ভাৰতৰ বিৰুদ্ধে গ'ল ডকাইটিত নামিল কাটাৰঃ বিশ্ব ফুটবলৰ আন এক ক'লা অধ্যায়...

ন্যায় বিচাৰি ফিফা, এছিয়ান ফুটবল কনফেডাৰেচনলৈ পত্ৰ
ভাৰতৰ বিৰুদ্ধে গ'ল ডকাইটিত নামিল কাটাৰঃ বিশ্ব ফুটবলৰ আন এক ক'লা অধ্যায়...
ভাৰতৰ বিৰুদ্ধে গ'ল ডকাইটিত নামিল কাটাৰঃ বিশ্ব ফুটবলৰ আন এক ক'লা অধ্যায়...
Published on
Updated on

ডিজিটেল ডেস্কঃ সেয়া খেল নাছিল, অন কেমেৰা যেন এক ডকাইটিহে আছিল। কাটাৰৰ খেলুৱৈয়ে ভাৰতীয় খেলুৱৈৰ লগত কৰা এই ডকাইটি কাণ্ডত সম্পূৰ্ণ সহযোগিতা কৰিলে মেচ পৰিচালনাৰ দায়িত্বত থকা ৰেফাৰীয়ে।

এই ডকাইটি কাণ্ডক লৈ এতিয়া বিশ্ব ফুটবলত জগতত ব্যাপক চৰ্চা। কেৱল চৰ্চাই নহয় ফুটবলৰ ইতিহাসত লিপিবদ্ধ হ'ল এক ক’লা অধ্যায়।

দোহাত আছিল বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী এখন গুৰুত্বপূৰ্ণ মেচ। এই মেচখনতে কাটাৰৰ খেলুৱৈয়ে আশ্ৰয় ল’লে গ'ল ডকাইটিৰ। এই কাৰ্যত তেওঁলোকক সম্পূৰ্ণ সহযোগিতা কৰিলে ৰেফাৰীৰ জঘণ্য আচৰণে। ফলত মেচখনত ২-১ গ’লত পৰাস্ত হ'ল ভাৰত।

অতি গুৰুত্বপূৰ্ণ এই মেচখনত পৰাজয়ৰ লগে লগে বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ পৰৱৰ্তী তৃতীয় ৰাউণ্ডত উপনীত হোৱাৰ সপোন পূৰণ নহ'ল ভাৰতৰ। এই মেচখনৰ জৰিয়তেই অন্ত পৰিল ভাৰতৰ অভিযান।

কাটাৰৰ এই বিতৰ্কিত গ'লক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা। ভাৰতীয় গ'ল পোষ্টৰ বাহিৰলৈ যোৱাৰ পিছতে কাটাৰৰ ফুটবলাৰে ভৰিৰে সেই বল খেল পথাৰৰ ভিতৰলৈ টানি আনিছিল। সেই বলটোকেই ইউছুফ আইমন নামৰ খেলুৱৈজনে পুনৰ গ'ল পোষ্টৰ ভিতৰলৈ সোমোৱাই দিছিল।

ভাৰতীয় গ'লকীপাৰ গুৰপ্ৰীত সিঙৰ পৰা আৰম্ভ কৰি সকলোৱে ৰেফাৰীক ইয়াৰ বিৰুদ্ধে অভিযোগ কৰিছিল। কিন্তু ভাৰতীয় খেলুৱৈৰ কথা কোনে শুনে? অন কেমেৰা কাটাৰৰ খেলুৱৈ, মেচ ৰেফাৰীসকলো মিলি নামি পৰিল ভাৰতৰ বিৰুদ্ধে ডকাইটিত।  

কাটাৰৰ খেলুৱৈ আৰু ৰেফাৰীৰ এনে কাণ্ডৰ বিৰুদ্ধে ভাৰতীয় ফুটবল ফেডাৰেচন এতিয়া কাষ চাপিছে ফিফাৰ। মেচখনৰ কমিচনাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে ভাৰতীয় ফুটবল সন্থাই।

ফেডাৰেচনৰ সভাপতি কল্ল্যাণ চৌবেয়ে এই সন্দৰ্ভত কয় যে, ''জয় আৰু পৰাজয় খেলৰ অংশ। আমি মৰ্যাদা সহকাৰে তাক গ্ৰহণ কৰিবলৈ শিকিছোঁ। কিন্তু কাটাৰৰ দুটা গ’লৰ মাজত এটা গ'লে বিতৰ্কৰ সূচনা কৰিছে। ফিফাৰ হেড অফ কোৱালিফায়াৰ্ছ, এ এফ চিৰ ৰেফাৰী প্ৰধান, এ এফ চি হেড অফ কম্পিটিচন আৰু মেচ কমিচনাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। এই বিতৰ্কিত গ’লটোৰ বাবেই আমি ফিফা বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ তৃতীয় ৰাউণ্ডলৈ যাব নোৱাৰিলোঁ। আমাৰ সৈতি যি অন্যায়-অবিচাৰ হৈছে তাৰ ক্ষতিপূৰণৰ যাতে ব্যৱস্থা গ্ৰহণ কৰা হয় তাৰ বাবে আমি আবেদন কৰিছোঁ। ফিফা আৰু এ এফ চিয়ে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ।''

ইফালে ফেডাৰেচনৰ এক সূত্ৰৰ খবৰ অনুসৰি এই বিতৰ্কিত গ’লটোৰ পুংখানুপুংখ তদন্তৰ দাবী কৰিছে সৰ্ব ভাৰতীয় ফুটবল ফেডাৰেচনে। মেচখনত প্ৰথমে ভাৰতে গ’ল কৰি আগবাঢ়ি আছিল। কিন্তু ৭৩ মিনিটত সেই বিতৰ্কিত গ’লটো হয়। এই অবৈধ গ’লটোক বৈধতা প্ৰদান কৰিলে।   

ভাৰতৰ বিৰুদ্ধে গ'ল ডকাইটিত নামিল কাটাৰঃ বিশ্ব ফুটবলৰ আন এক ক'লা অধ্যায়...
২২ গজত ভাৰতৰ বিৰুদ্ধে প্ৰৱাসী ভাৰতীয়....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in