহ বাগানক কেন্দ্ৰ কৰি গঢ় লোৱা এই চাহ জনগোষ্ঠীয় লোকসকলৰ অসম আৰু অসমৰ ভাষা, সংস্কৃতি, সমাজ, অৰ্থনীতিলৈ অৱদান কিমান সেয়া সহজেই অনুমেয়।
তথ্য অনুসৰি ১৮৬৭-৬৮ চনৰ বংগৰ প্ৰশাসনীয় প্ৰতিবেদনৰ মতে সেই সময়ত অসমৰ চাহ বাগিছালৈ কাম কৰিবলৈ অনা শ্ৰমিক আছিল ২২,৮০০ গৰাকী। ইয়াৰ বিপৰীতে স্থানীয় শ্ৰমিক আছিল ১১,৬৩৩ গৰাকী।
১৯০১ চনৰ ভাৰত চৰকাৰৰ পিয়ল অনুসৰি প্ৰবজিত এই চাহ শ্ৰমিকৰ সংখ্যা সেই সময়ত হৈছিলগৈ ৬,৪৫,০০০ গৰাকী। আনহাতে ১৮৭৩-১৯৩২ চনৰ 'আছাম লেবাৰ ৰিপ’ৰ্টছ' আৰু ১৯৩৪-১৯৪৭ চনৰ 'ৰিপ’ৰ্টছ অন এমিগ্ৰেণ্ট লেবাৰ’ অনুসৰি ১৮৭৩-১৯৪৭ চনৰ সময়ত অসমত আদিবাসী শ্ৰমিকৰ সংখ্যা আছিল ৩২,৭২,৮০০ জন।
দেশে স্বাধীনতা লাভ কৰাৰ ৭৭ বছৰ অতিক্ৰম কৰিলে। যোৱা ৭৭ টা বছৰত এই লোকসকলৰ পৰিয়ালো যথেষ্ট বৃদ্ধি পালে। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমত চাহ জনগোষ্ঠীয় লোকৰ সংখ্যা আছিল ৭০ লাখ। এই সংখ্যালৈ লক্ষ্য কৰিলে আজিৰ তাৰিখত যে অসমত চাহ জনগোষ্ঠীয় লোকৰ সংখ্যা ১ কোটিতকৈ কম নহ’ব সেয়া প্ৰায় স্পষ্ট।
অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল এই ১ কোটি চাহ জনগোষ্ঠীয় লোকে যদিও নিজা জাতিৰ মাজত কথা পাতিবলৈ তেওঁলোকৰ জাতি অনুসৰিয়েই ভিন ভিন ভাষা ব্যৱহাৰ কৰে তথাপিও তেওঁলোকে অসমীয়া ভাষাতেই শিক্ষা গ্ৰহণ কৰি আন আন জাতি, জনগোষ্ঠী তথা মূল অসমীয়া সমাজখনৰ সৈতে অসমীয়া ভাষাতেই কথা পাতে।
এই লোকসকলে আনকি পিয়লত নিজৰ ভাষা অসমীয়া হিচাপেই উল্লেখ কৰিছে। অসমীয়া ভাষাৰ দুৰৱস্থাৰ সময়ত এই জনগোষ্ঠীটোৱে অসমীয়া ভাষাকেই আকোঁৱালি লোৱাৰ বাবেই আজি অসমত অসমীয়া ভাষী সংখ্যাগৰিষ্ঠ হৈ আছে বুলিলেও অত্যুক্তি কৰা নহ'ব।
জনসংখ্যাগত দিশৰ বাবেই এই চাহ জনগোষ্ঠীয় লোকসকলে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনতো নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰে। উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ কেইটাবাও বিধানসভা সমষ্টিত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে তেওঁলোকে।
