সাজু হওঁক! কিছু দিনৰ পিছত আপুনিও কৰিব লাগিব এখন যুঁজ…

সাজু হওঁক! কিছু দিনৰ পিছত আপুনিও কৰিব লাগিব এখন যুঁজ…
Published on
Updated on

● পংকজ শৰ্মা

পানীয়ে জীৱৰ প্ৰাণ। খাদ্য নোহোৱাকৈ জীয়াই থাকিব পাৰিলেও পানী অবিহনে জীৱকুল জীয়াই থকাটো অসম্ভৱ। কিন্তু এতিয়া এই পানীৰ বাবেই সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। পানীৰ বাবেই এতিয়া আৰম্ভ হৈছে তৃতীয় বিশ্বযুদ্ধৰ।

আপাততঃদৃষ্টিৰে এই ধৰণী পানীৰে পৰিপূৰ্ণ। কিন্তু তাৰ পিছতো জীৱ জন্তুৰ ব্যৱহাৰ যোগ্যপানীৰ পৰিমাণ তেনেই তাকৰ। সমগ্ৰ বিশ্বৰ ৩ শতাংশই পানী, মাত্ৰ এক শতাংশহে স্থল।তথাপি বিশ্বজুৰি লাভ কৰা ৯৭.৫ শতাংশ পানীয়েই পান কৰাৰ অযোগ্য। মিঠা পানী অৰ্থাৎজীৱ-জন্তুৰ ব্যৱাহাৰৰ যোগ্য পানীৰ পৰিমাণ হৈছে ২.৫ শতাংশ। কিন্তু এয়াও দুৰ্লভ।কিয়নো ইয়াৰে ৬৯ শতাংশ আছে গ্ৰেছিয়াৰ বা হিমবাহত আৰু ৩০ শতাংশ আছে ভূ মণ্ডলৰ তলত।

অৰ্থাৎ প্ৰায় ০.৮ শতাংশ পানীয়ে জীৱ জন্তুই ব্যৱহাৰ কৰিব পাৰে। জনসংখ্যা বৃদ্ধিৰ লগে লগে বৃদ্ধি পাইছে পানীৰ চাহিদাও। ইফালে পৃথিৱীৰ পৰা মিঠা পানীৰ উৎস ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰাত আৰু প্ৰদূষণে এক ভয়াবহ ৰূপ ধাৰণ কৰাত আগন্তক ২০-২৫ বছৰৰ ভিতৰত যে সমগ্ৰ বিশ্বৰ দুই তৃতীয়াংশ লোক তীব্ৰ জল সংকটৰ সন্মুখীন হ'ব লাগিব সেয়া নিশ্চিত। বিশ্বজুৰি সৃষ্টি হোৱা এনে তীব্ৰ জল সংকট প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে প্ৰতি বছৰৰ ২২ মাৰ্ছত পালন কৰা হয় বিশ্ব জল দিৱস।

ভাৰত চৰকাৰৰ নীতি আয়োগে সদৰী কৰা তথ্য মতে ২০১৮ চন পৰ্যন্ত সমগ্ৰ ভাৰতৰ ১০০ মিলিয়ন লোকে তীব্ৰ জলসংকট ভোগ কৰিবলগা হৈছে। ভূগৰ্ভৰ পৰা ক্ৰমে পানীৰ পৰিমাণ হ্ৰাস পোৱাত আগন্তক এটা বছৰৰ ভিতৰত দেশৰ ২১ খন চহৰ জল সংকটত পৰিব বুলিও এক চৰকাৰী তথ্যত প্ৰকাশ পাইছে।

ভাৰতত ক্ৰমাৎ বৃদ্ধি পোৱা জল সকংট ৰোধ কৰাৰ বাবে চৰকাৰৰ ওচৰতো সময় অধিক নাই। বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নথকাৰ বাবে বহু ঠাইত পানী পান কৰি কলেৰাৰ দৰে মাৰাত্মক ৰোগত আক্ৰান্ত হৈ বহু লোকৰ মৃত্যু ঘটিছে। ৫ বছৰৰ ভিতৰতে যদি চৰকাৰে জল সংকটৰ সমাধান উলিয়াব নোৱাৰে, তেন্তে ইয়ে পিছলৈ ভয়াবহ ৰূপ ল'ব বুলিও বহু বিজ্ঞানী, গৱেষকে মন্তব্য কৰিছে।

