'গুৱাহাটীৰ লগতে সৰু চহৰতো অনুষ্ঠিত কৰা হ'ব ক্ৰিকেট খেল' : তৰংগ গগৈ

নতুন সমিতিখনে খেলসমূহ গুৱাহাটীৰ উপৰিও ৰাজ্যখনৰ সৰু চহৰসমূহলৈ লৈ যোৱাটো নিশ্চিত কৰিব
taranga gogoi
taranga gogoi
Published on
Updated on

ডিজিটেল ডেস্ক : অসম ক্ৰিকেট সন্থাৰ (এচিএ) নতুন সভাপতি তৰংগ গগৈয়ে সভাপতি পদৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পছত কয় যে - নতুন সমিতিখনে খেলসমূহ গুৱাহাটীৰ উপৰিও ৰাজ্যখনৰ সৰু চহৰসমূহলৈ লৈ যোৱাটো নিশ্চিত কৰিব।

লগতে তেওঁ কয় যে "আমি চেষ্টা কৰিম যে ক্ৰিকেট কেৱল গুৱাহাটীতে সীমাবদ্ধ নহয়। আমি নিশ্চিত কৰিবলৈ চেষ্টা কৰিম যে ই মুখ্য চহৰৰ বাহিৰৰ স্থানবোৰত প্ৰথম শ্ৰেণীৰ খেলকে ধৰি অধিক খেল অনুষ্ঠিত হয়।"

তেওঁ লগতে আন্তঃগাঁথনি সন্দৰ্ভতো মন্তব্য আগবঢ়ায়। তেওঁ কয়, "আমাৰ পূৰ্বৰ সমিতিখনে ৰাজ্যজুৰি যথেষ্ট আন্তঃগাঁথনি উন্নয়নৰ কাম আৰম্ভ কৰিছে। আমি সেইবোৰ সম্পূৰ্ণ কৰাৰ লগতে নতুন কাম হাতত লম।"

"সঠিক আন্তঃগাঁথনি অবিহনে খেলুৱৈসকলে তেওঁলোকৰ শ্ৰেষ্ঠত্ব প্ৰদান কৰিব নোৱাৰে। লগতে, আমি আমাৰ ক্ৰিকেটাৰ সকলৰ বাবে পৰ্যাপ্ত প্ৰশিক্ষণ আৰু অন্যান্য সুবিধা উপলব্ধ হোৱাটো নিশ্চিত কৰিম," এইদৰে মন্তব্য আগবঢ়ায় নৱ-নিৰ্বাচিত সভাপতিগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in