একেদৰেই উত্তৰ অসমৰ শোণিতপুৰ, বিশ্বনাথ, নামনি অসমৰ ওদালগুৰি, কোকৰাঝাৰৰ কেইবাটাও সমষ্টিত এই জনগোষ্ঠীৰ লোকসকলে নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে। নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিটো চাহ জনগোষ্ঠীয় লোকসকলেই মূল শক্তি। বৰাকৰো কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি জিলাত এই লোকসকলৰ প্ৰভাৱ আছে।
এনে ৰাজনৈতিক অংকৰ বাবেই চাহ জনগোষ্ঠীৰ পৰা কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী অসমে লাভ কৰাৰ লগতে সাংসদ, অসম চৰকাৰৰ মন্ত্ৰী, বিধায়ক আদি লাভ কৰিছে। অথচ এইসকলেও ক্ষমতাৰ লোভত পৰি নিজ জনগোষ্ঠীৰ ৰাজনৈতিক মুক্তিৰ বাবে কিবা পদক্ষেপ গ্ৰহণ কৰা আমাৰ দৃষ্টিত নপৰে।
অসমীয়া জাতি গঠন প্ৰক্ৰিয়াতো যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা চাহ জনগোষ্ঠীয় লোকসকলে আজিও প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হ’বলগীয়া বিষয়টোত কিন্তু তথাকথিত অসমীয়া সমাজখনো নিমাত। যিসকলৰ কলমত জোৰ আছে তেওঁলোকেও এই জনগোষ্ঠীটোক আকৌ সাহিত্য চৰ্চাৰ এক সমল হিচাপেহে ব্যৱহাৰ কৰিছে।
অথচ জাতিয় দুৰ্যোগৰ সময়ত এইসকলৰ কলম স্তব্ধ হৈ পৰিছে আৰু তাৰ বিপৰীতে বঞ্চনাৰ দস্তাবেজক একাষৰীয়া কৰি অসম, অসমীয়া জাতিৰ স্বাৰ্থতে গৰজি উঠিছে চাহ জনগোষ্ঠীও। অসম আন্দোলন, ভাষা আন্দোলন, তেল শোধনাগৰ আন্দোলন, কা আন্দোলনকে ধৰি জাতীয় সন্ধিক্ষণত তেওঁলোকৰ অৱদান কিমান সেয়া ছহিদৰ তালিকাত থকা কুলদা কুৰ্মী, ভৰত ভূমিজ, বাৰ্বনা ওৰাং আদিয়েই স্পষ্ট কৰে।
সুদূৰ ঝাৰখণ্ড, ওৰিষ্যা, ছত্তীশগড়, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, বিহাৰ আদি অঞ্চলৰ পৰা ব্ৰিটিছৰ আমোলত অসমলৈ আহি অসমৰে মাটি, পানী, বায়ুত বিলীন হৈ অসমীয়া ভাষা, অসমীয়া সাহিত্যক নিজৰ কৰি লোৱা এই জনগোষ্ঠীটো কেৱল মাত্ৰ ৰাজনীতিক অংকৰ বাবেই আজি নিষ্পেষিত নহয়নে?
অসমীয়া জাতিৰ অভিন্ন অংগ হৈ পৰা এই লোসকলৰ বাবে আজিও অসমে কিয় এটুকুৰা ভূমিৰ ব্যৱস্থা কৰি দিব পৰা নাই? কোম্পানীৰ ভূমিতেই, কোম্পানীয়ে নিৰ্মাণ কৰা বাসগৃহতেই বাস কৰি অহা এই লোকসকলক যদি কালিলৈ কোম্পানীয়ে বাগিচাৰ পৰা আঁতৰাই দিয়ে তেন্তে তেওঁলোক হৈ পৰিব অঘৰী সদৃশ।
