নাপালে অনুশীলনৰ সুযোগ, নাপালে শুবলৈঃ টোপনিৰ জালতে ছেমি ফাইনেল খেলিলে আফগানিস্তানে

নাপালে অনুশীলনৰ সুযোগ, নাপালে শুবলৈঃ টোপনিৰ জালতে ছেমি ফাইনেল খেলিলে আফগানিস্তানে
নাপালে অনুশীলনৰ সুযোগ, নাপালে শুবলৈঃ টোপনিৰ জালতে ছেমি ফাইনেল খেলিলে আফগানিস্তানে
Published on
Updated on

ডিজিটেল ডেস্কঃ বিশ্বকাপৰ দৰে এখন বিশাল মঞ্চ। তাতে ছেমি ফাইনেলৰ মেচ। প্ৰতিপক্ষি দক্ষিণ আফ্ৰিকা। যিমানেই আত্মবিশ্বাসী নহওক কিয় আফগানিস্তানৰ দৰে এটা দলৰ বাবে স্বাভাৱিকতে এই মেচে যথেষ্ট চাপ সৃষ্টি কৰিছিল।

এনে চাপৰ পৰা মুক্ত হোৱাৰ সুযোগ পোৱাটো দূৰৰে কথা মেচৰ পূৰ্বে অনুশীলন কৰাৰো সুযোগ নাপালে আফগান দলটোৱে। নাপালে ভালকৈ শুবলৈও। মাত্ৰ এটা ঘণ্টা টোপনি মাৰিয়েই টি-২০ বিশ্বকাপৰ দৰে প্ৰতিযোগিতাৰ ছেমি ফাইনেল খেলিলে দলটোৱে।

চলিত টি-২০ বিশ্বকাপৰ অভিযান অতি বেদনাদায়কভাৱে সামৰণি মাৰিলে আফগানিস্তানে। গ্ৰুপ পৰ্যায়ৰ মেচত নিউজিলেণ্ডক পৰাস্ত কৰি অভিযান আৰম্ভ কৰিছিল আফগান দলটোৱে। চুপাৰ-৮ ত অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী দলক পৰাস্ত কৰাৰ পিছত বাংলাদেশক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল।

কিন্তু ছেমি ফাইনেলত মাত্ৰ ৫৬ ৰাণতে থমকি ৰ'বলৈ বাধ্য হয় আফগানিস্তান। দলটোৰ এজনো বেটছমেনই ক্ৰীজত বেছি সময় থিয় হৈ থাকিব নোৱাৰিলে। এইদৰে অতি দুৰ্ভাগ্যজনক প্ৰদৰ্শনৰ জৰিয়তে বিশ্বকাপৰ ছেমি ফাইনেলৰ পৰা বাহিৰ হোৱা দলটোৰ অৱশ্যে চলিত বিশ্বকাপ আছিল স্বপ্নৰ বিশ্বকাপ।

এইবাৰৰ বিশ্বকাপত দলটোৱে বহু কিবাকিবি অৰ্জন কৰিলে। বিশ্ব ক্ৰিকেটত আফগানিস্তান যে এতিয়া শিশু হৈ থকা নাই সেই কথা প্ৰমাণ কৰি দেখুৱালে। নিউজিলেণ্ড, পাকিস্তান, অষ্ট্ৰেলিয়াৰ দৰে দল ধাৰাসায়ী হৈছে এই দলটোৰ বিৰুদ্ধে।

আজিৰ ছেমি ফাইনেলতো এই দলটোৱে পূৰ্বৰ ধাৰাবাহিকতা ৰক্ষা কৰিয়েই যুঁজ দিব বুলি ধাৰণা কৰা হৈছিল যদিও আৰম্ভণিৰ পৰাই বেটিং বিপৰ্যয় আৰম্ভ হৈ ৫৬ ৰাণতে ইনিংছ সামৰে। দলটোৰ এনে প্ৰদৰ্শনৰ পাছতে এতিয়া প্ৰশিক্ষক জনাথন ট্ৰ’টে আই চি চিক সমালোচনা কৰিছে।

ছেমি ফাইনেলত নমাৰ পূৰ্বে ৪ ঘণ্টা বিমান পলম হৈছিল আফগান দলটোৰ। ফলত মাত্ৰ এটা ঘণ্টা টোপনি মাৰিয়েই খেল পথাৰত নামিবলগীয়া হৈছিল দলটো। নাপালে অনুশীলনৰো সুযোগ।

সমান্তৰালকৈ পিটছখনক লৈয়ো আৰম্ভ হৈছে বিতৰ্ক। দলটোৰ প্ৰশিক্ষক জনাথন ট্ৰ’টে কয়, এয়া বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্য পিটছ নহয়। এয়া একেবাৰে সৰল আৰু সঁচা কথা। মেচখনত যুঁজ হ'ব লাগিছিল। মই কোৱা নাই যে ফ্লেট পিটছ হ'ব লাগিছিল। য'ত কোনো চিম বা স্পীন নাথাকিব। মই কৈছো বেটছমেনে সাহসী শ্বট খেলাৰ বাবে ভয় কৰিব, তেনে পীটছ হোৱা উচিত নাছিল। অৱশ্যে তেওঁ অৱসাদক এই পৰাজয়ৰ কাৰণ হিচাপে উল্লেখ কৰা নাই।

আনহাতে অধিনায়ক ৰছিদ খানে এই পৰাজয়ক যোগাত্মকভাৱেই লৈছে। তেওঁ কয়, এই টি-২০ বিশ্বকাপ চিৰদিনলৈ স্মৰণীয় হৈ থাকিব। আমি যিদৰে যুঁজ দিলোঁ সেয়া প্ৰশংসনীয়। মই সঁচাকৈ গৌৰৱান্বিত। আমি পুনৰ দল গঠনৰ কাম আৰম্ভ কৰিম। আমি পৰৱৰ্তী মেচত অধিক শক্তিশালী হৈ আহিম। যিসকলে আমাক বিশ্বাস কৰিছিল, সহায় কৰিছিল সকলোকে বহুত ধন্যবাদ।

নাপালে অনুশীলনৰ সুযোগ, নাপালে শুবলৈঃ টোপনিৰ জালতে ছেমি ফাইনেল খেলিলে আফগানিস্তানে
ভাৰত-জিম্বাব'ৱে শৃংখলা : নিতীশৰ স্থানত অলৰাউণ্ডাৰ শিৱম ডুবেক অন্তৰ্ভূক্তি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in