আম্বানী, আদানীয়ে দিব কোটিপতি হোৱাৰ টিপছঃ সাৱধান, ভুলতো নল'ব...

আম্বানী, আদানীয়ে দিব কোটিপতি হোৱাৰ টিপছঃ সাৱধান, ভুলতো নল'ব...
Published on
Updated on

ট্ৰেডিঙৰ প্ৰৱঞ্চনাই জোকাৰিছে ৰাজ্য। গ্ৰেপ্তাৰ হৈছে প্ৰৱঞ্চক। পলাইছে প্ৰৱঞ্চনাৰে জড়িত একাংশ। চৰ্চা হৈছে এই প্ৰৱঞ্চনাৰ জাল মেলাসকলক সহায় কৰা ইউটিউবাৰ, পডকাষ্ট চেনেলৰ আঁতধৰোতাৰো কথা। কিন্তু চৰ্চা হোৱা নাই এ আইৰ কথা। এ আইৰ জৰিয়তেও হোৱা প্ৰৱঞ্চনাক লৈ এতিয়াও অজ্ঞ বহুজন। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

সহজ ধনৰ লোভে মানুহক কি পৰ্যায়লৈ লৈ যাব পাৰে অথবা মানুহক কিদৰে সৰ্বশ্ৰান্ত কৰিব পাৰে তাৰ উদাহৰণ দীপাংকৰ বৰ্মন, বিশাল ফুকন, চুমি বৰা অথবা স্বপ্ননীল দাসৰ দৰে একাংশই সংঘটিত কৰা কাৰ্যই প্ৰমাণ কৰে। ট্ৰেডিঙৰ জৰিয়তে নিশাৰ ভিতৰতে ধনী হোৱাৰ সপোন দেখুওৱা এইসকল যিদৰে এতিয়া আৰক্ষী থানাৰ আলহী হৈছে ঠিক সেইদৰেই এই জালত ভৰি দি নিজৰ সাঁচতীয়া ধন তেওঁলোকৰ হাতত গতাই দিয়া লোকসকলৰো অৱস্থা তথৈবচ হৈছে।

এইসকল প্ৰৱঞ্চকৰ জালত ভৰি থৈ তেওঁলোকে বিনিয়োগ কৰা ধন ঘূৰাই পাবনে নাই সেয়াও এতিয়া চূড়ান্ত অনিশ্চয়তাত। তেওঁলোকৰ এতিয়া কেৱল আৰক্ষীৰ মুখলৈ চাই ৰোৱাৰ বাদে আন কোনো বিকল্প নাই।

কম দিনতে নিজৰ সাঁচতীয়া ধন দুগুণ, তিনিগুণ কৰাৰ আশাত সাঁচতীয়া ধন এইসকল ভুৱা ট্ৰেডাৰক গতাই দিয়াৰ সময়ত তেওঁলোকেও হয়তো সপোন দেখিছিল সোনকালেই কোটিপতি হোৱাৰ। কিয়নো তেওঁলোকক তেনেদৰেই সপোন দেখুৱাইছিল এইসকল প্ৰৱঞ্চকে।

শ্বেয়াৰ মাৰ্কেটত বিনিয়োগৰ জৰিয়তে কোটিপতি হোৱাৰ এই ৰঙীন সপোনৰ মায়াজাল ৰচা এইসকল ভুৱা ট্ৰেডাৰে লৈছিল বিভিন্ন পন্থা। একাংশ জনপ্ৰিয় ইউটিউবাৰ, ব্লগাৰক মাতি আনি অথবা পডকাষ্ট চেনলত বহি দেখুৱাইছিল কিদৰে তেওঁলোকে কম সময়তে ধনী হৈছে। কিদৰে তেওঁলোকে ট্ৰেডিঙৰ জৰিয়তে কোটিপতি হৈছে সেয়া সাধাৰণ মানুহক কৈছিল। তেওঁলোকে দেখুৱাইছিল বিলাসী জীৱন ৰেহৰূপ।