তেওঁলোকৰ নাই নিজা ভূমি। নাই নিজা বাসগৃহ। চৰকাৰী এটা আৱাসগৃহৰ পৰাও বঞ্চিত দৰিদ্ৰ চাহ জনগোষ্ঠীয় লোকসকল। কিয়নো তেওঁলোকৰ নামত আৱন্তিত হ'লেও বাসগৃহ নিৰ্মাণৰ বাবে কোম্পানীয়ে নিদিয়ে NOC। এই লোকসকলে আজিও কিমান দুৰ্বিসহ জীৱন যাপন কৰিছে সেয়া উপলব্ধি কৰিবলৈ কোনো এখন বাগানৰ কুলি লাইনলৈ এপাক গ'লেই যথেষ্ট।
ৰাজনৈতিক ভাৱে অৱদমন কৰি ৰখা এই জনগোষ্ঠীটোৰ পৰা বহু নেতা ওলাই আহিল যদিও তেওঁলোকে চাহ জনগোষ্ঠীৰ ভূমিৰ অধিকাৰৰ বিষয়ত কিন্তু নিমাত হৈয়ে আহিছে আৰু নিমাত হৈ আছে। আলোচনালৈ আহে কেৱল তেওঁলোকৰ মজুৰিৰ প্ৰসংগহে।
পুৰুষানুক্ৰমিক ভাৱে শ্ৰমকেই আকোৱালি লোৱা, ২০০ বছৰীয়া শোষণৰ ইতিহাস লিপিবদ্ধ হোৱা এই জনগোষ্ঠীটোক মুক্তিৰ প্ৰসংগত নিমাত সকলো। এই জনগোষ্ঠীটোৰ বিভিন্ন জাতি যেনে অচুৰ, আৰ্যমালা, বাইগা, বণিয়া, বাঞ্জাৰা, বেদিয়া, ভূমিজ, ভূঁইয়া, ভীল, বিনঝিয়া, বিড়হৰ, বাছপোৰ, বিড়িজীয়া, বাউৰী, ভক্ত, বেলদাৰ, বাৰাইক, বাগতি, বন্দ, ভট্ট, বাছৰ, চামাৰ, চেৰ', চিক বাৰাইক, ধানোৱাৰ, ধাণ্ডাৰী, ধোবি, দুশ্বাদ, দানদাসী, ডোম, গৌড়, ঘাঁছি, গাণ্ডা, গৰাইট, ঘাটোৱাৰ, গণ্ডী, গোঁসাই, গানঝু, গোৱালা, হৰি, হলৰা, জুলাহা, কৰ্মকাৰ, কৈৰী, খাৰিয়া, কালাহান্দি, কাৰমালি, কাৰৱা, কল, কুমহাৰ, খেৰৱাৰ, খণ্ড, খদাল, কয়া, কন্দপান, কহৰ, কিছান, কুদুমী মাহাতো, কেৱাত, লোধি, লোধা, মাহীল, মালাৰ, মাল পাহাৰীয়া, মিৰ্ধা, মোদী, মুণ্ডা, মানকী, মাদগী, মাজৱাৰ, নায়ক, পটনায়ক, নুনিয়া, কুৰুখ, পাৰ্যা, প্ৰধান, পাশি, পাইডি, পানীকা, পত্ৰতাঁতী, পান, ৰাজপুত, ৰাজৱাৰ, ৰাজৱাল, ৰেইলি, ৰেড্ডী, ৰাজবংশী, ৰৌত, ৰাউতিয়া, চাওঁতাল, সোণাৰ, চাভাৰ, চাউৰা, তাঁতী, তান্তবাঈ, তুৰী, তাছা, টেলেঙা, তেলী ইত্যাদিৰ অধিকাংশই অসমৰ বাহিৰত জনজাতি যদিও অসমত কিন্তু এওঁলোক জনজাতি নহয়।
অসমত এই লোকসকলে জনজাতিকৰণৰ দাবীৰে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আহিছে। তেওঁলোকৰ এই সংগ্ৰামক এতিয়াও স্বীকৃতি দিয়া হোৱা নাই। অসমৰ চাহ জনগোষ্ঠীয় লোকসকলে জনজাতিৰ স্বীকৃতিৰ দাবীৰে আন্দোলন কৰি অহাৰ ফলশ্ৰুতিতে ১৯৮৫ চনত চাহ জনগোষ্ঠীৰ কেৱল ৯ টা জাতিক অনুসূচিত জনজাতিৰ স্বীকৃতি দিয়াৰ প্ৰসংগত উত্থাপন হৈছিল। কিন্তু সেয়া কাৰ্যকৰী নহ'ল।
পৰৱৰ্তী সময়ত পুনৰ ২০১৯ চনত নিৰ্বাচনী বতৰৰ মাজতে চাহ জনগোষ্ঠীৰ ৩৬ টা জাতিৰ নাম অনুসূচিত জনজাতিৰ বাবে সংসদত উত্থাপন হৈছিল। এই সন্দৰ্ভত প্ৰতিবেদন দাখিলৰ বাবে অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰীক লৈ গঠন কৰা হৈছিল 'গ্ৰুপ অফ মিনিষ্টাৰ্ছ'ৰ এখন কমিটী।
