ডিজিটেল মাধ্যমৰ সম্প্ৰসাৰণৰ আগতে ছপা মাধ্যমৰ জনপ্ৰিয়তা অধিক আছিল। সময় সলনি হ'ল, ব্যস্ততা বাঢ়িল। একাংশৰ মনত প্ৰশ্ন হয় ছপা মাধ্যমৰ প্ৰাসংগিকতাৰ ওপৰত। একাংশৰ প্ৰশ্ন হয়, সময়ৰ সোঁতত হেৰাই যাব নেকি ছপা মাধ্যম? এই সন্দৰ্ভত বৰষা শৰ্মাৰ এক বিশেষ প্ৰতিবেদন...
পুৱা শোৱাপাটীৰ পৰা উঠাৰ আগতেই হকাৰে দি যায় বাতৰি কাকত খন। তাৰ পাছত একাপ চাহ আৰু হাতত এখন বাতৰি কাকতেৰে দিনটোৰ আৰাম্ভণী কৰা একাংশৰ এটা অভ্যাস। ১৮ বা ২০ পৃষ্ঠাৰ এখন কাকতখন হাতত লোৱা মানেই আপুনি বিশ্বখন পালে হাতৰ মুঠিত। মানুহৰ অনুসন্ধিৎসু মন এটাই সদায় জানিব বিচাৰে দেশ-বিদেশ বা বিভিন্ন প্ৰান্তৰ কথা। বাতৰি কাকত ইয়াৰ এটা উত্তম উপায়।
সময় সলনি হ'ল। প্ৰযুক্তি আহিল।ইণ্টাৰনেটৰ আগমন মানুহৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ প্ৰযুক্তিগত বিকাশ। তথ্য- প্ৰযুক্তিৰ প্ৰসাৰৰ লগে লগে খবৰৰ মাধ্যমো সলনি হ'ল। মানুহৰ অভ্য়াসো সলনি হৈছে। কম সময়ৰ ভিতৰতে দেশ-বিদেশৰ খবৰ চোৱাৰ বাবে মানুহ নিৰ্ভৰশীল হৈ পৰিছে ইন্টাৰনেট বা ডিজিটেল মাধ্যমৰ ওপৰত।
বহুলোকে বিশ্বাস কৰে যে যিহেতু ইণ্টাৰনেটৰ জনপ্ৰিয়তা প্ৰতি বছৰে বৃদ্ধি পাই আহিছে গতিকে বাতৰি কাকতবোৰ অপ্ৰাসংগিক হৈ পৰিছে। অৱশ্যে, এনে নহয় । বাতৰি কাকতবোৰৰ সমাজত স্থান আছে, এক বিশেষ মানদণ্ড আছে।যাৰ বাবে ইণ্টাৰনেটে বাতৰি কাকত বিলুপ্ত কৰিব পৰা নাই।
ইণ্টাৰনেটৰ এটা ডাঙৰ সুবিধা হ'ল যিকোনো বিষয়ৰ বিষয়ে তথ্য সহজে আৰু মুহুৰ্ততে প্ৰকাশ কৰিব পাৰে। গতিকে মানুহৰ ব্যস্ততাৰ মাজত ইন্টাৰনেটত খবৰ চোৱা এক স্বাভাৱিক কথা। অৱশ্যে,ইয়াৰ লগত এক নেতিবাচক দিশো জড়িত হৈ আছে। ইণ্টাৰনেটৰ সকলো তথ্য শুদ্ধ নহয়। সেয়ে শুদ্ধ আৰু বিতং তথ্যৰ বাবে মানুহ বাতৰি কাকত বা ছপা মাধ্যমৰ ওপৰত নিৰ্ভৰশীল। সেয়ে ডিজিটেল বা ছ'চিয়েল মিডিয়া ছপা মাধ্যমৰ প্ৰত্যাহ্বান হ'ব নোৱাৰে।
ব্ৰেকিং নিউজ, ভিউজৰ পাছফালে দৌৰা ডিজিটেল মিডিয়াৰ যদিও জনপ্ৰিয়তা আছে কিন্তু স্থায়ীত্বৰ বাবে মানুহে বাতৰি কাকত খনেই লুটিয়াই চায় বা ছপা মাধ্যমক নিৰ্ভৰশীল হিচাপে গণ্য কৰে।