এইসকল ভুৱা ট্ৰেডাৰে সঘন বিদেশ ভ্ৰমণ কৰাৰ উপৰিও, সঘনে ক্ৰয় কৰিছিল এখনৰ পিছত এখন বিলাসী গাড়ী, ক্ৰয় কৰিছিল বিলাসী অট্টালিকা। তেওঁলোক কেইবাখনো বিলাসী গাড়ী, বিলাসী অট্টালিকাৰ গৰাকী হোৱাৰ কথাও গৌৰৱেৰে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল।

মোবাইলৰ স্ক্ৰীণত তেওঁলোকৰ এইবোৰ কাহিনী দেখি শুনিয়েই ভুল গৈছে সাধাৰণ ৰাইজ। ভৰি দিছে প্ৰৱঞ্চনাৰ জালখনত। এই প্ৰৱঞ্চকসকলৰ প্ৰৱঞ্চনাৰ জালখনৰ পৰিসৰ ইয়াতেই সংকুচিত হোৱা নাই। ট্ৰেডিঙৰ নামত একাংশ প্ৰৱঞ্চকে সহায় লৈছে কৃত্তিম বুদ্ধিমত্তা বা এ আইৰো।

বিজ্ঞানৰ এক অভূতপূৰ্ব আৱিষ্কাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা এ আই। এই এ আইৰ জৰিয়তে কৰিব নোৱাৰা কাম হয়তো বিশেষ একো নাই। মানৱ সমাজৰ কল্যাণৰ কথা চিন্তা কৰিয়েই যদিও এই এ আই আৱিষ্কাৰ কৰা হৈছিল, পিছে এতিয়া এই এ আইয়ে হৈ পৰিছে মানৱ সমাজৰ বাবে এক অভিশাপ স্বৰূপ। এ আইৰ বাবেই বহুতেই হেৰুৱাইছে জীৱন, সম্পত্তি।

মোবাইলৰ স্ক্ৰীণত ফেচবুক, ইনষ্টাগ্ৰাম অথবা ইউটিউবৰ ভিডিঅ' স্ক্ৰল কৰাৰ সময়তে হয়তো আপুনি দেখিছে এছিয়াৰে আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানী অথবা গৌতম আদানীয়ে কোনো এটা ট্ৰেডিং এপৰ কথা কৈ আছে। হয়তো তেওঁ কৈছে কোনোবা এভিয়েটৰ নামৰ এটা এপ ব্যৱহাৰ কৰি দৈনিক কোটি টকা উপাৰ্জন কৰাৰ কথা। আপোনালোকেও এই এপ ব্যৱহাৰ কৰি কোটি টকা উপাৰ্জন কৰিব পাৰে।

হয়তো আপুনি দেখিছে কোনোবা এজন বিখ্যাত অভিনেতাই কৈছে মই দৈনিক এই এপটো ব্যৱহাৰ কৰো বা এই এপৰ জৰিয়তে ট্ৰেডিং কৰো। ইয়াৰ জৰিয়তে দৈনিক মই বিনিয়োগ কৰাতকৈ ২০০ পৰা ৩০০ শতাংশৰো অধিক ধন লাভ কৰো।

মুকেশ আম্বানীৰ দৰে এজন ব্যক্তিয়ে যেতিয়া আপোনাৰ মোবাইলৰ স্ক্ৰীণত ওলাই ট্ৰেডিং এপৰ জৰিয়তে দৈনিক কোটি টকা উপাৰ্জন কৰাৰ কথা কয় স্বাভাৱিকতে আপোনাৰো মনলৈ এই এপটোত বিনিয়োগৰ চিন্তা নহাকৈ নাথাকিব। ইয়াতেই আপুনি কৰিলে মাৰাত্মক ভুল।

কোনো মুকেশ আম্বানী অথবা গৌতম আদানী, শ্বাহৰুখ, চলমান খানে এই এপৰ জৰিয়তে ট্ৰেডিং কৰি কোটি টকা উপাৰ্জন কৰা নাই। আপুনি যে আপোনাৰ মোবাইলত দেখিলে আম্বানী অথবা শ্বাহৰুখ, ছলমানৰ সেই ভিডিঅ'টো সেয়া আচলতে এ আইৰ দ্বাৰ প্ৰস্তুত কৰা এটা ভিডিঅ'। আপুনি দেখা আৰু শুনা সেই কথাখিনি তেওঁলোকে কোৱাই নাই। কৈছে এ আইয়ে।

