ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ টি-২০ ফৰ্মেটৰ অধিনায়ক হিচাপে হাৰ্দিক পাণ্ডিয়াৰ নাম চূড়ান্ত হোৱাৰ দিশে। ইয়াৰ সমান্তৰালকৈ টি-২০ ক্ৰিকেটৰ পৰা ৪ গৰাকী জ্যেষ্ঠ ক্ৰিকেটাৰক বাদ দিয়াৰো সিদ্ধান্ত ল’ব নিৰ্বাচকে। যাৰ বাবে ভাৰতীয় দলত স্থান পাব পাৰে কেইবাজনো নতুন ক্ৰিকেটাৰে।
বিশেষকৈ আই পি এলত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰা দুই ক্ৰিকেটাৰে ভাৰতীয় টি-২০ দলত স্থান পোৱাৰ সম্ভাৱনাই দেখা দিছে। উল্লেখ্য যে ২০২৪ ত অনুষ্ঠিত হব আই চি চি টি-২০ বিশ্বকাপ। সেই প্ৰতিযোগিতাৰ বাবে এতিয়াৰে পৰা ভাৰতীয় দলটোক প্ৰস্তুত কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে।
সেই অনুসৰিয়েই বিশ্বকাপৰ বাবে আগন্তুক ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ সময়তে টি-২০ দলটোৰ একাদশ তৈয়াৰ কৰা হ’ব পাৰে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত পৰাস্ত হোৱাৰ পাছতে ভাৰতীয় দলটো এতিয়া এক প্ৰকাৰে অৱসৰ সময় পাৰ কৰিছে।
১২ জুলাইৰ পৰা পুনৰ খেল পথাৰত নামিব ভাৰতীয় দলটো। টেষ্ট, এদিনীয়া ছিৰিজৰ পাছতেই ৫ খন মেচৰ টি-২০ ছিৰিজ খেলিব দলটোৱে। সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি এই টি-২০ ছিৰিজৰ অধিনায়ক হিচাপে হাৰ্দিক পাণ্ডিয়াৰ নাম প্ৰায় চূড়ান্ত হৈছে।
টি-২০ ফৰ্মেটত অধিনায়ক হিচাপে পাণ্ডিয়া সফল হৈছে। তেওঁৰ নেতৃত্বতে গুজৰাট টাইটানছে আত্মপ্ৰকাশ কৰিয়েই চেম্পিয়ন হোৱাৰ পাছত এইবাৰ ৰানাৰ্ছ আপ হৈছে। ইয়াৰ উপৰিও ভাৰতীয় দলটোৰ ৪ জন জ্যেষ্ঠ খেলুৱৈ ক্ৰমে বিৰাট কোহলি, ৰোহিত শৰ্মা, কে এল ৰাহুল আৰু মহম্মদ ছামিক টি-২০ ফৰ্মেটৰ পৰা একেবাৰে বিদায় দিয়া হ'ব বুলিও খবৰ ওলাইছে।
২০২২ৰ টি-২০ বিশ্বকাপৰ পাছত এই চাৰিওজন ক্ৰিকেটাৰকে ভাৰতীয় দলটোত দেখা পোৱা নাই। ছিনিয়ৰৰ স্থানত তৰুণ খেলুৱৈক অধিক গুৰুত্ব আৰু দায়িত্ব দিয়াৰ সিদ্ধান্ত লৈছে বি চি চি আইৰ নিৰ্বাচক কমিটীয়ে।
সেই অনুসৰি ৰাজস্থানৰ হৈ কেইবাটাও বিস্ফোৰণ ইনিংছ উপহাৰ দিয়া যশস্বী জয়ছোৱাল আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ ৰিংকু সিঙক ভাৰতীয় দললৈ আমন্ত্ৰণ জনোৱা হ’ব পাৰে। আই পি এল ২০২৩ ত তেওঁলোক দুয়োৰে প্ৰদৰ্শনে সকলোৰে হৃদয় জয় কৰছিল। দাবী উঠিছিল ভাৰতীয় দলত তেওঁলোকক স্থান দিয়াৰ।
Also Read: বিজেপিৰ সভালৈ নোযোৱা দিন হাজিৰা কৰা দম্পত্তিক বগৰাই বগৰাই প্ৰহাৰ বিজেপি নেতাৰ...