ডিজিটেল ডেস্কঃ ভাৰতীয় মল্লযুঁজ সন্থা চমুকৈ ডব্লিউ এফ আইৰ সভাপতি তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ সিংৰ বিৰুদ্ধে মল্লযুঁজাৰুসকলৰ প্ৰতিবাদ অব্যাহত আছে। তাৰ মাজতে যন্তৰ মন্তৰৰ প্ৰতিবাদস্থলীৰ পৰা তাৰকা মল্লযুঁজাৰু বীনেশ ফোগাতে কয়, এজন শক্তিশালী ব্যক্তিৰ বিৰুদ্ধে থিয় হোৱাটো কঠিন কাম।
এই ক্ষমতাশালী ব্যক্তিজনে তেওঁৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি আহিছে। এইসকল মল্লযুঁজাৰুৱে ব্ৰীজ ভূষণ সিংৰ বিৰুদ্ধে যৌন শোষণৰ অভিযোগ উত্থাপনেৰে তেওঁৰ গ্ৰেপ্তাৰ দাবী কৰি আহিছে।
যন্তৰ মন্তৰৰ প্ৰতিবাদস্থলীত সংবাদ মাধ্যমক সম্বোধন কৰি অলিম্পিয়ান বীনেশ ফোগাতে কয়, দীৰ্ঘ সময় ধৰি নিজৰ শক্তি আৰু ক্ষমতা দুৰ্পয়োগ কৰি অহা এনে এজন ব্যক্তিৰ বিৰুদ্ধে থিয় হোৱাটো এক কঠিন কাম। তেওঁ লগতে কয়, যন্তৰ মন্তৰত প্ৰতিবাদ কৰৰা ৩ মাহ পূৰ্বে তেওঁলোকে এজন অধিকাৰীৰ সৈতে কথা পাতি অভিযোগ দাখিল কৰিছিল যদিও তাৰ কোনো গুৰুত্ব প্ৰাদন নকৰিলে।
ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ ন'ললে। এই অভিযোগৰ কোনো তদন্তও নকৰিলে। যাৰ বাবে তেওঁলোকে এইদৰে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে। বীনেশ ফোগাতে এই প্ৰতিবাদস্থলীৰ পৰাই ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰকো আক্ৰমণৰ লক্ষ্য কৰি লয়।
তেওঁ কয়, আমি কেন্দ্ৰীয় খেলমন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে কথা পতাৰ পাছতে প্ৰতিবাদ বন্ধ কৰিছিলো। সকলো এথলিটে যৌন শোষণৰ বিষয়ে তেওঁক অৱগত কৰিছিল। কিন্তু তেওঁ এখন সমিতি গঠন কৰি বিষয়টো দবাই ৰখাৰ চেষ্টা কৰে।
সেই সময়ত ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে কোনো তদন্ত কৰা হোৱা নাছিল। আনহাতে মল্লযুঁজাৰু বজৰং পুনিয়াই কয়, ব্ৰীজ ভূষণ সিঙে কৈছে, অলিম্পিক যোগ্যতা অৰ্জনৰ বাবে তেওঁলোকে নতুনকৈ কৰা নিয়মৰ বিৰোধিতাৰে আমি প্ৰতিবাদ কৰিছো।
কিন্তু এই প্ৰতিবাদ অলিম্পিক যোগ্যতা অৰ্জনৰ নতুন নিয়মৰ বাবে নহয়। এই প্ৰতিবাদ যৌন উৎপীড়ণৰ বিৰুদ্ধেহে।
ইফালে ডব্লিউ এফ আইৰ সভাপতি, বিজেপি সাংসদ ব্ৰীজ ভূষণে শেহতীয়াকৈ মন্তব্য কৰিছে যদিহে তেওঁ এতিয়া পদত্যাগ কৰে তেন্তে সেয়া হ’ব তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ স্বীকাৰ কৰি লোৱা। সেয়ে তেওঁ পদত্যাগ নকৰে।
এই মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে বীনেশ ফোগাতে কয়, তেওঁলোকে কেৱল ন্যায় বিচাৰে। দিল্লী আৰক্ষীয়ে শুকুৰবাৰে ডব্লিউ এফ আইৰ সভাপতি সিঙৰ বিৰুদ্ধে মহিলা মল্লযুঁজাৰুসকলৰ যৌন নিৰ্যাতন আৰু শোষণৰ অভিযোগত দুখন এজাহাৰ পঞ্জীয়ন কৰিছে।
ইফালে বিজেপি সাংসদগৰাকীয়ে কয় তেওঁৰ সৈতে হাৰিয়ানাৰ ৯০ শতাংশ খেলুৱৈ আছে। কেৱল এটা পৰিয়ালৰ সদস্যই তেওঁৰ বিৰুদ্ধে যন্তৰ মন্তৰত প্ৰতিবাদ কৰি আছে।
উল্লেখ্য, ইয়াৰ পূৰ্বে যোৱা ২৬ এপ্ৰিলত প্ৰতিবাদী মল্লযুঁজাৰুসকলে যন্তৰ মন্তৰত এক ম’মলৈ এক পদযাত্ৰা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু কৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁলোকৰ 'মন কি বাত' শুনক।
Also Read: আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ, সমাজকৰ্মী ড° ৰণজিৎ ডেকালৈ 'বজালী ৰত্ন' উপাধি...