এইদৰেই এতিয়া সামাজিক মাধ্যমৰ জৰিয়তে লুণ্ঠণৰ এখন বৃহৎ জাল মেলি দিয়া হৈছে। এই অনিয়ন্ত্ৰিত জালখনত আপুনি ভৰি দিলেই সৰ্বশ্ৰান্ত হোৱাটো নিশ্চিত। এই এ আই ব্যৱহাৰ কৰিয়েই হয়তো আপুনি নজনাকৈয়ে আপোনাৰ বিভিন্ন আপত্তিজনক ভিডিঅ' প্ৰস্তুত কৰা হৈছে।

হয়তো আপোনাৰ অজ্ঞাতে আপোনাৰ চেহেৰা ব্যৱহাৰ কৰি কোনো নিষিদ্ধ জগতত যৌনতাৰ পণ্য হিচাপে ব্যৱহাৰ কৰা হৈছে। এনে ঘটনাৰ ইতিমধ্যে বহু পোহৰলৈ আহিছে।

কেতিয়াবা হয়তো আপোনাৰ মোবাইললৈ আপোনাৰেই কোনো সতীৰ্থ অথবা পৰিয়ালৰ সদস্যৰ অচিনাকী নম্বৰৰ পৰা ফোন আহিব পাৰে। আপোনাক ক'ব পাৰে তেওঁ বিপদত পৰাৰ কথা। বিচাৰিব পাৰে আৰ্থিক সহায়। সাৱধান। আপুনি মোবাইলত শুনা সেই চিনাকী মাতষাৰ হয়তো হ'ব পাৰে এ আইৰ।

এইদৰেই এতিয়া এ আইয়ে এফালৰ পৰা গ্ৰাস কৰি গৈছে। এ আইৰ দ্বাৰা সংঘটিত অপৰাধ, এ আইয়ে কিদৰে মানুহৰ জীৱন, জীৱিকালৈ ভাবুকি আনিছে সেই সন্দৰ্ভত ইতমধ্যে অসমীয়া প্ৰতিদিন ডিজিটেলতে কেইবাখনো প্ৰতিদবেদন প্ৰকাশ পাইছে।

অসমৰ বৰ্তমান পৰিস্থিতিত ষ্টক মাৰ্কেটক কেন্দ্ৰ কৰি যি ঘটনা, পৰিঘটনা সংঘটিত হৈ আহিছে তাত এ আইৰ ভূমিকা যদিও বহু বেছি নাই তথাপিও এ আইৰ কৱলত পৰি সাঁচতীয়া ধন হেৰুওৱাৰ ঘটনাৰ উদাহৰণ কম নহয়।

এ আইৰ দ্বাৰা নিয়ন্ত্ৰিত জুৱা খেলি বহুতে নিশাটোৰ ভিতৰতে হেৰুৱাইছে কোটি কোটি টকা। বহুতেই আকৌ এ আইৰ জালত পৰি বিনিয়োগ বা আন কোনো কাৰণত ধন হেৰুৱাইছে।

এই সাধাৰণ কথা সকলোৱে বুজি পোৱা উচিত অৰ্থ উপাৰ্জনৰ সহজ পথ একো নাই। কোনোবা ইউটিউবাৰে যদি কোনোবা ট্ৰেডাৰৰ বিলাসী জীৱন দেখুৱাই তেওঁলোকে ইনকাম কৰা কোটি টকাৰ কথা কয় সেয়াও এক বিজ্ঞাপন।