সেই কথা অনুভৱ কৰিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জল শক্তি মন্ত্ৰণালয় গঠন কৰি জল সংকট দূৰ কৰাৰ প্ৰচেষ্টা হাতত লৈছে। ২০১৯ বৰ্ষৰ লোকো সভা নিৰ্বাচনতো বিজেপিয়ে প্ৰকাশ কৰা ঘোষণা পত্ৰত গুজৰাট, ৰাজস্থানৰ দৰে ৰাজ্যত প্ৰতি ঘৰত পানী যোগানৰ বাবে পাইপ লাইন বহোৱাৰ প্ৰতিশ্ৰুতি দিছিল।

ইতিমধ্যেচেন্নাই, মহাৰাষ্ট্ৰ, ৰাজস্থান, গুজৰাট আৰু কেৰেলাসহ বিভিন্ন ৰাজ্যত অস্বাভাৱাৱিকজল সংকটে বহু সংখ্যক লোকৰ অৱস্থা নাজল নাথল কৰি পেলাইছে। ৰাজস্থান, গুজৰাট, উত্তৰপ্ৰদেশৰ বহু গাঁৱৰ বাসিন্দাই এটুপি খোৱা পানীৰ বাবে কেইবা কিলোমিটাৰ বাট খোজকাঢ়িগৈ পানী কঢ়িয়াবলগা হৈছে।

চেন্নাই চহৰৰ বাবে পানীৰ মূল ৪টা ধাৰাই গ্ৰীষ্মকাল পৰাৰ লগে লগে শুকাই যোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ২০১৯ বৰ্ষতো চেন্নাইত সৃষ্টি হোৱা তীব্ৰ জলসংকটৰ প্ৰতি লক্ষ্য ৰাখি অন্য ৰাজ্যৰ পৰা ৰে'লেৰে ৰাজ্যখনলৈ পানী কঢ়িয়াবলগা হৈছিল চৰকাৰে।

প্ৰধানমন্ত্ৰীনৰেন্দ্ৰ মোডীয়ে কিছুদিন পূৰ্বে দেশৰ এনেদৰে বৃদ্ধি পোৱা জল সংকটক গুৰুত্বসহকাৰেলৈ তেওঁৰ 'মন কী বাত' অনুষ্ঠানত পানীৰ সংকট দূৰ কৰাৰ ক্ষেত্ৰত পানী ব্যৱহাৰতদেশবাসীক সজাগ হ'বলৈ আহ্বান জনাইছিল।

ভাৰতত এনে জলসংকট ৰোধ কৰাৰ একমাত্ৰ উপায় বৰষুণ। কিন্তু মাত্ৰ ৮ শতাংশ বৰষুণৰ পানীয়ে সংৰক্ষণ কৰা হয়। এই পানীৰে জল সংকট দূৰ কৰা সম্ভৱ নহয়। তেনে পৰিপ্ৰেক্ষিতত পানী ব্যৱহাৰৰ ক্ষেত্ৰত সজাগ নহ'লে আগন্তুক মাত্ৰ ৪-৫ বছৰৰ ভিতৰতে পানীৰ সমস্যাই গুৰু ৰূপ ধাৰণ কৰিব দেশজুৰি।

ত্ৰিপুৰাৰভূগৰ্ভৰ পৰা পানীৰ পৰিমাণ হ্ৰাস পোৱাক লৈ চিন্তিত হৈ পৰিছে চৰকাৰ। ভূগৰ্ভৰ পানীকমি অহাৰ লগে লগে ৰাজ্যখনত পানীৰ সংকট বৃদ্ধি পাইছে। লগতে হ্ৰাস পাইছে কৃষি ভূমিৰউৰ্বৰতাও। এনে পৰিস্থিতিত ৰাজ্যখনৰ পানীৰ সমস্যা দূৰ কৰাৰ বাবে চৰকাৰে ইটোৰ পিছতসিটো প্ৰকল্প হাতত লৈছে।

প্ৰদূষণহৈছে খোৱা পানীৰ বাবে এক প্ৰধান সমস্যা। চৰকাৰী তথ্য অনুসৰি প্ৰদূষিত পানী পান কৰিপ্ৰতি বছৰে ভাৰতত ২০ লাখ লোকৰ মৃত্যু ঘটে। এয়া সাধাৰণ সংখ্যা নহয়। ভাৰতত এতিয়া ৪১৬মিলিয়ন লোকেই বাস কৰে চহৰত। বিশ্বৰ বহত্তম জনবহুল দেশ চীনক জনসংখ্যাৰ দিশত চেৰপেলাবলৈ ভাৰতৰ মাত্ৰ প্ৰয়োজন হ'ব আৰু এটা দশকৰ।