এই কমিটীৰ অধ্যক্ষ আছিল ড০ হিমন্ত বিশ্ব শৰ্মা। কমিটীখনে চাহ জনগোষ্ঠীৰ এই ৩৬ টা জাতিৰ সৈতে পৃথকে পৃথকে বৈঠকত বহিছিল যদিও তেওঁলোকে আজিলৈকে কেন্দ্ৰক চূড়ান্ত প্ৰতিবেদন দাখিল নকৰিলে।
জনগোষ্ঠিটোৰ বঞ্চনাৰ দস্তাবেজ ইমানতে অন্ত পৰা নাই। শিক্ষাৰ অধিকাৰৰ পৰাও একপ্ৰকাৰে এই জনগোষ্ঠীটোক বঞ্চিত কৰি ৰখাই হৈছে। দেখাত তেওঁলোকৰ বাবেও আছে শিক্ষা ব্যৱস্থা। কিন্তু বাস্তৱিক ছবিখন সম্পূৰ্ণ বিপৰীত।
প্ৰকৃত শিক্ষাৰ অধিকাৰৰ পৰা এই জনগোষ্ঠীটোক কিদৰে বঞ্চিত কৰি ৰখা হৈছে সেয়া কেইটামান উদাহৰণেই যথেষ্ট। যিসময়ত অসমৰ স্বাক্ষৰতাৰ হাৰ ৬৪ শতাংশ সেই সময়ত চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত স্বাক্ষৰতাৰ হাৰ মাত্ৰ ২৭ শতাংশহ।
'আছাম প্লাণ্টেচন লেবাৰ ৰুল'ৰ ৫২ নং ধাৰা অনুসৰি সকলো বাগিছাতে প্ৰাথমিক বিদ্যালয় স্থাপন কৰাৰ লগতে তাৰ চোৱাচিতাৰ দায়িত্ব বাগানৰ মালিক পক্ষৰ। একেখন আইনৰ ৫৫ নং ধাৰা অনুসৰি আকৌ প্ৰতি ৪০ জন শিক্ষাৰ্থীৰ বাবে এজনকৈ শিক্ষক নিযুক্তি দিব লাগে। আইনখনৰ ৫৭ নং ধাৰা অনুসৰি আকৌ কোনো শিক্ষাৰ্থীৰ পৰা মাচুল ল'ব নোৱাৰিব।
কিন্তু এই আইন প্ৰকৃততে কাৰ্যকৰী হৈছেনে? এক তথ্য মতে অসমৰ চাহ বাগিছাৰ শৈক্ষিক অৱস্থা ভাৰতৰ ভিতৰতে দ্বিতীয় সৰ্বনিম্ন। অসমৰ চাহ বাগানসমূহত যদিও বিদ্যালয়সমূহ বাগান কৰ্তৃপক্ষই চলাই আছে তথাপিও এইসমূহত পৰ্যাপ্ত সুবিধা নাই।
অসম চৰকাৰে শেহতীয়াকৈ চাহ বাগানসমূহত মডেল বা আদৰ্শ শিক্ষানুষ্ঠান স্থাপন কৰিছে সেই সমূহে চাহ জনগোষ্ঠীক বঞ্চনাৰ আদৰ্শকহে তুলি ধৰিছে। এই আদৰ্শ শিক্ষানুষ্ঠানসমূহত কেৱল বিল্ডীঙৰ বাহিৰে আন একো ব্যৱস্থা নাই। ইয়াত স্থায়ী শিক্ষক নিযুক্তিৰ পৰিৱৰ্তে আন বিদ্যালয়ৰ পৰা শিক্ষক আমদানি কৰি কেৱল জোৰা-তাপলি মাৰি আহিছে।
কিছু বছৰ পূৰ্বে North East Social Research Centre (NESRC)য়ে চলোৱা এক ক্ষেত্ৰ ভিত্তিক সমীক্ষা অনুসৰি আকৌ চাহ বাগিছাৰ ৭.৫৯ শতাংষ পুৰুষ আৰু ৩.৬৬ শতাংশ মহিলাহে উচ্চ বা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ। তাৰোপৰি মাত্ৰ ২.২৭ শতাংশ পুৰুষ আৰু ০.৩৯ মহিলা মহিলা স্নাতক উত্তীৰ্ণ। এই প্ৰতিবেদন অনুসৰিয়েই আকৌ চাহ জনগোষ্ঠীৰ মাত্ৰ ০.৪১ শতাংশহে বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছে।
