পুৰস্কাৰ পাব পাৰে ৰাজেন গোঁহায়ে !

পুৰস্কাৰ পাব পাৰে ৰাজেন গোঁহায়ে !
পুৰস্কাৰ পাব পাৰে ৰাজেন গোঁহায়ে !
Published on
Updated on
বিসম্বাদ কৰাৰ পুৰস্কাৰ পাব বিজেপিৰ প্ৰবীণ নেতা ৰাজেন গোঁহায়ে। ৰমেন ডেকাৰ দৰেই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীকো সন্তুষ্ট কৰিবলৈ ব্লুপ্ৰিণ্ট সাজু ৰাজ্যিক বিজেপিৰ। কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত এই প্ৰস্তাৱ দাখিল কৰিছে ৰাজ্যিক বিজেপিয়ে। সকলো ঠিকে থাকে মিলিলে ৯ মাহৰ বাবে ৰাজ্যসভাৰ সাংসদ হ'ব ৰাজেন গোঁহাই। এই সন্দৰ্ভত ডিজিটেলৰ বিশেষ প্ৰতিবেদন।

ৰাজ্যিক বিজেপিক বিসম্বাদৰ উকমুকনিয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছে। সেই বিসম্বাদৰ নেতৃত্ব অতি কৌশলেৰে লৈছে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহায়ে।

উজনি অসমত দুখনকৈ সভা অনুষ্ঠিত কৰি অসন্তুষ্ট বিজেপিৰ স্থানীয় নেতাক লৈ ৰাজেন গোঁহায়ে সংকটত পেলাইছে ভৱেশ কলিতাক। সেই সংকট মোচনৰ বাবে ৰাজ্যিক বিজেপিৰ নেতৃত্বই ৰণকৌশলো প্ৰস্তুত কৰিছে।

ৰাজেন গোঁহাইক ৰাজনৈতিক সংস্থাপন দি সেই বিসম্বাদ মষিমূৰ কৰিবলৈ আগবাঢ়িছে অসম ৰাজ্যিক বিজেপি। শেহতীয়া লোকসভা নিৰ্বাচনত অসমৰ দুজন ৰাজ্যসভাৰ সাংসদে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। সেই সাংসদ দুজন আছিল সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছা।

ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সোণোৱাল আৰু কাজিৰঙা লোকসভা সমষ্টিৰ পৰা তাছা নিৰ্বাচিত হৈ যোৱাত খালী আছে ৰাজ্যৰ দুখন ৰাজ্যসভা আসন। সৰ্বানন্দ সোণোৱালে প্ৰতিনিধিত্ব কৰা ৰাজ্যসভাৰ আসনৰ আৰু এবছৰ ৭ মাহ কাৰ্যকাল থকাৰ বিপৰীতে কামাখ্যা প্ৰসাদ তাছাই প্ৰতিনিধিত্ব কৰা ৰাজ্যসভাৰ আসনখনৰ কাৰ্যকাল বাকী আছে ৯ মাহ।

ইতিমধ্যে দেশৰ নিৰ্বাচন আয়োগে ৯ ৰাজ্যৰ খালী হৈ থকা ১২ খন আসনৰ বাবে অহা ৩ ছেপ্টেম্বৰ ২০২৪ ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি সদৰি কৰিছে। সেই ১২ খন আসনৰ ভিতৰত আছে অসমৰো দুখন ৰাজ্যসভাৰ আসন।

সৰ্বানন্দ সোণোৱালে প্ৰতিনিধিত্ব কৰা ৰাজ্যসভাৰ আসনখনৰ বাবে ৰাজ্যিক বিজেপিয়ে ৰামেশ্বৰ তেলীক প্ৰাৰ্থীত্ব প্ৰদান কৰিব। অৰ্থাৎ প্ৰথমখন আসনৰ বাবে ৰামেশ্বৰ তেলী নিৰ্বাচিত হোৱাটো নিশ্চিত।

দ্বিতীয়খন আসনৰ বাবে ৰাজ্যিক বিজেপিয়ে বিবেচনা কৰিছে ৰাজেন গোঁহাইৰ নাম। এইধৰণৰ খবৰ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বিসম্বাদৰ নেতৃত্ব লোৱা ৰাজেন গোঁহাইক নমাহৰ বাবে ৰাজ্যসভালৈ পঠাই বিসম্বাদী শিবিৰক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াস চলাব বুলি বিজেপিৰ ভিতৰচৰাতে আলোচনা হৈছে।

ইফালে দিল্লীৰ এক সূত্ৰ অনুসৰি ৰাজেন গোঁহাইক কোনোপধ্যেই ৰাজ্যসভালৈ নপঠাই বিজেপি নেতৃত্বই। ইয়াৰ বিপৰীতে এজন নতুন মুখকহে ৰাজ্যসভালৈ অসমৰ প্ৰতিনিধি কৰি পঠিওৱাৰ প্ৰস্তুতি চলিছে সংগোপনে।

মন কৰিবলগীয়া যে, দ্বিতীয়খন আসনৰ বাবে বিজেপিয়ে ৰাজ্যসভালৈ প্ৰেৰণ কৰিবলগীয়া প্ৰাৰ্থীগৰাকী বিজেপিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত ন'হবও পাৰে। হেৰুওৱা ভাৱমূৰ্তি ঘূৰাই আনিবৰ বাবে সামাজিক প্ৰতিষ্ঠা থকা কোনো প্ৰতিষ্ঠিত লোকক এই আসনৰ বাবে নিৰ্বাচন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

অৱশ্যে ৰাজ্যসভা নিৰ্বাচনলৈ এতিয়াও মাজত প্ৰায় এমাহ সময় বাকী থকা অৱস্থাত এতিয়াও অসমৰ ৰাজ্যসভাৰ খালী থকা আসনৰ বাবে কোন প্ৰাৰ্থী হ'ব পাৰে সেয়া শীৰ্ষ নেতৃত্বই চূড়ান্ত কৰা নাই।

পুৰস্কাৰ পাব পাৰে ৰাজেন গোঁহায়ে !
কিয় বিজেপিয়ে অকলে খেলিব পঞ্চায়ত নিৰ্বাচন ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in