বহু চৰ্চা ইয়াৰ ওপৰত হয় যে ডিজিটেল মাধ্যম, ছ'চিয়েল মিডিয়া,ইলেক্ট্ৰিক মিডিয়া আদিয়ে ছপা মাধ্যম নোহোৱা কৰি দিব। কিন্তু এনে নহয়। এই মাধ্যম বোৰ মানুহক প্ৰাথমিক ভাৱে তথ্য বা খবৰ যোগান ধৰাৰ ক্ষেত্ৰত সুবিধা কৰি দিছে সঁচা, কিন্তু ইয়ে আকৌ ছপা মাধ্যমকো সাৰ পানী যোগাইছে।
তাৎক্ষণিকভাৱে হয়তো ছ'চিয়েল মিডিয়া বা ডিজিটেল মাধ্যমে ছপা মাধ্যমৰ জনপ্ৰিয়তা কিছু হ্ৰাস কৰিছে কিন্তু সেয়া স্থায়ীত্ব নহয়। ছপা মাধ্যমৰ পৰা শিকিয়েই নতুন প্ৰজন্মই ডিজিটেল মাধ্যম বা আন সামাজিক মাধ্যমত নতুন নতুন বিষয় চৰ্চা কৰাৰ এক প্ৰেৰণা লাভ কৰিছে।
ইয়াৰ উপৰিও, বাতৰি কাকতত প্ৰৱন্ধ লিখা লোক সকলৰ ক্ষেত্ৰখনত এক প্ৰকাৰৰ অভিজ্ঞতা আছে। কিন্তু ইন্টাৰনেট এনে এটা মাধ্যম য'ত সকলোৱে লিখিব পাৰে। সেই লিখা উচ্চ পৰ্যায়ৰ, বা সহায়ক হ'বও পাৰে নহ'বও পাৰে।বাতৰি কাকত এখনত লিখাৰ মানদণ্ড অধিক হয় আৰু পাঠকসকলে তথ্যৰ শুদ্ধতাৰ ওপৰত বিশ্বাসী হ'ব পাৰে।
গতিকে ডিজিটেল মাধ্যমে কেতিয়াও ছপা মাধ্যমৰ গুৰুত্ব নোহাৱা কৰিব নোৱাৰে। ডিজিটেল মাধ্যম বা ছচিয়েল মিডিয়া আৰু বাতৰি কাকত কেৱল পৰিপূৰকহে। মানুহে সময় কম হোৱাৰ বাবে যদি ডিজিটেল মাধ্যমত খবৰ চাই, তেন্তে সম্পূৰ্ণ শুদ্ধ তথ্য লাভ কৰিবলৈ বাতৰি কাকতখন পঢ়ে।
বাতৰি কাকতৰ পাঠক সকলে আঙুলিৰ মুৰতে সকলো খবৰ পাব পাৰে।ইন্টাৰনেটত বহু সময়ত এটা বস্তু বিচৰাৰ পৰিৱৰ্তে মানুহে তথ্য ভিত্তিক খবৰ বাতৰি কাকতত পায়। যাৰ বাবে হয়তো বাতৰি কাকত এনে এক মাধ্যম যাক পুৰণি প্ৰজন্মৰ মানুহৰ পৰা আৰম্ভ কৰি যুৱ প্ৰজন্মইও গুৰুত্ব দিয়ে।
বহুতৰ প্ৰশ্ন হয় আজিকালি কাকত পঢ়ে কোনে? কিন্তু এই প্ৰশ্নটো ভুল । হয়তো বাতৰিৰ কাকত চাহিদা এতিয়া হ্ৰাস পাইছে। কিন্তু জনপ্ৰিয়তা কমা নাই। বাতৰি কাকতবোৰ এতিয়াও প্ৰাসংগিক হোৱাৰ এটা কাৰণ হয়তো দেখাত সাধাৰণ আৰু আৱেগ। এতিয়াও একাংশৰ বাতৰি কাকতৰ লগত জড়িত হৈ আছে আৱেগ। যি আৱেগে বাতৰি কাকতৰ পৰা পাঠকক দূৰ নকৰে।
বহুতে এতিয়াও ডিজিটেল ৰূপত পঢ়াতকৈ বাতৰি কাকতত বেছি গুৰুত্ব দিয়ে। বহুলোকৰ বাবে অভিজ্ঞতা আহৰণ কৰাটোত নস্টালজিক মনোভাৱ জড়িত হৈ আছে। যেতিয়ালৈকে বাতৰি কাকত এখন পঢ়ি অভিজ্ঞতা আহৰণ কৰা লোক থাকিব তেতিয়ালৈকে ই প্ৰাসংগিক হৈ থাকিব।