জনসংখ্যা বৃদ্ধিৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে প্ৰদূষণ। এই প্ৰদূষণেই বিষাক্ত কৰিছে খোৱা পানীও। যাৰ ফলত এনে বিষাক্ত পানী পান কৰি মৃত্যু ঘটা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। সমগ্ৰ বিশ্বৰ লগতে ভাৰতত সৃষ্টি হোৱা এনে সমস্যাক লৈ চিন্তিত হৈ পৰিছে চৰকাৰৰ লগতে বিজ্ঞানীসকলো।

ভাৰতৰমুঠ গাঁৱৰ সংখ্যা হৈছে ৬ লাখ ৫৬ হাজাৰখন। এই গাঁওসমূহত বাস কৰে ১৯ কোটি ১৯ লাখপৰিয়াল। জনসংখ্যা প্ৰায় ১৩০ কোটি। ২০১৮ বছৰ জুন মাহত নীতি আয়োগে প্ৰকাশ কৰা একসমীক্ষা অনুসৰি গাঁৱত বাস কৰা প্ৰায় ৬০ কোটি মানুহৰ বাবে নাই কোনো বিশুদ্ধখোৱাপানীৰ ব্যৱস্থা।

অইনফালে দেশৰ ১৮ শতাংশ লোকৰ বাবে পাইপ লাইনেই হৈছে খোৱাপানী যোগানৰ আধাৰ। বিভিন্ন ঠাইত আকৌ পানীত আৰ্চেনিক আৰু ফ্ল'ৰাইডৰ মাত্ৰা অধিক হোৱাত পান কৰাৰ অযোগ্য হয়। এনে পৰিস্থিতিত মহাৰাষ্ট্ৰৰ ঔৰাংগাবাদ, ৰাজস্থানৰ চেংগীৰামৰ দৰে বিভিন্ন অঞ্চলৰ লোকে ১৪-১৫ কিলোমিটাৰ খোজকাঢ়ি গৈ মালবাহী ট্ৰেইনৰ পৰা পানী ল'বলগা হয়।

এইসমস্যাই ইমানেই ভয়াবহ ৰূপ লৈছে যে ভূ গৰ্ভৰ পানীৰ দ্ৰুত হাসৰ ফলত বহু অঞ্চলৰ কৃষিউৎপাদন নোহোৱা হৈ পৰিছে। খোৱা পানীটো বাদেই, অন্য কাৰ্যত ব্যৱহাৰ কৰিবলৈ বা কৃষিৰবাবেও পানী বিচাৰি হাহাকাৰ কৰিবলগা হৈছে গ্ৰামাঞ্চলৰ অনেক লোকে।

পানীৰ বাবেই আৰম্ভ হৈছে তৃতীয় বিশ্বযুদ্ধৰ! পানীৰ প্ৰদূষণৰ ফলত এতিয়া সমগ্ৰ বিশ্বত প্ৰতি চেকেণ্ডত একোটিকৈ শিশুৱে মৃত্যুক আকোঁৱালি ল'বলগা হৈছে। ক্ৰমাগতভাৱে বৃদ্ধি পোৱা জনবহুলতাই অধিক তীব্ৰতৰ কৰিছে এই জলসংকট।

বিশ্বজল সুৰক্ষা আয়োগৰ মতে, ২০৫০ বৰ্ষ পৰ্যন্ত বিশ্বৰ প্ৰতি চতুৰ্থজন ব্যক্তিয়ে এনে জলসংকটত পৰিব। আগন্তুক ৫০ বছৰ পৰ্যন্ত বিশ্বৰ ৬০ খন দেশৰ ৭ আৰৱ লোকে পৰ্যাপ্তখোৱাপানী লাভ নকৰাত সৃষ্টি হ'ব ভয়াবহ পৰিস্থিতিৰ।

