থাইলেণ্ডত পুনৰ উজলিছে অম্বৰিশ নিং গগৈ...

ইণ্টাৰনেচনেল থাই বক্সিং ফাইটত জয়ী অম্বৰিশ
থাইলেণ্ডত পুনৰ উজলিছে অম্বৰিশ নিং গগৈ...
থাইলেণ্ডত পুনৰ উজলিছে অম্বৰিশ নিং গগৈ...
Published on
Updated on

ডিজিটেল ডেস্কঃ ইণ্টাৰনেচনেল থাই বক্সিং ফাইটত পুনৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ প্ৰফেচনেল কমবেট এথলিট (বক্সিং, মুৱাইথাই) অম্বৰিশ নিং গগৈয়ে। যোৱা ১৬ ছেপ্টেম্বৰত থাইলেণ্ডৰ কালাৰে নাইটবাজাৰ বক্সিং ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত বিজয়েৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আৰু এঢাপ আগবাঢ়িবলৈ সক্ষম হয় অম্বৰিশ।

এই প্ৰফেচনেল বক্সিঙত থাইলেণ্ডৰ স্থানীয় প্ৰফেচনেল এথটিলসকলৰ বিৰুদ্ধে ইংলেণ্ড, চীন, টাইৱান, আমেৰিকা আদিৰ এথলিটে প্ৰযিগোতিতা নামিছিল।ভাৰতৰ পৰা একমাত্ৰ অংশগ্ৰহণকাৰী হিচাপে আছিল অসমৰ অম্বৰিশ নিং গগৈ।

উল্লেখ্য যে, থাইলেণ্ডৰ প্ৰফেচনেল মুৱাইথাইৰ এটা চিনাকী নাম অম্বৰিশ নিং গগৈ। প্ৰফেচনেল মুৱাইথাই খেলা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ খেলুৱৈ। অম্বৰিশ এসময়ত আছিল ভাৰতৰ দুবাৰৰ মুৱাইথাইৰ ৰাষ্ট্ৰীয় চেম্পিয়ন।

প্ৰথমে এমেচাৰ বক্সিঙেৰে কেৰিয়াৰ আৰম্ভ কৰা অম্বৰিশে পৰৱৰ্তী সময়ত মুৱাইথাইৰ প্ৰতি অধিক আগ্ৰহী হয়। ইয়াৰ পিছতে তেওঁ হৈ পৰে দেশৰ ৮ জন শীৰ্ষ প্ৰফেচনেল মুৱাইথাই খেলুৱৈৰ এজন।

থাইলেণ্ডত পুনৰ উজলিছে অম্বৰিশ নিং গগৈ...
এজন মন্ত্ৰীক হত্যা কৰিবলৈ ৫০ লাখ টকাৰে ৫ 'চুপাৰী কিলাৰ' নিয়োগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in