বিৰাটৰ বিশেষ দিনত অনুস্কাই শ্বেয়াৰ কৰিলে ব্যতিক্ৰমী ৰেকৰ্ড...

বিৰাটৰ বিশেষ দিনত অনুস্কাই শ্বেয়াৰ কৰিলে ব্যতিক্ৰমী ৰেকৰ্ড...
Published on
Updated on

ডিজিটেল ডেস্কঃ বিৰাট কোহলিৰ আজি জন্মদিন। ৩৫ বছৰ সম্পূৰ্ণ কৰিলে ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে। এই বিশেষ দিনটোত তেওঁ ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ মেচত অংশগ্ৰহণ কৰিছে।

স্বাভাৱিকতে আজিৰ দিনটো তেওঁৰ বাবে বিশেষ হৈ পৰিছে। বহুতৰে পৰা তেওঁ লাভ কৰিছে শুভেচ্ছা। কিন্তু এই সকলোবোৰ শুভেচ্ছা বাৰ্তাৰ ভিতৰত সম্ভৱতঃ বিৰাটে আটাইতকৈ স্মৰণীয় শুভেচ্ছা বাৰ্তা লাভ কৰিলে অভিনেত্ৰী পত্নী অনুস্কা শৰ্মাৰ পৰা।

পত্নী অনুস্কাই সামাজিক মাধ্যমৰ জৰিয়তে বিৰাটক জনোৱা শুভেচ্ছা বাৰ্তা এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।কিয়নো এই শুভেচ্ছা বাৰ্তাত অনুস্কাই উল্লেখ কৰিছে বিৰাটে গঢ়া এটা বিৰল ৰেকৰ্ডৰ কথা।

সামাজিক মাধ্যমৰ জৰিয়তে অনুস্কাই বিৰাটক শুভেচ্ছা জনাই উল্লেখ কৰিছে বিৰাটৰ এক বিশেষ ৰেকৰ্ডৰ কথা। যি ৰেকৰ্ড ব্যতিক্ৰমেই নহয় আশ্চৰ্যজনকো। অনুস্কাই উল্লেখ কৰা বিৰাটৰ সেই বিশেষ ৰেকৰ্ড হৈছে টি-২০ ক্ৰিকেটত বিৰাটেই একমাত্ৰ ক্ৰিকেটাৰ যিয়ে এটাও বৈধ বল নকৰাকৈ এটা উইকেট দখল কৰিছে।

২০১১ চনত ইংলেণ্ডৰ বিৰুদ্ধে কোহলিক বলিং কৰিবলৈ দিছিল অধিনায়ক মহেন্দ্ৰ সিং ধোনিয়ে। সেই অভাৰৰ প্ৰথম বলটো ৱাইড কৰিছিল কোহলিয়ে। কিন্তু সেই বলতেই কেভিন পিটাৰছনক ষ্টাম্প আউট কৰিছিল ধোনিয়ে। সেয়ে কোহলিৰ সেই বল হিচাপ নহলেও ১ ৰাণ দি ১ উইকেট লাভ কৰিছিল।

তেনে অৱস্থাত কোহলিৰ বলিং ফিগাৰ আছিল ০-০-১-১। কোহলিক ব্যতিক্ৰম আখ্যাৰে এই ৰেকৰ্ডৰ তথ্য অনুস্কা শৰ্মাই আজিৰ এই বিশেষ দিনটোত উল্লেখ কৰিছে। এই তথ্যৰ লগতে অনুস্কাই লিখিছে এইদৰে- He is literally EXCEPTIONAL in every role in his life! But somehow continues to add more feathers to his glorious hat 🤔🤪😘😂 I love YOUUU through this life and beyond and endlessly so, in every shape, form, through it all, whatever it may be so ❤️🥹❤️

বিৰাটৰ বিশেষ দিনত অনুস্কাই শ্বেয়াৰ কৰিলে ব্যতিক্ৰমী ৰেকৰ্ড...
ক্ৰিকেটৰ 'তীৰ্থস্থান'ত সমুখ সমৰত নামিব 'টেবুল টপাৰ' ভাৰত আৰু দক্ষিণ আফ্ৰিকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in