বিশ্ব ব্ৰেইলী দিৱস! ৬ টা বিন্দুতেই আছে পৃথিৱীৰ সমস্ত সুখ...

author-image
Asomiya Pratidin
New Update
বিশ্ব ব্ৰেইলী দিৱস! ৬ টা বিন্দুতেই আছে পৃথিৱীৰ সমস্ত সুখ...

ব্ৰেইলী লিপি সমাজৰ বাবে এক আশীৰ্বাদস্বৰূপ । এই আশীৰ্বাদে নেত্ৰশক্তিহীন লোকসকলৰ দৃষ্টি হেৰুৱাৰ পাছতো দৃষ্টি প্ৰদান কৰিছিল । এই ব্ৰেইলী লিপিৰ জনক লুই ব্ৰেইল । ফ্ৰান্সৰ শিক্ষাবিদ লুই ব্ৰেইলে শিশুকালতেই দৃষ্টিশক্তি হেৰুৱাইছিল যদিও থমকি নৰ'ল ব্ৰেইল । মাত্ৰ পোন্ধৰ বছৰ বয়সতেই উদ্ভাৱন কৰিছিল ব্ৰেইলী লিপিৰ । সেই লুই ব্ৰেইলৰ আজি জন্মবাৰ্ষিকী । লুই ব্ৰেইলৰ স্মৰণতেই সমগ্ৰ বিশ্বই ৪ জানুৱাৰীত পালন কৰে বিশ্ব ব্ৰেইলী দিৱস । বিশ্ব ব্ৰেইলী দিৱসৰ উপলক্ষে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই বিশেষ প্ৰতিবেদন...

দেহৰ পঞ্চ ইন্দ্ৰিয়ৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি জ্ঞাত দৃষ্টি শক্তি । শৰীৰৰ বহু মূল্যৱান সম্পদস্বৰূপ এই চকুজুৰিৰ অবিহনে অসহায় মানুহকে আদি কৰি যিকোনো জীৱ জন্তু । চৌপাশে নিৰন্তৰ সংঘটিত ঘটনাৰাজিৰ প্ৰথম বিৱৰণ মগজুলৈ প্ৰেৰণ হয় চকুজুৰিৰ জৰিয়তেই । ৰঙীন পৃথিৱীখনত কেৱল জীয়াই থকাৰ সংগ্ৰামত ব্যস্ত নহৈ যাপন কৰিবলৈ আটাইতকৈ প্ৰয়োজনীয় অংগবিধেই হৈছে চকুজুৰি ।

মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰাই বিভিন্ন দুৰ্ঘটনা অথবা জন্মগত বিসংগতিৰ বাবে নেত্ৰশক্তি হেৰুৱাব লগীয়া হৈছিল বহু লোকে । শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ সমূহৰ অন্যতম চকুজুৰি হেৰুৱাই যেন অসহায় হৈ পৰিছিল এই সকল লোক । সকলো সময়তেই প্ৰয়োজন হৈছিল এজন সংগীৰ যি পৰিচৰ্যা কৰিব পাৰে নেত্ৰশক্তিহীন ব্যক্তি গৰাকীৰ ।

কিন্তু এনে ব্যক্তি এজনে কেৱল নেত্ৰশক্তিয়েই হেৰুওৱা নাছিল, বৰং লগতে হেৰুৱাইছিল সকলো আশা । শৈক্ষিক অৰ্হতা লাভৰ ক্ষেত্ৰতো আহি পৰিছিল এক বাধা । কিয়নো নেত্ৰশক্তি অবিহনে কিদৰে এখন গ্ৰন্থত উল্লেখিত জ্ঞান আহৰণ কৰিব ব্যক্তি গৰাকীয়ে ।

১৮০৯ চনৰ ৪ জানুৱাৰীত ফ্ৰান্সৰ কৌপভ্ৰে' নামৰ এখন চহৰত জন্ম লাভ কৰিছিল এটি শিশুৱে । একোলা দুকোলাকৈ বাঢ়ি অহা শিশুটিৰ পিতৃৰ আছিল হাৰ্নেছ নিৰ্মাণৰ ব্যৱসায় । যি হাৰ্নেছেৰে ঘোৰা সমূহক বন্ধা হয় টাংগা খনৰ সৈতে । শিশুটিৰ বয়স তেতিয়া প্ৰায় তিনি বছৰ, পিতৃৰ দোকানত সংঘটিত এটি দুৰ্ঘটনাত শিশুটিৰ এটা চকুত সোমালগৈ হাৰ্নেছ সীবলৈ ব্যৱহাৰ কৰা বেজীটো । ক্ৰমাৎ সেই চকুটোৰ সংক্ৰমণ সোচঁৰিলে আনটো চকুলৈ ।