আজি কালি দিনে-নিশাই নিউজ ৰুমৰ ভিতৰত বহি এংকৰে বাতৰি পঢ়ে, আলোচক মাতি বহু কথা-বতৰাৰ ওপৰত আলোনাৰ নামত চিঞৰ-বাখৰ কৰে।আৰু সেয়াই এতিয়া একাংশই খবৰ বুলি ধৰি লয়। মানুহৰ ওচৰত বিকল্পও আছে। অন্য এটা চেনেল লগাই ল'ব পাৰে।
কিন্তু তাতো একেই অৱস্থা। এটা বাতৰিৰ ওপৰত ২-৩ দিন আলোচনা আৰু পাছত সেই বাতৰিতো সম্পূৰ্ণ নোহোৱাকৈ হেৰাই যায়। সূত্ৰ অনুসৰি খবৰ প্ৰকাশ কৰা বাবে কোনোৱে দোষ দিব নোৱাৰে।
ছ'চিয়েল মিডিয়া এনে এক মাধ্যম যিয়ে ভুৱা কথাটোক সঁচাৰ ৰূপ দি দিয়ে। যাৰ বাবে বহু সময়ত বিতৰ্কৰ সৃষ্টি হয়। উদাহৰণ স্বৰূপে বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈ থকা চীন-ভাৰতৰ সৈনিকৰ ভিডিঅ'টিৰ কথা কব পাৰি। একাংশই ৯ ডিচেম্বৰ,২০২২ বুলি দাবী কৰা এই ভিডিঅ'টি আচলতে ২০২১ চনৰেই । সেইটোৱেই ছবিখন পৰিস্ফুট কৰিল দিয়ে। এনে উদাহৰণ বহুত আছে।
সাংবাদিকে সঁচা বাতৰি তথ্য সহকাৰে প্ৰচাৰ কৰাৰ চেষ্টা কৰে কিন্তু সেই প্ৰতিষ্ঠানটোত কোনো পূঁজিপতিয়ে আধিপত্য বিস্তাৰ কৰাৰ ফলত অৰ্ধ সত্যৰ মোহৰ পৰে। ছ'চিয়েল মিডিয়াতো তথ্য নোহোৱাকৈ যাৰ মনত যি আহে তাকেই প্ৰচাৰ কৰে। একাংশৰ বাবে লাইক, কমেন্টেই সকলো। মানুহৰ সৰলতাৰ পৰা আৰম্ভ কৰি মানুহৰ দুৰ্বলতাৰো সুযোগ লয় ছ'চিয়েল মিডিয়াই।
কিন্তু ৯-১০ টকাত লাভ কৰা এখন বাতৰি কাকতত সমাজ, সংস্কৃতি, ৰাজনীতি আদিৰ পৰা আৰম্ভ কৰি সকলো খবৰ পোৱা যায়। যিয়ে সমাজ তথা জনতাৰ প্ৰকৃত সমস্যাৰ ওপৰত কথা কয় ইয়াত সকলোৰে লগত জড়িত কৰি ৰাখে। যি প্ৰশাসনৰ বাবে দাপোন স্বৰূপ।
সেইবাবে এতিয়াৰ ডিজিটেল যুগতো শুদ্ধ, সম্পূৰ্ণ তথ্যৰ বাবে বাতৰি কাকতৰ ওপৰত নিৰ্ভৰশীল। কিয়নো তেওঁলোকে জানে ইয়াত ব্ৰেকিং নিউজৰ প্ৰতিযোগিতা নচলে। উল্লেখ্য যে, এতিয়াও দেশত প্ৰায় ২২ টা ভাষাত কেইবা কোটি বাতৰি কাকত ছপা হয়।
কিন্তু এনেকুৱা নহয় যে ছ'চিয়েল মিডিয়াৰ গুৰুত্ব নাই। সহজ আৰু প্ৰথম খবৰ লাভ কৰাৰ বাবে ছচিয়েল মিডিয়া উত্তম উপায়। বাতৰি কাকত আৰু ডিজিটেল সংবাদ দুয়ো দুয়োৰে সহায়ক। সংবাদ মাধ্যমো এতিয়া ক'ব নোৱাৰাকৈ মানুহৰ জীৱনৰ এতিয়া অপৰিহাৰ্য অংগ!