এই বিজ্ঞাপনৰ জৰিয়তে সেই ইউটিউবাৰে ট্ৰেডাৰৰ জনৰ পৰা এটা অংশৰ ধন লয়। আপুনি, মই সেই ভিডিঅ' চোৱাৰ বাবেও ইউটিউবৰ পৰা অথবা ফেচবুকৰ পৰাও কিছু ধন আহৰণ কৰে। এইদৰে বিজ্ঞাপন দি ট্ৰেডাৰজনে আপোনাক আকৰ্ষণ কৰে। এই কথা বুজি পাব লাগিব।

ষ্টক মাৰ্কেটৰ জটিল কথাবোৰলৈ সোমাই নগৈ কেৱল এই কথাও বুজি লওক ষ্টক মাৰ্কেটখনত বিনিয়োগ কৰিলেই লাভ নহয়। ধৰি লওক ১০০ জন লোকে ষ্টক মাৰ্কেটত বিনিয়োগ কৰিছে। এই ১০০ জনৰে লাভ কেতিয়াও হ'ব নোৱাৰে। এজনে হেৰুৱালেহে এজনে পাব। এয়াই সত্য। কোনেও আপোনাক লাভৰ গেৰাণ্টি দিব নোৱাৰে। এয়া অসম্ভৱ। এয়া বেআইনী।

মুকেশ আম্বানী, গৌতম আদানীয়ে এটা এপত বিনিয়োগ কৰি আৰৱপতি হোৱা নাই। শ্বাহৰুখ খানে সাধাৰণ এপত বিনিয়োগ কৰি আজিৰ অৱস্থাত উপনীত হোৱা নাই। আম্বানী, আদানীৰ এখন ব্যৱসায়ীক সাম্ৰাজ্য আছে। শ্বাহৰুখ খানেও অভিনয়, বিজ্ঞাপন, ব্যৱসায় আদিৰ জৰিয়তে আৰৱ পতি হৈছে। তেওঁলোকৰ নিজা একো একোখন সাম্ৰাজ্য আছে।

তেওঁলোকৰ দৰে ধন ঘটিবলৈ আপুনি, মই কষ্ট কৰিবই লাগিব। ব্যৱসায়ীক চিন্তাৰ উত্তৰণ ঘটাব লাগিব।পেঞ্চনৰ টকা কেইটা, পথাৰৰ মাটি বিক্ৰী কৰি পোৱা টকা কেইটা এ আইৰ দ্বাৰা নিয়ন্ত্ৰিত কোনোবা এটা এপত দি দিলেই আম্বানী, আদানী, শ্বাহৰুখ, ছলমান হঁতৰ দৰে কোটিপতি হৈ নাযাও।

অথবা দীপাংকৰ, বিশাল, চুমি, স্বপ্ননীল হঁতৰ বিলাসী জীৱনক নিজৰ কনটেণ্ট হিচাপে লৈ কনটেণ্টৰ নামত বিজ্ঞাপন প্ৰচাৰ কৰা এইসকল ইউটিউবাৰ, পডকাষ্টৰ কথামতেই ধন বিনিয়োগ কৰিলে আমি কোটিপতি হ'ব নোৱাৰো। প্ৰৱঞ্চনাৰ এই মায়াজালখনৰ পৰা যিমান পাৰি আঁতৰি থকাই মংগল।

যিয়ে গেৰাণ্টি দিয়ে তাৰ কোনো গেৰাণ্টি নাথাকে। এই কথা যিমান সোনকালেই উপলব্ধি কৰিব পাৰিব সিমানেই মংগল। অন্যথা এইসকল প্ৰৱঞ্চকৰ হাতত লাখে লাখে টকা বিনিয়োগ কৰি এতিয়া মুখলজ্জাৰ বাবেই মুখ মেলিব নোৱাৰা হোৱা অসমৰ বিধায়ক, শীৰ্ষ বিষয়া, অভিনেতা, ব্যৱসায়ীৰ দৰেই অৱস্থা আপোনাৰো হ'ব।

আম্বানী, আদানীয়ে দিব কোটিপতি হোৱাৰ টিপছঃ সাৱধান, ভুলতো নল'ব...
ব্যাপক প্ৰতিবাদৰ পাছতো ৰাজ্যত সংঘটিত হৈয়ে আছে বলাৎকাৰৰ ঘটনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in