যাৰ পৰিণতিত শিশুটিয়ে হেৰুৱাব লগীয়া হৈছিল দৃষ্টিশক্তি । ১৯ শ শতিকাত দৃষ্টিশক্তিহীন লোকৰ বাবে নাছিল কোনো বিশেষ শিক্ষা ব্যৱস্থাও । কিন্তু তাৰ পাছতো শিশুটিয়ে জলপানীৰ সৈতে ফ্ৰান্সৰ "ৰয়েল ইনষ্টিটিউত ফ'ৰ ব্লাইন্ড য়ুথ'ত পঢ়িবলৈ সুবিধা লাভ কৰে । এই শিশুটিয়েই আছিল ব্ৰেইলী লিপিৰ উদ্ভাৱক লুই ব্ৰেইল ।

দুৰ্ঘটনাটোৰ পাছত দৃষ্টিশক্তি সম্পূৰ্ণৰূপে হেৰুৱাই হতাশ হৈ পৰিছিল লুই । একো নেদেখাৰ ক্ষোভ ব্যক্ত কৰিলেই যেনিবা কাৰোবাৰ সন্মুখত, কিন্তু সেই মানুহজনে জানো বুজিব লুইৰ দুখ ? তেনে এটা দিনতেই লুইৰ ওচৰলৈ আহিছিল এজন বন্ধু । বন্ধুজনে লুইৰ হাতত তুলি দিছিল এটি পাইন গছৰ গুটি ।

পাইন গছৰ গুটিটোৰ ওখোৰা মোখোৰা পৃষ্ঠখন স্পৰ্শ কৰি অনুমান কৰিছিল পাইনৰ গুটিটোৰ আকাৰ । তেনেদৰেই আখৰ সমূহো অনুমান কৰিব পৰা যাব বুলি খেলালে লুইৰ মনত । তেতিয়াৰে পৰাই লুই ব্যস্ত হৈ পৰিল দৃষ্টিশক্তিহীন লোকৰ বাবে এক নতুন লিপি উদ্ভাৱন কৰাত ।

ৰয়েল ইনষ্টিটিউত পঢ়ি থকা সময়ছোৱাতে শ্বৰ্টহেণ্ডৰ স্ৰষ্টা চালৰ্ছ বাৰ্বিয়াৰৰ অনুসৰণতেই লুই ব্ৰেইলে নিজৰ সুবিধা হোৱাকৈ সৃষ্টি কৰিলে ব্ৰেইলী লিপি । যি লিপিত প্ৰচলিত আখৰৰ ঠাইত আছিল কিছু সাংকেতিক চিহ্ন, যি চিহ্ন স্পৰ্শৰ সহায়ত অনুধাৱন কৰিব পাৰিছিল লুই ব্ৰেইলে ।

এই সময়ছোৱাত লুই কেৱল পোন্ধৰ বছৰীয়া । পোন্ধৰ বছৰ বয়সতেই কেৱল শিক্ষাৰ বাবেই নহয় বৰং সংগীতৰ বাবেও সৃষ্টি কৰি উলিয়ালে এক যুগান্তকাৰী উদ্ভাৱন । জীৱনৰ বাকী সময়ছোৱা এই ব্ৰেইলী লিপিৰ সংশোধনৰ বাবে উৎসৰ্গা কৰি দিয়া লুইয়ে কিন্তু মৃত্যু পৰ্যন্ত লাভ নকৰিলে স্বীকৃতি ।

মৃত্যুৰ কেইবা বছৰ পাছতহে সমগ্ৰ বিশ্বই বুজি উঠে লুই ব্ৰেইলৰ অৱদানৰ মাহাত্ম্য । চৌদিশে বিয়পি পৰে ব্ৰেইলী লিপিৰ খ্যাতি । এই যুগদ্ৰষ্টা লুই ব্ৰেইলৰ জন্ম দিৱসৰ দিনাই সমগ্ৰ বিশ্বই "বিশ্ব ব্ৰেইল দিৱস"ৰ জৰিয়তে স্মৰণ কৰে লুই ব্ৰেইলক ।

কিন্তু সহজ নাছিল এই যাত্ৰা । লুই ব্ৰেইলৰ মৃত্যুৰ ১৬ বছৰ পাছত ডা: আৰ্টিমিজে পঢ়িবলৈ পাইছিল ব্ৰেইলী লিপি । তাৰ পাছতহে সমগ্ৰ বিশ্বই জানিবলৈ পাই এই বিশেষ আৱিষ্কাৰৰ কথা । আজিও সমগ্ৰ বিশ্বত মূল উপভাষা সমূহত  উপলব্ধ নহয় ব্ৰেইলী লিপিৰ গ্ৰন্থ । কিয়নো সমগ্ৰ প্ৰক্ৰিয়াটি যথেষ্ট ব্যয়বহুল ।

এই লিপিত ৬ টা বিন্দুক বিশেষভাৱে স্থাপন কৰি মুঠ ৬০ টা সংকেতলৈ প্ৰকাশ কৰিব পাৰি । ইয়াৰ ওপৰিও ৰসায়ন বিজ্ঞানৰ সাংকেতিক চিহ্ন, সংগীতৰ স্বৰলিপিৰ ক্ষেত্ৰটো ব্যৱহাৰ হয় ব্ৰেইলী লিপি ।

braille luis braille