অৱশ্যে অসম চৰকাৰে চাহ জনগোষ্ঠী লোকসকলক অন্যান্য পিছপৰা শ্ৰেণী, অতি পিছপৰা শ্ৰেণীৰ জাতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰি জাতিৰ শিক্ষা আৰু অন্যান্য ক্ষেত্ৰত কিছু সুবিধাৰ ব্যৱস্থা কৰিছে। সেই অনুসৰিয়েই ছাত্ৰ-ছাত্ৰীৰ বৃত্তি, ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদান, দক্ষতা বিকাশৰ অনুদান আদিৰ ব্যৱস্থা কৰিছে।
ইয়াৰ উপৰিও উচ্চ শিক্ষাৰ ক্ষেত্ৰত চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আদিত কেইখনমান আসনো সংৰক্ষণৰ ব্যৱস্থাৰ আৰম্ভ কৰিছে। কিন্তু এই আসনসমূহতো শেন চকু পৰিছে একাংশ অসাধু লোকৰ। চাহ জনগোষ্ঠীৰ বাবে সংৰক্ষিত আসন কৌলশেলেৰে নিজৰ কৰিছে অসাধু চক্ৰই।
এইদৰেই অসমৰ চাহজনগোষ্ঠীয় লোকসকল ৰাজনৈতিক, সামাজিক শোষণ, অৱদমন আৰু বঞ্চনাৰ বলি হৈ আহিছে। শ্ৰমকেই ধৰ্ম কৰি লোৱা এই লোকসকলে ২০০ বছৰীয়া ইতিহাসত অসমক যিখিনি দিলে সেয়া তুলাচনীত জুখিব নোৱাৰি।
যিসময়ত বহিৰাগতই অসমত ভাষীক আগ্ৰাসন চলাইছে, অসমীয়া ভাষাক ধ্বংসৰ পৰিকল্পনাত লিপ্ত হৈছে সেই সময়ত অসমীয়া ভাষাক আকোৱালি লৈ অসমীয়া জাতিক শক্তিশালী কৰিছে চাহ জনগোষ্ঠীয়ে। অসমীয়া সাহিত্য, সংস্কৃতি, অসমৰ অৰ্থনীতি, অসমৰ সমাজ, অসমৰ প্ৰকৃতি- কোনটো দিশত তেওঁলোকে অৱদান আগবঢ়োৱা নাই? অথচ তেওঁলোকৰ দুখত দুখি হ'ব পৰাকৈ আমি নিজকে আজিও প্ৰস্তুত কৰিব নোৱাৰিলোঁ।
এই জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিয়েই ছাত্ৰ সংগঠনৰ জৰিয়তে এসমত জাতিৰ হৈ সংগ্ৰাম কৰি পৰৱৰ্তী সময়ত ৰাজনীতিলৈ আহি মন্ত্ৰী, সাংসদ বিধায়ক হোৱা কোনোবা তেলী, ঘাটোৱাৰ, মাঝী, দাস, তাছা, গোৱালা, কুৰ্মী আদিয়ে যিসময়ত নিজৰ জনগোষ্ঠীৰ দুখ, দুৰ্দশা, সমস্যা, বেদনাক মুহূৰ্ততে পাহৰি পেলাইছে সেই সময়ত মাত্ৰ এটা বছৰ অসমত থাকিয়েই গুলাব চান্দ কাটাৰিয়াই সেয়া উপলব্ধি কৰি সেইসমূহৰ পৰা চাহ জনগোষ্ঠীক উদ্ধাৰ কৰিবলৈ কৰি যোৱা আহ্বানে তেওঁলোকক স্পৰ্শ কৰিছেনে? শুনিবনে অসম চৰকাৰে সেই আহ্বান? এই উত্তৰ আজি হয়তো আমি নাপাম, কিন্তু সময়ে নিশ্চয় দিব।