চহৰৰ উপকণ্ঠ অঞ্চলতে নিৰ্মাণ হয় বিভিন্ন উদ্যোগসমূহ। এনে উদ্যোগ সমূহে এফালে যেনেকৈ সংস্থাপন দি নিবনুৱা সমস্যা সমাধানত সমাধান কৰে, তাৰ বিপৰীতে তীব্ৰ ভাবুকিৰ সৃষ্টি কৰে অন্য বিষয়লৈ। বিশেষকৈ এনে উদ্যোগ স্থাপনৰ নামত চহৰৰ উপকণ্ঠ অঞ্চলত থকা বিল, পিতনি সমূহ পুতি পেলোৱাৰ ফলত পানী সংৰক্ষণ ক্ৰমাৎ হ্ৰাস পায়। তদুপৰি উদ্যোগটোৰ দ্বাৰা সৃষ্টি হোৱা প্ৰদূষণে পাশ্বৱৰ্তী অঞ্চলসমূহত থকা নদ-নদী, জান-জুৰি সমূহতো প্ৰভাৱ পেলোৱাত পানীৰ সমস্যা বৃদ্ধি পাবলৈ ধৰে।

চেন্নাই, মুম্বাইৰ দৰে নগৰত জল সংকটে তীব্ৰ ধাৰণ কৰাৰইয়ো এক মূল কাৰণ। এনে পৰিপ্ৰেক্ষিতত নিবনুৱা সমস্যা সমাধান বা আৰ্থিক বিকাশৰ বাবেউদ্যোগ নিৰ্মাণ যিদৰে আৱশ্যক তেনেদৰে জল সংকটৰ ক্ষেত্ৰতো এনে উদ্যোগসমূহে পেলাব পৰাপ্ৰভাৱৰ প্ৰতি চৰকাৰে গুৰুত্ব দি ব্যৱস্থা গ্ৰহণ কৰাটো নিতান্তই আৱশ্যক।

অসমতো এতিয়া ক্ৰমাৎ আৰম্ভ হৈছে জলসংকট। মহানগৰীৰসমীপতে ব্ৰহ্মপুত্ৰ নৈ থাকিলেও বিশুদ্ধ খোৱাপানীৰ অভাৱত ভূগিবলগা হৈছে মহানগৰবাসী।মহানগৰীৰ অধিকাংশ নিৱাসীয়েই প্ৰতিদিনে হাজাৰ হাজাৰ টকা খৰছ কৰি পানী ক্ৰয় কৰিবলগাহয়।

গুৱাহাটীৰ সমীপতে থকা দীপৰ বিলকে ধৰি অন্য বিল সমূহৰ সংৰক্ষণৰ ব্যৱস্থা নথকা, পানী যোগানৰ বাবে চৰকাৰৰ কোনো ধৰণৰ বিশেষ ব্যৱস্থা নথকাত পানীৰ সমস্যাৰ সৃষ্টি হৈছে। কিছু বছৰৰ ভিতৰত অন্য চহৰৰ দৰে গুৱাহাটী মহানগৰতো জল সংকটে তীব্ৰ ৰূপ যে ধাৰণ কৰিব সেয়া ধূৰূপ।

পানী অবিহনে কোনো জীয়াই থাকিব নোৱাৰে। চৰকাৰে জলসংকটৰ প্ৰতি লক্ষ্য ৰাখি সেয়া সমাধান কৰাৰ মানসেৰে বিজ্ঞাপন যোগে মানুহক সজাগ কৰাৰচেষ্টা চলাইছে। কিন্তু তাৰ মাজতে অধিকাংশ লোকে 'মোৰ ঘৰতটো পানীৰ অভাৱ নাই' শীৰ্ষকমনোভাৱেৰে কৰি গৈছে পানীৰ অপব্যৱহাৰ। এনে কাৰ্যই আজি তেওঁৰ ওপৰত প্ৰভাৱ নেপেলালেওএদিন তেওঁ সেয়া অনুভৱ কৰিব।

পানীৰ সংৰক্ষণ কৰক। কিয়নো পানীয়ে আমাৰ প্ৰাণ। জীয়াইথাকিবলৈ এদিন বা দুদিন নাখালেও হয়। কিন্তু পানী অবিহনে নচলে। চেন্নাই, গুজৰাট,মহাৰাষ্ট্ৰত আজি এটুপি পানীৰ বাবে যি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, সেয়া আৰুনহওক। পানী সংৰক্ষণেৰে আপোনাৰ লগতে আপোনাৰ ভৱিষ্যত প্ৰজন্মকো জীয়াই থাকিবলৈ দিয়ক।  

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in